Social Welfare
ভাৰতত তৃতীয় লিংগৰ লোকৰ অধিকাৰ
আইনী সংস্কাৰ আৰু সৰ্বাংগীণ প্ৰগতি
Posted On:
19 NOV 2025 10:50AM
মুখ্য তথ্য
তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ আৰু ইয়াৰ অধিনিয়ম, ২০২০-এ তৃতীয় লিংগৰ ব্যক্তিক আইনী স্বীকৃতি, কল্যাণমূলক ব্যৱস্থা আৰু বৈষম্যৰ পৰা সুৰক্ষা নিশ্চিত কৰে।
চৰকাৰে ২১ আগষ্ট, ২০২০ তাৰিখৰ অধিসূচনাৰ জৰিয়তে এই আইনৰ অধীনত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ গঠন কৰে।
SMILE পদক্ষেপে গৰিমা গৃহ আশ্ৰয় শিবিৰ আৰু দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে প্ৰান্তীয় লোকসকলৰ জীৱিকা, স্বাস্থ্যসেৱা, শিক্ষা আৰু পুনৰ্বাসনত সহায় কৰে।
তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্টেলে বহুভাষিক ডিজিটেল সেৱাৰ জৰিয়তে সমস্যামুক্ত প্ৰমাণপত্ৰ, চৰকাৰী আঁচনিৰ সুবিধা আৰু স্বচ্ছতা নিশ্চিত কৰে।
ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৯ আৰু ২১ নং অনুচ্ছেদে তৃতীয় লিংগৰ ব্যক্তিক সমতা, মৰ্যাদা আৰু বৈষম্যহীনতাৰ নিশ্চয়তা প্ৰদান কৰে।
পাতনি
২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত লিংগ শ্ৰেণীত “অন্য” বিকল্প বাছি লোৱা ৪.৮৭ লাখ লোক আছিল। এই সংখ্যা দেশৰ non-binary লোকৰ জনসংখ্যা বুলি ধৰা হয়।
ভাৰতে ব্যাপক আইনী সুৰক্ষা, কল্যাণমূলক আঁচনি আৰু ডিজিটেল প্ৰৱেশৰ জৰিয়তে তৃতীয় লিংগ সম্প্ৰদায়ৰ ঐতিহাসিক প্ৰান্তীয়কৰণৰ সমাধানৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এই পৰিৱৰ্তনে ভাৰতীয় সমাজত অন্তৰ্ভুক্তি আৰু সমতাক প্ৰসাৰিত কৰাৰ বাবে ক্ৰমবৰ্ধমান সজাগতা আৰু প্ৰচেষ্টাক প্ৰতিফলিত কৰে।

২০১৪ চনৰ ১৫ এপ্ৰিলৰ NALSA গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ট্ৰেনজেণ্ডাৰসকলক “তৃতীয় লিংগ” হিচাপে স্পষ্টভাৱে স্বীকৃতি দিছিল। উক্ত ৰায়দানত তেওঁলোকৰ লিংগ পৰিচয়ৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক দৃঢ়তাৰে কোৱা হয় আৰু তেওঁলোকৰ আইনী স্বীকৃতি, সমতা আৰু বৈষম্যহীনতা নিশ্চিত কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হয়।
তৃতীয় লিংগৰ ব্যক্তিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ চৰকাৰে তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ আৰু ইয়াৰ নিয়মাৱলী, ২০২০ প্ৰণয়ন কৰিছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পৰিষদ গঠন আৰু ৰাষ্ট্ৰীয় পৰ্টেল মুকলি কৰাৰ দৰে পদক্ষেপে তেওঁলোকৰ ব্যৱস্থাগত সমৰ্থন আৰু সবলীকৰণৰ ভেটি স্থাপন কৰিছে। এই পদক্ষেপসমূহে সম অধিকাৰ, মৰ্যাদা, বৈষম্যহীনতা আৰু মূলসুঁতিৰ সফল একত্ৰীকৰণ নিশ্চিত কৰে।
সাংবিধানিক বিধানসমূহ
ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৪ চনৰ ১৫ এপ্ৰিলত ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষ (NALSA) বনাম ইউনিয়ন অৱ ইণ্ডিয়া [২০১২ চনৰ লেখ আবেদন (চিভিল) নং ৪০০] গোচৰত দিয়া ৰায়ত তৃতীয় লিংগৰ ব্যক্তিক “তৃতীয় লিংগ” হিচাপে স্পষ্টভাৱে স্বীকৃতি দিছে আৰু ১৪, ১৫, ১৬, ১৯ আৰু সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত সাংবিধানিক সুৰক্ষাৰ অধিকাৰ প্ৰদান কৰিছে।
তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯
২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা বলৱৎ হোৱা এই আইনখনে তৃতীয় লিংগৰ ব্যক্তিক আইনী স্বীকৃতি প্ৰদান কৰে, বৈষম্য নিষিদ্ধ কৰে, আৰু তেওঁলোকৰ কল্যাণমূলক ব্যৱস্থাৰ নিৰ্দেশ দিয়ে।
মূল বিধানসমূহৰ ভিতৰত আছে :
অনুচ্ছেদ ২: সংজ্ঞা (যেনে, "তৃতীয় লিংগৰ ব্যক্তি"ত অস্ত্ৰোপচাৰ নিৰ্বিশেষে তৃতীয় লিংগৰ ব্যক্তি/মহিলা, উভয়লিংগী, লিংগ কুইয়াৰ, হিজড়া আদিৰ অন্তৰ্ভুক্ত কৰা হৈছে)।
