Farmer's Welfare
ভাৰতৰ চেনী উদ্যোগ
प्रविष्टि तिथि:
26 AUG 2026 14:03 PM
খণ্ড, মূল্য শৃংখলা আৰু বৰ্তমানৰ মূল্যবৃদ্ধিৰ এক অন্তৰ্দৃষ্টি
এক নজৰত ভাৰতৰ চেনী উদ্যোগ
ভাৰতৰ চেনী উদ্যোগ হৈছে এক গুৰুত্বপূৰ্ণ কৃষি, ঔদ্যোগিক আৰু গ্ৰাম্য জীৱিকাৰ পৰিৱেশতন্ত্ৰ। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ কুঁহিয়াৰ উৎপাদক দেশ। কুঁহিয়াৰ খণ্ডটোৱে প্ৰায় ৫ কোটি কৃষক আৰু চেনী কাৰখানা তথা ইয়াৰ সহযোগী উদ্যোগসমূহত কৰ্মৰত প্ৰায় ৫ লাখ শ্ৰমিকক সহায় কৰে।
- কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা উৎপাদনৰ তৃতীয় আগতীয়া হিচাপ অনুসৰি ২০২৫-২৬ চনত ভাৰতৰ কুঁহিয়াৰৰ উৎপাদন ৫০০ নিযুত মেট্ৰিক টনত উপনীত হৈছে। ২০১৫-১৬ চনত হোৱা ৩৪৮.৪৪ নিযুত মেট্ৰিক টন উৎপাদনৰ তুলনাত যোৱা ১০ বছৰত ই প্ৰায় ৪৩.৫ শতাংশ বৃদ্ধি সূচায়।

- কুঁহিয়াৰ খেতিৰ অধীনস্থ মাটিকালি ২০১৫-১৬ চনৰ ৪৯.২৭ লাখ হেক্টৰৰ পৰা ২০২৫-২৬ চনত ৫৮.৮৭ লাখ হেক্টৰলৈ বৃদ্ধি পাইছে।
- উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ হৈছে ভাৰতৰ শীৰ্ষ কুঁহিয়াৰ উৎপাদক ৰাজ্য।
- ভাৰতে ২০২৫-২৬ চনত ৮ লাখ মেট্ৰিক টন চেনী ৰপ্তানি কৰিছে, যাৰ বিপৰীতে ২০১৬-১৭ চনত ৰপ্তানিৰ পৰিমাণ আছিল ০.৪৭ লাখ মেট্ৰিক টন।

- ২০২৬-২৭ চেনী বতৰৰ (অক্টোবৰ–ছেপ্টেম্বৰ) বাবে চৰকাৰে কুঁহিয়াৰৰ ন্যায্য আৰু লাভজনক মূল্য (Fair and Remunerative Price – FRP) প্ৰতি কুইণ্টলত ৩৬৫ টকা নিৰ্ধাৰণ কৰিছে। ইয়াৰ ফলত ১০.২৫ শতাংশৰ মৌলিক পুনৰুদ্ধাৰ হাৰ নিশ্চিত হয়। এই মূল্য ২০১৬-১৭ চেনী বতৰৰ বাবে নিৰ্ধাৰণ কৰা ন্যায্য আৰু লাভজনক মূল্য (FRP)তকৈ ১৩৫ টকা অধিক। সেই সময়ত মৌলিক পুনৰুদ্ধাৰ হাৰ ৯.৫ শতাংশসহ FRP প্ৰতি কুইণ্টলত ২৩০ টকা নিৰ্ধাৰণ কৰা হৈছিল।
- ভাৰতীয় চেনীৰ প্ৰধান ৰপ্তানি গন্তব্যস্থানসমূহৰ ভিতৰত শ্ৰীলংকা, পশ্চিম এছিয়া আৰু পূব আফ্ৰিকা অন্যতম।
- পৰ্যাপ্ত চেনীৰ বাফাৰ মজুত উপলব্ধ আছে আৰু ২০২৫–২৬ চনত চেনীৰ উৎপাদন পৰ্যাপ্ত হৈ থকাৰ সম্ভাৱনা আছে।
ইথানল মিশ্ৰণ আগবঢ়োৱাত ভাৰতীয় চেনী উদ্যোগৰ ভূমিকা
পেট্ৰ’লৰ সৈতে ইথানল মিশ্ৰণৰ লক্ষ্য হৈছে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু শক্তি সুৰক্ষা বৃদ্ধি কৰা। এই পদক্ষেপ চৰকাৰৰ বহনক্ষম ইন্ধনৰ বিকল্পৰ প্ৰচাৰৰ সৈতে সামঞ্জস্যপূৰ্ণ। এই পদক্ষেপে কৃষকসকলক এক স্থিৰ আয় প্ৰদান কৰাৰ লগতে সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাতো সহায় কৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ইথানল মিশ্ৰণৰ ফলত ঘৰুৱা ব্যৱহাৰৰ বাবে চেনীৰ অভাৱ হ’ব।
- ইথানল উৎপাদনৰ বাবে চেনী স্থানান্তৰৰ অংশ ২০২২-২৩ চনৰ প্ৰায় ১২ শতাংশৰ পৰা ২০২৫-২৬ চনত প্ৰায় ৯ শতাংশলৈ হ্ৰাস পাইছে।
