• Skip to Content
  • Sitemap
  • Advance Search
Economy

ভাৰতৰ খনি শ্ৰমিকৰ সবলীকৰণৰ বাবে নতুন শ্ৰমিক সংহিতা

प्रविष्टि तिथि: 06 DEC 2025 10:43 AM

 

 

মুখ্য তথ্য

  • নতুন শ্ৰম সংহিতাই একেধৰণৰ মানদণ্ডৰ সৃষ্টি কৰে, যি শ্ৰমিকৰ সুৰক্ষা শক্তিশালী কৰে আৰু খনি খণ্ডত অনুসৰণ সৰল কৰে।
  • নমনীয় সময়সূচী, নিয়ন্ত্ৰিত সময়, নিশ্চিত জিৰণি বিৰতি আৰু উচিত ক্ষতিপূৰণৰ দ্বাৰা কৰ্ম পৰিস্থিতি উন্নত কৰা হয়।
  • বাৰ্ষিক পৰীক্ষা, অধিসূচিত বৃত্তিগত ৰোগআৰু উন্নত সুবিধাৰ দ্বাৰা স্বাস্থ্য, সুৰক্ষাতথা কল্যাণৰ ব্যৱস্থাসমূহ শক্তিশালী কৰা হয়।
  • শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সামাজিক সুৰক্ষাৰ ব্যাপক কভাৰেজ পৰ্টেবিলিটী আৰু শক্তিশালী দীৰ্ঘম্যাদী সুৰক্ষাৰ জৰিয়তে সম্প্ৰসাৰিত কৰা।
  • ঐক্যবদ্ধ পঞ্জীয়ন, সুশৃংখলিত পৰিদৰ্শন আৰু ডিজিটেল প্ৰক্ৰিয়াই ব্যৱসায় কৰাটো সহজ কৰি তোলে।

 

পাতনি

ভাৰতৰ খনি খণ্ডই দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, বিশেষকৈ গুৰুত্বপূৰ্ণ কেঁচামাল, কৰ্মসংস্থাপনৰ সুযোগ, ৰপ্তানিৰ প্ৰসাৰ আৰু চৰকাৰৰ বাবে ই ৰাজহ আহৰণ কৰে। ভাৰতীয় অৰ্থনীতিৰ অবিৰত বিকাশৰ লগে লগে খনিজ আৰু খনন সম্পদৰ চাহিদা অহৰহ বৃদ্ধি পাইছে।

ভাৰতে দীৰ্ঘদিন ধৰি খনিৰ শ্ৰমিকসকলৰ স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে শক্তিশালী সুৰক্ষা ব্যৱস্থাক অগ্ৰাধিকাৰ দি আহিছে। এতিয়ালৈকে খনি আইন, ১৯৫২ আৰু ইয়াৰ সৈতে জড়িত নিয়মৰ দ্বাৰা পৰিচালিত হৈছিল শ্ৰমিকৰ অৱস্থা, যি শ্ৰমিকৰ সুৰক্ষাৰ বাবে মৌলিক পৰিকাঠামো প্ৰদান কৰিছিল, যিটো এতিয়া আধুনিকীকৰণ কৰা হৈছে। নতুন শ্ৰম সংহিতা, বিশেষকৈ বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি (OSH&WC) সংহিতা, ২০২০ আৰু সামাজিক সুৰক্ষা (SS) সংহিতা, ২০২০-এ কেইবাখনো পুৰণি খনি আইন একত্ৰিত কৰিছে।

এই নতুন সংহিতাসমূহে খনিৰ শ্ৰমিকসকলক সবলীকৰণ আৰু খনি উদ্যোগত ব্যৱসায় সহজ কৰাৰ বাবে পৰিৱৰ্তনশীল সংস্কাৰৰ প্ৰৱৰ্তন কৰে। এই সংহিতাসমূহে খনিৰ শ্ৰমিকসকলৰ বাবে বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতিৰ বাবে বিধিগত নীতিসমূহ প্ৰামাণিককৰণ কৰে। দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান কৰি এই সংহিতাসমূহে শ্ৰমিকসকলক উন্নত অধিকাৰ আৰু সুৰক্ষা প্ৰদান কৰাৰ লগতে নিয়োগকৰ্তাসকলৰ বাবে নিয়ন্ত্ৰণমূলক বোজাও সৰল কৰে।

