• Sitemap
  • Advance Search
Technology

সপ্তম গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬

प्रविष्टि तिथि: 08 SEP 2026 18:06 PM

প্ৰভাৱ সৃষ্টিৰ সম্ভাৱনা

ফিনটেক বিপ্লৱক শক্তিশালী কৰা

ভাৰতৰ পৰিসৰ, উদ্ভাৱন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে বিশ্বব্যাপী ফিনটেক পৰিৱেশক নতুন ৰূপ দিছে। আধাৰৰ প্ৰৱৰ্তন, ইণ্টাৰনেট সংযোগৰ সম্প্ৰসাৰণ আৰু ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (Unified Payments Interface—UPI)ৰ বিকাশে বিত্তীয় সেৱাসমূহৰ ৰূপান্তৰ সাধন কৰিছে। এই উদ্ভাৱনসমূহে জনসংখ্যাৰ বৃহৎ পৰিসৰত ডিজিটেল পৰিচয়, তাৎক্ষণিক পেমেণ্ট আৰু সন্মতিভিত্তিক তথ্য বিনিময় সম্ভৱ কৰি তুলিছে। ভাৰতৰ অভিজ্ঞতাই প্ৰদৰ্শন কৰে যে প্ৰযুক্তিয়ে কেনেদৰে বিত্তীয় সেৱাসমূহ অধিক সুলভ, দক্ষ আৰু সৰ্বাংগীন কৰি তুলিব পাৰে।

এই ৰূপান্তৰে ভাৰতক ফিনটেক উদ্ভাৱন আৰু ডিজিটেল বিত্তৰ এক বিশ্বজনীন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। গ্ল’বেল ফিনটেক ফেষ্ট (Global Fintech Fest—GFF) ২০২৬-এ এই খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বজনীন প্ৰভাৱ প্ৰতিফলিত কৰিছে। GFFৰ সপ্তম সংস্কৰণ ৮ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰ ২০২৬লৈ মুম্বাইত অনুষ্ঠিত হৈছে। ই বিত্তীয় প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বজনীন সংলাপ, সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এক মঞ্চ প্ৰদান কৰিছে।

২০২০ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা GFF বিশ্বৰ অন্যতম আগশাৰীৰ ফিনটেক সমাৱেশলৈ বিকশিত হৈছে। ইয়াৰ বিকাশে ভাৰতৰ ডিজিটেল বিত্তীয় স্থাপত্য আৰু ফিনটেক সক্ষমতাৰ প্ৰতি বিশ্বজনীন আগ্ৰহ বৃদ্ধি পোৱাৰ প্ৰতিফলন ঘটায়। এই উৎসৱে ভাৰতৰ অভিজ্ঞতা প্ৰদৰ্শন আৰু বিশ্বজনীন উদ্ভাৱকসকলৰ সৈতে ধাৰণা বিনিময়ৰ এক সুযোগ প্ৰদান কৰে। লগতে ই উন্নত অৰ্থনীতি, উদীয়মান বজাৰ আৰু গ্ল’বেল ছাউথৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰে।

GFF ২০২৬ৰ সফলতা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহ

পেমেণ্টছ কাউন্সিল অৱ ইণ্ডিয়া, নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া আৰু ফিনটেক কনভাৰ্জেন্স কাউন্সিল হৈছে GFFৰ মুখ্য আয়োজক। ইয়াৰ উপৰি, GFF ২০২৬ক তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে সহযোগিতা আগবঢ়াইছে—

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (Ministry of Electronics and Information Technology—MeitY)

বিত্তীয় সেৱা বিভাগ, বিত্ত মন্ত্ৰালয় (Department of Financial Services, Ministry of Finance)

নিউ, ইমাৰ্জিং এণ্ড ষ্ট্ৰেটেজিক টেকনলজি (New, Emerging and Strategic Technology—NEST) বিভাগ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (Ministry of External Affairs)

নিটি আয়োগ (NITI Aayog)

ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India—RBI)

ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ৰ্ড অৱ ইণ্ডিয়া (Securities and Exchange Board of India—SEBI)

ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচেছ চেণ্টাৰছ অথৰিটি (International Financial Services Centres Authority—IFSCA)

পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি (Pension Fund Regulatory and Development Authority—PFRDA)

