• Sitemap
  • Advance Search
Infrastructure

ভাৰতৰ প্ৰথম হাইড্ৰ’জেন-চালিত ৰে'লঃ সেউজ ৰে'ল গতিশীলতাৰ দিশত এক অগ্ৰগতি

प्रविष्टि तिथि: 16 JUL 2026 12:33 AM

হাইড্ৰ’জেন ৰে'ল পৰিৱৰ্তনৰ যাত্ৰা

ভাৰতীয় ৰে'লৱেই পৰিষ্কাৰ আৰু বহনক্ষম পৰিবহনৰ এক নতুন যুগত প্ৰৱেশ কৰিছে। বিশ্বজুৰি জীৱাশ্ম ইন্ধন-ভিত্তিক ট্ৰেকশ্যন ব্যৱস্থাৰ বিকল্প হিচাপে হাইড্ৰ’জেন ইন্ধন কোষ প্ৰযুক্তি এক আশাব্যঞ্জক সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতৰ প্ৰথম স্বদেশীয়ভাৱে নিৰ্মিত হাইড্ৰ’জেন-চালিত ৰে'লখনে এই পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে। ই এনে এখন ল’ক’মোটিভ, যিয়ে হাইড্ৰ’জেন ব্যৱহাৰ কৰি নিজাববীয়াকৈ অন-ব'ৰ্ড বিদ্যুৎ উৎপন্ন কৰে। ২০২৬ চনৰ ১৭ জুলাই উদ্বোধনৰ সৈতে হাইড্ৰ’জেন ইন্ধন কোষ-চালিত ৰে'লখন চলাচল আৰম্ভ কৰিবলৈ সাজু হৈছে। এই ৰে'লখন উত্তৰ ৰে'লৱেৰ জিন্দ–চ’নিপট খণ্ডত চলিব। এই প্ৰকল্পত অত্যাধুনিক প্ৰপালচন (Propulsion) প্ৰযুক্তিৰ সৈতে নিৰ্দিষ্ট হাইড্ৰ’জেন সংৰক্ষণ, পুনৰ ইন্ধন ভৰ্তি আৰু পৰিচালনাগত আন্তঃগাঁথনি একত্ৰিত কৰা হৈছে। ই ভাৰতত পৰিষ্কাৰ ৰে'ল পৰিবহনৰ সম্ভাৱ্যতা প্ৰদৰ্শন কৰিব। পাইলট পদক্ষেপ হিচাপে বিকশিত এই প্ৰকল্পই উদ্ভাৱনৰ প্ৰতি ভাৰতীয় ৰে'লৰ অংগীকাৰ প্ৰতিফলিত কৰে। লগতে ই শক্তি দক্ষতা আৰু পৰিৱেশ-দায়বদ্ধ পৰিবহন ব্যৱস্থাকো আগুৱাই নিয়ে।

ইয়াৰ জৰিয়তে ভাৰত হাইড্ৰ’জেন-চালিত ৰে'ল পৰিবহন অন্বেষণ কৰা নিৰ্বাচিত কেইখনমান দেশৰ শাৰীত অন্তৰ্ভুক্ত হৈছে। এই দেশসমূহৰ ভিতৰত জাৰ্মানী, জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত। এই প্ৰযুক্তি এতিয়াও প্ৰাথমিক পৰ্যায়ত থকাৰ বাবে এই প্ৰকল্পই মূল্যৱান পৰিচালনাগত অভিজ্ঞতা প্ৰদান কৰিব। ইয়াৰ ফলত ৰে'ল খণ্ডত হাইড্ৰ’জেন-চালিত গতিশীলতাৰ ভৱিষ্যত প্ৰয়োগসমূহক সমৰ্থন আগবঢ়োৱা হ'ব।

ভাৰতৰ প্ৰথম হাইড্ৰ’জেন-চালিত ৰে'লৰ ভিতৰৰ বৈশিষ্ট্য

হাইড্ৰ’জেন ৰে'ল প্ৰকল্পটো গৱেষণা, ডিজাইন আৰু মানদণ্ড সংস্থা (Research, Design & Standards Organisation – RDSO)-এ প্ৰস্তুত কৰা ডিজাইন অনুমোদন আৰু কাৰিকৰী নিৰ্দিষ্টকৰণ অনুসৰি বিকশিত কৰা হৈছে। সম্পূৰ্ণৰূপে ভাৰততে নক্সা প্ৰস্তুত আৰু বিকশিত এই প্ৰকল্পই আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।

জিন্দ–চ’নিপট (Jind–Sonipat) খণ্ডত চলিবলগীয়া হাইড্ৰ’জেন-চালিত ৰে'লখনৰ মুখ্য বৈশিষ্ট্য-

