Social Welfare
কৰ্কটৰ সস্তীয়া ঔষধ: ৰোগীৰ বাবে নতুন মাৰ্জিনৰ গুৰুত্ব
प्रविष्टि तिथि:
06 NOV 2026 14:12 PM
১৩৭ বিধ কৰ্কট প্ৰতিৰোধী ঔষধৰ বাণিজ্যিক মাৰ্জিন সৰ্বোচ্চ খুচুৰা মূল্যৰ (এম.আৰ.পি.) ৩০% নিৰ্দ্ধাৰিত কৰা হৈছে
প্ৰতিটো পৰিয়ালৰ বাবে কম মূল্যৰ, উন্নত মানৰ কৰ্কট ৰোগৰ চিকিৎসাক ভাৰত চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ২০২৬ চনৰ ১৭ অক্টোবৰত, ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (এন.পি.পি.এ.) পেটেণ্ট থকা ঔষধকে ধৰি ১৩৭ বিধ অ-তালিকাভুক্ত কৰ্কট প্ৰতিৰোধী ঔষধৰ বাণিজ্যিক মাৰ্জিন সৰ্বোচ্চ খুচুৰা মূল্যৰ (এম.আৰ.পি.) ৩০% ত বান্ধি দিছে। নতুন মূল্য ৯ নৱেম্বৰ ২০২৬ৰ পৰা কাৰ্যকৰী হ'ব। ৪ নৱেম্বৰ ২০২৬ লৈকে, ৭০ টা কোম্পানীয়ে ১২০ বিধ ঔষধৰ সংশোধিত এম.আৰ.পি.ৰ তথ্য প্ৰকাশ কৰিছে, য'ত সৰ্বোচ্চ হ্ৰাস ৯৬.৪৫% আৰু আনুমানিক সঞ্চয় ৩,৩৫৭.৪৯ কোটি টকা। এম.আৰ.পি. হ্ৰাস গড়ে ২০% ৰ পৰা ৭০%।
গড়ে ২০% ৰ পৰা ৭০% লৈ হ্ৰাস কৰ্কট ৰোগৰ ঔষধৰ মূল্য
খুচুৰা বিক্ৰী ক্ষেত্ৰ আৰু হাস্পতালৰ ফাৰ্মাচীত ঔষধ যোগান শৃংখলাত মাত্ৰাধিক লাভ লোৱাটো চৰকাৰে বন্ধ কৰি দিছে, যাতে ভাৰতত কৰ্কট চিকিৎসা অধিক সস্তীয়া হয়।
- কোম্পানীসমূহে প্ৰকাশ কৰিছে যে কৰ্কটৰ ঔষধত গড়ে ২০% ৰ পৰা ৭০% এম.আৰ.পি. হ্ৰাস হৈছে। সৰ্বোচ্চ হ্ৰাস ৯৬.৪৫% বুলি জনোৱা হৈছে (৪ নৱেম্বৰ ২০২৬ লৈকে)।
- এই এম.আৰ.পি. হ্ৰাসৰ বাবে, আনুমানিক সঞ্চয় ৩,৩৫৭.৪৯ কোটি টকা হৈছে (৪ নৱেম্বৰ ২০২৬ লৈকে)। এই হিচাপটো হ'ল এপ্ৰিল ২০২৫ ৰ পৰা মাৰ্চ ২০২৬ লৈকে বিক্ৰী হোৱা পৰিমাণৰ ওপৰত নিৰ্দ্ধাৰিত পুৰণি আৰু নতুন মূল্যৰ পাৰ্থক্য ৷
- ৰাজ্য কৰ্তৃপক্ষ, ৰোগী আৰু নাগৰিক সমাজে কৰ্কটৰ ঔষধ কিনা মূল্য আৰু সৰ্বোচ্চ খুচুৰা মূল্যৰ (এম.আৰ.পি.) মাজৰ পাৰ্থক্যৰ বিষয়ে উত্থাপন কৰা সমস্যাৰ সমাধান হিচাপে এই সীমা নিৰ্দ্ধাৰন কৰি দিয়া হৈছে।
- গ্ৰাহকে এন.পি.পি.এ. ৱেবছাইট আৰু চৰকাৰী ফাৰ্মা চহী দাম মোবাইল এপ - এই দুয়োটাৰে সহায়ত অনলাইনযোগে মূল্য পৰীক্ষা কৰিব পাৰে।
- নতুনকৈ নিৰ্দ্ধাৰন কৰা মূল্যসমূহ মাৰ্চ ২০২৬ ৰ বিতৰক মূল্যৰ পৰা উলিওৱা হৈছে।
বাণিজ্যিক মাৰ্জিন (ট্ৰেড মাৰ্জিন) কি?
