Farmer's Welfare
ৰাষ্ট্ৰীয় দুগ্ধ দিৱস
प्रविष्टि तिथि:
25 NOV 2026 10:51 AM
ভাৰতৰ দুগ্ধ শক্তি আৰু কৃষকৰ সমৃদ্ধি উদযাপন
ভাৰতৰ পুষ্টি আৰু গ্ৰাম্য অৰ্থনীতিৰ কেন্দ্ৰবিন্দুত গাখীৰ
ভাৰতৰ পুষ্টিৰ ক্ষেত্ৰখনত গাখীৰে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। ই সহজে শোষিত হ'ব পৰা ৰূপত উচ্চমানৰ প্ৰাণীজ প্ৰ'টিন আৰু কেলছিয়াম, মেগনেছিয়াম তথা পটাছিয়ামকে ধৰি অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান যোগান ধৰে। প্ৰায়েই এক প্ৰায়-সম্পূৰ্ণ খাদ্য হিচাপে বিবেচিত গাখীৰে সকলো বয়সৰ লোকৰ শাৰীৰিক বৃদ্ধি, হাড়ৰ স্বাস্থ্য আৰু জীৱনীশক্তি বৰ্তাই ৰখাত সহায় কৰে।
বিশ্বৰ মুঠ গাখীৰ উৎপাদনৰ প্ৰায় এক-চতুৰ্থাংশ অৰিহণা যোগাই ভাৰতে ধাৰাবাহিকভাৱে বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী দেশৰ স্থান অক্ষুণ্ণ ৰাখিছে। ২০১৪-১৫ আৰু ২০২৪-২৫ বৰ্ষৰ ভিতৰত উৎপাদন ৫.৪১ শতাংশ চক্ৰবৃদ্ধি বাৰ্ষিক বিকাশৰ হাৰত বৃদ্ধি পাই ২৪৭.৮৭ নিযুত টনত উপনীত হৈছে। এই বিকাশৰ এক উল্লেখযোগ্য গ্ৰাম্য দিশো আছে। দুগ্ধ পাম ব্যৱস্থাই ৮.৫ কোটি গ্ৰাম্য পৰিয়ালক জীৱিকা প্ৰদান কৰিছে, য'ত গাখীৰ উৎপাদন আৰু সংগ্ৰহত মহিলাসকলে কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে। ভাৰতৰ দুগ্ধ পাম খণ্ডৰ মুঠ কৰ্মশক্তিৰ প্ৰায় ৭০ শতাংশই মহিলা, যিয়ে এই খণ্ডটোৰ বিকাশত তেওঁলোকৰ অৱদান আৰু অন্তৰ্ভুক্তিমূলক গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক উজ্জ্বল কৰি তোলে।
প্ৰতি বছৰে ২৬ নৱেম্বৰত পালন কৰা ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ ড° ভাৰ্গিজ কুৰিয়েনৰ জন্ম জয়ন্তী স্মৰণ কৰা হয়। এই দিৱসটোৱে ভাৰতৰ দুগ্ধ সমবায় আন্দোলনলৈ তেওঁ আগবঢ়োৱা ৰূপান্তৰকাৰী অৱদানক স্বীকৃতি দিয়ে। ই লাখ লাখ দুগ্ধ উৎপাদক কৃষককো সন্মান জনায়, যাৰ প্ৰচেষ্টাই গাখীৰ উৎপাদনত দেশৰ অগ্ৰণী স্থান বৰ্তাই ৰাখিছে।
ভাৰতৰ দুগ্ধ খণ্ডৰ শক্তিশালী বিকাশ
উৎপাদন আৰু উৎপাদনশীলতাৰ নিৰন্তৰ বিকাশৰ জৰিয়তে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী দেশ হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।
• গাখীৰৰ উৎপাদন ৬৯.৪১ শতাংশ বৃদ্ধি পাই ২০১৪-১৫ বৰ্ষৰ ১৪৬.৩১ নিযুত টনৰ পৰা ২০২৪-২৫ বৰ্ষত ২৪৭.৮৭ নিযুত টন হৈছে।
• শীৰ্ষ গাখীৰ উৎপাদনকাৰী ৰাজ্যসমূহ আছিল উত্তৰ প্ৰদেশ (১৫.৬৬ শতাংশ), ৰাজস্থান (১৪.৮২ শতাংশ), মধ্য প্ৰদেশ (৯.১২ শতাংশ), গুজৰাট (৭.৭৮ শতাংশ) আৰু মহাৰাষ্ট্ৰ (৬.৭১ শতাংশ)। দেশৰ মুঠ গাখীৰ উৎপাদনৰ ৫৪.০৯ শতাংশ এই পাঁচখন ৰাজ্যৰ পৰাই আহিছিল।