  • ১০ ডবাৰ হাইড্ৰ’জেন ইন্ধন কোষ-ভিত্তিক ট্ৰেইনছেট।
  • ১২০০ কিলোৱাট ক্ষমতাসম্পন্ন হাইড্ৰ’জেন ইন্ধন কোষ-ভিত্তিক প্ৰপালচন ব্যৱস্থাৰে চালিত।
  • সৰ্বাধিক ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টা (kmph) পৰিচালনাগত গতিবেগ আৰু ১১০ কিলোমিটাৰ প্ৰতি ঘণ্টা নক্সাগত গতিবেগত চলাচলৰ অনুমোদন।
  • প্ৰায় ২,৬০০ জন যাত্ৰীৰ বহন ক্ষমতা।
  • নক্সা পৰ্যায়ৰ পৰা আৰম্ভ কৰি প্ৰ'ট'টাইপ (Prototype) নিৰ্মাণ পৰ্যায়লৈকে সম্পূৰ্ণৰূপে ভাৰততে বিকশিত।
  • ই জিন্দ জংচন, গোহানা জংচন আৰু চ’নিপটক সংযোগ কৰাৰ লগতে মাজৰ ষ্টেচনসমূহতো সেৱা আগবঢ়াব।
  • প্ৰস্তাৱিত ৰখোৱা স্থান (halt)সমূহ হৈছে— জিন্দ চিটি, পাণ্ডু পিন্দৰা জংচন, ললিত খেৰা হল্ট, ভাম্ভেৱা, ইছাপুৰ খেৰি হল্ট, বুটানা হল্ট, খান্দৰাই হল্ট, ৰাবৰাহ হল্ট, লাথ হল্ট, মোহানা, বাৰৱাছনি হল্ট আৰু চ’নিপট নিউ।

ৰে'লখনৰ আঁৰৰ প্ৰযুক্তি

হাইড্ৰ’জেন ইন্ধন কোষ প্ৰযুক্তিয়ে হাইড্ৰ’জেন ব্যৱহাৰ কৰি সংঘটিত হোৱা এক ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে বিদ্যুৎ উৎপন্ন কৰে। ইয়াৰ মুখ্য শক্তিৰ উৎস হৈছে প্ৰ'টন এক্সচেঞ্জ মেমব্ৰেইন ফুৱেল চেল (Proton Exchange Membrane Fuel Cell – PEMFC)। এই ইন্ধন কোষটোৱে প্ৰ'টন-সংবাহী পাৰফ্লুৰ'ছালফ'নিক এচিড (Perfluorosulfonic Acid – PFSA) পলিমাৰ মেমব্ৰেইনৰ মাজেৰে হাইড্ৰ’জেন আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত বিদ্যুৎ উৎপন্ন কৰে। এই প্ৰক্ৰিয়াত কেৱল জলীয় বাষ্প আৰু তাপ উপ-উৎপাদ হিচাপে সৃষ্টি হয়।

হাইড্ৰ’জেন হৈছে এক উচ্চ-শক্তিসম্পন্ন ইন্ধন। ইয়াৰ শক্তি ঘনত্ব ১২০ মেগাজুল প্ৰতি কিলোগ্ৰাম (MJ/kg), আনহাতে ডিজেলৰ শক্তি ঘনত্ব ৪৩ মেগাজুল প্ৰতি কিলোগ্ৰাম (MJ/kg)। ইয়াৰ ৰক্ষণাবেক্ষণ কম আৰু কাৰ্বন পদচিহ্ন পৰিচালনাযোগ্য। সেয়েহে বৰ্তমান ৰে'ল পৰিবহনৰ বাবে হাইড্ৰ’জেনক আটাইতকৈ পৰিষ্কাৰ প্ৰপালচন প্ৰযুক্তি বুলি গণ্য কৰা হয়। এই ব্যৱস্থাক সমৰ্থন কৰিবলৈ ভাৰতীয় ৰে'লৱেই এক নিৰ্দিষ্ট হাইড্ৰ’জেন আন্তঃগাঁথনি স্থাপন কৰিছে।

হাইড্ৰ’জেন আন্তঃগাঁথনি

দেশৰ সৰ্ববৃহৎ ৰে'লৱে হাইড্ৰ’জেন সংৰক্ষণ আৰু পুনৰ ইন্ধন ভৰ্তি সুবিধা হাৰিয়ানাৰ জিন্দত স্থাপন কৰা হৈছে। স্বদেশীয়ভাৱে নিৰ্মিত এই সুবিধাটিত একেলগে প্ৰায় ৩,০০০ কিলোগ্ৰাম হাইড্ৰ’জেন সংৰক্ষণ কৰিব পৰা যায়। ই হাইড্ৰ’জেন-চালিত ৰে'লৰ পৰিচালনাক সমৰ্থন আগবঢ়াব। পেট্ৰ'লিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থা (Petroleum and Explosives Safety Organisation – PESO)-এ এই সুবিধাটোৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ (Licence) প্ৰদান কৰিছে। এই অনুজ্ঞাপত্ৰত উক্ত স্থানত সংকুচিত হাইড্ৰ’জেন গেছ সংৰক্ষণ আৰু বিতৰণৰ অনুমতি অন্তৰ্ভুক্ত আছে।