বাণিজ্যিক মাৰ্জিন হ'ল নিৰ্মাতাই জি.এছ.টি. বাদ দি ষ্টকিষ্ট / বিতৰকক দিয়া মূল্য আৰু ৰোগীয়ে দিয়া সৰ্বোচ্চ মূল্য (এম.আৰ.পি.)-ৰ মাজৰ পাৰ্থক্য ৷ যেতিয়া এই বাণিজ্যিক মাৰ্জিন বহুত বেছি হয়, তেতিয়া যোগান শৃংখলাত অধিক লাভ যোগ হয়। ইয়াৰ ফলত ৰোগীৰ বাবে ঔষধৰ চূড়ান্ত মূল্য যথেষ্ট বাঢ়ি যায়, আৰু পূৰ্বেই কৰ্কট ঔষধ নিৰ্মাতাই বিক্ৰী কৰা অধিক মূল্যতকৈও বহুত বেছি দামী হৈ পৰে ঔষধসমূহ।

এই আদেশটোৱে প্ৰতিটো ঔষধৰ নতুন সৰ্বোচ্চ খুচুৰা মূল্য মাৰ্চ ২০২৬ ৰ গড় বিতৰক মূল্যৰ পৰা নিৰ্ধাৰণ কৰে। সেই মূল্যৰ ভিতৰত বাণিজ্যিক মাৰ্জিন ৩০% তকৈ বেছি হ'ব নোৱাৰে, আৰু তাৰ ওপৰত জি.এছ.টি. যোগ হ'ব।

ঔষধৰ মূল্য কেনেকৈ নিয়ন্ত্ৰণ কৰা হয়
- ৰোগীৰ বাবে অতি প্ৰয়োজনীয় জীৱন ৰক্ষাকাৰী ঔষধ অধিক সস্তীয়া কৰিবলৈ, চৰকাৰে ঔষধ (মূল্য নিয়ন্ত্ৰণ) আদেশ (ডি.পি.চি.অ’.) ২০১৩ ৰ অধীনত ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰে।
- এই আদেশ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত অন্তৰ্ভূক্ত, যাৰ উদ্দেশ্য হৈছে ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰা, অত্যধিক লাভ লোৱা বন্ধ কৰা আৰু অতি প্ৰয়োজনীয় চিকিৎসা সস্তীয়া হৈ থকাটো নিশ্চিত কৰা।
- ডি.পি.চি.অ’., ২০১৩ এ ঔষধবোৰক দুটা ভাগত বিভক্ত কৰে:
> তালিকাভুক্ত ঔষধ: এইবোৰ হ'ল ডি.পি.চি.অ’., ২০১৩ ৰ প্ৰথম তালিকাত থকা ঔষধ, যিটো হ'ল ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধ তালিকা (এন.এল.ই.এম.), ২০২২। চৰকাৰে প্ৰতিটোৰ বাবে এটা সৰ্বোচ্চ মূল্য (চিলিং মূল্য) নিৰ্ধাৰণ কৰে। এন.এল.ই.এম. ২০২২ ত ৩৮৮ বিধ ঔষধ আছে, যাৰ ভিতৰত ৬৩ বিধ কৰ্কট প্ৰতিৰোধী ঔষধ।
> অ-তালিকাভুক্ত ঔষধ:এইবোৰ হ'ল ডি.পি.চি.অ’., ২০১৩ ৰ প্ৰথম তালিকাত নথকা ঔষধ। তালিকাভুক্ত ঔষধৰ দৰে, যাৰ নিৰ্ধাৰিত সৰ্বোচ্চ মূল্য আছে, এইবোৰ মূল্য নিৰীক্ষণৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়: ডি.পি.চি.অ’., ২০১৩ ৰ ২০ নং দফাৰ অধীনত, এজন নিৰ্মাতাই বাৰ মাহত এম.আৰ.পি. ১০% তকৈ অধিক বঢ়াব নোৱাৰে, আৰু য'ত বৃদ্ধি ১০% তকৈ অধিক হয়, তাত পৰৱৰ্তী ১২ মাহৰ বাবে মূল্য ১০% ৰ স্তৰলৈ ঘূৰাই আনিব লাগে।
- এই তালিকাভুক্ত অত্যাৱশ্যকীয় ঔষধৰ বাহিৰেও উচ্চ মূল্যৰ সমস্যা সমাধান কৰিবলৈ, চৰকাৰে ২০১৯ চনত ৪২ বিধ অ-তালিকাভুক্ত কৰ্কট প্ৰতিৰোধী ঔষধক সামৰি ট্ৰেড মাৰ্জিন ৰেচনেলিজম (টি.এম.আৰ.) পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিল, যাৰ ফলত ৰোগীৰ খৰচ হ্ৰাস কৰাত সফল হৈছিল।
- এই ভিত্তি আৰু বজাৰৰ তথ্যই উচ্চ লাভ আৰু খুচুৰা আৰু হাস্পতালৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখুওৱাৰ বাবে, চৰকাৰে ডি.পি.চি.অ’., ২০১৩ ৰ ১৯ নং দফাৰ অধীনত ৰাজহুৱা স্বাৰ্থত অসাধাৰণ ক্ষমতাৰ ব্যৱহাৰ কৰিলে। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শত, কৰ্তৃপক্ষই ১৭ অক্টোবৰ ২০২৬ ৰ আদেশৰ দ্বাৰা পেটেণ্ট থকা ঔষধকে ধৰি ১৩৭ বিধ অ-তালিকাভুক্ত কৰ্কট বিৰোধী ঔষধক ট্ৰেড মাৰ্জিন ৰেচনেলিজমৰ অধীনলৈ আনিলে।
ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধ তালিকা (এন.এল.ই.এম.) কি?
ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধ তালিকা (এন.এল.ই.এম.) হ'ল ভাৰতৰ বাবে প্ৰয়োজনীয়, উচ্চ অগ্ৰাধিকাৰৰ ঔষধৰ এখন চৰকাৰী তালিকা। ইয়াৰ শেহতীয়া সংশোধন, এন.এল.ই.এম. ২০২২, চৰকাৰৰ “সবকো দৱাই, সস্তী দৱাই” (সকলোৰে বাবে ঔষধ, সস্তীয়া ঔষধ) দৃষ্টিভংগীৰ অধীনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ মনসুখ মাণ্ডবীয়া ১৩ ছেপ্টেম্বৰ ২০২২ তাৰিখে মুকলি কৰিছিল ৷
ইতিহাস: প্ৰথমে ১৯৯৬ চনত তৈয়াৰ কৰা হৈছিল, তাৰ পিছত ২০০৩, ২০১১, ২০১৫, আৰু ২০২২ চনত আপডেট কৰা হৈছিল।
কোনে প্ৰস্তুত কৰিছে : ঔষধৰ ওপৰত স্থায়ী ৰাষ্ট্ৰীয় সমিতি (এছ.এন.চি.এম.) নামৰ এটা বিশেষজ্ঞ দলে, চিকিৎসক, বিজ্ঞানী, উদ্যোগ বিশেষজ্ঞৰ সৈতে কথা পাতি, আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড পৰীক্ষা কৰি এই ঔষধ প্ৰস্তুত কৰিছে ৷
তালিকাখন কিয় গুৰুত্বপূৰ্ণ
> কম খৰচ:পৰিয়ালে নিজৰ পৰা দিবলগীয়া চিকিৎসা খৰচ কমোৱাত সহায় কৰে।
> উন্নত স্বাস্থ্যসেৱা:ঔষধবোৰ নিৰাপদ, কাৰ্যকৰী আৰু উন্নত মানৰ হোৱাটো নিশ্চিত কৰে।
> সঠিক পৰিকল্পনা: চৰকাৰী ক্ৰয়, হাস্পতালৰ বাজেট, স্বাস্থ্য বীমা, আৰু চিকিৎসাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণত পথ প্ৰদৰ্শন কৰে।
আদেশৰ আঁৰৰ আইনী ক্ষমতা: ডি.পি.চি.অ’., ২০১৩ ৰ ১৯ নং দফা
> চৰকাৰৰ বাবে বিশেষ ক্ষমতা: অসাধাৰণ পৰিস্থিতিত, চৰকাৰে ৰাজহুৱা স্বাৰ্থত সাধাৰণ নিয়মৰ বাহিৰতো কাম কৰিব পাৰে।
> মূল্য নিৰ্ধাৰণ বা সলনি কৰা: চৰকাৰৰ হাতত প্ৰয়োজন অনুসৰি যিকোনো ঔষধৰ বাবে সৰ্বোচ্চ (চিলিং) মূল্য বা খুচুৰা মূল্য নিৰ্ধাৰণ কৰাৰ ক্ষমতা আছে ৷
> আগতে নিৰ্ধাৰণ কৰা মূল্য সলনি কৰা: যদি মূল্য পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছে, চৰকাৰে পাইকাৰী মূল্য সূচকাংকৰ সৈতে জড়িত সাধাৰণ বাৰ্ষিক সংশোধনলৈ অপেক্ষা নকৰাকৈ, পোনপটীয়াকৈ সেই মূল্য বঢ়াব বা কমাব পাৰে।
নতুন আদেশে কৰ্কট ঔষধৰ বাণিজ্যিক মাৰ্জিন কেনেকৈ সীমিত কৰে
- বাণিজ্যিক মাৰ্জিন সৰ্বোচ্চ খুচুৰা মূল্যৰ ৩০% ত বান্ধি দিয়া হৈছে: বাণিজ্যিক মাৰ্জিন (নিৰ্মাতাই বিতৰকক দিয়া মূল্য আৰু ৰোগীয়ে দিয়া মূল্যৰ মাজত যোগ কৰা লাভ) ৩০% তকৈ অধিক হ'ব নোৱাৰে।
- সকলো ৰূপতে প্ৰযোজ্য: মাত্ৰা বা ৰূপ যিয়েই নহওক (বড়ি, বেজী আদি) আৰু যি পৰিমাণতে বিক্ৰী নহওক; সকলো কৰ্কট প্ৰতিৰোধী ঔষধৰ ক্ষেত্ৰত প্ৰযোজ্য এই নিয়ম ।
- মাৰ্চ ২০২৬ ৰ মূল্যৰ ওপৰত ভিত্তি কৰি: এই হিচাপৰ বাবে আৰম্ভণি মূল্য মাৰ্চ ২০২৬ ৰ বিতৰক মূল্য (ষ্টকিষ্ট / বিতৰকক দিয়া মূল্য) হ'ব লাগিব।
নতুন সৰ্বোচ্চ খুচুৰা মূল্য (এম.আৰ.পি.) কেনেকৈ হিচাপ কৰা হয়
