Economy
ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব:অন্তৰ্ভুক্তিমূলক উদ্যমিতাৰ শক্তিশালীকৰণ
प्रविष्टि तिथि:
08 OCT 2026 10:25 AM
ৰাষ্ট্ৰীয় অনুসূচিত জাতি- অনুসূচিত জনজাতি হাব (National SC-ST Hub) চমুকৈ এন.এছ.এছ.এইচ. (NSSH) এ অনুসূচিত জাতি/জনজাতিৰ উদ্যোগসমূহক বিস্তৃত বজাৰৰ সুযোগ প্ৰদান কৰিবলৈ অন্তৰ্ভুক্তিমূলক উদ্যোগসমূহক বিকাশৰ দিশলৈ আগুৱাই নিছে৷ বিত্ত, প্ৰযুক্তি, প্ৰশিক্ষণ, পৰামৰ্শ আৰু বজাৰ সংযোগক সামৰি লোৱা হস্তক্ষেপৰ জৰিয়তে, এই আঁচনিয়ে উদ্যোগৰ যাত্ৰাৰ মূল বাধাসমূহ দূৰ কৰে। ৰাজহুৱা ক্ৰয়ৰ ওপৰত ইয়াৰ গুৰুত্বই অনুসূচিত জাতি/জনজাতিৰ মালিকানাধীন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক প্ৰতিষ্ঠানিক ক্ৰেতাৰ সৈতে সংযোজিত কৰে। ক্ৰমবৰ্ধমান হিতাধিকাৰীৰ পৰিসৰ, প্ৰশিক্ষণ সহায় আৰু ক্ৰয় অংশীদাৰিত্বৰ সৈতে, এন.এছ.এছ.এইচ.-এ অধিক প্ৰতিযোগিতামূলক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই.) পৰিস্থিতিতন্ত্ৰ গঢ়াত সহায় কৰি আছে।
এক অন্তৰ্ভুক্তিমূলক উদ্যোগ পৰিস্থিতি তন্ত্ৰৰ গঠন
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই.)-সমূহে এ ভাৰতৰ নগৰ আৰু গ্ৰাম্য অঞ্চলত উদ্যোগ, নিয়োগ আৰু অৰ্থনৈতিক সুযোগৰ এক গুৰুত্বপূৰ্ণ পথ প্ৰদান কৰে। এই সুযোগসমূহ অধিক অন্তৰ্ভুক্তিমূলক কৰিবলৈ সাধাৰণতে কম প্ৰতিনিধিত্ব থকা সম্প্ৰদায়ৰ উদ্যোগীসকলক অংশগ্ৰহণ, প্ৰতিযোগিতা আৰু বৃদ্ধিৰ বাবে সক্ষম কৰাটো প্ৰয়োজনীয় ৷ এই প্ৰেক্ষাপটত, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ মাজত উদ্যোগৰ মালিকানাক প্ৰসাৰিত কৰাটো এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ। বিত্ত, দক্ষতা, প্ৰযুক্তি আৰু বজাৰৰ অধিক প্ৰসাৰে ভাৰতৰ এম.এছ.এম.ই. পৰিস্থিতি তন্ত্ৰত তেওঁলোকৰ অংশগ্ৰহণ ব্যাপক কৰাত সহায় কৰিব পাৰে।
ৰাষ্ট্ৰীয় SC-ST হাব: উদ্যোগৰ বৃদ্ধিক গতিশীল কৰা