হাইড্ৰ’জেন পৰিৱেশতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে গৃহীত মানদণ্ড অনুসৰি নক্সা প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত NFPA-2 (National Fire Protection Association) আৰু ISO (International Organisation for Standardisation) 19880 Series অন্তৰ্ভুক্ত। সমগ্ৰ ব্যৱস্থাটোৱে স্বাধীন তৃতীয়-পক্ষৰ সুৰক্ষা মূল্যায়ন (Third-party Safety Assessment) অতিক্ৰম কৰিছে। এই মূল্যায়ন জাৰ্মানীৰ বিশ্বৰ অন্যতম শীৰ্ষ কাৰিকৰী পৰিদৰ্শন আৰু প্ৰমাণীকৰণ সংস্থা TÜV SÜD-এ সম্পন্ন কৰিছে।

ৰে'লখনত দুটা হাইড্ৰ’জেন ড্ৰাইভিং পাৱাৰ কাৰ (Hydrogen Driving Power Cars – DPCs) আৰু আঠটা ট্ৰেইলাৰ কোচ (Trailer Coaches – TCs) আছে। প্ৰতিটো DPC-ত ইন্ধন কোষ (Fuel Cells), লিথিয়াম আয়ৰন ফছফেট (Lithium Iron Phosphate – LFP) বেটাৰী আৰু হাইড্ৰ’জেন সংৰক্ষণ চিলিণ্ডাৰ সংস্থাপিত আছে।

বিশ্বাসযোগ্য পৰিচালনা নিশ্চিত কৰিবলৈ এই সুবিধাত নিম্নোক্ত ব্যৱস্থাসমূহ স্থাপন কৰা হৈছে—

  • পুনৰ ইন্ধন ভৰ্তি কাৰ্যৰ বাবে হাইড্ৰ’জেন সংকোচন ব্যৱস্থা।
  • নিৰ্ভৰযোগ্য পৰিচালনাৰ বাবে কাৰিকৰী সহায়তা আৰু অত্যাৱশ্যকীয় জটিল যন্ত্ৰাংশ।
  • বাধাহীন পুনৰ ইন্ধন ভৰ্তি নিশ্চিত কৰিবলৈ এক ষ্টেণ্ডবাই কম্প্ৰেছৰ।

এই সমন্বিত আন্তঃগাঁথনিয়ে নিৰাপদ আৰু কাৰ্যক্ষম হাইড্ৰ’জেন-চালিত ৰে'ল পৰিচালনাক সমৰ্থন কৰে।

নিৰাপদ পৰিচালনা নিশ্চিতকৰণ

হাইড্ৰ’জেন-চালিত ৰে'লৰ পৰিচালনাক সমৰ্থন কৰিবলৈ ভাৰতীয় ৰে'লৱেই এক বিস্তৃত পৰিচালনাগত আৰু সুৰক্ষা কাঠামো স্থাপন কৰিছে। একাধিক স্বতন্ত্ৰ সুৰক্ষা ব্যৱস্থাই হাইড্ৰ’জেন সংৰক্ষণ, স্থানান্তৰ আৰু ব্যৱহাৰৰ প্ৰতিটো পৰ্যায়ত নিৰবচ্ছিন্নভাৱে নিৰীক্ষণ, সত্যাপন আৰু সুৰক্ষা নিশ্চিত কৰে।

পৰিচালনাগত প্ৰস্তুতি

  • মানক পৰিচালন পদ্ধতি (Standard Operating Procedures – SOPs), নিয়মীয়া নিৰীক্ষণ আৰু নিৰ্ধাৰিত সুৰক্ষা ব্যৱস্থা প্ৰযোজ্য কৰা হৈছে।
  • দিল্লীৰ শাকুৰবস্তিত থকা ৰক্ষণাবেক্ষণ সুবিধাটো হাইড্ৰ’জেন-চালিত ৰে'লৰ পৰিচালনাৰ বাবে প্ৰস্তুত কৰা হৈছে।
  • প্ৰশিক্ষিত আৰু প্ৰমাণিত কৰ্মচাৰীয়ে গুৰুত্বপূৰ্ণ পৰিচালনাসমূহ পৰিচালনা কৰিব।
  • প্ৰাৰম্ভিক পৰ্যায়ত কাৰিকৰী কৰ্মচাৰী ৰে'লখনৰ সৈতে থাকিব।
  • হাইড্ৰ’জেন পুনৰ ইন্ধন ভৰ্তি ব্যৱস্থাটো ২৪×৭ নিৰীক্ষণৰ অধীনত থাকিব।