 

শ্ৰমিকৰ সুৰক্ষাৰ বিৱৰ্তন

নতুন শ্ৰম সংহিতা কাৰ্যকৰী হোৱাৰ আগতে খনি খণ্ডটো মূলতঃ খনি আইন, ১৯৫২ আৰু অন্যান্য পুৰণি আইনসমূহৰ দ্বাৰা পৰিচালিত হৈছিল। এই ব্যৱস্থাৰ অধীনত আছে :

  • ভূগৰ্ভস্থ আৰু মুকলি খনি দুয়োটাতে সুৰক্ষা, স্বাস্থ্য, কৰ্মৰ সময় আৰু কল্যাণ নিয়ন্ত্ৰিত আৰু প্ৰয়োগ কৰা হৈছিল।
  • বায়ু চলাচল, ধূলি, বিস্ফোৰক আৰু যন্ত্ৰপাতিৰ মাজতে স্বাস্থ্য আৰু সুৰক্ষাৰ মানদণ্ড সীমাবদ্ধ আছিল।
  • "ভূমিৰ ওপৰত" শ্ৰমিকৰ বাবে কামৰ সময় প্ৰতিদিনে ৯ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছিল, আনহাতে "ভূমিৰ তলৰ" শ্ৰমিকৰ বাবে ৮ ঘণ্টা আৰু সৰ্বাধিক কামৰ সময় প্ৰতি সপ্তাহত ৪৮ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছিল।
  • ২৪০ দিনৰ "ভূমিৰ ওপৰত" কাম আৰু ১৯০ দিনৰ "ভূমিৰ তলত" কাম কৰাৰ পিছতহে বাৰ্ষিক ছুটী দিয়া হৈছিল।
  • ২৫০ জনতকৈ অধিক শ্ৰমিক থকা প্ৰতিষ্ঠানসমূহৰ বাবে কেণ্টিন, প্ৰাথমিক চিকিৎসা কক্ষ, এম্বুলেন্স কক্ষ, ক্ৰেচৰ দৰে কল্যাণমূলক সুবিধাৰ ব্যৱস্থা কৰা হৈছিল।
  • মহিলাসকলক ভূমিৰ তলৰ খনিত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু "ভূমিৰ ওপৰৰ" কামত বাধা আৰোপ কৰা হৈছিল।
  • প্ৰৱেশৰ সময়তহে স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন আছিল আৰু সময়ে সময়ে এয়া কৰা হৈছিল।
  • প্ৰশিক্ষণৰ প্ৰয়োজন আছিল যদিও ইয়াৰ বলৱৎকৰণ দুৰ্বল আছিল।
  • PF, ESI, গ্ৰেচুইটি আৰু প্ৰসূতিৰ সুবিধাৰ দৰে সুবিধাসমূহ খণ্ডিত আছিল আৰু সীমাৰ অধীন আছিল। এনে সামাজিক সুৰক্ষাৰ সুবিধাসমূহো নিয়োগকৰ্তাৰ বাবে বাধ্যতামূলক নাছিল।
  • খনি পৰিদৰ্শন ব্যৱস্থাৰ অধীনত এয়া পৰিদৰ্শন কৰা হৈছিল।

এই বিধানসমূহে প্ৰাৰম্ভিক ভেটি স্থাপন কৰিলেও ই খণ্ডিত আৰু পুৰণি আছিল, আৰু বিশ্বজোৰা সংহত অৰ্থনীতিত শ্ৰমিকৰ সুৰক্ষা, সামাজিক সুৰক্ষা বা ব্যৱসায় কৰাত সহজ আধুনিক মানদণ্ড বৰ্তাই ৰখা নাছিল বা সেইবোৰ পূৰণ কৰা নাছিল।

 