আদেশটোৱে ৰোগীৰ পৰা ল'ব পৰা সৰ্বোচ্চ খুচুৰা মূল্যৰ সূত্ৰ নিৰ্ধাৰণ কৰে।

আদেশৰ দ্বাৰা সামৰি লোৱা কৰ্কট প্ৰতিৰোধী ঔষধ
|
ক্ৰমিক নং
|
ঔষধৰ নাম
|
ক্ৰমিক নং
|
ঔষধৰ নাম
|
|
১
|
এবেমাচিক্লিব
|
৭০
|
লেনভাটিনিব
|
|
২
|
এবিৰাটেৰন এচিটেট
|
৭১
|
লোমাষ্টিন
|
|
৩
|
একালাব্ৰুটিনিব
|
৭২
|
লৰলাটিনিব
|
|
৪
|
আফাটিনিব
|
৭৩
|
লিম্ফোচিক কিট
|
|
৫
|
এলেক্টিনিব
|
৭৪
|
মেজেষ্ট্ৰল
|
|
৬
|
আলপেলিচিব
|
৭৫
|
মিডোষ্টুৰিন
|
|
৭
|
এমিভাণ্টামাব
|
৭৬
|
মিৰভেটুক্সিমাব চোৰাভটানচিন
|
|
৮
|
এনাষ্ট্ৰাজল
|
৭৭
|
মাইটোমাইচিন
|
|
৯
|
আপালুটামাইড
|
৭৮
|
মাইট'জেনট্ৰন
|
|
১০
|
এচিমিনিব
|
৭৯
|
নেলাৰাবিন
|
|
১১
|
এটেজলিজুমাব
|
৮০
|
নেটুপিটাণ্ট
|
|
১২
|
এভেলুমাব
|
৮১
|
নিলোটিনিব
|
|
১৩
|
এক্সিটিনিব
|
৮২
|
নিমোটুজুমাব
|
|
১৪
|
আজাচিটিডিন
|
৮৩
|
নিণ্টেডানিব
|
|
১৫
|
বেলাণ্টামাব মাফোডটিন
|
৮৪
|
নিৰাপাৰিব
|
|
১৬
|
বেভাচিজুমাব
|
৮৫
|
নিভলুমাব
|
|
১৭
|
বোচুটিনিব
|
৮৬
|
অবিনুটুজুমাব
|
|
১৮
|
ব্ৰেণ্টুক্সিমাব ভেডোটিন
|
৮৭
|
অফাটুমুমাব
|
|
১৯
|
ব্ৰিগাটিনিব
|
৮৮
|
অলাপাৰিব
|
|
২০
|
বুচালফান
|
৮৯
|
অচিমাৰ্টিনিব
|
|
২১
|
কাবাজিটেক্সেল
|
৯০
|
পালবোচিক্লিব
|
|
২২
|
কাবোজাণ্টিনিব (এছ)-মেলিয়েট
|
৯১
|
পানিটুমুমাব (ভেক্টিবিক্স)
|
|
২৩
|
কেপমাটিনিব
|
৯২
|
পাজোপানিব (হাইড্ৰ'ক্লৰাইড হিচাপে)
|
|
২৪
|
কাৰফিলজোমিব
|
৯৩
|
পেগাস্পাৰজিনেজ
|
|
২৫
|
কাৰমাষ্টিন
|
৯৪
|
পেগফিলগ্ৰাষ্টিম
|
|
২৬
|
চেৰিটিনিব
|
৯৫
|
পেগিলেটেড ইণ্টাৰফেৰন আলফা ২বি
|
|
২৭
|
চেটুক্সিমাব
|
৯৬
|
পেমব্ৰ'লিজুমাব
|
|
২৮
|
ক্লাড্ৰিবিন
|
৯৭
|
পেমেট্ৰেক্সেড
|
|
২৯
|
ক্ল'ফাৰাবিন
|
৯৮
|
পাৰ্টুজুমাব
|
|
৩০
|
ক্ৰিজোটিনিব
|
৯৯
|
পাৰ্টুজুমাব + ট্ৰাষ্টুজুমাব
|
|
৩১
|
চাইটেৰাবিন
|
১০০
|
প্লেৰিক্সাফৰ
|
|
৩২
|
ডাব্ৰাফেনিব
|
১০১
|
পলাটুজুমাব ভেডোটিন
|
|
৩৩
|
ডাকোমিটিনিব
|
১০২
|
পমালিড'মাইড
|
|
৩৪
|
ডাৰাটুমুমাব
|
১০৩
|
ৰামুচিৰুমাব
|
|
৩৫
|
ডাৰ'লুটামাইড
|
১০৪
|
ৰেগ'ৰাফেনিব
|
|
৩৬
|
ডাচাটিনিব
|
১০৫
|
ৰেলুগলিক্স
|
|
৩৭
|
ডাটোপটামাব ডেৰুক্সটেকান
|
১০৬
|
ৰিবোচিক্লিব
|
|
৩৮
|
ডেচিটাবিন
|
১০৭
|
ৰুকাপাৰিব
|
|
৩৯
|
ডেগাৰেলিক্স
|
১০৮
|
ৰুক্স'লিটিনিব
|
|
৪০
|
ডেনোচুমাব
|
১০৯
|
চেলপাৰকাটিনিব
|
|
৪১
|
ডোষ্টাৰলিমাব
|
১১০
|
চেলুমেটিনিব
|
|
৪২
|
ডাৰভালুমাব
|
১১১
|
চাৰপ্লুলিমাব
|
|
৪৩
|
এলৰানাটামাব
|
১১২
|
চটোৰাচিব
|
|
৪৪
|
এনফৰ্টুমাব ভেডোটিন
|
১১৩
|
চুনিটিনিব
|
|
৪৫
|
এণ্ট্ৰেক্টিনিব
|
১১৪
|
টালকুৱেটামাব
|
|
৪৬
|
এনজালুটামাইড
|
১১৫
|
টেকলিষ্টামাব
|
|
৪৭
|
এপিৰুবিচিন
|
১১৬
|
টেগাফুৰ + ইউৰাচিল
|
|
৪৮
|
এৰ্ডাফিটিনিব
|
১১৭