২০১৬ চনৰ ১৮ অক্টোবৰত মুকলি কৰা ৰাষ্ট্ৰীয় অনুসূচিত জাতি- অনুসূচিত জনজাতি হাব (এন.এছ.এছ.এইচ.) আঁচনিয়ে তেওঁলোকৰ বৃদ্ধি যাত্ৰাৰ বিভিন্ন পৰ্যায়ত উদ্যোগসমূহক কেন্দ্ৰীভূত সহায় প্ৰদান কৰে। ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম (National Small Industries Corporation) চমুকৈ এন.এছ.আই.চি. (NSIC)-ৰ জৰিয়তে ৰূপায়িত এই আঁচনিয়ে অনুসূচিত জাতি/অনুসূচিত জনজাতি মালিকানাধীন উদ্যোগসমূহে সন্মুখীন হোৱা বাধাসমূহ দূৰ কৰাত সহায় কৰে আৰু ৰাজহুৱা ক্ৰয়ত তেওঁলোকৰ অংশগ্ৰহণত সহায় আগবঢ়ায়।
এন.এছ.এছ.এইচ.-ৰ অধীনত উদ্যোগ উন্নয়ন পদক্ষেপসমূহৰ ভিতৰত প্ৰশিক্ষণ, পৰামৰ্শ, ব্যৱসায় উন্নয়ন, নেটৱৰ্কিং আৰু জ্ঞান সমৰ্থন অন্তৰ্ভুক্ত। সমান্তৰালকৈ, এই হস্তক্ষেপসমূহে উদ্যোগীসকলক ব্যৱসায়িক ক্ষমতা উন্নত কৰাত, নতুন সুযোগ লাভ কৰাত আৰু অধিক প্ৰতিযোগিতামূলক উদ্যোগ গঢ়াত সহায় কৰে।

অন্তৰ্ভূক্তিকৰণৰ পৰিসৰ সম্প্ৰসাৰণ আৰু গভীৰ কৰা
এন.এছ.এছ.এইচ.-ৰ প্ৰভাৱ কেৱল সমৰ্থিত উদ্যোগীৰ সংখ্যাতে নহয়, বজাৰত তেওঁলোকৰ বৰ্ধিত অংশগ্ৰহণতো প্ৰতিফলিত হয়। উদ্যোগী সহায়ক ক্ৰয়ৰ সুযোগৰ সৈতে সংযোগ কৰি, এই আঁচনিয়ে অনুসূচিত জাতি/অনুসূচিত জনজাতি মালিকানাধীন ব্যৱসায়সমূহক তেওঁলোকৰ ক্ষমতা উন্নত কৰাত, বজাৰত উপস্থিতি সম্প্ৰসাৰণ কৰাত আৰু বহনক্ষম বৃদ্ধিৰ প্ৰক্ৰিয়াত সমৰ্থন আগবঢ়াই আহিছে ৷
এন.এছ.এছ.এইচ.-এ আৰম্ভণিৰে পৰা ১,৯০,৪১৪ জন হিতাধিকাৰীক সহায় কৰিছে ৷ ৩১ জুলাই, ২০২৬ লৈকে ৫৪,৪৯৯ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিছে। ই অনুসূচিত জাতি/অনুসূচিত জনজাতি মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগ (Micro and Small Enterprises) চমুকৈ এম.এছ.ই. (MSE) -ৰ পৰা ক্ৰয়ৰ উল্লেখযোগ্য সম্প্ৰসাৰণতো অৰিহণা যোগাইছে, যি ২০১৫-১৬ চনত ৯৯.৩৭ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ৪,০১৩.৪২ কোটি টকালৈ প্ৰায় ৩৯ গুণ বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু আৰু অসম এন.এছ.এছ.এইচ.-ৰ অধীনত পাঁচখন আগশাৰীৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে।
২০২৫-২৬ সময়ছোৱাত:
