Social Welfare

এছিয়ান গেমছ ২০২৬

प्रविष्टि तिथि: 06 OCT 2026 17:28 PM

নতুন দিল্লীৰ পৰা আই.চি.-নাগোয়ালৈ ভাৰতৰ যাত্ৰা

এক দৃষ্টিত এছিয়ান গেমছ ২০২৬

এছিয়া মহাদেশৰ ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতা হৈছে এছিয়ান গেমছ; যাক এছিয়াড বুলিও কোৱা হয়৷ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াক অলিম্পিক কাউন্সিল অৱ এছিয়া (Olympic Council of Asia) চমুকৈ অ.চি.এ. (OCA)-এ আয়োজন কৰে৷ সম্প্ৰতি ৪৫ খন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০সংখ্যক এছিয়ান গেমছ জাপানৰ আই.চি.-নাগোয়া-ত চলিত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত আৰম্ভ হৈ ৪ অক্টোবৰত সমাপ্ত হয়। ২০২৬ বৰ্ষৰ  এছিয়ান গেমছৰ আনুষ্ঠানিক শ্লোগানটো আছিল “এক এছিয়াৰ কল্পনা কৰক (Imagine One Asia)”। ১৯৫৮ চনত টকিঅ’ত আৰু ১৯৯৪ চনত হিৰোছিমাত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ আগৰ সংস্কৰণসমূহৰ পিছত, এইটো তৃতীয়বাৰৰ বাবে জাপানে এছিয়ান গেমছ আয়োজন কৰিছিল।

ক্ৰীড়াক্ষেত্ৰৰ এই বৃহৎ অনুষ্ঠানটোত ১৬ দিন ধৰি বিশ্বমানৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাসমূহত ৪৩বিধ খেল ৭১টা শাখাত অনুষ্ঠিত হৈছিল। মুঠ ৪৬৯টা ইভেণ্টত ১,৪০৭টা পদক প্ৰদান কৰা হৈছিল।

এছিয়ান গেমছৰ সমান্তৰালকৈ একেটা বৰ্ষতে জাপানে ১৮ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ আই চি-নাগোয়াত পঞ্চম এছিয়ান পেৰা গেমছৰো আয়োজন কৰিছে। জাপানে প্ৰথমবাৰৰ বাবে এই বৰ্ষতে পেৰা গেমছো আয়োজন কৰিছে।

এছিয়ান গেমছ ২০২৬ৰ প্ৰতীকৰ অৰ্থ

এছিয়ান গেমছৰ প্ৰতীকৰ ৰং আৰু ডিজাইনেৰে থলুৱা আৰু সাংস্কৃতিক মহত্বৰ লগতে ক্ৰীড়াৰ গতিশীলতাক প্ৰকাশ কৰা হৈছে। অ.চি.এ. অৰ্থাৎ অলিম্পিক কাউঞ্চিল অৱ এছিয়াৰ প্ৰতীকটোৰ বক্ৰ ৰেখাবোৰে প্ৰাণময়তাক প্ৰতিনিধিত্ব কৰে; বেঙুনীয়া, সোণালী আৰু সেউজীয়া কেন্দ্ৰীয় ৰেখাবোৰে সংঘবদ্ধ হৈ ৰাঙলী সূৰুযৰ দিশলৈ আগবাঢ়ি যোৱাটোকে প্ৰকাশ কৰে। বেঙুনীয়া ৰঙে আই.চি.ৰ জাতীয় ফুল আইৰিছক প্ৰতিনিধিত্ব কৰে, সোণালী ৰঙে নাগোয়া দুৰ্গৰ প্ৰতীক সোণালী টাইগাৰ-ফিছক বুজায়; আৰু সেউজীয়া ৰঙে পৰিৱেশৰ প্ৰতি সজাগতাক প্ৰতিফলিত কৰে।

 