GFF ২০২৬বিত্তীয় উদ্ভাৱনৰ পৰৱৰ্তী ঢৌক শক্তিশালী কৰা

সপ্তম গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ কেৱল এখন সন্মিলনতকৈ বহু বেছি। ই বিশ্বৰ সৰ্ববৃহৎ ফিনটেক উৎসৱ, যিয়ে AI-চালিত ভৱিষ্যৎ গঢ় দিয়াৰ বাবে উজ্জ্বলতম মেধাসমূহক একত্ৰিত কৰিছে। GFFৰ যাত্ৰাৰ প্ৰতিটো সংস্কৰণ উদ্ভাৱন আৰু সৰ্বাংগীন বিকাশ তথা সমৃদ্ধিৰ এক উমৈহতীয়া দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈছে।

গ্লবেল ফিনটেক ফেষ্টবিষয়বস্তু আৰু কাৰ্যসূচী

GFF ২০২৬ৰ বিষয়বস্তু হৈছে “পটেন্চিয়েল টু ইম্পেক্ট: এজেণ্টিক .আই. | টোকেনাইজেচন | কোৱাণ্টাম: ট্ৰাষ্টেড, কানেক্টেড, গ্লবেল চিষ্টেমছ ইনক্লুচিভ ফাইনেন্স (Potential to Impact: Agentic AI | Tokenisation | Quantum: Trusted, Connected, Global Systems for Inclusive Finance.)’’। ই তিনিটা মৌলিক প্ৰযুক্তিৰ ওপৰত নিৰ্মিত, যিসমূহে বিশ্বজনীন বিত্তৰ পৰিৱেশক স্বয়ংক্ৰিয়, প্ৰগ্ৰামযোগ্য আৰু সুৰক্ষিত পৰিস্থিতিতন্ত্ৰৰ দিশে পৰিৱৰ্তন কৰি আছে।

  • এজেণ্টিক .আই.: ই বিত্তীয় ব্যৱস্থাসমূহক শক্তিশালী শাসন কাঠামোৰ ভিতৰত বাস্তৱ সময়ত পৰিস্থিতি অনুভৱ, সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্য সম্পাদন কৰিবলৈ সক্ষম কৰে। ই আৰম্ভণিৰ পৰা শেষলৈ কাৰ্যপ্ৰবাহৰ সমন্বয় সাধন কৰে, নিয়ন্ত্ৰণমূলক তদাৰকী শক্তিশালী কৰে, প্ৰৱঞ্চনা প্ৰতিৰোধ বৃদ্ধি কৰে আৰু ব্যাখ্যাযোগ্য বুদ্ধিমত্তাৰ জৰিয়তে মানৱ সিদ্ধান্ত গ্ৰহণক শক্তিশালী কৰাৰ লগতে বৃহৎ পৰিসৰত দায়িত্বশীলভাৱে বিত্তীয় সেৱাসমূহ ব্যক্তিগতকৃত কৰে।
  • টোকেনাইজেচন: ই সম্পদসমূহক প্ৰগ্ৰামযোগ্য ডিজিটেল এককলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত ভগ্নাংশীয় মালিকানা, তাৎক্ষণিক নিষ্পত্তি আৰু আন্তঃকাৰ্যক্ষম ধন সম্ভৱ হয়। তাৰল্য মুকলি কৰি আৰু প্ৰৱেশাধিকাৰ গণতান্ত্ৰিক কৰি ই বিশ্বজনীন বিত্তীয় ব্যৱস্থাৰ মূলধনী বজাৰ, পেমেণ্ট আৰু অংশগ্ৰহণক নতুন ৰূপ দিয়ে।
  • কোৱাণ্টাম: কোৱাণ্টাম প্ৰযুক্তিয়ে গণনা আৰু সুৰক্ষাৰ ক্ষেত্ৰত এক মৌলিক পৰিৱৰ্তন আনে। কোৱাণ্টাম-সুৰক্ষিত ক্ৰিপ্ট’গ্ৰাফীৰ পৰা উন্নত বিপদাশংকা অনুকূলীকৰণলৈকে, এই প্ৰযুক্তিসমূহে ব্যৱস্থাগত স্থিতিস্থাপকতা শক্তিশালী কৰে আৰু ভৱিষ্যতৰ বিত্তীয় আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী বিশ্বাসযোগ্যতা নিশ্চিত কৰে।