|
টেগাফুৰ, গিমেৰাচিল আৰু অটেৰাচিল
|
|
৪৯
|
এৰিবুলিন মেচিলেট
|
১১৮
|
টেমচিৰ'লিমাছ
|
|
৫০
|
এৰলোটিনিব
|
১১৯
|
টেপটিনিব
|
|
৫১
|
এষ্ট্ৰামাষ্টিন
|
১২০
|
থায়'টেপা
|
|
৫২
|
এভেৰ'লিমাছ
|
১২১
|
টিছলেলিজুমাব
|
|
৫৩
|
এক্সেমেষ্টেন
|
১২২
|
টচিলিজুমাব
|
|
৫৪
|
ফ্লুডাৰাবিন
|
১২৩
|
টপ'টেকান
|
|
৫৫
|
ফুলভেষ্ট্ৰাণ্ট
|
১২৪
|
টৰিপালিমাব
|
|
৫৬
|
গিল্টেৰিটিনিব
|
১২৫
|
ট্ৰাবেক্টেডিন
|
|
৫৭
|
গোচেৰেলিন এচিটেট
|
১২৬
|
ট্ৰামেটিনিব
|
|
৫৮
|
ইব্ৰিটুমোমাব
|
১২৭
|
ট্ৰেমেলিমুমাব
|
|
৫৯
|
ইব্ৰুটিনিব
|
১২৮
|
ট্ৰেয়'চালফান
|
|
৬০
|
ইডেলালিচিব
|
১২৯
|
ট্ৰাইফ্লুৰিডিন + টিপিৰাচিল
|
|
৬১
|
ইফ'চফামাইড আৰু মেচনা
|
১৩০
|
ট্ৰিপ্ট'ৰেলিন
|
|
৬২
|
নিভলুমাব আৰু ৰেলাটলিমাব
|
১৩১
|
টুকাটিনিব
|
|
৬৩
|
পেগিলেটেড লিপ'জ'মেল ইৰিন'টেকান
|
১৩২
|
ভেমুৰাফেনিব
|
|
৬৪
|
ইন'টুজুমাব অজ'গামিচিন
|
১৩৩
|
ভেনেট'ক্লাক্স
|
|
৬৫
|
ইণ্টাৰফেৰন আলফা ২বি
|
১৩৪
|
ভিন'ৰেলবিন টাৰট্ৰেট
|
|
৬৬
|
আইপিলিমুমাব
|
১৩৫
|
ভ'ৰাচিডেনিব
|
|
৬৭
|
আইভ'চিডিনিব
|
১৩৬
|
জানুব্ৰুটিনিব
|
|
৬৮
|
লাপাটিনিব
|
১৩৭
|
জলবেটুক্সিমাব
|
|
৬৯
|
লাজাৰ্টিনিব
|
|
|
উৎস: ৰসায়ন আৰু সাৰ মন্ত্ৰালয়, এন.পি.পি.এ. আদেশ এছ.অ'. ৫৬৯০(ই) ১৭ অক্টোবৰ ২০২৬
ৰোগী আৰু কোম্পানীৰ বাবে কি সলনি হ'ব
- নিৰ্মাতাসকলে মাৰ্চ ২০২৬ ৰ গড় বিতৰন মূল্য ব্যৱহাৰ কৰি তেওঁলোকৰ সৰ্বোচ্চ খুচুৰা মূল্য পুনৰ হিচাপ কৰিব লাগিব। ৰোগী সহায়তা কাৰ্যসূচীৰ অধীনত বিনামূলীয়াকৈ দিয়া ঔষধ আৰু চৰকাৰক পোনপটীয়াকৈ বিক্ৰী কৰা ঔষধ এই হিচাপত ধৰা নহ'ব।
- নতুন কম মূল্যসমূহ ৯ নৱেম্বৰ ২০২৬ ৰ পৰা কাৰ্যকৰী হ'ব। যিবোৰ ঔষধ আগতেই নতুন মূল্য সীমাতকৈ সস্তীয়া, সেইবোৰৰ মূল্য বঢ়াব নোৱাৰিব।
- কোম্পানীবোৰে এন.পি.পি.এ.ক তেওঁলোকৰ সংশোধিত মূল্যৰ বিষয়ে জনাব লাগিব। তেওঁলোকে বাতৰি কাকতত মূল্য হ্ৰাসৰ কথা প্ৰকাশ কৰিব লাগিব, তেওঁলোকৰ ৱেবছাইটত দিব লাগিব, আৰু সকলো খুচুৰা বিক্ৰেতা আৰু হাস্পতালক জনাব লাগিব।
-
- এন.পি.পি.এ.ই এই ঔষধবোৰৰ সংশোধিত মূল্য তেওঁলোকৰ ৱেবছাইটত দিছে, আৰু কোম্পানীবোৰে সংশোধিত মূল্য জমা দিয়াৰ লগে লগে তালিকাখন আপডেট কৰা হয়।
-
- ৪ নৱেম্বৰ ২০২৬ লৈকে, ৭০ টা কোম্পানীয়ে সংশোধিত এম.আৰ.পি. জনাইছে, যিয়ে ১২০ বিধ ঔষধৰ ১,১৩৬ টা ষ্টক কিপিং ইউনিট (এছ.কে.ইউ.) সামৰি লৈছে।

-
- কোম্পানীবোৰক অনুমতি নোহোৱাকৈ ঔষধৰ উৎপাদন কমাবলৈ দিয়া নহ'ব, আৰু তেওঁলোকে এটা ঔষধ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ৬ মাহ পূৰ্বে জনাব লাগিব।
-
- হাস্পতাল আৰু দোকানে নতুন মূল্যবোৰ স্পষ্টকৈ দেখুৱাব লাগিব। যি কোম্পানীয়ে মূল্য নকমাব, তেওঁলোকে বেছিকৈ লোৱা টকা সুদসহ জমা দিব লাগিব।