এছিয়ান গেমছ ২০২৬-ৰ অফিচিয়েল মাস্কট

বিংশতম এছিয়ান গেমছৰ মাস্কট “হন্থন (HONOHON)”-এ খেলুৱৈৰ অদম্য আৱেগক প্ৰতিনিধিত্ব কৰে। নামটো জাপানী শব্দ ‘হ’ন’হ’ (honoho)’-ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে শিখা। ইয়াৰ ডিজাইন নাগোয়া দুৰ্গৰ প্ৰতীক শ্বাচিহোকোৰ পৰা অনুপ্ৰাণিত।

১৯৫১ চনত প্ৰথম এছিয়ান গেমছ: ভাৰতৰ ভূমিকা

এছিয়ান গেমছৰ সৈতে ভাৰতৰ সম্পৰ্ক একেবাৰে আৰম্ভণিৰে পৰা। প্ৰথম সংস্কৰণ ১৯৫১ চনত নতুন দিল্লীত অনুষ্ঠিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক মজবুত কৰাৰ প্ৰচেষ্টাৰ পটভূমিত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ভাৰতে এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত একতা প্ৰদৰ্শনৰ পথ হিচাপে এই ধাৰণা আগবঢ়াইছিল।ভাৰতৰ আই.অ.চি. (IOC) সদস্য প্ৰফেছৰ জি.ডি. সোন্ধীয়ে প্ৰথমে এছিয়ান গেমছৰ ধাৰণাক গঢ় দিছিল।১৯৪৭ চনত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান দেশৰ সন্মিলনত এই পৰামৰ্শ আগবঢ়োৱা হৈছিল। ১৯৫১ চনৰ মাৰ্চ মাহত নেশ্যনেল ষ্টেডিয়ামত ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে প্ৰথমে এই গেমছ মুকলি কৰিছিল। ১১খন দেশৰ ৪৮৯জন খেলুৱৈয়ে ৬টা ক্ৰীড়াত অংশ লৈছিল। সেই বৰ্ষত ভাৰতে দ্বিতীয় স্থান লাভ কৰিছিল।

আই.চি.-নাগোয়া ২০২৬ত ভাৰতৰ দল

এই এছিয়ান গেমছত ভাৰতে ৩৬টা শাখাত ৫০১জনীয়া দলেৰে প্ৰতিনিধিত্ব কৰিছে; যিটো দল এইপৰ্যন্ত আটাইতকৈ ডাঙৰ দল হিচাপে চিহ্নিত হৈছে। ৩০০ৰো অধিক খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত অংশ লৈছিল।

এছিয়ান গেমছলৈ যাত্ৰাৰ পূৰ্বে ভাৰতৰ প্ৰতিনিধি দলটোক শুভেচ্ছা যাচি ৮ ছেপ্টেম্বৰ ২০২৬ত নতুন দিল্লীত এক বিশাল অনুষ্ঠান অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ  মাণ্ডৱীয়া, ইণ্ডিয়ান অলিম্পিক এছ’চিয়েছনৰ সভাপতি ড° পি  টি  উষা আৰু শ্বেফ ডি মিছন সহদেৱ যাদৱে সেই অনুষ্ঠানত অংশ লৈ খেলুৱৈসকলক শুভেচ্ছা প্ৰদান কৰিছিল।

এছিয়ান গেমছ ২০২৬ৰ পূৰ্বে আই.অ’.এ.-ৰ সভাপতি ড০ পি টি উষা (সোঁফালে) আৰু সম্পাদক (ক্ৰীড়া) হৰি ৰঞ্জন ৰাও (বাওঁফালে)ৰ সৈতে ড০ মাণ্ডভিয়াই (কেন্দ্ৰ) অফিচিয়েল কন্টিজেণ্ট জাৰ্চি উন্মোচন কৰে।