GFF ২০২৬ৰ কাৰ্যসূচী চাবলৈ ইয়াত ক্লিক কৰক

ফিনটেক বুজি লও আহক

ফিনটেকক সাধাৰণতে বিত্তীয় ব্যৱস্থা আৰু বিত্তীয় সেৱা প্ৰদান অধিক দক্ষ কৰি তুলিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰা এক উদ্যোগ হিচাপে বৰ্ণনা কৰা হয়। ই “প্ৰযুক্তিগতভাৱে সক্ষম বিত্তীয় উদ্ভাৱন (technologically enabled financial innovation)”-ক বুজায়, যিয়ে নতুন ব্যৱসায়িক আৰ্হি, এপ্লিকেচন, প্ৰক্ৰিয়া বা সামগ্ৰীৰ সৃষ্টি কৰিব পাৰে আৰু বিত্তীয় বজাৰ, প্ৰতিষ্ঠান তথা বিত্তীয় সেৱা প্ৰদানৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে।

ফিনটেকত ব্যৱহৃত মুখ্য সক্ষমকাৰী প্ৰযুক্তিসমূহ

  • .পি.আই. (Application Programming Interface - API): এ.পি.আই.-সমূহ হৈছে এনে নিয়ম আৰু নিৰ্দিষ্টকৰণৰ সমষ্টি, যিবোৰ ছফ্টৱেৰ প্ৰ’গ্ৰামে ইজনে সিজনৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰে। ই নতুন এপ্লিকেচনসমূহক অন্য এপ্লিকেচনৰ ওপৰত নিৰ্মাণ কৰিবলৈ অনুমতি দিয়ে।
  • ক্লাউড কম্পিউটিং: কম্পিউটিং ক্ষমতাৰ পৰিসৰ আৰু নমনীয়তা বৃদ্ধি কৰাৰ বাবে হ’ষ্টিং প্ৰচেছৰৰ এক অনলাইন নেটৱৰ্ক (‘ক্লাউড’) ব্যৱহাৰ কৰা, যাৰ ফলত ব্যয় সঞ্চয় হয়।
  • বায়মেট্ৰিকছ: মানুহৰ স্বকীয় আৰু জুখিব পৰা বৈশিষ্ট্যসমূহৰ অধ্যয়ন, যিবোৰ ব্যক্তিসকলক শ্ৰেণীবদ্ধ আৰু চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
  • ডি.এল.টি. (Distributed Ledger Technology - DLT): সম্পদৰ লেনদেন ৰেকৰ্ড কৰাৰ এক ডিজিটেল ব্যৱস্থা, য’ত তথ্য একে সময়তে একাধিক স্থানত ৰেকৰ্ড কৰা হয়।
  • বিগ ডাটা: ডিজিটেল সঁজুলি আৰু তথ্য ব্যৱস্থাৰ দ্বাৰা সৃষ্টি, বিশ্লেষণ আৰু ব্যৱহাৰ কৰিব পৰা বিপুল পৰিমাণৰ গাঁথনিবদ্ধ বা অগাঁথনিবদ্ধ তথ্য।
  • কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence - AI) আৰু মেচিন লাৰ্নিং  (Machine Learning ­- ML): এনে তথ্য-প্ৰযুক্তি ব্যৱস্থা, যিয়ে অন্যথা মানৱ সক্ষমতাৰ প্ৰয়োজন হোৱা কাৰ্য সম্পাদন কৰিব পাৰে। মেচিন লাৰ্নিঙৰ অন্তৰ্ভুক্ত হৈছে মানৱ হস্তক্ষেপ অবিহনে তথ্যৰ পৰা কম্পিউটাৰে শিকাৰ প্ৰক্ৰিয়া।

ফিনটেকৰ গুৰুত্ব আৰু লাভালাভ

ফিনটেকৰ বিত্তীয় পৰিৱেশক এক মৌলিক ধৰণে পুনৰ গঢ় দিয়াৰ সামৰ্থ্য আছে—ই গ্ৰাহকসকলক অধিক প্ৰতিযোগিতামূলক মূল্যত বিত্তীয় সামগ্ৰীৰ অধিক পছন্দ প্ৰদান কৰাৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহক অধিক দক্ষতাৰে কাম কৰাত সহায় কৰে। ফিনটেকে অৰ্থনীতিসমূহত দক্ষতা, সৰ্বাংগীনতা আৰু বিত্তীয় স্থিৰতাৰ ক্ষেত্ৰত পৰিমাপযোগ্য লাভ প্ৰদান কৰিছে।

