Farmer's Welfare
ৰবি ২০২৬-২৭ বৰ্ষৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্যৰ হাৰ
प्रविष्टि तिथि:
12 NOV 2026 19:05 PM
সুলভ মূল্যত সাৰৰ উপলব্ধতা নিশ্চিত কৰা আৰু সুষম পুষ্টি উপাদানৰ ব্যৱহাৰক উৎসাহিত কৰা।
পুষ্টিভিত্তিক ৰাজসাহায্য আঁচনি: সাৰৰ সুষম ব্যৱহাৰক উৎসাহিত কৰা।
সাৰৰ সুষম ব্যৱহাৰে মাটিৰ স্বাস্থ্য সংৰক্ষণ, কৃষি উৎপাদনশীলতা বৃদ্ধি আৰু কৃষিকাৰ্যৰ দীৰ্ঘম্যাদী বহনক্ষমতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই উদ্দেশ্যে চৰকাৰে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা পুষ্টিভিত্তিক ৰাজসাহায্য ( এনবিএচ) আঁচনি ৰূপায়ণ কৰি আহিছে।
এই আঁচনিৰ অধীনত সাৰৰ পুষ্টি উপাদানৰ পৰিমাণৰ ভিত্তিত ৰাজসাহায্য প্ৰদান কৰা হয়। এই পুষ্টি উপাদানসমূহ হৈছে নাইট্ৰজেন (এন), ফছফৰাছ (পি), পটাছিয়াম (কে) আৰু ছালফাৰ (এচ)। খাৰিফ আৰু ৰবি—এই দুয়োটা কৃষি বতৰৰ বাবে বছৰত দুবাৰকৈ এই পুষ্টি উপাদানসমূহৰ ৰাজসাহায্যৰ হাৰ নিৰ্ধাৰণ কৰা হয়। এই আঁচনিৰ অধীনত ফছফেটিক আৰু পটাছিক (পি&কে) সাৰৰ ২৮ বিধ গ্ৰেড সামৰি লোৱা হৈছে।
এই ব্যৱস্থাই কৃষকসকলক সুলভ মূল্যত অত্যাৱশ্যকীয় পুষ্টি উপাদানসমূহ উপলব্ধ কৰাই সাৰৰ সুবিবেচিত ব্যৱহাৰক উৎসাহিত কৰাত সহায় কৰে। লগতে, কৃষকসকলক তেওঁলোকৰ মাটি আৰু শস্যৰ প্ৰয়োজনীয়তা অনুসৰি সুষম অনুপাতত পুষ্টি উপাদান ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।
ফছফেটিক আৰু পটাছিক (পি&কে) সাৰ খণ্ডটো নিয়ন্ত্ৰণমুক্ত ব্যৱস্থাৰ অধীনত পৰিচালিত হয়। চৰকাৰৰ তদাৰকীৰ অধীনত প্ৰস্তুতকাৰী আৰু আমদানিকাৰকসকলে যুক্তিসংগত স্তৰত সাৰৰ সৰ্বাধিক খুচুৰা মূল্য ( এম আৰ পি) নিৰ্ধাৰণ কৰিব পাৰে। সেয়েহে, কৃষকসকলে এই সাৰসমূহ ক্ৰয় কৰাৰ সময়তে ৰাজসাহায্যৰ সুবিধা পোনপটীয়াকৈ লাভ কৰে।
এনবিএচ আঁচনিৰ বিষয়ে অধিক জানিবলৈ ইয়াত Click কৰক।
ৰবি ২০২৬-২৭ বৰ্ষৰ বাবে NBS ৰাজসাহায্যৰ হাৰ
সাৰ আৰু ইয়াৰ কেঁচামালৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত শেহতীয়াকৈ দেখা দিয়া মূল্যৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰত চৰকাৰে ২০২৬ চনৰ ১১ নৱেম্বৰত ৰবি ২০২৬-২৭ বৰ্ষৰ বাবে ফছফেটিক আৰু পটাছিক (পি&কে) সাৰৰ পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএচ)ৰ হাৰত অনুমোদন কৰিছে। এই হাৰসমূহ ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা ২০২৭ চনৰ ৩১ মাৰ্চলৈকে কাৰ্যকৰী হ'ব।