ছবিৰ উৎস: যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

১৯ ছেপ্টেম্বৰত এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত দুবাৰৰ অলিম্পিক পদক বিজয়ী মনু ভাকেৰ আৰু কাবাডী খেলুৱৈ পৱন ছেহৰাৱটে ভাৰতৰ পেৰেডৰ নেতৃত্ব দিছিল।

আই.চি.-নাগোয়া ২০২৬-ত ভাৰতৰ স্বৰ্ণ জয়

সদ্যসমাপ্ত ২০২৬ চনৰ এছিয়ান গেমছত ভাৰতে ২১টা সোণৰ পদক অৰ্জন কৰি এক শক্তিশালী আৰু উল্লেখনীয় প্ৰদৰ্শনেৰে অভিযান সামৰে। নিখুঁততা-ভিত্তিক ক্ৰীড়া আৰু দলীয় ক্ৰীড়াত ভাৰতীয় খেলুৱৈসকলৰ উজ্জ্বল প্ৰদৰ্শনে দেশখনৰ পদক অভিযানক বিশেষভাৱে সফল কৰি তোলে।

সোণৰ পদকৰ তালিকাত ৫টা খিতাপ অৰ্জন কৰি আৰ্চাৰীত শীৰ্ষস্থান দখল কৰে। শ্বুটিং আৰু বক্সিঙতো ভাৰতে ৩টাকৈ সোণৰ পদক লাভ কৰে।

দলীয় ক্ৰীড়াত ভাৰতে ক্ৰিকেট, হকী আৰু কাবাডীত দৰ্শনীয় সাফল্য লাভ কৰি প্ৰতিটো ক্ৰীড়াতে ২টাকৈ সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ ক্ৰিকেট দলটোৱে ফাইনেলত পাকিস্তানক ১৯ ৰানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। আনহাতে, পুৰুষৰ হকী দলে ফাইনেলত মালয়েছিয়াক ৫-১ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি নিজৰ মহাদেশীয় খিতাপ অক্ষুণ্ণ ৰাখে।

কাবাডীতো ভাৰতৰ আধিপত্য অব্যাহত থাকে। পুৰুষ আৰু মহিলা—দুয়োটা শাখাতে ভাৰতীয় দলে সোণৰ পদক জয় কৰি দুটাকৈ খিতাপ দেশৰ নামত কৰে।

ইয়াৰ উপৰি মল্লযুঁজত ২টা, এথলেটিকছত ১টা আৰু গলফত ১টা সোণৰ পদকে ভাৰতৰ সোণৰ পদকৰ সংখ্যা ২১লৈ উন্নীত কৰে। এই সাফল্যই এছিয়াৰ ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি, গভীৰতা আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভাৰ এক স্পষ্ট প্ৰতিফলন দাঙি ধৰে।

এছিয়ান গেমছ ২০২৬ত ভাৰতৰ পদকৰ সংখ্যা

ক্ৰীড়া-ভিত্তিক ব্ৰেকডাউন

ক্ৰীড়া

সোণ

ৰূপ

ব্ৰঞ্জৰ পদক

মুঠ

এথলেটিকছ

১

৯

১৪

২৪

শ্বুটিং

৩

৮

৪

১৫

ধনুৰ্বিদ্যা

৫

২

২

৯

বক্সিং

৩

০

৩

৬

মল্লযুঁজ

২

২

২

৬

স্কোয়াচ

০

২

৩

৫

জল যাত্ৰা

০

১

২

৩

ক্ৰিকেট

২

০

০

২

হকী

২

০

০

২

কাবাডী

২

০

০

২

গলফ

১

১

০

২

ভাৰোত্তোলন

০

১

০

১

ৱুছু

০

১

০

১

বেডমিণ্টন

০

০

১

১

কুৰাছ

০

০

১

১

মিক্সড মাৰ্শ্বেল আৰ্টছ

০

০

১

১

নাওঁ চলোৱা

০

০

১

১

ছেপক টাক্ৰাউ

০

০

১

১

কোমল টেনিছ

০

০

১

১

টেবুল টেনিছ

০

০

১

১

মুঠ

২১

২৭

৩৭

৮৫

  

