Infrastructure

কামৰাজাৰ বন্দৰৰ সম্প্ৰসাৰণ: ভাৰতৰ কণ্টেইনাৰ আন্তঃগাঁথনিৰ সুদৃঢ়কৰণ

प्रविष्टि तिथि: 28 NOV 2026 13:52 PM

ভাৰতত কণ্টেইনাৰৰ সৰবৰাহ: বন্দৰৰ ক্ষমতাৰ বৰ্ধিত চাহিদা

ভাৰতৰ সামুদ্ৰিক নেটৱৰ্ক গোলকীয় বজাৰলৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ দুৱাৰমুখ। পৰিমাণৰ ফালৰ পৰা দেশৰ বাণিজ্যৰ প্ৰায় ৯৫ শতাংশ আৰু মূল্যৰ ফালৰ পৰা প্ৰায় ৭০ শতাংশ সামুদ্ৰিক পথেৰে সম্পন্ন হয়। বাণিজ্য বৃদ্ধি হোৱাৰ লগে লগে অধিক পৰিমাণৰ সামগ্ৰী পৰিচালনা কৰিবলৈ বন্দৰসমূহে নিজৰ ক্ষমতা সম্প্ৰসাৰণ কৰিব লাগিব।

২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ভাৰতীয় বন্দৰসমূহত কণ্টেইনাৰৰ সৰবৰাহ ৬.৯ শতাংশ চক্ৰবৃদ্ধি বাৰ্ষিক বিকাশৰ হাৰত বৃদ্ধি পাই ২৫.৭ নিযুত বিছ-ফুট সমতুল্য একক অৰ্থাৎ টি ই ইউত উপনীত হৈছে। এটা টি ই ইউ হৈছে কণ্টেইনাৰৰ ক্ষমতা জোখা এক মানক একক, যি এটা ২০-ফুট দৈৰ্ঘ্যৰ জাহাজৰ কণ্টেইনাৰৰ সমতুল্য। ২০৩০ বিত্তীয় বৰ্ষৰ ভিতৰত কণ্টেইনাৰৰ সৰবৰাহ প্ৰায় ৪০ নিযুত টি ই ইউত উপনীত হোৱাৰ অনুমান কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image003_20261128134944_2e2659.jpg

২০১৪–১৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ভাৰতৰ মুখ্য বন্দৰসমূহৰ সামগ্ৰী পৰিচালনা ক্ষমতা বাৰ্ষিক ৮৭৩ নিযুত টনৰ পৰা ১,৭২৮ নিযুত টনলৈ বৃদ্ধি পাইছে। এই বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ২০২৬ চনৰ ২৫ নৱেম্বৰত তামিলনাডুৰ কামৰাজাৰ প'ৰ্ট লিমিটেডত দ্বিতীয়টো কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হ'লে ই বাৰ্ষিক ২ নিযুত টি ই ইউ ক্ষমতা সংযোজন কৰিব।

কামৰাজাৰ বন্দৰ: বৰ্তমানৰ আন্তঃগাঁথনিৰ ভেটিত নিৰ্মাণ

চেন্নাইৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ উত্তৰে অৱস্থিত কামৰাজাৰ বন্দৰ তামিলনাডুৰ ঔদ্যোগিক পশ্চাদভূমিৰ বাবে এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক দুৱাৰমুখ। পূৰ্বতে এন্নোৰ প'ৰ্ট লিমিটেড নামেৰে পৰিচিত কামৰাজাৰ প'ৰ্ট লিমিটেড ভাৰতৰ ১২ টা মুখ্য বন্দৰৰ ভিতৰত অন্যতম। ই কয়লা, পেট্ৰ'লিয়াম সামগ্ৰী, এল এন জি, এল পি জি, কণ্টেইনাৰ, অট'ম'বাইল আৰু সাধাৰণ সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ মালবস্তু পৰিচালনা কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image004_20261128134950_243253.jpg

কামৰাজাৰ বন্দৰ, চেন্নাই

কামৰাজাৰ বন্দৰৰ প্ৰথমটো কণ্টেইনাৰ টাৰ্মিনেলে ২০১৮ চনৰ মাৰ্চ মাহত বাৰ্ষিক ০.৮ নিযুত টি ই ইউ পৰিচালনা ক্ষমতাৰে বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিছিল।

২০২৫–২৬ বিত্তীয় বৰ্ষত ই প্ৰায় ৮৮ শতাংশ ক্ষমতাৰে কাৰ্যক্ষম হৈ প্ৰায় ০.৭ নিযুত টি ই ইউ পৰিচালনা কৰিছিল। বিগত পাঁচ বছৰত বন্দৰটোত কণ্টেইনাৰৰ সৰবৰাহ বাৰ্ষিক প্ৰায় ৯.৯ শতাংশকৈ বৃদ্ধি পাইছে।