- ১২,৫২৪ টা এম.এছ.ই.-ৰ পৰা ৪০১৩.৪২ কোটি টকাৰ ক্ৰয় ৰেকৰ্ড কৰা হৈছে
- ২৪ খন আকাংক্ষিত জিলাকে ধৰি ২৭ খন ৰাজ্যৰ ৪৭ টা প্ৰতিষ্ঠানৰ জৰিয়তে ১০,৭১৭ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে
- প্ৰশিক্ষিত প্ৰাৰ্থীৰ ৫৫% মহিলা

প্ৰশিক্ষণ কাৰ্যসূচীসমূহ ৰাজহুৱা ক্ৰয় আৰু জি.ই.এম. (GeM)-ৰ সুযোগৰ সৈতে সংগতি ৰাখি ইয়াৰ বজাৰ প্ৰাসংগিকতা উন্নত কৰা হৈছিল। মূল ক্ষেত্ৰসমূহৰ ভিতৰত আছিল কেণ্টিন ব্যৱস্থাপনা আৰু খাদ্য উৎপাদন, ৱেল্ডিং আৰু কম্পিউটাৰ-এইডেড ডিজাইন (চি.এ.ডি.)/কম্পিউটাৰ-এইডেড মেনুফেকচাৰিং (চি.এ.এম.), লণ্ড্ৰী সেৱা, ফেশ্বন ডিজাইনিং আৰু ট্ৰেইলাৰিং আৰু বাঁহ-ভিত্তিক কাম।
বৃদ্ধিৰ যাত্ৰাত উদ্যোগসমূহক সহায়
এন.এছ.এছ.এইচ.-এ উদ্যোগৰ বৃদ্ধিৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণৰ বাবে একাধিক পদক্ষেপ সামৰি লৈছে৷
বিশেষ ঋণ সংযুক্ত মূলধনী ৰাজসাহায্য আঁচনি Special Credit Linked Capital Subsidy Scheme (SCLCSS)
বিশেষ ঋণ সংযুক্ত মূলধনী ৰাজসাহায্য আঁচনি (Special Credit Linked Capital Subsidy Scheme) চমুকৈ এছ.চি.এল.চি.এছ.এছ. (SCLCSS)-এ নতুন আৰু বিদ্যমান অনুসূচিত জাতি/অনুসূচিত জনজাতি মালিকানাধীন এম.এছ.ই.-সমূহক প্লাণ্ট, মেচিনেৰী আৰু সঁজুলিত বিনিয়োগৰ জৰিয়তে ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ই প্ৰতিষ্ঠানিক ঋণৰ জৰিয়তে বিত্তীয় সাহায্য প্ৰাপ্ত ক্ৰয়ৰ বাবে ২৫% মূলধন ৰাজসাহায্য প্ৰদান কৰে, যাৰ সৰ্বোচ্চ সীমা ২৫ লাখ টকা। এই আঁচনিয়ে সামগ্ৰী/খণ্ড-নিৰ্দিষ্ট নিষেধাজ্ঞা অবিহনে উৎপাদন আৰু সেৱা উদ্যোগ উভয়কে সামৰি লয়।
আৰম্ভণিৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে অগ্ৰগতি:
- ৩,১৬০ টা এম.এছ.ই.-এ সহায় লাভ কৰিছে, যাৰ পৰিমাণ ৩৫৬.১০ কোটি টকা
- ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৩৩ খন জিলালৈ সম্প্ৰসাৰন
একক বিন্দু পঞ্জীয়ন আঁচনি