এছিয়ান পেৰা গেমছ ২০২৬ত ভাৰত

১৮-২৪ অক্টোবৰলৈ হ'বলগীয়া এছিয়ান পেৰা গেমছত এছিয়াৰ ৪৫খন দেশৰ প্ৰায় ৩০০০ খেলুৱৈয়ে ১৮ বিধ ক্ৰীড়াত অংশ ল'ব। ভাৰতে পেৰা অলিম্পিক কমিটি অৱ ইণ্ডিয়াৰ জৰিয়তে অংশ ল'ব। এই ক্ষেত্ৰত ভাৰতৰ এয়া পঞ্চম অংশগ্ৰহণ হ'ব। ইয়াৰ পূৰ্বে হাংঝৌ ২০২২ত ভাৰতে ১১১টা পদক (২৯টা সোণ) লাভ কৰিছিল, তাৰে ৪০টা মহিলা খেলুৱৈয়ে লাভ কৰিছিল।

ভাৰতৰ তৃণমূলৰ পৰা বিশ্ব মঞ্চলৈ - নীতিৰ সহায়

খেলো ভাৰত নীতি

চৰকাৰে ২০২৫ চনৰ ১ জুলাইত ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি মুকলি কৰে। ইয়াৰ উদ্দেশ্য হৈছে এক শক্তিশালী, অন্তৰ্ভুক্তিমূলক আৰু প্ৰদৰ্শনমুখী ক্ৰীড়া ব্যৱস্থা গঢ়ি তোলা। ই গাঁও-চহৰৰ মাজত থকা প্ৰশিক্ষণজনিত ব্যৱধান কমোৱাত গুৰুত্ব দিয়ে, সকলো লোকৰে অংশগ্ৰহণৰ ওপৰত জোৰ দিয়ে। ইয়াৰ প্ৰধান লক্ষ্য হৈছে ২০৩৬ অলিম্পিক। ই ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত ক্ৰীড়াক স্কুলীয়া শিক্ষাৰ সৈতে সংযোগ কৰে। লগতে মহিলা, জনজাতীয় সম্প্ৰদায় আৰু দিব্যাংগসকলকো আগবঢ়াই নিয়াত সমৰ্থন কৰে।

অভিলেখসংখ্যক আৰ্থিক সাহাৰ্য

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত ক্ৰীড়া মন্ত্ৰালয়ক অভিলেখ ৪,৪৭৯.৮৮ কোটি টকা আবণ্টন দিয়া হৈছে, যিটো ২০১৩-১৪ত মাত্ৰ ১,২১৯ কোটি আছিল। কেবিনেটে ২০২৬-২৭ৰ পৰা ২০৩০-৩১লৈ সংশোধিত খেলো ইণ্ডিয়া আঁচনিও অনুমোদন কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ সহায়েৰে মুঠ ব্যয় ৩৬,৪৪১ কোটি টকা। কেৱল খেলো ইণ্ডিয়াই ২০২৬-২৭ৰ বাবে ৯২৪.৩৫ কোটি টকা লাভ কৰিছে। ইয়াৰ পূৰ্বে এই সংখ্যা ২০২১-২২ৰ পৰা ২০২৫-২৬লৈ ৩,৭৯০.৫০ কোটি টকা আছিল। বাজেটত ক্ৰীড়া সামগ্ৰী নিৰ্মাণৰ বাবেও ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে।