কৰ্কট চিকিৎসাৰ বাবে চৰকাৰৰ বিস্তৃত সহায়
চৰকাৰে কম খৰচী কৰ্কট চিকিৎসা, পৰীক্ষা আৰু ঔষধৰ প্ৰচাৰৰ বাবে বিভিন্ন সজাগতা কাৰ্যসূচী চলায়।
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এ.বি.-পি.এম.জে.এ.ৱাই.):
-
- নগদবিহীন হাস্পতালৰ চিকিৎসাত কৰ্কট চিকিৎসাৰ অন্তৰ্ভুক্তি
- ভাৰত চৰকাৰে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এ.বি.-পি.এম.জে.এ.ৱাই.)-ৰ জৰিয়তে সমাজৰ আটাইতকৈ দৰিদ্ৰ ৪০% পৰিয়াল আৰু ৭০ বছৰ আৰু তাতকৈ বেছি বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকৰ প্ৰতি পৰিয়ালক প্ৰতি বছৰে ৫ লাখ টকা দিয়ে।
-
- এই আঁচনিয়ে ১২.৬৯ কোটি সংখ্যক হাস্পতালত ভৰ্তিৰ অনুমতি দিছে, যাৰ খৰচৰ মূল্য ১.৯২ লাখ কোটি টকা (৩০ জুন ২০২৬ লৈকে)।
- এই আঁচনিয়ে তালিকাভুক্ত চৰকাৰী আৰু ব্যক্তিগত হাস্পতালৰ জৰিয়তে ২৭ টা বিশেষজ্ঞ চিকিৎসাৰ ১,৯৬১ টা পদ্ধতিৰ নগদবিহীন চিকিৎসাক সামৰি লয়, যাৰ ভিতৰত মেডিকেল অংক'লজী, চাৰ্জিকেল অংক'লজী আৰু ৰেডিয়েচন অংক'লজী আছে ৷
এন.পি.-এন.চি.ডি.: কৰ্কট চিকিৎসা-পৰীক্ষাৰ পৰা চিকিৎসালৈকে
-
- চৰকাৰে, ৰাষ্ট্ৰীয় অ-সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচী (এন.পি.-এন.চি.ডি.)-ৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰো অংশ হিচাপে কৰ্কটকে ধৰি অ-সংক্ৰামক ৰোগৰ বাবে আন্তঃগাঁথনি, মানৱ সম্পদ বিকাশ, পৰীক্ষা, সোনকালে ৰোগ ধৰা পেলোৱা, ৰেফাৰেল, চিকিৎসা আৰু স্বাস্থ্য প্ৰচাৰ মজবুত কৰে৷
- এন.পি.-এন.চি.ডি.ৰ অধীনত:
> কৰ্কট ৰোগীৰ বাবে ৭৭০ টা জিলা এনচিডি ক্লিনিক আৰু ৬,৪১০ টা এনচিডি ক্লিনিক কমিউনিটি স্বাস্থ্য কেন্দ্ৰত আৰু ৫২৪ টা ডে’ কেয়াৰ কৰ্কট চেণ্টাৰ স্থাপন কৰা হৈছে।
-
- কৰ্কট চিকিৎসাৰ আন্তঃগাঁথনি মজবুত কৰিবলৈ, চৰকাৰে তৃতীয় পৰ্যায়ৰ কৰ্কট সুবিধা মজবুতকৰণ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (এছ.চি.আই.), তৃতীয় পৰ্যায়ৰ কৰ্কট চিকিৎসা কেন্দ্ৰ (টি.চি.চি.চি.) আৰু এন.পি.-এন.চি.ডি.ৰ অধীনত ডিচিচিচি স্থাপনত সহায় কৰিছে, যাতে দেশজুৰি উন্নতমানৰ কৰ্কট চিকিৎসা সকলো ৰোগীয়ে সমানে পায়।
> দেশজুৰি তৃতীয় পৰ্যায়ৰ কৰ্কট চিকিৎসা শক্তিশালী কৰিবলৈ ১৯ টা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (এছ.চি.আই.) আৰু ২০ টা তৃতীয় পৰ্যায়ৰ কৰ্কট চিকিৎসা কেন্দ্ৰ (টি.চি.চি.চি.) অনুমোদন কৰা হৈছে।
-
- ইয়াৰ উপৰি, টাটা মেম'ৰিয়েল চেণ্টাৰে (টি.এম.চি.) বাৰাণসী, বিশাখাপট্টনম, নতুন চণ্ডীগড়, গুৱাহাটী, সংগৰুৰ আৰু মুজাফ্ফৰপুৰত ছয়খন হাস্পতাল কৰ্কটৰ চিকিৎসাৰ বাবে স্থাপন কৰিছে।