একক বিন্দু পঞ্জীয়ন আঁচনি (Single Point Registration Scheme - SPRS)-এ এম.এছ.ই.-সমূহক এন.এছ.আই.চি.-ৰ সৈতে পঞ্জীয়নৰ জৰিয়তে চৰকাৰী ক্ৰয়ৰ সুযোগ লাভ কৰাত সহায় কৰে। পঞ্জীয়নভুক্ত এম.এছ.ই.-সমূহে বিনামূলীয়া টেণ্ডাৰ ছেট আৰু আৰ্নেষ্ট মানি ডিপ'জিট (ই.এম.ডি.) পৰিশোধৰ পৰা ৰেহাইৰ লগতে অন্যান্য ক্ৰয় সুবিধা লাভ কৰে।
ৰাজহুৱা ক্ৰয় নীতিৰ অধীনত, কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (Central Public Sector Enterprises) চমুকৈ চি.পি.এছ.চি. (CPSE )-সমূহে তেওঁলোকৰ বাৰ্ষিক ক্ৰয়ৰ ২৫% এম.এছ.ই.-ৰ পৰা ক্ৰয় কৰিব লাগিব ৷ মুঠ ক্ৰয়ৰ ৪% অনুসূচিত জাতি/অনুসূচিত জনজাতি মালিকানাধীন এম.এছ.ই.-ৰ বাবে সংৰক্ষিত।
বিশেষ বিপণন সহায়তা আঁচনি (SMAS)
বিশেষ বিপণন সহায়তা আঁচনি (Special Marketing Assistance Scheme) চমুকৈ এছ.এম.এ.এছ. (SMAS)-এ অনুসূচিত জাতি/অনুসূচিত জনজাতি উদ্যোগসমূহক প্ৰদৰ্শনী, বাণিজ্য মেলা, ভেণ্ডৰ কাৰ্যসূচী, কৰ্মশালা আৰু সজাগতা অভিযানৰ জৰিয়তে সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰতিযোগিতা উন্নীত কৰাত সহায় কৰে। পঞ্জীয়নভুক্ত উদ্যোগসমূহে প্ৰতিটো বিত্তীয় বৰ্ষত চাৰিটা ঘৰুৱা আৰু দুটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে।
আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ সহায়তা মাইক্ৰ' উদ্যোগৰ বাবে ৩ লাখ টকা, সৰু উদ্যোগৰ বাবে ২.৫ লাখ টকা আৰু মজলীয়া উদ্যোগৰ বাবে ১.৫ লাখ টকালৈকে আগবঢ়োৱা হয়। উদ্যোগসমূহ উদ্যম পঞ্জীয়ন পৰ্টেল আৰু এম.এছ.এম.ই. ডাটা বেংকত পঞ্জীয়নভুক্ত হ'ব লাগিব।
২০২৫-২৬ ৰ সময়ছোৱাত অগ্ৰগতি:
- ১৪১ টা অনুসূচিত জাতি/অনুসূচিত জনজাতি এম.এছ.ই.-ক ৪টা ঘৰুৱা প্ৰদৰ্শনীত অংশগ্ৰহণৰ বাবে সহায় কৰা হৈছিল
- চি.পি.এছ.চি.-ৰ সৈতে ২৪৭ টা বিশেষ ভেণ্ডৰ উন্নয়ন কাৰ্যসূচী আয়োজন কৰা হৈছিল
- ১৯৭ টা ই-টেণ্ডাৰিং কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল
- চি.পি.এছ.চি. আৰু চৰকাৰী বিভাগৰ সৈতে ২৩০ টা সজাগতা কৰ্মশালা আয়োজন কৰা হৈছিল
বেংক ঋণ প্ৰক্ৰিয়াকৰণ পৰিশোধ আঁচনি
