Infrastructure

সময় ৰাহি, যাত্ৰাপথ চুটি

प्रविष्टि तिथि: 05 OCT 2026 12:37 PM

ভাৰতৰ আন্তঃগাঁথনিয়ে কেনেদৰে স্থানসমূহক ওচৰ চপাই আনিছে

ঘণ্টাৰ হিচাপত জোখা সংযোগ

লাখ লাখ যাত্ৰীৰ বাবে উন্নত সংযোগ কেৱল নিৰ্মাণ কৰা কিলোমিটাৰৰ হিচাপত নহয়, ৰাহি হোৱা ঘণ্টাৰ হিচাপতো জোখা হয়। সমগ্ৰ ভাৰতত নতুন দলং, সুৰংগ, এক্সপ্ৰেছৱে’ আৰু ৰে’ল সেৱাই চহৰ, অঞ্চল আৰু সম্প্ৰদায়সমূহৰ মাজত যাত্ৰা কৰিবলৈ লগা সময় সলনি কৰি আছে। দীঘলীয়া ঘূৰণীয়া পথ, কঠিন ভূ-প্ৰকৃতি আৰু লেহেমীয়া পথসমূহৰ সলনি পোনপটীয়া আৰু দ্ৰুত সংযোগ স্থাপনৰ জৰিয়তে এই প্ৰকল্পসমূহে আন্তঃগাঁথনি-চালিত ৰূপান্তৰক দৈনন্দিন যাত্ৰাত দৃশ্যমান কৰি তুলিছে। দেশৰ অধিক অংশলৈ দ্ৰুততৰ সংযোগ প্ৰসাৰিত হোৱাৰ লগে লগে দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰত দূৰত্ব এটা বাধা হৈ থকাৰ পৰিমাণ কমি আহিছে।

 

দলং: বাধা অতিক্ৰম, যাত্ৰাৰ সময় হ্ৰাস

দলংসমূহে দৈনন্দিন যাত্ৰাৰ দীঘলীয়া আৰু লেহেমীয়া নদী পাৰসমূহ আঁতৰাই দিছে আৰু এসময়ত ঘণ্টাৰ পিছত ঘণ্টা লগা যাত্ৰাক বহুত চুটি ভ্ৰমণলৈ ৰূপান্তৰিত কৰিছে।

  • ভূপেন হাজৰিকা সেতু/ধলা–শদিয়া দলং, অসম–অৰুণাচল প্ৰদেশ (মে’, ২০১৭)

৬ ঘণ্টা → ১ ঘণ্টা

অসমৰ ৰূপাই আৰু অৰুণাচল প্ৰদেশৰ মেকা/ৰোইঙৰ মাজৰ যাত্ৰাৰ সময় ছয় ঘণ্টাৰ পৰা এঘণ্টালৈ হ্ৰাস পাইছে, ফলত পাঁচ ঘণ্টা ৰাহি হৈছে।

  • বগীবিল দলং, অসম (ডিচেম্বৰ, ২০১৮)

এদিনীয়া যাত্ৰা → ১–২ ঘণ্টা

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত ৰে’ল-কাম-ৰোড দলংখনে ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজৰ সংযোগ ব্যৱস্থাত ৰূপান্তৰ সাধন কৰিছে। পূৰ্বতে প্ৰায় সম্পূৰ্ণ এদিন লগা যাত্ৰা এতিয়া প্ৰায় একৰ পৰা দুই ঘণ্টাত সম্পূৰ্ণ হয়।

  • অটল সেতু, মহাৰাষ্ট্ৰ (জানুৱাৰী, ২০২৪)

২ ঘণ্টা → ২০ মিনিট

মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংকে মুম্বাই আৰু নৱী মুম্বাইৰ মাজত পোনপটীয়া সংযোগ প্ৰদান কৰি যাত্ৰাৰ সময় প্ৰায় ২০ মিনিটলৈ হ্ৰাস কৰিছে।