নিৰাপদ আৰু ন্যায্য কৰ্মক্ষেত্ৰৰ বাবে ব্যাপক সংস্কাৰ

OSH&WC সংহিতা, ২০২০ আৰু SS সংহিতা, ২০২০য়ে পূৰ্বৰ বিধানসমূহক একত্ৰিত আৰু শক্তিশালী কৰে। ই সমগ্ৰ ভাৰততে একেধৰণৰ মানদণ্ড স্থাপন কৰে, অনুসৰণ সৰল কৰে, সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণ কৰে, শ্ৰমিকৰ সুৰক্ষা বৃদ্ধি কৰে  আৰু কৰ্ম পৰিস্থিতিত অধিক নমনীয়তা প্ৰদান কৰে।

নমনীয় আৰু ন্যায্য কৰ্ম পৰিস্থিতি

  • কৰ্মসূচীত নমনীয়তা : সাপ্তাহিকভাৱে এটা বা দুটা ছুটীৰ সৈতে শ্ৰমিকসকলক সপ্তাহত ৫ বা ৬ দিন কামত নিয়োগ কৰিব পাৰি ।
    • জিৰণিৰ বিৰতিকে ধৰি প্ৰতিদিনে সৰ্বাধিক ১০.৫ ঘণ্টালৈকে কামৰ সময় নমনীয় কৰা হৈছে ।
    • কোনো শ্ৰমিককে নূন্যতম ৩০ মিনিটৰ জিৰণি বিৰতি অবিহনে একেৰাহে পাঁচ ঘণ্টাৰ অধিক সময় কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব।
  • ভূমিৰ তলৰ আৰু ভূমিৰ ওপৰৰ উভয় শ্ৰমিকৰ বাবে প্ৰতিদিনে ৮ ঘণ্টা কামৰ সময় একেদৰে নিৰ্ধাৰণ কৰা হৈছে, যাৰ সাপ্তাহিক সৰ্বাধিক সীমা ৪৮ ঘণ্টা।
  • অতিৰিক্ত সময় সাধাৰণ মজুৰিৰ হাৰৰ দুগুণ।

এই বিধানসমূহে শ্ৰমিকসকলক নমনীয় সাপ্তাহিক সময়সূচী আৰু নিশ্চিত জিৰণিৰ বিৰতিৰ জৰিয়তে উন্নত ভাৰসাম্য প্ৰদান কৰে। এই বিধানসমূহে ক্লান্তি ৰোধ, নিয়মীয়া কৰ্মৰ সময় নিশ্চিত আৰু ন্যায্য পাৰিশ্ৰমিক নিশ্চিত কৰি কল্যাণ সাধন কৰে।

 

স্বাস্থ্য আৰু বৃত্তিগত সুৰক্ষাৰ ব্যৱস্থা

  • বাৰ্ষিক স্বাস্থ্য পৰীক্ষা : কৰ্মচাৰীসকল এতিয়া এজন যোগ্য চিকিৎসকৰ দ্বাৰা বিনামূলীয়াকৈ বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ কৰাৰ বাবে যোগ্য; পূৰ্বতে এইটো পাঁচ বছৰৰ মূৰে মূৰে এবাৰহে কৰা হৈছিল।
  • বৃত্তিগত ৰোগঃ নতুন বিধানৰ অধীনত মুঠ ২৯টা বৃত্তিগত ৰোগৰ বিষয়ে অৱগত কৰা হৈছে, যাৰ ফলত শ্ৰমিকসকলক বিনামূলীয়া চিকিৎসা সেৱা আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে।
  • অন্যান্য বিধান : নিয়োগৰ পূৰ্বে, সময়ে সময়ে আৰু কৰ্মৰ পিছৰ চিকিৎসা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।

এই বিধানসমূহে ৰোগসমূহ আগতীয়াকৈ ধৰা পেলোৱাত সহায় কৰে, চিকিৎসাৰ খৰচ হ্ৰাস কৰে আৰু সুস্থ তথা অধিক উৎপাদনশীল কৰ্মশক্তি গঢ়ি তোলাত সহায় কৰে। ইয়াৰ উপৰি ই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰ ঘটায় আৰু বিশেষভাৱে দীৰ্ঘম্যাদী বৃত্তিগত বিপদশংকা হ্ৰাস কৰে।