অনুসূচিত জাতি/অনুসূচিত জনজাতি এম.এছ.ই.-ৰ বাবে ঋণৰ খৰচ হ্ৰাস কৰিবলৈ ডিজাইন কৰা এই সহায়তাই ঋণ প্ৰচেছিং মাচুলৰ ৮০% বা ১ লাখ টকা কৰ প্ৰযোজ্য নোহোৱাকৈ পৰিশোধ কৰে। এটা বিত্তীয় বৰ্ষত ঋণ বিতৰণৰ পাছত একাধিকবাৰ তাৰ সুবিধা দাবী কৰিব পাৰি ৷ এই প্ৰক্ৰিয়াত অনুসূচিত বাণিজ্যিক বেংক, অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহ (Non-Banking Financial Companies) চমুকৈ এন.বি.এফ.চি. (NBFC)-সমূহ আৰু ৰাজ্যিক বিত্তীয় নিগমৰ পৰা লোৱা ঋণ সামৰি লোৱা হয়।
বেংক গেৰাণ্টি মাচুল পৰিশোধ আঁচনি
কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ টেণ্ডাৰত অংশগ্ৰহণৰ খৰচ সহজ কৰিবলৈ, অনুসূচিত জাতি/অনুসূচিত জনজাতি এম.এছ.ই.-সমূহে পাৰফৰমেন্স বেংক গেৰাণ্টি মাচুলৰ পৰিশোধ দাবী কৰিব পাৰে। এই সহায়তাই যোগ্য মাচুলৰ ৮০% বা ১ লাখ টকা কৰ প্ৰযোজ্য নোহোৱাকৈ সামৰি লয়।
পৰীক্ষণ মাচুল পৰিশোধ আঁচনি
এই আঁচনিয়ে অনুসূচিত জাতি/অনুসূচিত জনজাতি এম.এছ.ই.-সমূহক ভাৰতীয় মানক ব্যুৰোৰ দ্বাৰা দিয়া সামগ্ৰী পৰীক্ষা, অনুজ্ঞাপত্ৰ আৰু প্ৰমাণপত্ৰৰ সৈতে জড়িত খৰচ হ্ৰাস কৰাত সহায় কৰে। ই এটা বিত্তীয় বৰ্ষত যোগ্য পৰীক্ষণ মাচুলৰ ৮০% বা ১ লাখ টকা, কৰ প্ৰযোজ্য নোহোৱাকৈ পৰিশোধ কৰে।
এইক্ষেত্ৰত পৰীক্ষা এন.এ.বি.এল./বি.আই.এছ. -অনুমোদিত, চৰকাৰী বা ৰাজহুৱা খণ্ডৰ উদ্যোগ (পি.এছ.ইউ.)পৰীক্ষাগাৰৰ জৰিয়তে কৰাটো জৰুৰী ৷
ৰপ্তানি প্ৰচাৰ পৰিষদৰ সদস্যপদ পৰিশোধ আঁচনি
ৰপ্তানি নেটৱৰ্কৰ অন্তৰ্ভূক্তি সহজ কৰিবলৈ, অনুসূচিত জাতি/অনুসূচিত জনজাতি এম.এছ.ই.-সমূহে ৰপ্তানি প্ৰচাৰ পৰিষদৰ সদস্যপদৰ বাবে সহায় লাভ কৰে। পৰিশোধযোগ্য সদস্যপদ মাচুলৰ ৮০% বা প্ৰতি বিত্তীয় বৰ্ষত ২০,০০০ টকা; কৰ প্ৰযোজ্য নোহোৱাকৈ সামৰি লয়। ইয়াত বাৰ্ষিক সদস্যপদ মাচুল, এবাৰৰ চাবস্ক্ৰিপচন মাচুল আৰু প্ৰৱেশ মাচুলো অন্তৰ্ভুক্তহৈ থাকে। আবেদনকাৰীৰ বৈধ আমদানি ৰপ্তানি ক'ড (আই.ই.চি.) আৰু পঞ্জীয়ন-সহ-সদস্যপদ প্ৰমাণপত্ৰ (আৰ.চি.এম.চি.) থাকিব লাগিব।
ক্ষমতা বৃদ্ধি ব্যৱস্থাপনা মাচুল পৰিশোধ আঁচনি
নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কৰ অধীনত চিনাক্ত কৰা শীৰ্ষ ৫০ টা ব্যৱস্থাপনা প্ৰতিষ্ঠানত হ্ৰস্বম্যাদী প্ৰশিক্ষণৰ জৰিয়তে পৰিচালনা আৰু ব্যৱসায়িক দক্ষতাক সমৰ্থন কৰা হয়। অনুসূচিত জাতি/অনুসূচিত জনজাতি উদ্যমী আৰু তেওঁলোকৰ সন্তানে ১-৩০ দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে, বছৰি দুটা পাঠ্যক্ৰমলৈকে সমৰ্থন লাভ কৰে। অংশগ্ৰহণকাৰীসকলে প্ৰতি বিত্তীয় বৰ্ষত পাঠ্যক্ৰম মাচুলৰ ৯০% বা ১ লাখ টকা লাভ কৰিব পাৰে।
চৰকাৰ-প্ৰচাৰিত ই-কমাৰ্চ পৰ্টেলৰ সদস্যপদ মাচুল
এই উপাদানটোৱে অনুসূচিত জাতি/অনুসূচিত জনজাতি এম.এছ.ই.-সমূহক চৰকাৰ-প্ৰচাৰিত ই-কমাৰ্চ পৰ্টেলৰ জৰিয়তে ডিজিটেল বজাৰৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণত সহায় কৰে। ইয়াৰ ভিতৰত জি.ই.এম. (GeM), ই-খাদী (e-Khadi), ট্ৰাইফেড (TRIFED), ট্ৰাইবছ ইণ্ডিয়া (Tribes India) আৰু এম.এছ.এম.ই. মাৰ্ট (MSME Mart) অন্তৰ্ভুক্ত। ই সদস্যপদ মাচুলৰ ৮০% বা প্ৰতি বিত্তীয় বৰ্ষত ২৫,০০০ টকা, কৰ প্ৰযোজ্য নোহোৱাকৈ পৰিশোধ কৰে।
এই সমন্বিত পদ্ধতিয়ে উদ্যোগসমূহক সম্ভাৱ্য যোগানকাৰীৰ পৰা প্ৰতিষ্ঠানিক আৰু চৰকাৰী বজাৰত প্ৰতিযোগিতামূলক অংশগ্ৰহণকাৰীৰ কাষ চপাত সহায় কৰে।
সমৰ্থনৰ পৰা বজাৰৰ সফলতালৈ
বিত্তীয় আৰু বজাৰ-সম্পৰ্কীয় সহায়তাৰ বাহিৰেও, এন.এছ.এছ.এইচ.-এ উদ্যোগসমূহক ব্যৱসায়িক সহায়ক শক্তিশালী বাণিজ্যিক ফলাফললৈ ৰূপান্তৰিত কৰাত সহায় কৰে। বিজনেছ এক্সিলেৰেটৰ প্ৰ'গ্ৰেম (বি.এ.পি.)-এ ব্যৱসায়িক কৌশল, মূল্য নিৰ্ধাৰণ, পৰিচালনা দক্ষতা আৰু বজাৰ স্থিতিৰ ক্ষেত্ৰত গাঁথনিগত পৰামৰ্শ আৰু উদ্যোগৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।
এই কাৰ্যসূচীয়ে উদ্যোগীসকলক গাঁথনিগত, তথ্য-চালিত পদ্ধতি গ্ৰহণ কৰাত আৰু তেওঁলোকৰ ব্যৱসায়ক বজাৰৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰখাত সহায় কৰে। ই তেওঁলোকৰ প্ৰতিযোগিতা শক্তিশালী কৰে আৰু বৃহৎ সুযোগ মুকলি কৰে, বিশেষকৈ চৰকাৰী ক্ৰয়ত।
সফলতাৰ কাহিনী (বি.এ.পি.)