  • কোচী ৰে’ল মহাসেতু, বিহাৰ (ছেপ্টেম্বৰ, ২০২০)

৮ ঘণ্টা → ৩০ মিনিট

কোচী ৰে’ল মহাসেতুৱে নিৰ্মালী আৰু সাৰাইগড়ৰ মাজৰ ৰে’ল যাত্ৰাৰ সময় প্ৰায় আঠ ঘণ্টাৰ পৰা ৩০ মিনিটলৈ হ্ৰাস কৰিছে, লগতে দূৰত্ব প্ৰায় ৩০০ কিলোমিটাৰৰ পৰা ২২ কিলোমিটাৰলৈ হ্ৰাস কৰিছে।

  • ছিছেৰী নদী দলং, অৰুণাচল প্ৰদেশ (নৱেম্বৰ, ২০১৯)

প্ৰায় ৫ ঘণ্টা ৰাহি

২০০ মিটাৰ দীঘল ছিছেৰী নদী দলংখনে পাছিঘাট আৰু ৰোইঙৰ মাজৰ যাত্ৰাৰ সময় প্ৰায় পাঁচ ঘণ্টা হ্ৰাস কৰিছে, যাৰ ফলত দিবাং উপত্যকা আৰু চিয়াংৰ মাজৰ সংযোগ শক্তিশালী হৈছে।

সুৰংগ: ভূ-প্ৰকৃতিৰ মাজেৰে পথ চুটি, ঘণ্টা ৰাহি

সুৰংগসমূহে ভাৰতৰ কিছুমান অতি কঠিন ভূ-প্ৰকৃতিৰ মাজেৰে আটাইতকৈ চুটি পথ গ্ৰহণ কৰিছে। পাহাৰ, আঁক-বেঁকা পথ আৰু বিপদাপন্ন অংশসমূহ এৰাই গৈ এইসমূহে যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে যাত্ৰাক অধিক নিৰৱচ্ছিন্ন কৰি তুলিছে।

  • অটল সুৰংগ, হিমাচল প্ৰদেশ (অক্টোবৰ, ২০২০)

৪–৫ ঘণ্টা ৰাহি

৯.০২ কিলোমিটাৰ দীঘল সুৰংগখনে ৰোহতাং গিৰিপথ এৰাই গৈ মানালি–সাৰচু দূৰত্ব ৪৬ কিলোমিটাৰ হ্ৰাস কৰিছে আৰু লাহৌল–স্পিতিলৈ সৰ্বকালীন সংযোগ প্ৰদান কৰিছে।

 

  • ড° শ্যামা প্ৰসাদ মুখাৰ্জী সুৰংগ, জম্মু আৰু কাশ্মীৰ (এপ্ৰিল, ২০১৭)

প্ৰায় ২ ঘণ্টা ৰাহি

৯ কিলোমিটাৰ দীঘল সুৰংগখনে কঠিন ভূ-প্ৰকৃতি এৰাই গৈ যাত্ৰাৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ হ্ৰাস কৰিছে আৰু জম্মু আৰু শ্ৰীনগৰৰ মাজৰ যাত্ৰাৰ সময় প্ৰায় দুই ঘণ্টা হ্ৰাস কৰিছে।

 

  • বানিহাল–কাজিগুণ্ড পথ সুৰংগ, জম্মু আৰু কাশ্মীৰ (এপ্ৰিল, ২০২২)

~১.৫ ঘণ্টা ৰাহি

৮.৪৫ কিলোমিটাৰ দীঘল যমজ-নলী সুৰংগখনে পথৰ দূৰত্ব ১৬ কিলোমিটাৰ হ্ৰাস কৰিছে আৰু যাত্ৰাৰ সময় প্ৰায় ডেৰ ঘণ্টা কমাইছে।

 