ৰবি ২০২৬-২৭ বৰ্ষৰ বাবে আনুমানিক মুঠ ব্যয় হৈছে প্ৰায় ৬২,৩৭০.০২ কোটি টকা। ৰবি ২০২৫-২৬ বৰ্ষৰ বাবে আবণ্টন দিয়া ৩৭,৯৫২.২৯ কোটি টকাৰ তুলনাত এই পৰিমাণ ৬৪ শতাংশতকৈও অধিক।
এই আঁচনিৰ অধীনত চৰকাৰে অনুমোদন আৰু অধিসূচনা জাৰি কৰা হাৰ অনুসৰি সাৰ কোম্পানীসমূহে ৰাজসাহায্য লাভ কৰে। ৰাজসাহায্যৰ হাৰসমূহ তলত উল্লেখ কৰা ধৰণৰঃ
|
পুষ্টি উপাদান
|
এন
|
পি
|
কে
|
এচ
|
|
ৰবি ২০২৬-২৭ (টকা/কিলোগ্ৰাম)
|
৯৪.২১
|
৬৬.১১
|
২.৩৮
|
১০.৪২
|
ৰাজসাহায্যৰ এই ব্যৱস্থাই কৃষকসকলৰ বাবে সাৰ সুলভ মূল্যত উপলব্ধ হৈ থকাটো নিশ্চিত কৰাত সহায় কৰে।
ইয়াৰ উপৰি, অত্যাৱশ্যকীয় সাৰৰ উপলব্ধতা নিশ্চিত কৰা আৰু ঘৰুৱা সাৰ উৎপাদনক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে কিছুমান বিশেষ ব্যৱস্থাও অব্যাহত ৰাখিছে। এই ব্যৱস্থাসমূহৰ ভিতৰত আছে:
১.ডাই-এমোনিয়াম ফছফেট (ডি এ পি)ৰ বাবে বিশেষ ব্যৱস্থা
চৰকাৰে নিয়মীয়া এনবিএচ ৰাজসাহায্যৰ উপৰি প্ৰতি বেগত ১,৩৫০ টকা নিৰ্ধাৰিত মূল্যত ডি এ পি সাৰৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা অব্যাহত ৰাখিব। এই বিশেষ ব্যৱস্থা আমদানিকৃত আৰু দেশীয়ভাৱে উৎপাদিত ট্ৰিপল ছুপাৰ ফছফেট (টি এচ পি) আৰু আমদানিকৃত ম'নোএমোনিয়াম ফছফেট (এম এ পি)ৰ ক্ষেত্ৰতো সম্প্ৰসাৰিত কৰা হৈছে।
২. ছিংগল ছুপাৰ ফছফেট (এচএচপি)ৰ বাবে পৰিবহণ ৰাজসাহায্য
চৰকাৰে ৰবি ২০২৬-২৭ বৰ্ষৰ সময়ছোৱাত ছিংগল ছুপাৰ ফছফেট এচএচপিৰ বাবে পৰিবহণ ৰাজসাহায্য অব্যাহত ৰাখিব। ডাই-এমোনিয়াম ফছফেটৰ এক সুলভ বিকল্প হিচাপে ছিংগল ছুপাৰ ফছফেট এচএচপিৰ ব্যৱহাৰক উৎসাহিত কৰাই ইয়াৰ মূল উদ্দেশ্য।
৩. এম'নিয়াম ছালফেটৰ বাবে ৰাজসাহায্য
ৰবি ২০২৬-২৭ বৰ্ষৰ সময়ছোৱাত আমদানিকৃত আৰু দেশীয়ভাৱে উৎপাদিত এম'নিয়াম ছালফেটৰ ওপৰত ৰাজসাহায্য অব্যাহত থাকিব।
৪. দেশীয় উৎপাদনৰ বাবে ছালফাৰ পেকেজ
ছালফাৰ পেকেজৰ অধীনত কেৱল দেশীয় ছালফাৰ আৰু ছালফিউৰিক এচিড উৎপাদনকাৰীসকলক সহায় আগবঢ়োৱা হয়। এই পেকেজৰ অধীনত:
ছালফাৰ: উৎপাদনকাৰীসকলে প্ৰকৃত ক্ৰয় ব্যয়ৰ ২০ শতাংশ ৰাজসাহায্য লাভ কৰিব। অৱশ্যে, প্ৰতি টনৰ নিম্নতম নিৰ্ধাৰিত মূল্য ৮০০ মাৰ্কিন ডলাৰ ধৰা হৈছে।
ছালফিউৰিক এচিড: উৎপাদনকাৰীসকলে প্ৰকৃত ক্ৰয় ব্যয়ৰ ২০ শতাংশ ৰাজসাহায্য লাভ কৰিব। অৱশ্যে, প্ৰতি টনৰ নিম্নতম নিৰ্ধাৰিত মূল্য ২৬৬.৬৭ মাৰ্কিন ডলাৰ ধৰা হৈছে।
ৰবি ২০২৬-২৭ বৰ্ষৰ এনবিএচ ৰাজসাহায্যৰ হাৰৰ মূল সুবিধাসমূহ
ৰবি ২০২৬-২৭ বৰ্ষৰ বাবে সংশোধিত এনবিএচ ৰাজসাহায্যৰ হাৰ আৰু বিশেষ ব্যৱস্থাসমূহে কৃষকসকলক সুলভ মূল্যত সাৰৰ উপলব্ধতা নিশ্চিত কৰাৰ লগতে কৃষক আৰু দেশীয় সাৰ উৎপাদনক সহায় কৰে। ইয়াৰ মূল সুবিধাসমূহ হ'ল:
সুলভ মূল্যত সাৰ: কৃষকসকলৰ বাবে ৰাজসাহায্যযুক্ত আৰু যুক্তিসংগত মূল্যত সাৰৰ উপলব্ধতা নিশ্চিত কৰে।
যুক্তিসংগত ৰাজসাহায্য: আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰ আৰু ইয়াৰ কেঁচামালৰ শেহতীয়া মূল্যৰ ধাৰাৰ সৈতে সংগতি ৰাখি ফছফেটিক আৰু পটাছিক পি&কে সাৰৰ ৰাজসাহায্যৰ হাৰ নিৰ্ধাৰণ কৰে।
দেশীয় উৎপাদন বৃদ্ধি: দেশীয় সাৰ উৎপাদনক সহায় কৰাৰ লগতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰে।
বিকল্প সাৰৰ ব্যৱহাৰত উৎসাহ: ডাই-এমোনিয়াম ফছফেটৰ বিকল্প হিচাপে ছিংগল ছুপাৰ ফছফেট আৰু ইউৰিয়াৰ বিকল্প হিচাপে এম'নিয়াম ছালফেটৰ দৰে সুলভ মূল্যৰ সাৰৰ ব্যৱহাৰক উৎসাহিত কৰে। ইয়াৰ লগতে পুষ্টি উপাদানসমূহৰ সুষম ব্যৱহাৰো নিশ্চিত কৰাত সহায় কৰে।
কৃষকসকলক সহায় আৰু খাদ্য সুৰক্ষা: ৰবি কৃষি বতৰৰ সময়ছোৱাত কৃষিৰ প্ৰয়োজনীয় উপাদানসমূহৰ ব্যয় সুস্থিৰ কৰি ৰখাৰ জৰিয়তে চৰকাৰৰ কৃষকক অগ্ৰাধিকাৰ দিয়াৰ নীতিক অধিক শক্তিশালী কৰে। লগতে খাদ্য সুৰক্ষা নিশ্চিত কৰা আৰু কৃষকসকলৰ উপাৰ্জন সুৰক্ষিত ৰখাত সহায় কৰে।

এনবিএচ আঁচনিৰ অধীনত অগ্ৰগতি
এনবিএচ আঁচনিৰ প্ৰভাৱৰ ফলত সমগ্ৰ দেশতে সাৰৰ ৰাজসাহায্যৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে সাৰৰ মজুতৰ উপলব্ধতাও উন্নত হৈছে।
সাৰৰ ৰাজসাহায্য প্ৰদান
২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈকে চৰকাৰে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএচ) আঁচনিৰ অধীনত দেশীয়ভাৱে উৎপাদিত আৰু আমদানিকৃত ফছফেটিক আৰু পটাছিক (পি&কে) সাৰৰ বাবে মুঠ ২.৭৯ লাখ কোটি টকাতকৈও অধিক ৰাজসাহায্য প্ৰদান কৰিছে।