সুবিধা আৰু ছুটীৰ অধিকাৰ উন্নতকৰণ

  • কল্যাণমূলক সুবিধাসমূহ: OSH&WC সংহিতাই মূল কল্যাণমূলক প্ৰয়োজনীয়তাসমূহ ধৰি ৰাখে, যাৰ ভিতৰত আছে প্ৰতিষ্ঠানসমূহত কেণ্টিন, জিৰণি কক্ষ, এম্বুলেন্সৰ সুবিধা আৰু ক্ৰেচৰ ব্যৱস্থা (এই সুবিধা ঠিকাভিত্তিক শ্ৰমিককে ধৰি ২৫০ জনতকৈ অধিক শ্ৰমিকৰ পৰা ১০০ বা তাতকৈ অধিক শ্ৰমিকলৈ হ্ৰাস কৰা হৈছে)।
  • মজুৰিসহ ছুটীৰ অধিকাৰ : কোনো প্ৰতিষ্ঠানত নিয়োজিত শ্ৰমিকসকলে এটা কেলেণ্ডাৰ বছৰত ১৮০ দিন বা তাতকৈ অধিক সময় কাম কৰিলে (যিটো ২৪০ দিনৰ পৰা ১৮০ দিনলৈ হ্ৰাস কৰা হৈছে) মজুৰিসহ ছুটীৰ অধিকাৰী।

এই ব্যৱস্থাসমূহে অধিক সহায়ক আৰু আৰামদায়ক কৰ্মক্ষেত্ৰ সৃষ্টি কৰি আৰু অত্যাৱশ্যকীয় সুবিধাসমূহ শক্তিশালী কৰি শ্ৰমিকসকলৰ কল্যাণ সাধন কৰে। এই ব্যৱস্থাসমূহে শ্ৰমিকসকলক মজুৰিসহ ছুটী লাভ কৰাটোও সহজ কৰি তোলে, যাৰ ফলত তেওঁলোকে পৰ্যাপ্ত জিৰণি আৰু ৰোগৰ পৰা উপশম লাভ কৰিব পাৰে।

 

শক্তিশালী সুৰক্ষা পৰিকাঠামো

  • প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ : OSH&WC সংহিতাই যন্ত্ৰপাতি, বিস্ফোৰক আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা কৰ্মচাৰীসকলৰ বাবে বাধ্যতামূলক সুৰক্ষা প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণৰ লগতে নিৰাপদ আৰু কাৰ্যক্ষম কাৰ্য্যকলাপ নিশ্চিত কৰিবলৈ সময়ে সময়ে সুৰক্ষা অনুশীলন কৰাটো বাধ্যতামূলক কৰে।
  • সুৰক্ষা সুবিধা আৰু মানদণ্ড : ধূলি আৰু গেছ নিয়ন্ত্ৰণৰ মানদণ্ড শক্তিশালী কৰা হৈছে আৰু সুৰক্ষা সঁজুলি বাধ্যতামূলক কৰা হৈছে। বায়ু চলাচল, ধূলি নিয়ন্ত্ৰণ, বিস্ফোৰক আৰু যন্ত্ৰপাতিৰ বাবে মানদণ্ড উন্নীত কৰা হৈছে। ইয়াৰ উপৰি এতিয়া সকলো প্ৰতিষ্ঠানতে প্ৰশিক্ষিত কৰ্মচাৰীৰে গঠিত উদ্ধাৰ কেন্দ্ৰ থকাটো বাধ্যতামূলক হ’ব।
  • সুৰক্ষা সমিতি গঠন : খনিসমূহে (সাধাৰণতে ১০০ বা তাতকৈ অধিক শ্ৰমিক নিয়োগ কৰা) নিয়োগকৰ্তা আৰু শ্ৰমিক প্ৰতিনিধিৰ সৈতে সুৰক্ষা সমিতি গঠনৰ ব্যৱস্থা কৰে।