  • ছেলা সুৰংগ, অৰুণাচল প্ৰদেশ (মাৰ্চ, ২০২৪)

যাত্ৰাৰ সময় ১ ঘণ্টাতকৈ অধিক হ্ৰাস

প্ৰায় ১৩,০০০ ফুট উচ্চতাত নিৰ্মিত এই সুৰংগখনে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ তেজপুৰ–টাৱাং পথত সৰ্বকালীন সংযোগ নিশ্চিত কৰিছে।

 

এক্সপ্ৰেছৱে' আৰু অৰ্থনৈতিক কৰিড’ৰ

 

এক্সপ্ৰেছৱে'সমূহে চুটি পথ, নিয়ন্ত্ৰিত প্ৰৱেশ আৰু অধিক গতিৰ জৰিয়তে আন্তঃনগৰ যাত্ৰাৰ গতি সলনি কৰি আছে। এসময়ত কেইবা ঘণ্টা সময় গ্ৰহণ কৰা দীঘলীয়া যাত্ৰাসমূহ এতিয়া যথেষ্ট দ্ৰুত পথ যাত্ৰালৈ সংকুচিত হৈছে।

  • দিল্লী–মীৰাট এক্সপ্ৰেছৱে (২০২১)

২.৫ ঘণ্টা → ৫০ মিনিট

৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পই দিল্লী আৰু মীৰাটৰ মাজৰ যাত্ৰাৰ সময় প্ৰায় আঢ়ৈ ঘণ্টাৰ পৰা প্ৰায় ৫০ মিনিটলৈ হ্ৰাস কৰিছে।

 

  • বেংগালুৰু–মাইছুৰু এক্সপ্ৰেছৱে (মাৰ্চ, ২০২৩)

৩ ঘণ্টা → ৭৫ মিনিট

১১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এক্সপ্ৰেছৱেই বেংগালুৰু আৰু মাইছুৰুৰ মাজৰ যাত্ৰাৰ সময় প্ৰায় তিনিঘণ্টাৰ পৰা প্ৰায় ৭৫ মিনিটলৈ হ্ৰাস কৰিছে।

 

  • দিল্লী–ডেৰাডুন অৰ্থনৈতিক কৰিড’ৰ (এপ্ৰিল, ২০২৬)

৬ ঘণ্টা → ২.৫ ঘণ্টা

২১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিয়ন্ত্ৰিত-প্ৰৱেশ কৰিড’ৰটোৱে দিল্লী আৰু ডেৰাডুনৰ মাজৰ যাত্ৰাৰ সময় ছয় ঘণ্টাতকৈ অধিকৰ পৰা প্ৰায় আঢ়ৈ ঘণ্টালৈ হ্ৰাস কৰিছে।

 

  • মুম্বাই–নাগপুৰ সমৃদ্ধি মহামাৰ্গ (ডিচেম্বৰ, ২০২২)

১৬ ঘণ্টা → ~৮ ঘণ্টা

৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিয়ন্ত্ৰিত-প্ৰৱেশ এক্সপ্ৰেছৱে’টোৱে মুম্বাই আৰু নাগপুৰৰ মাজৰ যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰিছে।

 

  • আহমেদাবাদ–ধোলেৰা এক্সপ্ৰেছৱে (মাৰ্চ, ২০২৬)

আহমেদাবাদ–ধোলেৰা: ১০০ কিলোমিটাৰ আৰু ২ ঘণ্টা ১৫ মিনিটৰ পৰা → ৮৩ কিলোমিটাৰ আৰু ৪৫ মিনিট

আহমেদাবাদৰ পৰা ভাৱনগৰ: ১৬৯ কিলোমিটাৰ আৰু ৩ ঘণ্টা ১৫ মিনিটৰ পৰা → ১৪১ কিলোমিটাৰ আৰু ১ ঘণ্টা ৪৫ মিনিট