শৈশৱতে ক্ৰীড়া প্ৰতিভা বিচাৰি উলিওৱা

খেলো ইণ্ডিয়া হৈছে তৃণমূল ক্ৰীড়াৰ ফ্লেগশ্বিপ কাৰ্যসূচী। ২০২৬ৰ জুলাইলৈকে ই ১,০৬৭টা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপন কৰিছে। ৩,১৭৬ কোটি টকা মূল্যৰ ৩৪৯টা নতুন ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প অনুমোদন কৰিছে। ২,৭৪৫জন খেলো ইণ্ডিয়া খেলুৱৈক প্ৰশিক্ষণ, সঁজুলি, চিকিৎসা আৰু মাহিলী ভাট্টাৰে সহায় কৰি আহিছে। ২০১৮ৰ পৰা ৬৩,০০০ৰো অধিক খেলুৱৈয়ে খেলো ইণ্ডিয়া গেমছত অংশ লৈছে।

খেলো ইণ্ডিয়া ৰাইজিং টেলেন্ট আইডেন্টিফিকেচন (Khelo India Rising Talent Identification- KIRTI) আঁচনিয়ে ৯ৰ পৰা ১৮ বছৰৰ শিশুৰ মাজত প্ৰতিভা চিনাক্ত কৰে। ইয়াৰ ১৭৪টা প্ৰতিভা মূল্যায়ন কেন্দ্ৰই ন্যায্য, যোগ্যতা-ভিত্তিক বাছনিৰ বাবে ডাটা সঁজুলি ব্যৱহাৰ কৰে।

শীৰ্ষ খেলুৱৈক সহায়

দ্যা টাৰ্গেট অলিম্পিক প'ডিয়াম স্কীম (The Target Olympic Podium Scheme - TOPS) ভাৰতৰ শীৰ্ষ খেলুৱৈক আগবাঢ়ি যোৱাত সহায় কৰে। বিদেশত প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, প্ৰশিক্ষণ শিবিৰ আৰু বিশেষ সঁজুলিৰে সহায় কৰে। খেলুৱৈয়ে মাহে ৫০,০০০ টকা ভাট্টা পায়। জুনিয়ৰ খেলুৱৈয়ে মাহে ২৫,০০০ টকা পায়। ২০২৬ৰ এপ্ৰিললৈকে TOPS-এ ৫৫জন মূল খেলুৱৈ, ৬২ জন পেৰা মূল খেলুৱৈ আৰু ১৪০ জন উন্নয়নশীল খেলুৱৈক সমৰ্থন কৰি আছে, ইয়াৰ উপৰিও হকীত ৬৭জন কোৰ খেলুৱৈ আছে।

শিক্ষা, ফিটনেছ আৰু ন্যায়

২০১৮ত ইম্ফলত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।ফিট ইণ্ডিয়া আন্দোলনে প্ৰতিগৰাকী লোককে ফিটনেছক দৈনন্দিন জীৱনৰ অংশ কৰিবলৈ উৎসাহিত কৰে। সংসদে ২০২৫ৰ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক গৃহীত কৰে। ই ক্ৰীড়া সংস্থাক স্বীকৃতি দিবলৈ ৰাষ্ট্ৰীয় ক্ৰীড়া ব'ৰ্ড আৰু বিবাদ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ন্যায়াধিকৰণৰ ব্যৱস্থা কৰে।

আই.চি.-নাগোয়া-ৰ পৰা আগলৈ: ভাৰতৰ অলিম্পিক যাত্ৰাৰ দীঘলীয়া পথ

আই.চি.-নাগোয়া ২০২৬ৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ ৰ’ড মেপত অন্তৰ্ভূক্ত হৈ আছে লছ এঞ্জেলছ ২০২৮ অলিম্পিক৷ ৫০০ৰো অধিক খেলুৱৈৰ ভিতৰত ৩০০ৰো অধিক সংখ্যক খেলুৱৈৰ প্ৰতিনিধিত্বৰে এয়াই ভাৰতৰ প্ৰথম এছিয়ান গেমছ। এই বিশাল সংখ্যক নৱাগতৰ অংশগ্ৰহণে বৰ্তমান সময়ৰ ভাৰতীয় ক্ৰীড়াৰ গুৰুত্ব আৰু সবল স্থিতিক প্ৰতিফলিত কৰে।