এই বিধানসমূহে খনিৰ শ্ৰমিকসকলৰ স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমগ্ৰ ভাৰতত একেধৰণৰ মানদণ্ড স্থাপন কৰি ই নিয়োগকৰ্তাৰ বাবে অনুসৰণৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে, ব্যৱসায় কৰাটো সহজ কৰে। ইয়াৰ উপৰি সমগ্ৰ দেশতে শ্ৰমিকসকলে সামঞ্জস্যপূৰ্ণ আৰু নিৰ্ভৰযোগ্য তথা কল্যাণমূলক সুৰক্ষা লাভ কৰাটোও নিশ্চিত কৰে।

 

সামাজিক সুৰক্ষা সংস্কাৰে কল্যাণ আৰু মৰ্যাদা উন্নত কৰে

নতুন শ্ৰম সংহিতাই স্পষ্ট অধিকাৰ, সম্প্ৰসাৰিত কভাৰেজ আৰু প’ৰ্টেবল সুবিধাৰ জৰিয়তে খনিৰ শ্ৰমিকসকলৰ বাবে আৰ্থিক আৰু সামাজিক সুৰক্ষা শক্তিশালী কৰে। এইবোৰে সমগ্ৰ খণ্ডটোত স্বচ্ছতা আৰু একেধৰণৰ কল্যাণমূলক মানদণ্ডৰ প্ৰসাৰ ঘটায়।

শক্তিশালী সামাজিক সুৰক্ষা

  • বাধ্যতামূলক নিযুক্তি পত্ৰ : এতিয়া প্ৰতিজন শ্ৰমিকে খনিত যোগদান কৰাৰ লগে লগে নিযুক্তি-পত্ৰ লাভ কৰিব লাগিব; পূৰ্বতে এই ব্যৱস্থা প্ৰযোজ্য নাছিল।
  • কৰ্মচাৰীৰ ৰাজ্যিক বীমা কভাৰেজ (ESIC) : খনিৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালে এতিয়া সমগ্ৰ ভাৰততে ESIC চিকিৎসা সুবিধা লাভ কৰিব পাৰিব; পূৰ্বতে চিকিৎসা সেৱা কেৱল খনি পৰিচালন কৰ্তৃপক্ষইহে প্ৰদান কৰিছিল।
  • প্ৰভিডেণ্ট ফাণ্ড (PF) : ২০ জন বা তাতকৈ অধিক শ্ৰমিক নিয়োগ কৰা সকলো উদ্যোগৰ বাবে PF কভাৰেজ প্ৰযোজ্য।
  • পৰ্টেবিলিটি : আধাৰ-সংলগ্ন পঞ্জীয়নে PF আৰু ESI সুবিধাসমূহৰ দেশজোৰা পৰ্টেবিলিটি নিশ্চিত কৰে।
  • গ্ৰেচুইটি : পাঁচ বছৰৰ সেৱাৰ পিছত আৰু নিৰ্দিষ্ট সময়সীমাৰ বাবে নিয়োজিত কৰ্মচাৰীৰ বাবে এবছৰৰ পিছত গ্ৰেচুইটি প্ৰদান কৰা হয়।
  • সামাজিক সুৰক্ষা পুঁজিঃ অসংগঠিত শ্ৰমিকৰ বাবে এটা উত্সৰ্গীকৃত সামাজিক সুৰক্ষা পুঁজিৰ সৃষ্টি কৰা হৈছে, যিটো পূৰ্বৰ খনি আইনত নাছিল।
  • পৰিয়ালৰ সংশোধিত সংজ্ঞা : পৰিয়ালৰ সংজ্ঞাত এতিয়া এজন শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল ককা-আইতাককো অন্তৰ্ভুক্ত কৰা হৈছে, তেওঁলোকক সামাজিক সুৰক্ষা আৰু কল্যাণমূলক সুবিধাৰ বাবে যোগ্য পৰিয়ালৰ সদস্য হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছে।
  • অতিৰিক্ত সুবিধাসমূহ : শ্ৰমিকসকলে পেঞ্চন, বৃদ্ধাৱস্থাৰ নিৰাপত্তা আৰু নিয়োগৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ লাভ কৰে।