• জনমূৰি গাখীৰৰ উপলব্ধতা ৫২.০৩ শতাংশ বৃদ্ধি পাই ২০১৪-১৫ বৰ্ষৰ দৈনিক প্ৰতিজন ব্যক্তিৰ বিপৰীতে ৩১৯ গ্ৰামৰ পৰা ২০২৪-২৫ বৰ্ষত ৪৮৫ গ্ৰামলৈ উন্নীত হৈছে।
• গো-মহিষাদিৰ গড় গাখীৰ উৎপাদনশীলতা ২০১৪-১৫ বৰ্ষৰ প্ৰতিটো জন্তুৰ বিপৰীতে বছৰি ১,৬৪০ কিলোগ্ৰামৰ পৰা ২০২৪-২৫ বৰ্ষত বছৰি ২,৮০০ কিলোগ্ৰামলৈ বৃদ্ধি পাই ৬৯ শতাংশ বিকাশ নথিভুক্ত কৰিছে।
ভাৰতৰ দুগ্ধ অৰ্থনীতিৰ আঁৰৰ সমবায় শক্তি
ভাৰতৰ দুগ্ধ সমবায় আন্দোলনে গাখীৰ উৎপাদকসকলক এক সংগঠিত মঞ্চ প্ৰদান কৰে। ই গাঁও পৰ্যায়ৰ সমিতিসমূহক জিলা দুগ্ধ সংঘ আৰু ৰাজ্যিক মহাসংঘসমূহৰ সৈতে সংযোগ কৰে। এই প্ৰতিষ্ঠানসমূহে গাখীৰ সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, বিপণন আৰু দুগ্ধ সেৱাসমূহৰ প্ৰাপ্তিত সহায় কৰে।
ভাৰতৰ দুগ্ধ খণ্ডৰ ঐতিহাসিক যাত্ৰা জানিবলৈ: ইয়াত ক্লিক কৰক
দেশৰ দুগ্ধ সমবায় নেটৱৰ্কত অন্তৰ্ভুক্ত হৈ আছে:
• ২২ টা দুগ্ধ মহাসংঘ।
• ২৪১ টা জিলা সমবায় দুগ্ধ সংঘ।
• ২৮ খন বিপণন দুগ্ধশালা।
• ২৫ টা দুগ্ধ উৎপাদক সংগঠন।
• সদস্য হিচাপে প্ৰায় ২.৪৫ লাখ গাঁও আৰু ১.৬৫ কোটি দুগ্ধ উৎপাদক কৃষকৰ অন্তৰ্ভুক্তি।
এই নেটৱৰ্কে গ্ৰাম্য গাখীৰ উৎপাদক আৰু সংগঠিত দুগ্ধ বজাৰৰ মাজত এক প্ৰতিষ্ঠানিক সংযোগ স্থাপন কৰে। ই সামূহিক বিপণন আৰু অধিক সুসংগঠিত গাখীৰ সংগ্ৰহ ব্যৱস্থা লাভ কৰাতো সহায় কৰে।
এন ডি ডি বি ডেইৰী ছাৰ্ভিচেছ
ভাৰতত কৃষকৰ মালিকানাধীন দুগ্ধ প্ৰতিষ্ঠানসমূহ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ সম্পূৰ্ণ মালিকানাধীন, অ-লাভজনক সহযোগী সংস্থা এন ডি ডি বি ডেইৰী ছাৰ্ভিচেছে দুগ্ধ উৎপাদক সংগঠনসমূহৰ গঠন আৰু কাৰ্যকৰীকৰণত সহায় কৰে।
দুগ্ধ উৎপাদক সংগঠনসমূহ হৈছে কৃষকৰ মালিকানাধীন উৎপাদক কোম্পানী, যিয়ে গাখীৰ উৎপাদকসকলক পেছাদাৰীভাৱে পৰিচালিত প্ৰতিষ্ঠান হিচাপে সংগঠিত কৰে। এইবোৰে সামূহিকভাৱে গাখীৰ সংগ্ৰহত সহায় কৰে, বজাৰ সংযোগ সুদৃঢ় কৰে আৰু কৃষকসকলক স্বচ্ছ মূল্য তথা পোনপটীয়া বেংক পৰিশোধৰ সুবিধা প্ৰদান কৰে।
২০২৬ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত,
• এন ডি ডি বি ডেইৰী ছাৰ্ভিচেছে সফলতাৰে ২৫ টা দুগ্ধ উৎপাদক সংগঠন স্থাপন কৰিছে।
• এই ২৫ টা দুগ্ধ উৎপাদক সংগঠনৰ ভিতৰত ১৮ টাৰেই সকলো সদস্য মহিলা, আৰু সেইবোৰৰ সংশ্লিষ্ট পৰিচালনা পৰিষদৰ সকলো উৎপাদক সঞ্চালক হিচাপেও মহিলাসকলেই কাৰ্যনিৰ্বাহ কৰি আছে।
• এই সংগঠনসমূহে ১২ খন ৰাজ্যৰ ১৭৫ খন জিলাৰ ১৩ লাখতকৈও অধিক গাখীৰ উৎপাদকক সামৰি লৈছে।
• এই সংগঠনসমূহৰ মুঠ উৎপাদকৰ প্ৰায় ৭৮ শতাংশই মহিলা।
• দুগ্ধ উৎপাদক সংগঠনসমূহে দৈনিক প্ৰায় ৭০ লাখ লিটাৰ গাখীৰ সংগ্ৰহ কৰে।
দুগ্ধ সমবায়সমূহৰ দ্বাৰা গাখীৰ সংগ্ৰহ আৰু বিক্ৰী