- ইয়াৰ উপৰি, দেশত উৎপাদিত ইথানলৰ প্ৰায় তিনি-চতুৰ্থাংশ এতিয়া শস্যৰ পৰা, বিশেষকৈ মাকৈৰ পৰা উৎপাদিত হয়।
দৰাচলতে, ইথানল কাৰ্যসূচীয়ে কুঁহিয়াৰ খেতিয়কসকলক সহায় কৰাৰ লগতে চেনী কলসমূহক শক্তিশালী কৰিছে:
- ভাৰতে গড় হিচাপত বছৰি প্ৰায় ৩০০–৩৪০ লাখ মেট্ৰিক টন চেনী উৎপাদন কৰে।
- ভাৰতৰ ঘৰুৱা চেনীৰ ব্যৱহাৰ বছৰি প্ৰায় ২৮০–২৯০ লাখ মেট্ৰিক টন।
- অতিৰিক্ত উৎপাদনৰ বছৰসমূহত অতিৰিক্ত মজুতে চেনী কলসমূহৰ ধন আবদ্ধ কৰি ৰাখে আৰু কুঁহিয়াৰ খেতিয়কসকলক ধন পৰিশোধত বিলম্ব কৰে। অতিৰিক্ত চেনীক ইথানললৈ স্থানান্তৰ কৰাটোৱে এই গাঁথনিগত সমস্যাটো সমাধান কৰাত সহায় কৰিছে আৰু চেনী কলসমূহৰ আৰ্থিক স্বাস্থ্য উন্নত কৰিছে।
- ২০ আগষ্ট, ২০২৬ পৰ্যন্ত ২০২৫-২৬ চেনী বতৰৰ কৃষকসকলৰ প্ৰাপ্যৰ ৯৭ শতাংশ ইতিমধ্যে পৰিশোধ কৰা হৈছে।
- চেনী কলসমূহৰ উন্নত আৰ্থিক অৱস্থাই চৰকাৰী সহায়ৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিছে।
- একেসময়তে, গ্ৰাহকৰ খুচুৰা চেনীৰ মূল্যও সাধাৰণভাৱে সুস্থিৰ হৈ আছে, ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ জুলাইলৈ বছৰি মাত্ৰ প্ৰায় ৩ শতাংশকৈ বৃদ্ধি পাইছে।
বৰ্তমানৰ চেনীৰ মূল্যবৃদ্ধিৰ বিশ্লেষণ
শেহতীয়া সপ্তাহসমূহত চেনীৰ মূল্য ২০২৬ চনৰ ২০ জুলাইত প্ৰতি কিলোগ্ৰামত ৪৮.১৮ টকাৰ পৰা ২০ আগষ্ট, ২০২৬ত ৫৫.৭০ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হৈছে এমাহৰ ভিতৰত প্ৰায় ১৫.৬ শতাংশ বৃদ্ধি। অৱশ্যে এই শেহতীয়া পৰিৱৰ্তনক দীৰ্ঘম্যাদী প্ৰৱণতাৰ পৰা পৃথক কৰি চোৱাটো গুৰুত্বপূৰ্ণ: পূৰ্বতে উল্লেখ কৰা অনুসৰি, ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ জুলাইলৈ চেনীৰ মূল্য বছৰি মাত্ৰ প্ৰায় ৩ শতাংশকৈ বৃদ্ধি পাইছে। ইয়াৰ পৰা বুজা যায় যে বৰ্তমানৰ মূল্যবৃদ্ধি মূলতঃ হ্ৰস্বম্যাদী যোগান আৰু বজাৰৰ কাৰকৰ প্ৰতিফলন, অন্তৰ্নিহিত মূল্য প্ৰৱণতাৰ পৰিৱৰ্তন নহয়।
চেনীৰ মূল্যৰ বৰ্তমানৰ বৃদ্ধিৰ আঁৰত কেইবাটাও কাৰকৰ সংমিশ্ৰণ আছে, যাৰ ভিতৰত আছে:
- প্ৰত্যাশাতকৈ কম ঘৰুৱা উৎপাদন,
- উৎসৱৰ বতৰৰ পূৰ্বে বৃদ্ধি পোৱা চাহিদা,
- বতৰৰ ফলত কুঁহিয়াৰ শস্যৰ ক্ষতি,
- বিশ্বব্যাপী চেনীৰ যোগান সংকুচিত হোৱা আৰু মূল্য বৃদ্ধি, আৰু
- উদ্যোগৰ কিছুমান অংশৰ দ্বাৰা কৰা জল্পনা-কল্পনা আৰু মজুতদাৰী।
বৰ্তমানৰ বতৰত চেনীৰ উৎপাদন প্ৰায় ৩০৬ লাখ মেট্ৰিক টন হ’ব বুলি আশা কৰা হৈছে, যাৰ বিপৰীতে প্ৰাৰম্ভিক হিচাপ আছিল প্ৰায় ৩৪৩ লাখ মেট্ৰিক টন। দুটা কাৰকৰ ফলত উৎপাদন প্ৰভাৱিত হৈছে: ৰেড ৰট আৰু টপ ব’ৰাৰ ৰোগ, আৰু অত্যধিক বৰষুণৰ ফলত হোৱা জলাবদ্ধতা। অৱশ্যে, প্ৰত্যাশাতকৈ কম উৎপাদন হ’লেও নতুনকৈ পেৰা বতৰ আৰম্ভ নোহোৱালৈকে দেশত ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত চেনীৰ মজুত আছে। নতুন পেৰা বতৰ অক্টোবৰ মাহত আৰম্ভ হ’ব।