অনুপালন-চালিত বজাৰত প্ৰাসংগিকতা সৃষ্টি - মেছাৰ্ছ ছেফটি এণ্ড ছিকিউৰিটি ইঞ্জিনিয়াৰিং, পশ্চিমবংগ
শ্ৰী দেবাশিস মণ্ডলে মূল্য নিৰ্ধাৰণ, খৰচ ব্যৱস্থাপনা আৰু বজাৰ স্থিতি শক্তিশালী কৰে। এই সহায়তাই চৰকাৰী ক্ৰয়ত তেওঁৰ উদ্যোগৰ প্ৰতিযোগিতা উন্নত কৰে। ইয়াৰ পিছত পাৱাৰ গ্ৰীড কৰ্পৰেশ্বন অৱ ইণ্ডিয়া লিমিটেডৰ পৰা ৮.৪৮ লাখ টকাৰ টেণ্ডাৰ লাভ কৰে।
স্বচ্ছ শক্তিৰ সম্প্ৰসাৰণ - মেছাৰ্ছ ৰেনাৰ্জি ছলিউচন প্ৰাইভেট লিমিটেড, অসম
শ্ৰী ভাৰ্গৱ দেউৰীয়ে তেওঁৰ নবীকৰণযোগ্য শক্তি উদ্যোগৰ বাবে ব্যৱসায়িক প্ৰক্ৰিয়া, কৌশলগত দিশ আৰু বজাৰ স্থিতি শক্তিশালী কৰে। এই কাৰ্যসূচীয়ে ক্ৰয় প্লেটফৰ্মৰ সৈতে তেওঁৰ উদ্যোগৰ সম্পৰ্ক আৰু চৰকাৰী টেণ্ডাৰৰ বাবে প্ৰস্তুতি উন্নত কৰে। ইয়াৰ ফলত উদ্যোগটোৱে ৰাজহুৱা ক্ৰয়ৰ সুযোগসমূহ ভালদৰে ব্যৱহাৰ কৰিবলৈ আৰু নবীকৰণযোগ্য শক্তি খণ্ডত ইয়াৰ উপস্থিতি সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হয়।
নিৰ্ভুলতাৰে গতি শক্তিশালী কৰা - সাৱালাৰাম এণ্টাৰপ্ৰাইজেছ, মহাৰাষ্ট্ৰ
শ্ৰী সুনীল পোপাটৰাও জগতাপে তেওঁৰ ব্যৱসায়িক কৌশল আৰু চৰকাৰী ক্ৰয়ৰ বুজাবুজি শক্তিশালী কৰে। এই ধাৰণাৰ প্ৰয়োগ কৰি, সাৱালাৰাম এণ্টাৰপ্ৰাইজেছ-এ হাইড্ৰলিক চিলিণ্ডাৰৰ বাবে ৫.১০ লাখ টকাৰ এছ.এ.আই.এল. (SAIL) নিবিদা লাভ কৰে। এই সুযোগে ব্যৱসায়িক প্ৰদৰ্শন শক্তিশালী কৰে আৰু উদ্যোগটোৰ বজাৰ উপস্থিতি সম্প্ৰসাৰণ কৰে।
উদ্যোগক শক্তিশালী কৰা, অন্তৰ্ভুক্তি আগুৱাই নিয়া
ৰাষ্ট্ৰীয় অনুসূচিত জাতি/অনুসূচিত জনজাতি হাবে অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ উদ্যোগীসকলৰ বাবে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিত অধিক অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণৰ সুযোগক ব্যাপক কৰি আছে। ইয়াৰ হস্তক্ষেপে ব্যৱসায়সমূহক দক্ষতা গঢ়িবলৈ আৰু বৃহৎ বজাৰৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে। এই অগ্ৰগতিয়ে ৰাজহুৱা ক্ৰয়ত অধিক অংশগ্ৰহণ সক্ষম কৰিছে আৰু নিয়োগ তথা উদ্যোগ বৃদ্ধিৰ বাবে পথ সৃষ্টি কৰিছে। ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত হোৱাৰ লগে লগে, এন.এছ.এছ.এইচ.-এ অধিক অন্তৰ্ভুক্তিমূলক, বৈচিত্ৰময় আৰু প্ৰতিযোগিতামূলক এম.এছ.এম.ই. পৰিস্থিতি তন্ত্ৰত অৰিহণা যোগাই আহিছে।
তথ্যসূত্ৰসমূহ
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়
https://www.scsthub.in/sites/default/files/NSSH-Annual-Report-2025-26-1.pdf
https://www.scsthub.in/membership-nsic-b2b-portal
https://www.scsthub.in/content/nssh-dashboard
https://msme1connect.up.gov.in/GovernmentScheme/GovernmentScheme638740909894501747.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2280604®=48&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2290460®=48&lang=2
ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম
https://www.nsic.co.in/Schemes/NSSH
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা/SSH/RR
(तथ्य सामग्री आईडी: 151110)
आगंतुक पटल : 5
Provide suggestions / comments