• ফিনটেকে বিত্তীয় খণ্ডক অধিক দক্ষ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উদাহৰণস্বৰূপে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল-টাইম পেমেণ্ট ব্যৱস্থা হিচাপে স্বীকৃত UPI-এ কেৱল জুলাই ২০২৬তে ২,৩৬৫.৮ কোটি লেনদেন সম্পন্ন কৰিছে, যাৰ মূল্য ২৯.৮৮ লাখ কোটি টকা, আৰু ৭৪১খন বেংক এই প্লেটফৰ্মত সক্ৰিয় হৈ আছে—২০১৬–১৭ বিত্তীয় বৰ্ষৰ পৰা লেনদেনৰ পৰিমাণ প্ৰায় ১২,০০০ গুণ বৃদ্ধি পাইছে।

• তথ্যৰ অসমতা বা উচ্চ লেনদেন ব্যয়ৰ দৰে বজাৰৰ বিফলতা অতিক্ৰম কৰি ফিনটেকে বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি কৰাত সহায় কৰে। ভাৰতৰ বিত্তীয় অন্তৰ্ভুক্তি সূচকাংক মাৰ্চ ২০১৭ৰ ৪৩.৪ৰ পৰা মাৰ্চ ২০২৬ত ৭০.০লৈ বৃদ্ধি পাইছে।

• ফিনটেকৰ বিকাশে পৰম্পৰাগত বেংকিং চেনেলৰ বাহিৰলৈ ঋণৰ উৎসসমূহ বৈচিত্ৰ্যময় কৰি তুলিছে। ঋণ প্ৰদানৰ ক্ষেত্ৰত অধিক বৈচিত্ৰ্যই সীমিত সংখ্যক বেংকৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা উদ্ভৱ হোৱা ব্যৱস্থাগত বিপদাশংকা হ্ৰাস কৰিব পাৰে। ই বিত্তীয় পৰিস্থিতিতন্ত্ৰৰ স্থিতিস্থাপকতা, প্ৰতিযোগিতা আৰু স্থিৰতা শক্তিশালী কৰিব পাৰে।

ভাৰতৰ ফিনটেক সফলতাৰ ভেটি

ভাৰতৰ ফিনটেক সফলতা ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিত এক দশকৰ বিনিয়োগৰ ওপৰত নিৰ্মিত। এই ভেটিয়ে সাৰ্বজনীন প্ৰৱেশাধিকাৰ, ডিজিটেল পৰিচয়, আন্তঃকাৰ্যক্ষম পেমেণ্ট আৰু মুকলি ডিজিটেল নেটৱৰ্কক একত্ৰিত কৰে। এই সক্ষমতাসমূহে এনে এক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিছে য’ত বিত্তীয় উদ্ভাৱন দ্ৰুত আৰু সৰ্বাংগীনভাৱে সম্প্ৰসাৰিত কৰিব পাৰি। অধিক পঢ়িবলৈ ক্লিক কৰক: ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি

জে..এম. ট্ৰিনিটি (JAM Trinity): জন ধন–আধাৰ–ম’বাইল (Jan Dhan–Aadhaar–Mobile—JAM) ট্ৰিনিটিয়ে ডিজিটেল বিত্তীয় অন্তৰ্ভুক্তিৰ ভেটি প্ৰদান কৰে। জন ধন একাউণ্টে আনুষ্ঠানিক বেংকিংৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে, আনহাতে আধাৰে সুৰক্ষিত ডিজিটেল পৰিচয় সক্ষম কৰে। ইণ্টাৰনেটৰ সম্প্ৰসাৰিত প্ৰৱেশাধিকাৰে নাগৰিকসকলক ডিজিটেল বিত্তীয় সেৱাৰ সৈতে সংযোগ কৰে। ২৬ আগষ্ট ২০২৬লৈ ৫৯.১৫ কোটি জন ধন একাউণ্ট খোলা হৈছিল আৰু মাৰ্চ ২০২৬লৈ আধাৰ নামভৰ্তি ১৪৪ কোটিক অতিক্ৰম কৰিছিল। ই সমগ্ৰ দেশতে ফিনটেক সেৱাৰ বাবে এক বৃহৎ আৰু সুলভ ভিত্তি সৃষ্টি কৰিছে।