২০২৫–২৬ বিত্তীয় বৰ্ষত কামৰাজাৰ প'ৰ্ট লিমিটেডে প্ৰায় ১,২৮০ কোটি টকাৰ ৰাজহ আৰু ৯২৪ কোটি টকাৰ কৰ-পূৰ্বৱৰ্তী লাভ নথিভুক্ত কৰিছে। বিগত পাঁচ বছৰত ইয়াৰ সামগ্ৰী সৰবৰাহে ১৩.৬৪ শতাংশ চক্ৰবৃদ্ধি বাৰ্ষিক বিকাশৰ হাৰ পঞ্জীয়ন কৰিছে, যিয়ে বন্দৰটোৰ কাৰ্যকলাপৰ নিৰন্তৰ বিকাশ সূচায়।

 

ড্ৰেজিং কি?

জাহাজ চলাচলৰ পথ গভীৰ কৰিবলৈ বা সুচল কৰি ৰাখিবলৈ সাগৰৰ তলিৰ পৰা বালি, পলস আৰু অন্যান্য পদাৰ্থ আঁতৰোৱা প্ৰক্ৰিয়াকেই ড্ৰেজিং বোলা হয়। ইয়াৰ ফলত অধিক ড্ৰাফ্টযুক্ত জাহাজসমূহে নিৰাপদে বন্দৰত প্ৰৱেশ কৰিব পাৰে।

 

গভীৰ নৌ-চলাচল পথৰ সুবিধাৰ জৰিয়তে বন্দৰটোৱে নিজৰ সামুদ্ৰিক আন্তঃগাঁথনি সুদৃঢ় কৰিছে। ২০২৬ চনৰ জুলাই মাহৰ ভিতৰত ই 'কেপিটেল ড্ৰেজিং ষষ্ঠ পৰ্যায়' সম্পূৰ্ণ কৰি ১৮ মিটাৰ কাৰ্যকৰী ড্ৰাফ্ট (জাহাজ এখনক ইয়াৰ ভাৰসীমালৈকে ডুবাই ৰাখিবলৈ প্ৰয়োজনীয় গভীৰতা) অৰ্জন কৰিছে। ইয়াৰ ফলত কামৰাজাৰ বন্দৰে ১,৭০,০০০ ডেড ৱেইট টনেজ পৰ্যন্ত সম্পূৰ্ণ বোজাই কৰা কেপছাইজ জাহাজ আদৰণি জনাবলৈ সক্ষম হৈছে। বিশাখাপট্টনম বন্দৰৰ পাছতে এই সামৰ্থ্য অৰ্জন কৰা ই ভাৰতৰ দ্বিতীয়টো মুখ্য বন্দৰ হিচাপে পৰিগণিত হৈছে।

দ্বিতীয় কণ্টেইনাৰ টাৰ্মিনেল: কামৰাজাৰ বন্দৰৰ ক্ষমতা সম্প্ৰসাৰণ

প্ৰস্তাৱিত টাৰ্মিনেলটোৱে বাৰ্ষিক দুই নিযুত টি ই ইউ ক্ষমতা সংযোজন কৰি বন্দৰটোৰ কণ্টেইনাৰ পৰিচালনাৰ সামৰ্থ্য বৃদ্ধি কৰিব। ১১১ একৰ জোৰা এই আন্তঃগাঁথনিটোত টাৰ্মিনেলৰ দৈৰ্ঘ্য ৯০০ মিটাৰ, বাৰ্থৰ প্ৰস্থ ৩০ মিটাৰ, আৰ্হিগত ড্ৰাফ্ট ১৮ মিটাৰ আৰু বাৰ্থৰ কাষৰ পানীৰ গভীৰতা ২০ মিটাৰ হ'ব। ই ২৪,৩৪৬ টি ই ইউ পৰ্যন্ত ক্ষমতাযুক্ত আৰু ৪০০ মিটাৰ পৰ্যন্ত দীঘল কণ্টেইনাৰ জাহাজ পৰিচালনা কৰিব পাৰিব। এই টাৰ্মিনেলটোৱে তামিলনাডু, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ উদ্যোগসমূহক সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে। অঞ্চলটোৰ মুখ্য ঔদ্যোগিক ক্ষেত্ৰসমূহৰ ভিতৰত চেন্নাই–শ্ৰীপেৰুম্বুদুৰ–অৰাগাডাম, হোছুৰ, বেংগালুৰু, শ্ৰী চিটী আৰু তিৰুপতি অন্তৰ্ভুক্ত।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image005_20261128135008_61771c.jpg