চেনীৰ যোগান সংকুচিত হোৱাটো এক বিশ্বব্যাপী পৰিঘটনা আৰু ই কেৱল ভাৰততে সীমাবদ্ধ নহয়। ২০২৬-২৭ চনত বিশ্বব্যাপী চেনীৰ ঘাটি প্ৰায় ৩৩ লাখ মেট্ৰিক টন হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় চেনীৰ মূল্য ২০২৬ চনৰ ৩০ জুনত প্ৰতি টনত ৪৭৪ ডলাৰৰ পৰা ২০ আগষ্ট, ২০২৬ত ৫৫২ ডলাৰলৈ তীব্ৰভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলত দুমাহৰো কম সময়ৰ ভিতৰত ১৬ শতাংশতকৈ অধিক বৃদ্ধি হৈছে।
তালিকা ১: বৃদ্ধি পোৱা চেনীৰ মূল্যৰ শ্ৰুতিকথা বনাম তথ্য
|
শ্ৰুতিকথা
|
তথ্য
|
|
ইথানললৈ চেনী স্থানান্তৰৰ ফলত চেনীৰ মূল্য বৃদ্ধি পাইছে।
|
ইথানল উৎপাদনৰ বাবে চেনী স্থানান্তৰ ২০২২–২৩ চনৰ ১২ শতাংশৰ পৰা ২০২৫–২৬ চনত প্ৰায় ৯ শতাংশলৈ হ্ৰাস পাইছে।
|
|
ইথানলে গ্ৰাহকৰ বাবে চেনী আঁতৰাই লৈ গৈছে।
|
ভাৰতৰ ইথানলৰ প্ৰায় তিনি-চতুৰ্থাংশ এতিয়া শস্যৰ পৰা, বিশেষকৈ মাকৈৰ পৰা উৎপাদিত হয়।
|
|
ভাৰতত চেনীৰ অভাৱ হৈছে।
|
নতুন পেৰা বতৰ আৰম্ভ নোহোৱালৈকে ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত মজুত উপলব্ধ আছে।
|
|
বিশ্বব্যাপী চেনীৰ মূল্য সুস্থিৰ হৈ আছে।
|
আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰতি টনত ৪৭৪ ডলাৰৰ পৰা ৫৫২ ডলাৰলৈ বৃদ্ধি পাইছে, অৰ্থাৎ দুমাহৰো কম সময়ৰ ভিতৰত ১৬ শতাংশতকৈ অধিক বৃদ্ধি হৈছে।
|
|
ভাৰতৰ চেনীৰ উৎপাদন ভাঙি পৰিছে।
|
বৰ্তমানৰ উৎপাদন ৩০৬ লাখ মেট্ৰিক টন বুলি অনুমান কৰা হৈছে, যিটো প্ৰাৰম্ভিক ৩৪৩ লাখ মেট্ৰিক টনৰ হিচাপতকৈ কম।
|
|
চেনীৰ মূল্য ধাৰাবাহিকভাৱে তীব্ৰভাৱে বৃদ্ধি পাই আহিছে।
|
২০২৪ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ জুলাইলৈ দীৰ্ঘম্যাদী মূল্য বছৰি মাত্ৰ প্ৰায় ৩ শতাংশকৈ বৃদ্ধি পাইছে। বৰ্তমানৰ মূল্যবৃদ্ধি হ্ৰস্বম্যাদী।
|
চৰকাৰে লক্ষ্য কৰিছে যে কিছুমান চেনী কল আৰু ব্যৱসায়ীৰ দ্বাৰা কৰা জল্পনা-কল্পনা আৰু মজুতদাৰীয়েও শেহতীয়া মূল্যবৃদ্ধিত অৰিহণা যোগাইছে।
চেনীৰ মজুতদাৰী নিয়ন্ত্ৰণ আৰু যোগান বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ পদক্ষেপ
চেনীৰ হ্ৰস্বম্যাদী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু চলি থকা চেনীৰ মজুতদাৰী ৰোধ কৰিবলৈ চৰকাৰে তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিছে:
- ১ আগষ্ট, ২০২৬ৰ পৰা ৩০ নৱেম্বৰ, ২০২৬লৈ সমগ্ৰ দেশতে চেনী ব্যৱসায়ীসকলৰ ওপৰত ৪০০ টনৰ মজুত সীমা আৰোপ কৰা হৈছে।
- ১ ছেপ্টেম্বৰ, ২০২৬ৰ পৰা বৃহৎ পৰিমাণৰ গ্ৰাহকসকলক ১৫ দিনৰ ব্যৱহাৰৰ পৰিমাণতকৈ অধিক চেনীৰ মজুত ৰাখিবলৈ অনুমতি দিয়া নহ’ব।