১০৯ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ নিয়ন্ত্ৰিত-প্ৰৱেশ সেউজীয়া ক্ষেত্ৰৰ এক্সপ্ৰেছৱেটোৱে আহমেদাবাদ আৰু ধোলেৰাৰ মাজত এক দ্ৰুতগতিসম্পন্ন সংযোগ প্ৰদান কৰিছে।

 

  • দিল্লী–অমৃতসৰ–কাটৰা এক্সপ্ৰেছৱে (প্ৰথম পৰ্যায়–জুলাই, ২০২৬)

দিল্লী–অমৃতসৰ: ৮ ঘণ্টা → ৪ ঘণ্টা

দিল্লী–কাটৰা: ১৪ ঘণ্টা → ৬ ঘণ্টা

শ্ৰী মাতা বৈষ্ণো দেৱীলৈ তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ যাতায়াত বৃদ্ধি কৰাৰ লগতে কৰিড’ৰটোৰ কাষেৰে ঔদ্যোগিক আৰু লজিষ্টিক বিকাশৰ অনুঘটক হিচাপে কাম কৰাৰ উদ্দেশ্যে এই এক্সপ্ৰেছৱেটো নিৰ্মাণ কৰা হৈছে।

 

  • দিল্লী–মুম্বাই এক্সপ্ৰেছৱে পথ

৩৩ ঘণ্টা → ~১২ ঘণ্টা

এই গ্ৰীণ এক্সপ্ৰেছৱেটো দিল্লী আৰু মুম্বাইৰ মাজৰ যাত্ৰাৰ সময় প্ৰায় ৩৩ ঘণ্টাৰ পৰা প্ৰায় ১২ ঘণ্টালৈ হ্ৰাস কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে।

ৰে’ল: দ্ৰুততৰ ৰে’ল, চুটি যাত্ৰা

নতুন প্ৰজন্মৰ ৰে’ল আৰু সমৰ্পিত উচ্চ-গতি কৰিড’ৰসমূহে ৰে’ল যাত্ৰাত যথেষ্ট সময় ৰাহি কৰি আছে। ২০২৬ চনৰ ৰে’লৱে সময়সূচীয়ে এই পৰিৱৰ্তন প্ৰতিফলিত কৰিছে, য’ত সমগ্ৰ নেটৱৰ্কত ৫৪৯খন ৰে’লৰ গতি বৃদ্ধি কৰা হৈছে। ইয়াৰে ২০খন ৰে’ল ৬০ মিনিট বা তাতকৈ অধিক দ্ৰুত হৈছে। আন ৪৮খন ৰে’লে ৩১–৫৯ মিনিট সময় লাভ কৰিছে, আনহাতে ১০৫খন ৰে’লে ১৬–৩০ মিনিট সময় লাভ কৰিছে। বাকী ৩৭৬খন ৰে’লৰ গতি ৫–১৫ মিনিট বৃদ্ধি কৰা হৈছে।

নতুন প্ৰজন্মৰ ৰে’ল

বন্দে ভাৰত এক্সপ্ৰেছ, নতুন দিল্লী–বাৰাণসী (ফেব্ৰুৱাৰী, ২০১৯)

পূৰ্বৰ সেৱাতকৈ ৪০–৫০% দ্ৰুত

ভাৰতৰ প্ৰথমখন বন্দে ভাৰত ১৫ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে নতুন দিল্লী–কানপুৰ–প্ৰয়াগৰাজ–বাৰাণসী কৰিড’ৰত মুকলি কৰা হৈছিল। নতুন দিল্লী আৰু বাৰাণসীৰ মাজত নিৰ্ধাৰিত যাত্ৰাৰ সময় প্ৰায় আঠ ঘণ্টা, যাৰ ফলত এই পথত পূৰ্বৰ সেৱাতকৈ ই প্ৰায় ৪০–৫০% দ্ৰুত।