- কৰ্কট চিকিৎসা সেৱা, ৰোগ নিৰ্ণয়, চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সুবিধাকে ধৰি, সকলো সুবিধা ২২ খন নতুন এইমছলৈও সম্প্ৰসাৰিত কৰা হৈছে।
- ইয়াৰ উপৰি, ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (এন.চি.আই.), ঝাজ্জৰ আৰু চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (চিএন.চি.আই.), কলকাতাৰ দ্বিতীয় চৌহদে উন্নত ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰে।
- এই কাৰ্যসূচীয়ে জনসংখ্যা ভিত্তিক পৰীক্ষা, বিপদৰ কাৰকৰ বিষয়ে সজাগতা সৃষ্টি, আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আই.চি.এম.আৰ.) ৰাষ্ট্ৰীয় কৰ্কট পঞ্জীয়ন কাৰ্যসূচী (এনচিআৰপি)-ৰ জৰিয়তে কৰ্কট নিৰীক্ষণ প্ৰক্ৰিয়া মজবুত কৰাতো সহায় কৰে।
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাধাৰণ কৰ্কটৰ পৰীক্ষা
- দেশজুৰি থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আয়ুষ্মান আৰোগ্য মন্দিৰ (এ.এ.এম.)- বোৰে তেওঁলোকৰ কেন্দ্ৰত কৰ্কট পৰীক্ষাও কৰে।
- দেশজুৰি ১.৮৬ লাখতকৈ বেছি আয়ুষ্মান আৰোগ্য মন্দিৰ (এ.এ.এম.) সক্ৰিয় হৈ আছে (১২ আগষ্ট ২০২৬ লৈকে)। এই কেন্দ্ৰবোৰে ৩০ বছৰৰ ওপৰৰ লোকক আন প্ৰাথমিক স্বাস্থ্য সেৱাৰ লগতে সাধাৰণ কৰ্কট (মুখ, স্তন আৰু জৰায়ু মুখ)-ৰ বাবে পৰীক্ষা কৰ ৷
- প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু পৰীক্ষা সেৱা প্ৰশিক্ষিত ফ্ৰণ্টলাইন কৰ্মী যেনে স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী (আশা) আৰু সহায়ক নাৰ্ছৰ (এ.এন.এম.)-ৰ জৰিয়তে দিয়া হয়।
- ২০২৬ ৰ জুলাইলৈকে কৰা পৰীক্ষা:
> মুখৰ কৰ্কট: ৩৬.১১ কোটি
> স্তনৰ কৰ্কট: ১৬.৯৪ কোটি
> জৰায়ু মুখৰ কৰ্কট: ৯.৩১ কোটি
জৰায়ু মুখৰ কৰ্কট ৰোধ কৰিবলৈ বিনামূলীয়া এইচ.পি.ভি. টিকাকৰণ
- দেশজুৰি মানৱ পেপিলোমা ভাইৰাছ (এইচ.পি.ভি.) টিকাকৰণ অভিযান ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ১.২ কোটি যোগ্য ১৪ বছৰীয়া ছোৱালীৰ বাবে ২০২৬ৰ ২৮ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল ৷
- ২০২৬ ৰ ফেব্ৰুৱাৰীত এই অভিযান আৰম্ভ হোৱাৰে পৰা ভাৰতে ৮০ লাখতকৈ বেছি এইচ.পি.ভি. টিকাৰ পালি বিনামূলীয়াকৈ প্ৰদান কৰিছে (১১ ছেপ্টেম্বৰ ২০২৬ লৈকে)।
কম দামৰ ঔষধৰ দোকান: জনৌষধি আৰু ’অমৃত’
- চৰকাৰে সাধাৰণ মানুহৰ বাবে কৰ্কটৰ ঔষধকে ধৰি অত্যাৱশ্যকীয় ঔষধ অধিক সস্তীয়া কৰিবলৈ বিভিন্ন আঁচনি চলায়।
- যিয়ে কম মূল্যৰ কৰ্কট ঔষধ, ষ্টেণ্ট, আৰু ইমপ্লাণ্ট পোৱা সহজ কৰে, নিজৰ পকেটৰ পৰা দিবলগীয়া খৰচ কমায় আৰু দীঘলীয়া চিকিৎসা চলাই যোৱাত সহায় কৰে।
প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা (পি.এম.-বি.জে.পি.)