এই বিধানসমূহে নিয়োগ, মজুৰি, পদ আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰি শ্ৰমিকসকলক উপকৃত কৰে, যাৰ ফলত মজুৰি আৰু কৰ্মসময় সম্পৰ্কীয় বিবাদ বা ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ সহায় কৰে। এই বিধানসমূহে সামূহিকভাৱে খনিৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চিকিৎসাৰ সুবিধা, আৰ্থিক সুৰক্ষা আৰু দীৰ্ঘম্যাদী সুৰক্ষা উন্নত কৰাৰ লগতে সমগ্ৰ ভাৰততে সামাজিক সুৰক্ষাৰ সুবিধা নিশ্চিত কৰে।

 

মহিলাৰ সুৰক্ষা আৰু যুৱ কল্যাণ

  • মহিলাৰ কামৰ সময়ঃ মহিলাসকলে এতিয়া ভূমিৰ তলৰ খনিকে ধৰি সকলো ধৰণৰ কাম কৰিবলৈ অনুমতি লাভ কৰিছে। তেওঁলোকৰ সন্মতি সাপেক্ষে আৰু সুৰক্ষা, বন্ধৰ দিন তথা কৰ্ম সময়ৰ সম্পৰ্কীয় চৰ্তসমূহৰ অধীনত তেওঁলোকে পুৱা ৬ বজাৰ আগতে আৰু সন্ধিয়া ৭ বজাৰ পিছতো কাম কৰিব পাৰিব।
  • প্ৰসূতিৰ সুবিধা : ২৬ সপ্তাহৰ প্ৰসূতিৰ সুবিধা প্ৰদান কৰা হয়।
  • শিশু শ্ৰমিক নিষিদ্ধঃ ১৮ বছৰৰ তলৰ শিশুক কামত নিযুক্ত কৰিব নোৱাৰিব।

ইয়াৰ দ্বাৰা মহিলাসকলৰ বাবে নিৰাপদ নিয়োগৰ সুযোগ বৃদ্ধি কৰাত সহায় কৰা হয়, প্ৰসূতিকালীন সুবিধাৰ সম্প্ৰসাৰণৰ জৰিয়তে মাতৃৰ স্বাস্থ্যক সহায় কৰা হয়, যুৱক-যুৱতীসকলৰ সুৰক্ষা শক্তিশালী কৰা হয়।

 

সৰলীকৃত অনুসৰণ আৰু ব্যৱসায় কৰাটো সহজ কৰা

নতুন সংহিতাসমূহে অনুসৰণ প্ৰক্ৰিয়াসমূহ সৰল কৰে, প্ৰশাসনিক আৰু আইনী বোজা হ্ৰাস কৰে আৰু নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তাসমূহ অধিক স্বচ্ছ কৰি তোলে। এই সংহিতাসমূহে সুশৃংখলিত পৰিদৰ্শন, সমস্যাসমূহৰ দ্ৰুত সমাধান আৰু ডিজিটেল অনুসৰণ পৰিৱেশৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত নিয়োগকৰ্তা আৰু খনি পৰিচালনাৰ ক্ষেত্ৰত জড়িত প্ৰক্ৰিয়াসমূহ উন্নত হয়।