বন্দে ভাৰত এক্সপ্ৰেছ, কাটৰা–শ্ৰীনগৰ (জুন, ২০২৫)

২–৩ ঘণ্টা ৰাহি

এই ৰে’লখনে কাটৰা–শ্ৰীনগৰ যাত্ৰা প্ৰায় তিনিঘণ্টালৈ হ্ৰাস কৰিছে। সম্প্ৰসাৰিত জম্মু–শ্ৰীনগৰ সেৱাই এতিয়া এই যাত্ৰা ৪ ঘণ্টা ৫০ মিনিটত সম্পূৰ্ণ কৰে

বন্দে ভাৰত এক্সপ্ৰেছ, বাৰাণসী–খাজুৰাহো (নৱেম্বৰ, ২০২৫)

~২ ঘণ্টা ৪০ মিনিট ৰাহি

পূৰ্বতে চলি থকা বিশেষ ৰে’লসমূহৰ তুলনাত এই ৰে’লখনে প্ৰায় ২ ঘণ্টা ৪০ মিনিট সময় ৰাহি কৰে।

বন্দে ভাৰত এক্সপ্ৰেছ, এৰ্ণাকুলাম–বেংগালুৰু (নৱেম্বৰ, ২০২৫)

২ ঘণ্টাতকৈ অধিক ৰাহি

এই সেৱাই যাত্ৰা ৮ ঘণ্টা ৪০ মিনিটত সম্পূৰ্ণ কৰে, যাৰ ফলত যাত্ৰাৰ সময় দুই ঘণ্টাতকৈ অধিক হ্ৰাস পাইছে।

বন্দে ভাৰত এক্সপ্ৰেছ, লক্ষ্ণৌ–ছাহাৰানপুৰ (নৱেম্বৰ, ২০২৫)

প্ৰায় ১ ঘণ্টা ৰাহি

এই ৰে’লখনে যাত্ৰা প্ৰায় ৭ ঘণ্টা ৪৫ মিনিটত সম্পূৰ্ণ কৰে।

বন্দে ভাৰত শ্লীপাৰ, হাওৰা–গুৱাহাটী (জানুৱাৰী, ২০২৬)

~১৭ ঘণ্টা → ~১৪ ঘণ্টা

ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰে শৰাইঘাট এক্সপ্ৰেছৰ তুলনাত প্ৰায় তিনিঘণ্টা সময় ৰাহি কৰে। ইয়াত প্ৰায় ৮২৩গৰাকী যাত্ৰীৰ বাবে ১৬টা শীত-তাপ নিয়ন্ত্ৰিত ডবা আছে।

উচ্চ-গতি ৰে’ল কৰিড’ৰ

 

  • মুম্বাই–আহমেদাবাদ উচ্চ-গতি ৰে’ল কৰিড’ৰ

পথেৰে ৮–৯ ঘণ্টা → ~১ ঘণ্টা ৫৮ মিনিট

৫০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰটোৰ কাৰ্যকৰী গতি ঘণ্টাত ৩২০ কিলোমিটাৰ হ’ব আৰু ই ১২টা ষ্টেচনত সেৱা আগবঢ়াব। ইয়াত ভাৰতৰ প্ৰথমটো সাগৰৰ তলৰ ৰে’ল সুৰংগ অন্তৰ্ভুক্ত আছে, যিটো থানে ক্ৰীকৰ তলত প্ৰায় ৭ কিলোমিটাৰ দীঘল। প্ৰথমখন সেৱা ২০২৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

  • ঘোষিত সাতটা উচ্চ-গতি ৰে’ল (High-Speed Rail – HSR) কৰিড’ৰ

প্ৰধান চহৰসমূহৰ মাজত প্ৰায় ১–৪ ঘণ্টা

কেন্দ্ৰীয় বাজেট ২০২৬–২৭ত ঘোষণা কৰা এই কৰিড’ৰসমূহে প্ৰায় ৪,০০০ কিলোমিটাৰ দূৰত্ব সামৰি লৈছে আৰু ইয়াৰ আনুমানিক বিনিয়োগ ১৬ লাখ কোটি টকা।