  • বিনিয়োগ আৰু পৰ্যায়ক্ৰমিক বিকাশ: প্ৰকল্পটো আৰ্হি, নিৰ্মাণ, বিত্তীয় যোগান, পৰিচালনা আৰু হস্তান্তৰ ভিত্তিত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত বিকশিত কৰা হ'ব। জি এছ টিসহ এই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব প্ৰকল্পটোৰ আনুমানিক ব্যয় ৪,২৮৮.২৬ কোটি টকা। ড্ৰেজিঙৰ বাবে কামৰাজাৰ প'ৰ্ট লিমিটেডে পৃথকৈ আনুমানিক ৪৫০ কোটি টকা বহন কৰিব। প্ৰকল্পটো দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব।
  • ৰূপায়ণৰ সময়সীমা: প্ৰকল্পটোৰ ৰেহাইৰ ম্যাদ ৪০ বছৰ হ'ব আৰু ইয়াৰ নিৰ্মাণ কাৰ্য ৪৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ৰেহাই চুক্তি স্বাক্ষৰিত হোৱাৰ দুবছৰৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে আৰু ২৫ সংখ্যক মাহত বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হ'ব। চতুৰ্থ বৰ্ষৰ শেষৰ ফালে দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে আৰু ৪৯ সংখ্যক মাহত সম্পূৰ্ণ টাৰ্মিনেলটো কাৰ্যক্ষম হৈ উঠিব।
  • কৰ্মসংস্থাপন সৃষ্টি: নিৰ্মাণৰ সময়ছোৱাত এই প্ৰকল্পটোৱে প্ৰায় ৭৫০ টা প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। পৰিচালনা পৰ্যায়ত প্ৰায় ৮০০ টা কৰ্মসংস্থাপন সৃষ্টি হ'ব বুলি আশা কৰা হৈছে।

সামৰণি

নতুন টাৰ্মিনেলটোৱে ভাৰতৰ বৰ্ধিত কণ্টেইনাৰ বাণিজ্য পৰিচালনাৰ ক্ষেত্ৰত কামৰাজাৰ বন্দৰৰ ভূমিকা অধিক শক্তিশালী কৰিব। আঞ্চলিক উদ্যোগসমূহৰ বাবে কণ্টেইনাৰ পৰিচালনাৰ সা-সুবিধা উন্নত কৰি ই সামগ্ৰীৰ সৰবৰাহ আৰু বাণিজ্যিক সংযোগত সহায় কৰিব বুলি আশা কৰা হৈছে।

এই প্ৰকল্পটো 'মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০'-ৰ সৈতে সংগতিপূৰ্ণ, যিয়ে বন্দৰৰ ক্ষমতা, আধুনিক সামগ্ৰী পৰিচালনা প্ৰযুক্তি আৰু বহুমুখী সংযোগক অগ্ৰাধিকাৰ দিয়ে। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত ইয়াৰ পৰ্যায়ক্ৰমিক বিকাশেও উক্ত দৃষ্টিভংগীত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ ওপৰত দিয়া গুৰুত্বক সমৰ্থন কৰে।

তথ্যসূত্ৰ

Cabinet https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/nov/doc_10580_20261125_16131201.pdf

Cabinet Committee on Economic Affairs (CCEA)

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2341174&reg=48&lang=1

Ministry of Ports, Shipping and Waterways

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2282243&lang=2&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2286971&lang=1&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2233239&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2341189&lang=1&reg=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2227670&lang=1&reg=3

https://www.shipmin.gov.in/en/node/138

https://www.kamarajarport.in/about/genesis

https://www.kamarajarport.in/projects

https://www.kamarajarport.in/kpl-images

https://shipmin.gov.in/sites/default/files/Dredging%20Guidelines%20for%20Major%20Ports%202021.pdf

https://shipmin.gov.in/en/content/dredging-guidelines-major-ports2021

https://shipmin.gov.in/sites/default/files/502392410Annex.pdf

United Nations Economic Commission for Europe

https://unece.org/DAM/trans/main/wp6/pdfdocs/Glossary_for_Transport_Statistics_EN.pdf

Kamarajar Port Expansion: Strengthening India’s Container Infrastructure

*****

PIB Research/RD

(तथ्य सामग्री आईडी: 151230) आगंतुक पटल : 19


Provide suggestions / comments
इस विश्लेषक को इन भाषाओं में पढ़ें : English , Malayalam , Bengali