মজুত সাৰৰ উপলভ্যতা
প্ৰধান সাৰসমূহৰ মুঠ মজুতৰ পৰিমাণ ২০২৫ চনৰ ১০ নৱেম্বৰৰ ১৭৩.৪৬ লাখ মেট্ৰিক টনৰ পৰা বৃদ্ধি পাই ২০২৬ চনৰ ১০ নৱেম্বৰত ২৩৫.২১ লাখ মেট্ৰিক টন হৈছে। ই পূৰ্বৰ বছৰৰ তুলনাত সাৰৰ মজুতৰ পৰিমাণ প্ৰায় ৩৫.৬ শতাংশ বৃদ্ধি পোৱা কথাকেই প্ৰতিপন্ন কৰিছে।
|
সামগ্ৰী
|
১০.১১.২০২৫
তাৰিখৰ মজুত
(লাখ মেট্ৰিক টনত)
|
১০.১১.২০২৬ তাৰিখৰ মজুত (লাখ মেট্ৰিক টনত)
|
|
ইউৰিয়া
|
৭২.১৪
|
১০৩.১২
|
|
ডিএপি
|
২৪.৮৬
|
২৮.৬৫
|
|
এনপিকে
|
৪২.৪৪
|
৬০.৮৭
|
|
এমঅ’পি
|
১০.৭৮
|
২০.০৮
|
|
এচএচপি
|
২৩.২৪
|
২২.৪৯
|
|
মুঠ মজুত
|
১৭৩.৪৬
|
২৩৫.২১
|
কৃষকসকলৰ প্ৰতি দায়বদ্ধতা আৰু বহনক্ষম কৃষিৰ প্ৰসাৰৰ অবিৰত প্ৰচেষ্টা।
পুষ্টিভিত্তিক ৰাজসাহায্য আঁচনিয়ে সাৰৰ সুষম ব্যৱহাৰক উৎসাহিত কৰা আৰু কৃষকসকলৰ বাবে সুলভ মূল্যত পুষ্টি উপাদানসমূহৰ উপলব্ধতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰবি ২০২৬-২৭ বৰ্ষৰ বাবে নিৰ্ধাৰিত ৰাজসাহায্যৰ হাৰ আৰু অব্যাহত ৰখা বিশেষ ব্যৱস্থাসমূহে সাৰৰ উপলব্ধতা, দেশীয় উৎপাদন আৰু সুলভ মূল্যৰ বিকল্প সাৰৰ ব্যৱহাৰক সহায় কৰে।
ৰাজসাহায্য প্ৰদানৰ পৰিমাণ বৃদ্ধি আৰু সাৰৰ মজুতৰ পৰিমাণ বৃদ্ধি পোৱাটোৱেও চৰকাৰৰ অব্যাহত প্ৰচেষ্টাৰ প্ৰতিফলন ঘটায়। সামগ্ৰিকভাৱে, এই ব্যৱস্থাসমূহে সুলভ মূল্যত সাৰৰ উপলব্ধতা নিশ্চিত কৰা, সাৰৰ পুষ্টি উপাদানৰ সুষম ব্যৱহাৰক উৎসাহিত কৰা আৰু কৃষিৰ প্ৰয়োজনীয় উপাদানসমূহৰ ব্যয় অধিক সুস্থিৰ কৰি ৰখাৰ জৰিয়তে কৃষকসকলক সহায় কৰে।
তথ্যসূত্ৰ সমূহ
মন্ত্ৰীসভা
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2334972®=48&lang=2
ৰাসায়ন আৰু সাৰ মন্ত্ৰালয়
https://sansad.in/getFile/annex/271/AS248_EPp7zO.pdf?source=pqars
https://sansad.in/getFile/loksabhaquestions/annex/185/AS84_A9tlRY.pdf?source=pqals
পি আই বি বেকগ্ৰাউণ্ডাৰ্চ
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=156820&ModuleId=3®=1&lang=1
Click here to see PDF
*********
পি আই বি গৱেষণা
(तथ्य सामग्री आईडी: 151186)
आगंतुक पटल : 21
Provide suggestions / comments