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (Unified Payments Interface—UPI): UPI-এ ভাৰতৰ ডিজিটেল লেনদেনক শক্তিশালী কৰা আন্তঃকাৰ্যক্ষম পেমেণ্ট আন্তঃগাঁথনি প্ৰদান কৰে। আগষ্ট ২০২৬ত UPI লেনদেন ২৪,৫০৯ মিলিয়নত উপনীত হয়। এই প্লেটফৰ্মে বিশ্বৰ ৰিয়েল-টাইম ডিজিটেল লেনদেনৰ প্ৰায় ৫০% পৰিমাণ পৰিচালনা কৰে আৰু ১১খন দেশত কাৰ্যক্ষম হৈ আছে। এই মুকলি আন্তঃগাঁথনিয়ে ফিনটেক প্ৰতিষ্ঠানসমূহক জনসংখ্যাৰ বৃহৎ পৰিসৰত উদ্ভাৱনীমূলক পেমেণ্ট সমাধান নিৰ্মাণ কৰিবলৈ সক্ষম কৰে।

ডিজিটেল পৰিচয় আৰু নথিপত্ৰ: সুৰক্ষিত আৰু দক্ষ বিত্তীয় সেৱাৰ বাবে বিশ্বাসযোগ্য ডিজিটেল পৰিচয় অতি গুৰুত্বপূৰ্ণ। আধাৰ ই-কেৱাইচি য়ে ডিজিটেল গ্ৰাহক পৰীক্ষণ সক্ষম কৰাৰ লগতে কাগজ-পত্ৰৰ কাম আৰু অনব’ৰ্ডিংৰ সময় হ্ৰাস কৰে। ২৯ জুন ২০২৬লৈ ই ২,৪৫৮ কোটিতকৈ অধিক লেনদেন প্ৰক্ৰিয়াকৰণ কৰিছে। ডিজিলকাৰৰ ৭৩.৫৩ কোটিতকৈ অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে আৰু ৯৩৬.০৩ কোটি নথি জাৰি কৰিছে। এই ডিজিটেল ব্যৱস্থাসমূহে বিত্তীয় সেৱাসমূহৰ গ্ৰাহক অনব’ৰ্ডিং আৰু পৰীক্ষণ সৰল কৰাৰ লগতে বিশ্বাস শক্তিশালী কৰে।

ডিজিটেল কল্যাণ প্ৰদান: প্ৰত্যক্ষ লাভ হস্তান্তৰে ডিজিটেল বিত্তীয় আন্তঃগাঁথনি ব্যৱহাৰ কৰি লাভসমূহ পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰে। ই মধ্যস্থতাকাৰী হ্ৰাস কৰে, স্বচ্ছতা বৃদ্ধি কৰে আৰু চৰকাৰী সুবিধাসমূহ দ্ৰুতভাৱে প্ৰদান কৰাত সহায় কৰে। ছেপ্টেম্বৰ ২০২৬লৈ সঞ্চিত প্ৰত্যক্ষ লাভ হস্তান্তৰ ৫৩.২৬ লাখ কোটি টকাত উপনীত হৈছে। এনে বৃহৎ পৰিসৰৰ ডিজিটেল হস্তান্তৰে সেৱাসমূহ দক্ষতাৰে প্ৰদান কৰাৰ বাবে ভাৰতৰ বিত্তীয় আন্তঃগাঁথনিৰ সক্ষমতা প্ৰদৰ্শন কৰে।

মুকলি ডিজিটেল বাণিজ্য: অ’পেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ (Open Network for Digital Commerce—ONDC)-এ পেমেণ্টৰ বাহিৰলৈ ভাৰতৰ আন্তঃকাৰ্যক্ষম ডিজিটেল পদ্ধতি সম্প্ৰসাৰিত কৰে। জুন ২০২৬লৈ ONDC-এ ১,০০০খনতকৈ অধিক চহৰত ২০ কোটিতকৈ অধিক ক্ৰেতা আৰু ৫ লাখ বিক্ৰেতাত উপনীত হৈছিল। ইয়াৰ বিত্তীয় সেৱা শ্ৰেণীয়ে ডিজিটেল বিত্তীয় সামগ্ৰীৰ বাবে অতিৰিক্ত সুযোগ সৃষ্টি কৰিছে। এই মুকলি স্থাপত্যই ফিনটেক প্ৰতিষ্ঠানসমূহক নতুন ব্যৱহাৰকাৰী আৰু বজাৰসমূহত অধিক দক্ষতাৰে উপনীত হোৱাত সহায় কৰিব পাৰে।