দুগ্ধ সমবায়সমূহে কৃষকসকলক এক সংগঠিত বজাৰ প্ৰদান কৰে আৰু নিয়মীয়াকৈ গাখীৰ সংগ্ৰহ নিশ্চিত কৰাত সহায় কৰে। উৎপাদন ব্যয় আৰু বজাৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি সমবায় আৰু অন্যান্য দুগ্ধ প্ৰতিষ্ঠানসমূহে সংগ্ৰহ মূল্য নিৰ্ধাৰণ কৰে। বহুতো দুগ্ধ সমবায়ে স্বয়ংক্ৰিয় গাখীৰ সংগ্ৰহ আৰু ধন পৰিশোধ ব্যৱস্থা ব্যৱহাৰ কৰে। কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰা হয়।
২০২৬ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত দুগ্ধ সমবায়সমূহে নথিভুক্ত কৰিছে:
• দৈনিক ৬৯০.৯০ লাখ কিলোগ্ৰাম গাখীৰ সংগ্ৰহ।
• দৈনিক ৪৬২.৯৫ লাখ লিটাৰ তৰল গাখীৰ বিক্ৰী।
দুগ্ধ সমবায়সমূহৰ বাবে এক নতুন গতিবেগ
২০২৪ চনৰ ২৫ ডিচেম্বৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা 'শ্বেত বিপ্লৱ ২.০' (২০২৪ চনৰ ১৯ ছেপ্টেম্বৰত মানক পৰিচালনা বিধি জাৰি কৰা হৈছিল) নামৰ সমবায়-নেতৃত্বাধীন পদক্ষেপটোৰ লক্ষ্য হৈছে এতিয়ালৈকে সামৰি নোলোৱা গাঁও আৰু পঞ্চায়তসমূহত দুগ্ধ সমবায়ৰ পৰিসৰ সম্প্ৰসাৰণ কৰা। ই অহা পাঁচ বছৰত দুগ্ধ সমবায়সমূহৰ দ্বাৰা গাখীৰ সংগ্ৰহ ৫০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। এই পদক্ষেপটোৱে সমবায় নেটৱৰ্ক শক্তিশালী কৰা, বজাৰৰ সুবিধা উন্নত কৰা, কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু মহিলা সবলীকৰণৰ প্ৰসাৰ ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শ্বেত বিপ্লৱ ২.০-ৰ অধীনত পৰিকল্পনা কৰা কাৰ্যকলাপসমূহৰ বাবে 'ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচী'ৰ অধীনত পুঁজি যোগান ধৰা হয়।
২০২৮-২৯ বৰ্ষৰ ভিতৰত এই পদক্ষেপৰ অধীনত সামৰি নোলোৱা গাঁও আৰু পঞ্চায়তসমূহত ৭৫,০০০ নতুন দুগ্ধ সমবায় সমিতি স্থাপন কৰাৰ লগতে বৰ্তমান থকা ৪৬,৪২২ খন দুগ্ধ সমবায় সমিতিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।
২০২৬ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত শ্বেত বিপ্লৱ ২.০-ৰ অধীনত লাভ কৰা অগ্ৰগতি:
• ২৪,০৯৭ খন নতুন দুগ্ধ সমবায় সমিতি গঠন কৰা হৈছে।
• বৰ্তমান থকা ৩১,৩৯৪ খন দুগ্ধ সমবায় সমিতিক শক্তিশালী কৰা হৈছে।
দুগ্ধ খণ্ডত বহনক্ষমতা আৰু চক্ৰীয়তা
1. শ্বেত বিপ্লৱ ২.০-এ সমগ্ৰ দুগ্ধ মূল্য শৃংখলত বহনক্ষমতা আৰু চক্ৰীয়তাৰ প্ৰসাৰ ঘটায়। ই জলবায়ু-অনুকূল পদ্ধতি, সম্পদৰ দক্ষ ব্যৱহাৰ আৰু নৱীকৰণযোগ্য, কম নিৰ্গমনকাৰী সমাধানসমূহক উৎসাহিত কৰে। এই পদক্ষেপটোৱে দুখন বহু-ৰাজ্যিক সমবায় সমিতিৰ জৰিয়তে 'আৱৰ্জনাৰ পৰা সোণ' (গোবৰ আৰু কৃষি অৱশিষ্টক জৈৱ গেছ, জৈৱিক সাৰ আৰু মূল্য সংযোজিত জৈৱ-সাৰলৈ ৰূপান্তৰ কৰা) দৃষ্টিভংগীক আগুৱাই লৈ গৈছে:
• ক'অপাৰেটিভ ইনপুটছ এণ্ড ছাৰ্ভিচেছ ডেলিভাৰী মাল্টি-ষ্টেট লিমিটেড: ইয়াৰ লক্ষ্য হৈছে পশু খাদ্য, ৰোগ নিয়ন্ত্ৰণ আৰু কৃত্ৰিম প্ৰজননকে ধৰি গুণগত মানৰ সামগ্ৰী আৰু সেৱা প্ৰদান কৰা।
• গোময় সহকাৰী সমিতি মাল্টি-ষ্টেট লিমিটেড: ই গোবৰৰ বৈজ্ঞানিক ব্যৱস্থাপনা আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2. ২০২৬ চনৰ ১ অক্টোবৰত শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় চক্ৰীয় জৈৱশক্তি আঁচনি 'গোবৰ্ধন'-ৰ লক্ষ্য হৈছে ভাৰতৰ জৈৱিক সম্পদক স্বচ্ছ শক্তি, গ্ৰাম্য সমৃদ্ধি আৰু অৰ্থনৈতিক বিকাশলৈ ৰূপান্তৰিত কৰা। ২৩,৭৩১ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩৫-৩৬ বিত্তীয় বৰ্ষলৈকে ৰূপায়ণ কৰা হ'ব।
ই নিশ্চিত ক্ৰয় ব্যৱস্থা, সুস্থিৰ মূল্য নিৰ্ধাৰণ, মূলধনী সাহায্য, পাইপলাইন সংযোগ আৰু ঋণৰ সহায়ৰ জৰিয়তে ঘৰুৱা সংকুচিত জৈৱ গেছৰ উৎপাদন প্ৰায় দহগুণ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ই শক্তি সুৰক্ষা সুদৃঢ় কৰিব, ব্যক্তিগত বিনিয়োগ আকৰ্ষিত কৰিব আৰু এক চক্ৰীয় জৈৱ-অৰ্থনীতিৰ প্ৰসাৰ ঘটাব।
'গেলভানাইজিং অৰ্গেনিক বায়'-এগ্ৰ' ৰিছ'ৰ্চেছ ধন' বা চমুকৈ 'গোবৰ্ধন' পদক্ষেপটো মূলতঃ ২০১৮ চনত স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)-ৰ অধীনত আৰম্ভ কৰা হৈছিল। ই গাঁৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু গ্ৰাম্য জীৱিকাক সমৰ্থন জনাই গোবৰ আৰু কৃষি অৱশিষ্টকে ধৰি জৈৱিক আৱৰ্জনাক জৈৱ গেছ আৰু জৈৱ-স্লেৰীলৈ ৰূপান্তৰ কৰাত উৎসাহিত কৰে।
এই পদক্ষেপসমূহে সম্পদৰ চক্ৰীয় ব্যৱহাৰ সুদৃঢ় কৰে আৰু গ্ৰাম্য পৰিয়ালসমূহৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰে।
এক অধিক শক্তিশালী দুগ্ধ পৰিস্থিতিতন্ত্ৰ নিৰ্মাণ
ভাৰতৰ দুগ্ধ খণ্ড শক্তিশালী আন্তঃগাঁথনি, বৈজ্ঞানিক প্ৰজনন, গুণগত মানৰ পশু খাদ্য আৰু সুলভ পশু চিকিৎসা সেৱাৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰী পদক্ষেপসমূহে এই ক্ষেত্ৰসমূহ সুদৃঢ় কৰে, পশুধনৰ উৎপাদনশীলতা বৃদ্ধি কৰে, পশু স্বাস্থ্য সুৰক্ষিত কৰে আৰু দুগ্ধ উৎপাদক কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰে।
ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে দুগ্ধ আন্তঃগাঁথনি সুদৃঢ়কৰণ
'ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচী'য়ে সমগ্ৰ দেশতে গাখীৰ উৎপাদন বৃদ্ধি আৰু দুগ্ধ আন্তঃগাঁথনি সুদৃঢ় কৰাৰ লক্ষ্য লৈছে। ই গাখীৰ সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, বিপণন আৰু গাখীৰৰ গুণগত মানদণ্ডৰ আন্তঃগাঁথনিত সহায় আগবঢ়ায়।
এই কাৰ্যসূচীয়ে দুটা উপাদানৰ জৰিয়তে দুগ্ধ খণ্ডৰ সন্তুলিত বিকাশৰ প্ৰসাৰ ঘটায়:
উপাদান ক: গাখীৰ সংগ্ৰহ আৰু গুণগত মানদণ্ডৰ আন্তঃগাঁথনি সুদৃঢ়কৰণ ই উত্তৰ-পূৰ্বাঞ্চল, পাহাৰীয়া অঞ্চল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সংগঠিত গাখীৰ সংগ্ৰহ নেটৱৰ্ক সম্প্ৰসাৰণ কৰা আৰু গাখীৰ প্ৰক্ৰিয়াকৰণ তথা মূল্য সংযোজনৰ আন্তঃগাঁথনি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই গাঁও পৰ্যায়ৰ শীতলীকৰণ শৃংখল, গাখীৰ পৰীক্ষণ সুবিধা আৰু গুণগত মানৰ তথা পৰিষ্কাৰ গাখীৰ উৎপাদনৰ প্ৰশিক্ষণতো সহায় কৰে।
উপাদান খ: সমবায়ৰ জৰিয়তে দুগ্ধ পাম ই সংগঠিত বজাৰত কৃষকসকলৰ প্ৰৱেশাধিকাৰ উন্নত কৰি গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ বিক্ৰী বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ই দুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু বিপণন আন্তঃগাঁথনিত সহায় কৰে আৰু কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ উৎপাদকৰ মালিকানাধীন প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰে।
উপাদান খ নখন ৰাজ্যত ৰূপায়ণ কৰা হৈছে: অন্ধ্ৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগ।
২০২৬ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ ভৌতিক সাফল্যসমূহ
• ৪০,৮০০ খন নতুন দুগ্ধ সমবায় সমিতি গঠন বা পুনৰুজ্জীৱিত কৰা হৈছে।
• ২৫.৮২ লাখ অতিৰিক্ত কৃষকক অন্তৰ্ভুক্ত কৰাৰ লগতে ১৬১.১৭ লাখ অতিৰিক্ত গাখীৰ সংগ্ৰহ কৰা হৈছে।
• দৈনিক ১৬৮ লাখ লিটাৰ গাখীৰ শীতলীকৰণ ক্ষমতা সৃষ্টি কৰা হৈছে।
• ৯৪,০০০ টা গাখীৰৰ গুণগত মান পৰীক্ষণ সঁজুলি বিতৰণ কৰা হৈছে।
ৰাষ্ট্ৰীয় গোকুল মিছন
থলুৱা গো-মহিষাদি প্ৰজাতিসমূহৰ বৈজ্ঞানিক আৰু সামগ্ৰিক পদ্ধতিৰে বিকাশ তথা সংৰক্ষণৰ বাবে বিশেষভাৱে ২০১৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় গোকুল মিছন আৰম্ভ কৰা হৈছে। গাখীৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ গো-মহিষাদিৰ গাখীৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে দেশৰ গ্ৰাম্য কৃষকসকলৰ বাবে দুগ্ধ পাম অধিক লাভজনক কৰি তোলাত এই আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২০২৫ চনৰ মাৰ্চ মাহত সংশোধিত এই আঁচনিখনে প্ৰজনন আন্তঃগাঁথনি সুদৃঢ় কৰা আৰু উন্নত প্ৰজনন প্ৰযুক্তিসমূহৰ সুবিধা সম্প্ৰসাৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ পদক্ষেপসমূহৰ ভিতৰত বীৰ্য কেন্দ্ৰসমূহ শক্তিশালী কৰা, কৃত্ৰিম প্ৰজনন সেৱা সম্প্ৰসাৰণ কৰা আৰু লিংগ-নিৰ্ধাৰিত বীৰ্য তথা আই ভি এফ প্ৰযুক্তিৰ দৰে উন্নত প্ৰযুক্তিৰ জৰিয়তে প্ৰজাতিৰ মানদণ্ড উন্নয়ন ত্বৰান্বিত কৰা আদি অন্তৰ্ভুক্ত।
ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত লাভ কৰা অগ্ৰগতি:
• গ্ৰাম্য ভাৰতৰ ৫০,০২৩ গৰাকী বহুমুখী কৃত্ৰিম প্ৰজনন কাৰিকৰী কৰ্মীক প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰা হৈছে।
• ২৪ টা ইন-ভিট্ৰ' ফাৰ্টিলাইজেশ্যন পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।
• ৪৮ টা বীৰ্য কেন্দ্ৰ শক্তিশালী কৰি তোলা হৈছে।
• ৩২ টা চেঁউৰী গৰু পালন কেন্দ্ৰ মঞ্জুৰ কৰা হৈছে।
দেশজোৰা কৃত্ৰিম প্ৰজনন কাৰ্যসূচী
এই কাৰ্যসূচীৰ লক্ষ্য হৈছে কৃত্ৰিম প্ৰজননৰ পৰিসৰ বৃদ্ধি কৰা আৰু থলুৱা প্ৰজাতিকে ধৰি উচ্চ জিনীয় গুণসম্পন্ন ষাঁড়ৰ বীৰ্যৰে কৃষকৰ দুৱাৰমুখতে মানদণ্ডসম্পন্ন কৃত্ৰিম প্ৰজনন সেৱা আগবঢ়োৱা।
• ১৮.৭১ কোটিতকৈও অধিক কৃত্ৰিম প্ৰজনন সম্পন্ন কৰা হৈছে।
• প্ৰায় ১১.১৭ কোটি পশুধনক ইয়াৰ অধীনত সামৰি লোৱা হৈছে।
পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি
পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজিয়ে ব্যক্তিগত খণ্ড আৰু সমবায়সমূহত আধুনিক দুগ্ধ প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু শীতলীকৰণ শৃংখলৰ আন্তঃগাঁথনিত সহায় আগবঢ়ায়।
• ই যোগ্য হিতাধিকাৰীসকলক ৮ বছৰৰ বাবে ৩ শতাংশ সুদ ৰেহাই প্ৰদান কৰে।
• পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে ২০২০-২১ বৰ্ষৰ পৰা ব্যক্তিগত খণ্ড আৰু সমবায়সমূহৰ ২৫৮ টা দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পক ৩ শতাংশ সুদ ৰেহাইৰে সহায় কৰা হৈছে। ইয়াৰ ফলত প্ৰায় ২১,৭৯৭ কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছে।
• দৈনিক ৫০০.৫৮ লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা আৰু মূল্য সংযোজন ক্ষমতাযুক্ত প্ৰকল্পসমূহত অনুমোদন জনোৱা হৈছে।
পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী
পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীয়ে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ পশুধনৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণত সহায় কৰে। ই পশু চিকিৎসা আন্তঃগাঁথনিও সুদৃঢ় কৰে আৰু ভ্ৰাম্যমাণ পশু চিকিৎসা গোটৰ জৰিয়তে দুৱাৰমুখতে পশু চিকিৎসা সেৱা আগবঢ়ায়।
২০২৬ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত,
• ২৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৪,০১৯ টা ভ্ৰাম্যমাণ পশু চিকিৎসা গোট কাৰ্যক্ষম হৈ আছিল।
• এই গোটসমূহে প্ৰায় ১.৫ কোটি কৃষকক দুৱাৰমুখতে সেৱা আগবঢ়াইছে আৰু প্ৰায় ৩.৩ কোটি পশুধনক চিকিৎসা প্ৰদান কৰিছে।
ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী
পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ এটা উপাদান হিচাপে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীয়ে টীকাকৰণ আৰু নিৰীক্ষণৰ জৰিয়তে ব্ৰুচেলোচিছ নিয়ন্ত্ৰণৰ লগতে চবকা ৰোগ নিয়ন্ত্ৰণ আৰু পৰ্যায়ক্ৰমে নিৰ্মূল কৰাত সহায় কৰে।
২০২৬ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত,
• চবকা ৰোগৰ সৰ্বমুঠ টীকাকৰণ ১৫২ কোটি পালিতকৈও অধিক হৈছে, যাৰ ফলত প্ৰায় ৮ কোটি কৃষক উপকৃত হৈছে।
• চবকা ৰোগৰ প্ৰাদুৰ্ভাৱ ২০১৯ চনৰ ১৩২ টাৰ পৰা ২০২৫ চনত ৪০ টালৈ হ্ৰাস পাইছে।
• ব্ৰুচেলোচিছৰ প্ৰাদুৰ্ভাৱ ২০১৯ চনৰ ২২ টাৰ পৰা ২০২৫ চনত ১৫ টালৈ হ্ৰাস পাইছে।
'ভাৰত পশুধন'ৰ জৰিয়তে ডিজিটেল পশুধন অভিলেখ
পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সহযোগত 'ভাৰত পশুধন' ডাটাবেছ বিকশিত কৰিছে। ভাৰত পশুধন ডাটাবেছত পঞ্জীয়নভুক্ত পশুধনসমূহক 'পশু আধাৰ' নামেৰে পৰিচিত এক অনন্য ১২-অংকৰ কাণ-টেগ নম্বৰৰ জৰিয়তে চিনাক্ত কৰা হয়। ই পশুধনৰ ক্ষেত্ৰত কৰা সকলো ধৰণৰ কাৰ্যকলাপ যেনে টীকাকৰণ, প্ৰজনন, চিকিৎসা আদি পঞ্জীয়ন কৰাৰ বাবে এক প্ৰাথমিক সূচক হিচাপে কাম কৰে। এই ডাটাবেছে চিনাক্তকৃত পশুধনৰ ডিজিটেল তথ্য প্ৰদান কৰে আৰু পশুধন ব্যৱস্থাপনাত সহায় কৰে।
২০২৬ চনৰ ৩১ অক্টোবৰ পৰ্যন্ত,
• ৯,৯৮,৫৫,৯৫৫ গৰাকী পশুধন গৰাকীক পঞ্জীয়ন কৰা হৈছে।
• ৩৯.৪২ কোটিতকৈও অধিক পশু আধাৰ জাৰি কৰা হৈছে।
বিশ্ব বজাৰত ভাৰতীয় দুগ্ধজাত সামগ্ৰী
ভাৰতৰ দুগ্ধ খণ্ডই এক বৃহৎ ঘৰুৱা বজাৰৰ চাহিদা পূৰণ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ উপস্থিতি সম্প্ৰসাৰিত কৰিছে।
• ভাৰতে ২০২৫-২৬ বৰ্ষত ৯৭,৫২৪.৮২ মেট্ৰিক টন দুগ্ধজাত সামগ্ৰী ৰপ্তানি কৰিছে।
• উক্ত বৰ্ষত ৰপ্তানি উপাৰ্জন ৪০৭.১২ নিযুত আমেৰিকান ডলাৰত উপনীত হৈছে।
• মুখ্য ৰপ্তানি গন্তব্যস্থানসমূহৰ ভিতৰত সংযুক্ত আৰব আমিৰশ্বাহী, চৌদি আৰৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভূটান আৰু বাহৰেইন অন্তৰ্ভুক্ত আছিল।
এই ৰপ্তানিসমূহে ঘৰুৱা ব্যৱহাৰৰ সীমা অতিক্ৰম কৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় দুগ্ধজাত সামগ্ৰীৰ প্ৰসাৰ প্ৰতিফলিত কৰে।
প্ৰতিটো টোপালৰ আঁৰৰ শক্তি
ভাৰতৰ দুগ্ধ যাত্ৰাই লাখ লাখ কৃষক, মহিলা আৰু সমবায় প্ৰতিষ্ঠানসমূহৰ অৱদান প্ৰতিফলিত কৰে। বৰ্ধিত গাখীৰ উৎপাদন, অধিক শক্তিশালী আন্তঃগাঁথনি, বৈজ্ঞানিক প্ৰজনন আৰু উন্নত পশু স্বাস্থ্যসেৱাই এই খণ্ডটোৰ বিকাশত নিৰন্তৰ সহায় আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় দুগ্ধ দিৱসে ড° ভাৰ্গিজ কুৰিয়েনৰ উত্তৰাধিকাৰক সন্মান জনায় আৰু সেইসকল কৃষকক স্বীকৃতি দিয়ে, যাৰ প্ৰচেষ্টাই দুগ্ধ উৎপাদনত ভাৰতৰ অগ্ৰণী স্থান বৰ্তাই ৰাখিছে, গ্ৰাম্য জীৱিকা সুদৃঢ় কৰিছে আৰু দেশৰ পুষ্টি সুৰক্ষাত অৰিহণা যোগাইছে।