সুৰক্ষা ব্যৱস্থা

  • হাইড্ৰ’জেন উৎপাদন, সংৰক্ষণ আৰু বিতৰণ সুবিধাসমূহত হাইড্ৰ’জেন লিক ডিটেক্টৰ সংস্থাপন কৰা হৈছে।
  • নিৰবচ্ছিন্ন নিৰীক্ষণৰ বাবে অগ্নিশিখা ডিটেক্টৰো স্থাপন কৰা হৈছে।
  • সুৰক্ষা চেঞ্চৰসমূহ নিয়মীয়াকৈ পৰিদৰ্শন আৰু পৰিষ্কাৰ কৰা হ'ব।
  • অবিৰত বায়ু চলাচল ব্যৱস্থাই ৰে'লখনৰ ভিতৰত সদায় বায়ু চলাচল অব্যাহত ৰাখে।
  • যদি তাপ, অগ্নিশিখা বা ধোঁৱাৰ দৰে কোনো অস্বাভাৱিক পৰিস্থিতি ধৰা পৰে, তেন্তে ব্যৱস্থাটোৱে স্বয়ংক্ৰিয়ভাৱে হাইড্ৰ’জেন যোগান বন্ধ কৰিব পাৰে।
  • ল’ক’ পাইলটৰ কেবিনত বিশেষ ব্যৱস্থা সংযোজন কৰা হৈছে, যাৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত ৰে'লখনক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব পাৰি।
  • এখন পৰ্দাৰে ল’ক’ পাইলটক সমগ্ৰ ব্যৱস্থাটোৰ বাস্তৱ সময়ৰ সামগ্ৰিক অৱস্থা সদায় প্ৰদৰ্শন কৰি থাকিব।
  • নিৰাপদ পৰিচালনা নিশ্চিত কৰিবলৈ পৰিদৰ্শন আৰু ৰক্ষণাবেক্ষণৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে।

বহনক্ষম ৰে'ল গতিশীলতাৰ দিশে

হাইড্ৰ’জেন-চালিত ৰে'লখনে কেৱল এখন নতুন ট্ৰেইনছেটৰ প্ৰৱৰ্তনকেই প্ৰতিনিধিত্ব নকৰে। ই ভৱিষ্যতৰ হাইড্ৰ’জেন-চালিত ৰে'ল পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা, আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানগত সক্ষমতাৰ ভিত্তি স্থাপন কৰে। এই প্ৰকল্পই প্ৰযুক্তি, পৰিচালন পদ্ধতি আৰু তত্বাৱধান পদ্ধতিৰ ব্যৱহাৰিক কাৰ্যক্ষমতা পৰীক্ষা কৰাত সহায় কৰে। লগতে বৃহৎ পৰিসৰত হাইড্ৰ’জেন-চালিত গতিশীলতাক সমৰ্থন কৰিবলৈ প্ৰয়োজনীয় কাৰিকৰী সক্ষমতাও শক্তিশালী কৰে।

ই ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছন (National Green Hydrogen Mission) আৰু নেট-জিৰ’ কাৰ্বন নিৰ্গমন (Net-Zero Carbon Emission) লক্ষ্যসমূহক সমৰ্থন আগবঢ়ায়। ভাৰতীয় ৰে'লৰ অব্যাহত আধুনিকীকৰণৰ সৈতে এই পদক্ষেপে হাইড্ৰ’জেন-চালিত প্ৰযুক্তিৰ অধিক ব্যাপক গ্ৰহণৰ বাবে ভেটি স্থাপন কৰিছে। অধিক স্থিতিস্থাপক, পৰিষ্কাৰ আৰু বহনক্ষম পৰিবহন ব্যৱস্থা গঢ়ি তোলাৰ দিশত এই প্ৰকল্প এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

তথ্যসূত্ৰসমূহ

ৰে’ল মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2201556&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2265781&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2285240&reg=48&lang=1

https://rdso.indianrailways.gov.in/railwayboard/uploads/directorate/stat_econ/2024/Indian%20Railways%20Annual%20Report%20%26%20Accounts%202022-23%20ENGLISH.pdf

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

https://www.facebook.com/inbministry/videos/indias-first-hydrogen-powered-train-is-set-to-redefine-rail-travel-clean-green-a/813246554362679/

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা

(तथ्य सामग्री आईडी: 150779) आगंतुक पटल : 16


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , हिन्दी , Urdu , Malayalam