- পি.এম.-বি.জে.পি.-এ কৰ্কটকে ধৰি সকলো গুৰুতৰ ৰোগৰ গোটৰ ২,১১০ বিধ ঔষধ আৰু ৩১৫ টা অস্ত্ৰোপচাৰ সামগ্ৰী, চিকিৎসা খৰচৰ সামগ্ৰী আৰু যন্ত্ৰ সামৰি লয়।
- দেশজুৰি ২০,১৪৯ টা জনৌষধি কেন্দ্ৰ আছে (৩০ জুন ২০২৬ লৈকে)।
- ২০২১-২২ ৰ পৰা ২০২৫-২৬ লৈকে পাঁচটা বিত্তীয় বছৰত, পি.এম.-বি.জে.পি.-এ দেশজুৰি জনৌষধি কেন্দ্ৰৰ জৰিয়তে ৭,৮৭৩.৮৫ কোটি টকাৰ ঔষধ বিক্ৰী কৰিছে, যাৰ ফলত নাগৰিকে প্ৰায় ৩৭,২০০ কোটি টকা সঞ্চয় কৰিছে (৩১ মাৰ্চ ২০২৬ লৈকে)।
সস্তীয়া ঔষধ আৰু নিৰ্ভৰযোগ্য ইমপ্লাণ্ট ফাৰ্মাচী
- অমৃত (সস্তীয়া ঔষধ আৰু নিৰ্ভৰযোগ্য ইমপ্লাণ্ট চিকিৎসাৰ বাবে)
- অমৃতৰ লক্ষ্য হ'ল কৰ্কট, হৃদৰোগ আৰু আন গুৰুতৰ ৰোগৰ ঔষধ সস্তীয়া মূল্যত উপলব্ধ কৰা।
- এই উদ্যোগে সৰ্বোচ্চ খুচুৰা মূল্যৰ (এম.আৰ.পি.) ওপৰত গড়ে ৫০% লৈকে ৰেহাইত ৬,৫০০ তকৈ বেছি ঔষধ, ইমপ্লাণ্ট, অস্ত্ৰোপচাৰ সামগ্ৰী আৰু আন স্বাস্থ্যসেৱা সামগ্ৰী দিয়ে।
- ২৪ খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ২৮৫ টা অমৃত বিপনী চলি আছে।
- আৰম্ভণিৰে পৰা, অমৃতে ৮.১৩ কোটিৰো অধিক ৰোগীক সেৱা আগবঢ়াইছে।
- এই নেটৱৰ্কৰ জৰিয়তে এম.আৰ.পি.ত প্ৰায় ২২,৩২৩ কোটি টকাৰ ঔষধ আৰু স্বাস্থ্যসেৱা সামগ্ৰী বিতৰণ কৰা হৈছে, যাৰ ফলত ৰোগীয়ে প্ৰায় ১০,৯৬৯ কোটি টকা সঞ্চয় কৰিছে আৰু নিজৰ পৰা দিবলগীয়া স্বাস্থ্য খৰচ কমিছে (২৪ ছেপ্টেম্বৰ ২০২৬ লৈকে)।
কৰ্কট চিকিৎসাৰ বাবে টেলি পৰামৰ্শ
- ই-সঞ্জীৱনী মঞ্চৰ জৰিয়তে টেলি পৰামৰ্শ সেৱা দিয়া হয়, যাতে বিশেষজ্ঞ চিকিৎসা পোৱা সহজ হয়, বিশেষকৈ আওহতীয়াআৰু অনুন্নত অঞ্চলত। ইয়াৰ ভিতৰত কৰ্কট চিকিৎসাও আছে।
- এই সেৱা কৰ্কট চিকিৎসাকে ধৰি সকলো ধৰণৰ চিকিৎসাৰ বাবে ৫০ কোটিৰো বেছি ৰোগীয়ে ব্যৱহাৰ কৰিছে (২১ অক্টোবৰ ২০২৬ লৈকে)।
কৰ্কট চিকিৎসা সস্তীয়া আৰু সহজলভ্য কৰা
বাণিজ্যিক মাৰ্জিনৰ সীমা চৰকাৰে কৰ্কট চিকিৎসাৰ প্ৰতিটো পৰ্যায়ত আগতে দি অহা সহায়ৰ লগত যোগ হয়: আয়ুষ্মান আৰোগ্য মন্দিৰত পৰীক্ষা, ছোৱালীৰ বাবে বিনামূলীয়া এইচ.পি.ভি. টিকাকৰণ, এ.বি.-পি.এম.জে.এ.ৱাই.ৰ অধীনত নগদবিহীন হাস্পতাল চিকিৎসা, আৰু জনৌষধি কেন্দ্ৰ আৰু অমৃত ফাৰ্মাচীত কম দামৰ ঔষধ। এই সকলো পদক্ষেপৰ ফলত এতিয়া উন্নত কৰ্কট চিকিৎসা দূৰলৈ যাব নলগীয়াকৈ প্ৰতিটো পৰিয়ালে ঘৰৰ ওচৰতে পাব পৰা হৈছে।
তথ্যসূত্ৰসমূহ
ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2321092®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2324743
https://nppa.gov.in/storage/uploads/tender/277271-17-10-2026.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2297568®=3&lang=1
https://nppa.gov.in/storage/uploads/pdf/DPCO-inclusive-of-all-ammendmentscompressedpdf-6f9edc1bf7c000eb02b7eee6c180b527.pdf
https://nppa.gov.in/en/search_medicine_price
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2329698
https://nppa.gov.in/storage/uploads/tender/revised-mrp-report-04112026-04-11-2026.pdf
https://x.com/nppa_india/status/2117986916121628974
https://x.com/Pharmadept/status/2117305360692466164
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1858931®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2286948®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2294278
https://dashboard.nha.gov.in/public/
https://sansad.in/getFile/lsapps/loksabhaquestions/annex/188/AU931_DhFQWt.pdf
https://elibrary.sansad.in/server/api/core/bitstreams/b3b40e24-2357-43ce-b2ec-89a9d548f521/view
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2309109®=3&lang=1
https://esanjeevani.mohfw.gov.in/
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2314433®=48&lang=2
পিআইবিৰ বেকগ্ৰাউণ্ডাৰ
https://www.pib.gov.in/FactsheetDetails.aspx?Id=150834®=5&lang=1
pdf চাবলৈ ক্লিক কৰক
***
পিআইবি গৱেষণা/SSH/RR
(तथ्य सामग्री आईडी: 151175)
आगंतुक पटल : 94
Provide suggestions / comments