এক শক্তিশালী, বিশ্বাসযোগ্য নিয়ন্ত্ৰণমূলক পৰিস্থিতিতন্ত্ৰ

ভাৰতৰ ফিনটেক খণ্ডৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল বিত্তৰ ক্ষেত্ৰত জনসাধাৰণৰ আস্থাৰ ভেটি গঠন কৰা নিয়ন্ত্ৰণমূলক আৰু গ্ৰাহক-সুৰক্ষা ব্যৱস্থাটো নিৰন্তৰ শক্তিশালী কৰি আহিছে।

স্ব-নিয়ন্ত্ৰণ আৰু মানদণ্ড: ফিনটেক খণ্ডত স্ব-নিয়ন্ত্ৰণমূলক সংগঠনসমূহৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাঠামো (Framework for Self-Regulatory Organisation(s) in the FinTech Sector—SRO-FT, মে’ ২০২৪)য়ে উদ্যোগটোৰ ভিতৰত নৈতিক আচৰণ, বজাৰৰ অখণ্ডতা আৰু বিবাদ নিষ্পত্তিৰ প্ৰসাৰ ঘটায়।

পেমেণ্ট সুৰক্ষা: ডিজিটেল পেমেণ্ট সুৰক্ষা নিয়ন্ত্ৰণৰ ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাষ্টাৰ ডাইৰেকচনছ (Master Directions on Digital Payment Security Controls—২০২১)-এ ইণ্টাৰনেট আৰু ম’বাইল বেংকিংকে ধৰি বিভিন্ন পেমেণ্ট চেনেলত সাধাৰণ ন্যূনতম-সুৰক্ষা মানদণ্ড বাধ্যতামূলক কৰে, যাতে ৱেব আৰু ম’বাইল এপৰ ভাবুকিৰ বিৰুদ্ধে মোকাবিলা কৰিব পৰা যায়। আনহাতে, নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (National Payments Corporation of India—NPCI)-এ UPI লেনদেনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence—AI)/মেচিন লাৰ্নিং (Machine Learning—ML)ভিত্তিক প্ৰৱঞ্চনা নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰিছে।

তথ্য সুৰক্ষা: ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ২০২৩ চনত ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকচন আইন (Digital Personal Data Protection Act) আৰু ২০২৫ চনত ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকচন নিয়মাৱলী (Digital Personal Data Protection Rules) জাননী জাৰি কৰি ব্যক্তিসকলৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰিছে।

নিৰাপদ উদ্ভাৱন পৰীক্ষণ: ভাৰতীয় ৰিজাৰ্ভ বেংকে আগষ্ট ২০১৯ত নিয়ন্ত্ৰণমূলক ছেণ্ডবক্স (Regulatory Sandbox) কাঠামো প্ৰৱৰ্তন কৰে, যিয়ে উদ্ভাৱনীমূলক বিত্তীয় সামগ্ৰী আৰু সেৱাসমূহক নিয়ন্ত্ৰণমূলক ৰেহাইৰ সৈতে বা অবিহনে এক নিয়ন্ত্ৰিত নিয়ন্ত্ৰণমূলক পৰিৱেশত পৰীক্ষা কৰিবলৈ অনুমতি দিয়ে।

ডিজিটেল ঋণ প্ৰদানত গ্ৰাহক সুৰক্ষা: এক শক্তিশালী নিয়ন্ত্ৰণমূলক কাঠামো, ডিজিটেল লেণ্ডিং এপছ (Digital Lending Apps—DLA) ডাইৰেক্টৰী আৰু চাইবাৰ অপৰাধ প্ৰতিবেদনৰ ব্যৱস্থাই (National Cybercrime Reporting Portal at cybercrime.gov.in and Helpline 1930) নাগৰিকসকলক প্ৰৱঞ্চনামূলক ঋণ প্ৰদানকাৰী এপৰ পৰা সুৰক্ষা দিয়ে। আনহাতে, জনসাধাৰণৰ বাবে উপলব্ধ SACHET প’ৰ্টেলে বিশেষভাৱে অবৈধভাৱে আমানত সংগ্ৰহৰ সৈতে জড়িত অভিযোগসমূহৰ সুবিধা প্ৰদান কৰে।