তথ্যসূত্ৰ
Ministry of Fisheries, Animal Husbandry and Dairying
https://www.dahd.gov.in/static/uploads/2026/06/9ae804b82e59e283443396dbb5a245e0.pdf
https://www.dahd.gov.in/static/uploads/2026/04/29232c53442fadce97015a62fd715e74.pdf
https://www.nddbdairyservices.com/milkproducer
https://www.nddbdairyservices.com/aboutUs
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241603®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2287675®=48&lang=2
https://www.dahd.gov.in/offerings?page=1
https://www.dahd.gov.in/offerings/schemes-and-services/details/national-programme-for-dairy-development-npdd-EjN5UTMtQWa
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2298197®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2110279®=3&lang=2
https://www.dahd.gov.in/offerings/schemes-and-services/details/livestock-health-disease-control-program-lhdcp-MzN5UTMtQWa
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2204580
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2298199
https://bharatpashudhan.ndlm.co.in/
Ministry of Cooperation
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2238399®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2247837
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2291129
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2247837®=48&lang=2
https://sansad.in/getFile/annex/268/AU3046_BTEYKH.pdf?source=pqars
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2294896
Ministry of Commerce and Industry
https://apeda.gov.in/DairyProducts
Ministry of Petroleum & Natural Gas
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2317937&lang=1®=3
PIB Backgrounder
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2194086®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2302242
https://www.pib.gov.in/FactsheetDetails.aspx?id=150838&ModuleId=16®=percent203&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2212724®=3&lang=2
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/aug/doc202686946301.pdf
Click here to see pdf
PIB Research/RD
(तथ्य सामग्री आईडी: 151225)
आगंतुक पटल : 7
Provide suggestions / comments