  • ঐক্যবদ্ধ একক পঞ্জীয়ন আৰু একক বাৰ্ষিক ৰিটাৰ্ণ : এই বিধানসমূহে ডিজিটেল পঞ্জীয়ন সক্ষম কৰি নিয়োগকৰ্তাৰ ওপৰত বোজা হ্ৰাস কৰে। তদুপৰি এটা নিৰ্দিষ্ট সময়ৰ পিছত বৈধ পঞ্জীয়ন প্ৰদান কৰা হয়, যিটো পূৰ্বে উপলব্ধ নাছিল।
  • সাধাৰণ অনুজ্ঞাপত্ৰৰ বাবে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, যাতে অনুসৰণ আৰু অধিক সৰল হয়।
  • সকলো প্ৰতিষ্ঠানৰ বাবে ঐক্যবদ্ধ বাৰ্ষিক ৰিটাৰ্ণ দাখিল কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
  • অনুসৰণৰ বাবে পৰিদৰ্শন সংস্কাৰ : পৰিদৰ্শনকাৰী বিষয়াসকলৰ ভূমিকাক পৰিদৰ্শক-তথা-সুবিধা প্ৰদানকাৰী হিচাপে পুনৰ সংজ্ঞায়িত কৰা হৈছে, তেওঁলোকৰ মূল কামৰ অংশ হিচাপে সক্ৰিয় কাৰ্য্যকলাপসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ দ্বাৰা ই-কম্প্লাইয়েন্স আৰু শক্তিশালী নিৰীক্ষণক উৎসাহিত কৰা হয়।
  • ইয়াৰ উপৰি শ্ৰম সুবিধা পৰ্টেলৰ জৰিয়তে ৱেব-ভিত্তিক পৰিদৰ্শন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, য’ত পৰিদৰ্শনৰ পূৰ্বে নিয়োগকৰ্তাক জাননী প্ৰদান কৰা হয়।
  • তৃতীয় পক্ষৰ অডিট আৰু প্ৰমাণীকৰণে নিয়োগকৰ্তাসকলক ব্যৱসায় কৰাটো সহজ কৰাৰ ফলত বিশেষজ্ঞ/অডিটৰৰ পৰা প্ৰমাণ-পত্ৰ লাভ কৰাৰ সুযোগ প্ৰদান কৰে।
  • অপৰাধমুক্তকৰণ : এই সংহিতাই কিছুমান সৰু সৰু, অজানিতে হোৱা অপৰাধক জৰিমনাৰ সৈতে সংযুক্ত কৰি অপৰাধমুক্ত কৰে, যাৰ ফলত অপৰাধমূলক দায়বদ্ধতাৰ পৰিৱৰ্তে আস্থাভিত্তিক পদ্ধতি গ্ৰহণ কৰা হৈছে। এই নতুন বিধানে অনুসৰণক উৎসাহিত কৰে আৰু ব্যৱসায় কৰাটো সহজ কৰি তোলে, কিয়নো পূৰ্বতে এনে কোনো ব্যৱস্থা নাছিল।
  • অনুমোদিত বিষয়াৰ জৰিয়তে অপৰাধসমূহ একত্ৰিত কৰিলেও আইনী বোজা হ্ৰাস পায় আৰু সমাধান ক্ষিপ্ৰ হয়।
  • নিয়োগকৰ্তাসকলে নিৰ্ধাৰিত জৰিমনা পৰিশোধ কৰি আৰু আইন মানি চলাটো নিশ্চিত কৰি দীঘলীয়া মোকৰ্দমাৰ পৰা হাত সাৰিব পাৰে।

 

সামৰণি

ব্যাপক সুবিধা আৰু সম সুৰক্ষা ব্যৱস্থাৰ ভিত্তিত ভাৰতে খনি খণ্ডত বহনক্ষম উন্নয়নৰ ভেটি স্থাপন কৰিছে। নতুন শ্ৰম সংহিতাই এক বিস্তৃত পৰিকাঠামো সৃষ্টি কৰিছে, যি উন্নত কৰ্মসময়, স্বাস্থ্য আৰু সুৰক্ষাৰ মানদণ্ড, সামাজিক সুৰক্ষা তথা লিংগ অন্তৰ্ভুক্ত পদ্ধতিৰ জৰিয়তে খনিৰ শ্ৰমিকসকলক সবল কৰে। ইয়াৰ লগতে নিয়োগকৰ্তাসকলক এই মানদণ্ডসমূহ অটুট ৰাখিবলৈ প্ৰয়োজনীয় নমনীয়তা আৰু স্পষ্টতা প্ৰদান কৰে।

এই সংস্কাৰসমূহে একেলগে শ্ৰমিক সবলীকৰণ আৰু ব্যৱসায় কৰাটো কেনেদৰে সহজ কৰাৰ উপৰি শেষত দেশৰ আৰ্থ-সামাজিক প্ৰগতিত অৰিহণা যোগাব পাৰে তাৰ দৃষ্টান্ত দাঙি ধৰে।

***

DPS/KD

 

(तथ्य सामग्री आईडी: 150572) आगंतुक पटल : 4


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , हिन्दी , Urdu , Bengali , Kannada
Link mygov.in
National Portal Of India
STQC Certificate