 

কৰিড’ৰ

নিৰ্দেশক যাত্ৰাৰ সময়

দিল্লী–বাৰাণসী

৩ ঘণ্টা ৫০ মিনিট

বাৰাণসী–পাটনা–শিলিগুড়ি

২ ঘণ্টা ৫৫ মিনিট

চেন্নাই–বেংগালুৰু

১ ঘণ্টা ১৩ মিনিট

বেংগালুৰু–হায়দৰাবাদ

২ ঘণ্টা

চেন্নাই–হায়দৰাবাদ

২ ঘণ্টা ৫৫ মিনিট

মুম্বাই–পুনে

৪৮ মিনিট

পুনে–হায়দৰাবাদ

১ ঘণ্টা ৫৫ মিনিট

 

ভ্ৰমণকাৰী আৰু সম্প্ৰদায়লৈ উভতি অহা ঘন্টাসমূহ

ভাৰতৰ পৰিবহন নেটৱৰ্কৰ ৰূপান্তৰে মানুহ আৰু অঞ্চলসমূহে ইজনে সিজনৰ সৈতে কেনেদৰে সংযোগ স্থাপন কৰে, সেয়া সলনি কৰি আছে। দলং আৰু সুৰংগসমূহে নতুন পাৰাপাৰৰ পথ মুকলি কৰাৰ বিপৰীতে এক্সপ্ৰেছৱে’ আৰু আধুনিক ৰে’ল সেৱাই দীঘলীয়া দূৰত্বৰ যাত্ৰাক নতুন ৰূপ দিছে। একেলগে, এই পদক্ষেপসমূহে যাতায়াতক অধিক নিৰৱচ্ছিন্ন কৰি তুলিছে আৰু অঞ্চলসমূহৰ মাজত প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰিছে।

তথ্যসূত্ৰসমূহ

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়:

 

https://www.pib.gov.in/newsite/PrintRelease.aspx?lang=2&reg=48&relid=175085

https://static.pib.gov.in/WriteReadData/userfiles/Final_Policy%20Documents_English%20_06.10.2021.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1892218&lang=2&reg=48

ৰে’ল মন্ত্ৰালয়:

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2256632&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2214695&reg=48&lang=2

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ঃ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2081705&lang=2&reg=48

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1819193&reg=48&lang=2

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1906087&lang=2&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2285034&lang=2&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2256632&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2187690&reg=48&lang=2

প্ৰেছ তথ্য ব্যুৰো:

https://newindiasamachar.pib.gov.in/WriteReadData/Magazine/2026/Mar/M202603011.pdf

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/jan/doc2026114756701.pdf

https://www.pib.gov.in/newsite/printrelease.aspx?relid=160240&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2273017&lang=2&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2215265&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2272190&lang=1&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2226302&reg=3&lang=1

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/jun/doc202564562401.pdf

বিত্ত মন্ত্ৰালয়ঃ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2224587&lang=2&reg=48

প্ৰতিৰক্ষা মন্ত্ৰালয়:

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1591755&reg=48&lang=2

https://www.pib.gov.in/pressreleaseshare.aspx?prid=1563660&reg=48&lang=2

মহাৰাষ্ট্ৰ চৰকাৰ:

https://industry.maharashtra.gov.in/sites/default/files/2025-09/maharashtra-logistics-policy-2024-english_0.pdf

https://mmrda.maharashtra.gov.in/sites/default/files/2022-03/news-14012022.pdf

pdf চাবলৈ ক্লিক কৰক

***

পিআইবি গৱেষণা

RR

(तथ्य सामग्री आईडी: 151073) आगंतुक पटल : 5


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , हिन्दी , Kannada , Urdu , Telugu , Bengali