চৰকাৰে দেশজুৰি ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ ৩৬,০০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে দহ বছৰীয়া পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। ২০৩৬ৰ বহু আগতেই ভাৰতক বিশ্ব ক্ৰীড়া মঞ্চত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাই ইয়াৰ লক্ষ্য।

এই এছিয়ান গেমছত আই.চি.-নাগোয়া-ত ২১টা সোণসহ ভাৰতৰ ৮৫টা পদকৰ অভিযানে দেশৰ ক্ৰীড়া যাত্ৰাত সাফল্যৰ আন এক উল্লেখযোগ্য অধ্যায় ৰচনা কৰিছে। পৰম্পৰাগত দৃঢ়তা আৰু উদ্যমৰ প্ৰদৰ্শনেৰে খেলপথাৰত শক্তিশালী উপস্থিতিৰে এই গেমছে লছ এঞ্জেলছ ২০২৮ অলিম্পিক আৰু ইয়াৰ দীৰ্ঘম্যাদী ক্ৰীড়া লক্ষ্যৰ বাবে ভাৰতৰ প্ৰস্তুতিত অধিক গতি প্ৰদান কৰিছে৷

তথ্যসূত্ৰসমূহ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

https://yas.gov.in/sites/default/files/Asian_Games_sanction_for_coaches_and_suppor_ staff.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2307999&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1972615&lang=2&reg=48&utm

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2149334&reg=48&lang=2

এছিয়ান গেমছ ২০২৬ অফিচিয়েল ৱেবছাইট

https://www.aichi-nagoya2026.org/history-of-the-games/

https://www.aichi-nagoya2026.org/official-mascot/

https://www.aichi-nagoya2026.org/games-emblem-slogan-core-graphics/

অলিম্পিক কাউন্সিল অৱ এছিয়াৰ অফিচিয়েল ৱেবছাইট

https://oca.asia/games/111-aichi-nagoya-2026.html?utm

https://oca.asia/news/7738-asia-ready-to-shine-as-aichi-nagoya-to-host-historic-20th-asian-games.html?utm

পেৰালিম্পিক ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট

https://www.paralympicindia.com/aichi-nagoya-asian-para-games-2026

আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতি

https://www.paralympic.org/news/aichi-nagoya-2026-celebrates-100-days-go-until-asian-para-games

https://www.paralympic.org/news/aichi-nagoya-host-2026-asian-para-games

জাপান চৰকাৰ

https://www.gov-online.go.jp/hlj/en/january_2026/january_2026-08.html

কনচৰ্টিয়াম ফৰ এডুকেচনেল কমিউনিকেচন

https://cec.nic.in/webpath/curriculum/Module/BPED/Paper01/9/downloads/script.pdf

নিউজ অন এ.আই.আৰ.

https://newsonair.gov.in/manu-bhaker-tajinderpal-singh-toor-named-indias-flagbearers-for-asian-games-2026/

https://newsonair.gov.in/20th-asian-games-officially-opened-at-mizuho-park-athletic-stadium-in-japan/

https://newsonair.gov.in/india-gears-up-for-2028-olympics-with-strategic-preparations-union-minister-mansukh-mandaviya/

https://newsonair.gov.in/indian-contingent-for-asian-games-2026-receives-grand-send-off-in-new-delhi/

https://newsonair.gov.in/rajya-sabha-takes-up-national-sports-governance-and-anti-doping-amendment-bills-2025/

পিআইবি বেকগ্ৰাউণ্ডাৰ

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154856&ModuleId=3&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2293849&reg=48&lang=2

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154601&ModuleId=3&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2293849&reg=48&lang=2

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154856&ModuleId=3&reg=48&lang=2

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা

SSH/RR

 

(तथ्य सामग्री आईडी: 151085) आगंतुक पटल : 2


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , हिन्दी , Urdu , Bengali , Malayalam , हिन्दी