- মজুতদাৰী আৰু কৃত্ৰিম নাটনি পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ যুটীয়া দলে চেনী কলসমূহত চেনীৰ মজুতৰ শাৰীৰিক পৰীক্ষণ কৰি আছে।
- সাৱধানতামূলক ব্যৱস্থা হিচাপে ঘৰুৱা উপলব্ধতা বৃদ্ধি কৰিবলৈ চৰকাৰে ১০ লাখ মেট্ৰিক টন কেঁচা চেনী শুল্কমুক্তভাৱে আমদানিৰ অনুমতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
- ৰাজ্যসমূহ আৰু চেনী কলসমূহক ১৫ অক্টোবৰ, ২০২৬ৰ পৰা পেৰা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত অক্টোবৰ মাহৰ চেনী উৎপাদন সাধাৰণতে হোৱা ৩–৪ লাখ মেট্ৰিক টনৰ পৰা ১০ লাখ মেট্ৰিক টনতকৈ অধিক হোৱাৰ আশা কৰা হৈছে। ইয়াৰ ফলত উৎসৱৰ বতৰত চেনীৰ উপলব্ধতা উন্নত হ’ব।
বৰ্তমানৰ মূল্যবৃদ্ধিৰ বাহিৰলৈ দৃষ্টি নিক্ষেপ
ভাৰতৰ চেনী খণ্ডটো এক বহুমুখী উদ্যোগলৈ বিকশিত হৈছে, যিয়ে কৃষক, কল, শক্তি উৎপাদন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক সহায় কৰে। শেহতীয়া মূল্যৰ চাপ কম উৎপাদন, ঋতুভিত্তিক চাহিদা, বিশ্বব্যাপী যোগানৰ পৰিস্থিতি আৰু বজাৰৰ আচৰণৰ প্ৰতিফলন। অৱশ্যে, খণ্ডটোৰ ব্যাপক বৃদ্ধি আৰু বহুমুখীকৰণৰ পৰিপ্ৰেক্ষিতত এই চাপসমূহ সাময়িক হৈ আছে। চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে গ্ৰাহকৰ স্বাৰ্থ, কৃষকসকলক সময়মতে ধন পৰিশোধ আৰু উদ্যোগৰ স্থিৰতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা।
তথ্যসূত্ৰ
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়
https://dfpd.gov.in/sugar-policy/en
https://www.nfsm.gov.in/BriefNote/BN_Sugarcane.pdf
https://sansad.in/getFile/annex/241/Au1986.pdf?source=pqars
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2258113®=3&lang=1
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1555573®=48&lang=2
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2302874®=48&lang=1
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
https://agriwelfare.gov.in/Documents/Time_Series_3rdAE_2025_26_En.pdf
https://agriexchange.apeda.gov.in/India/GenerateAPEDAProductReport/Index
https://www.ibef.org/blogs/from-fields-to-fuel-the-indian-sugar-industry-s-role-in-advancing-ethanol-blending
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2249431®=3&lang=2
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2302018&lang=1®=3
পিআইবি বেকগ্ৰাউণ্ডাৰ
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2245639®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2248987®=3&lang=1
pdf চাবলৈ ক্লিক কৰক
***
পিআইবি গৱেষণা
RR
(तथ्य सामग्री आईडी: 150979)
आगंतुक पटल : 77
Provide suggestions / comments