• সেয়েহে, নিয়ন্ত্ৰণমূলক পদ্ধতিটো বজাৰত উদ্ভাৱন উপস্থিত হোৱাৰ পিছত কেৱল তাৰ প্ৰতি সঁহাৰি জনোৱাতে সীমাবদ্ধ নহয়। ই এনে প্ৰতিষ্ঠানগত ব্যৱস্থা সৃষ্টি কৰে, যাৰ জৰিয়তে দায়িত্বশীল উদ্ভাৱন পৰীক্ষা, মূল্যায়ন আৰু সমৰ্থন কৰিব পাৰি।

আগুৱাই যোৱাৰ পথ

ভাৰতৰ ফিনটেক পৰিস্থিতিতন্ত্ৰ পৰিসৰ, আন্তঃকাৰ্যক্ষমতা, উদ্ভাৱন আৰু প্ৰতিষ্ঠানগত আস্থাৰ ওপৰত নিৰ্মিত। ইয়াৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে সুলভ, কম ব্যয়বহুল আৰু সৰ্বাংগীন বিত্তীয় সেৱাৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰে। পৰৱৰ্তী পৰ্যায়ত ডিজিটেল সাৰ্বভৌমত্ব, প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতা আৰু দায়িত্বশীল উদ্ভাৱন অধিক গভীৰ কৰা উচিত। মুকলি ডিজিটেল প্লেটফৰ্মে নাগৰিক, ষ্টাৰ্ট-আপ আৰু ব্যৱসায়ৰ বাবে প্ৰযুক্তি অধিক গণতান্ত্ৰিক কৰি তুলিব পাৰে।

উদীয়মান প্ৰযুক্তিয়ে অধিক বুদ্ধিমান, সুৰক্ষিত আৰু দক্ষ বিত্তীয় সেৱা সম্ভৱ কৰি তুলিব পাৰে। কৃত্ৰিম বুদ্ধিমত্তা, টোকেনাইজেচন, ব্লকচেইন আৰু কোৱাণ্টাম প্ৰযুক্তিয়ে সমগ্ৰ বিত্তীয় পৰিস্থিতিতন্ত্ৰত নতুন সুযোগ মুকলি কৰিব পাৰে। ডিজিটেল বিত্ত সম্প্ৰসাৰিত হোৱাৰ লগে লগে শক্তিশালী চাইবাৰ সুৰক্ষা, তথ্য সুৰক্ষা আৰু গ্ৰাহক সুৰক্ষা অত্যাৱশ্যক হৈ থাকিব। ফিনটেক উদ্ভাৱন জনকেন্দ্ৰিক শাসন, সৰ্বাংগীনতা আৰু ৰাজহুৱা মূল্যৰ ওপৰত আধাৰিত হৈ থাকিব লাগে।

ভাৰতে উদীয়মান অৰ্থনীতি আৰু গ্ল’বেল ছাউথৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে নিজৰ ডিজিটেল দক্ষতা অধিক বিস্তৃতভাৱে ভাগ-বতৰা কৰিব পাৰে। ই সৰ্বাংগীন ডিজিটেল বিত্তীয় ব্যৱস্থা গঢ়ি তোলাত ভাৰতৰ এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভূমিকা শক্তিশালী কৰিব পাৰে। আগুৱাই যোৱাৰ পথ হৈছে এক সাৰ্বভৌম, সুৰক্ষিত আৰু সৰ্বাংগীন ডিজিটেল বিত্তীয় পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা। এই পদ্ধতিয়ে জনকেন্দ্ৰিক ডিজিটেল বিত্তৰ ভৱিষ্যৎ গঢ় দিয়াত ভাৰতক বিশ্বজনীন নেতা হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে।

তথ্যসূত্ৰ

গ্লবেল ফিনটেক ফেষ্ট

পিআইবি

বিত্ত মন্ত্ৰালয়

নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (NPCI)

ভাৰতীয় ৰিজাৰ্ভ বেংক

অন্যান্য

৭ম গ্লবেল ফিনটেক ফেষ্ট ২০২৬

*****

পিআইবি গৱেষণা

RR

(तथ्य सामग्री आईडी: 151007) आगंतुक पटल : 8


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , Marathi , Bengali , हिन्दी , Kannada , Urdu