অনুচ্ছেদ ৩: শিক্ষা, নিয়োগ, স্বাস্থ্যসেৱা, ৰাজহুৱা সেৱা, গৃহ নিৰ্মাণ আৰু চলাচলৰ ক্ষেত্ৰত বৈষম্য নিষিদ্ধ কৰে।
অনুচ্ছেদ ৪-৭: স্বনিৰ্ধাৰিত পৰিচয়ৰ অধিকাৰ; পৰিচয় পত্ৰৰ বাবে আবেদন (জিলা দণ্ডাধীশৰ জৰিয়তে); আৰু অস্ত্ৰোপচাৰৰ পিছত সংশোধিত প্ৰমাণপত্ৰ।
অনুচ্ছেদ ৮: কল্যাণমূলক আঁচনি, অন্তৰ্ভুক্তি, উদ্ধাৰ আৰু পুনৰ্বাসনৰ বাবে চৰকাৰী বাধ্যবাধকতা।
অনুচ্ছেদ ৯-১২: নিয়োগৰ ক্ষেত্ৰত বৈষম্যহীনতা; অভিযোগ বিষয়া নিযুক্তি আৰু পৰিয়ালত থকাৰ অধিকাৰ।
১৩-১৫ নং অনুচ্ছেদ: অন্তৰ্ভুক্ত শিক্ষা; বৃত্তিমূলক প্ৰশিক্ষণ আঁচনি; আৰু স্বাস্থ্যসেৱা (যেনে, লিংগ পুনৰসংস্থাপন অস্ত্ৰোপচাৰ, পৰামৰ্শ, আৰু বীমা কভাৰেজ)।
১৬-১৮ অনুচ্ছেদ: তৃতীয় লিংগৰ ব্যক্তিৰ বাবে এখন ৰাষ্ট্ৰীয় পৰিষদ গঠন (যিটোৱে চৰকাৰক নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ ওপৰত নিৰীক্ষণৰ পৰামৰ্শ দিয়ে)।
১৯-২০ অনুচ্ছেদ: অপৰাধ (বৈষম্যৰ শাস্তি দুবছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা); ক্ষতিপূৰণ আৰু পৰিদৰ্শনৰ ক্ষমতা।
২১-২৪ অনুচ্ছেদ: সদিচ্ছাৰে কৰা কামৰ বাবে নিয়ম আৰু আইনী সুৰক্ষা প্ৰণয়নৰ ক্ষমতা।
তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) অধিনিয়ম, ২০২০
আইনখনৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ বাবে যোৱা ২৫ ছেপ্টেম্বৰ, ২০২০ত প্ৰণয়ন কৰা হৈছিল "তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) নিয়ম, ২০২০"।
অধিনিয়ম ১১(৫) অনুসৰি প্ৰতিখন ৰাজ্যই তৃতীয় লিংগৰ ব্যক্তিৰ সুৰক্ষা কোষ গঠন কৰিব, যাৰ উদ্দেশ্য হ’ব তৃতীয় লিংগৰ ব্যক্তিৰ বিৰুদ্ধে অপৰাধৰ গোচৰসমূহ নিৰীক্ষণ কৰা আৰু সময়মতে এনে অপৰাধৰ পঞ্জীয়ন, তদন্ত আৰু গোচৰ চলোৱাটো নিশ্চিত কৰা। এতিয়ালৈকে তলত উল্লেখ কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ২০টা তৃতীয় লিংগৰ ব্যক্তি সুৰক্ষা কোষ স্থাপন কৰিছে :
|
আন্দামান আৰু নিকোবৰ, অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, চণ্ডীগড়, ছত্তীচগড়, দিল্লী, জম্মু-কাশ্মীৰ, মণিপুৰ, মহাৰাষ্ট্ৰ, মিজোৰাম, ওড়িশা, পঞ্জাব, ৰাজস্থান, ছিকিম, তেলেংগানা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ।
|
অধিনিয়ম ১০(১) অনুসৰি তৃতীয় লিংগৰ ব্যক্তিৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে আঁচনি আৰু কল্যাণমূলক ব্যৱস্থাৰ সুবিধা লাভৰ বাবে তৃতীয় লিংগৰ ব্যক্তি কল্যাণ ব’ৰ্ড গঠন কৰা হৈছে। এতিয়ালৈকে তলত উল্লেখ কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ২৫খন তৃতীয় লিংগৰ ব্যক্তি কল্যাণ ব’ৰ্ড স্থাপন কৰিছে :
|
আন্দামান আৰু নিকোবৰ, অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, চণ্ডীগড়, ছত্তীচগড়, গুজৰাট, হাৰিয়ানা, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পুডুচেৰী, ৰাজস্থান, পঞ্জাব, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ।
|
চৰকাৰী পদক্ষেপবোৰ
ভাৰত চৰকাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ জৰিয়তে তৃতীয় লিংগৰ ব্যক্তিসকলৰ সুৰক্ষা আৰু সবলীকৰণৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। নেচনেল কাউন্সিল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চনে নীতিগত বিষয়ত পৰামৰ্শ দিয়ে আৰু কল্যাণমূলক আঁচনিসমূহ নিৰীক্ষণ কৰে। ২০২০ চনৰ ২৫ নৱেম্বৰত আৰম্ভ হোৱা নেচনেল পৰ্টেল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ জৰিয়তে পৰিচয় পত্ৰৰ বাবে অনলাইন আবেদন আৰু অন্যান্য সুবিধা প্ৰদান কৰা হয়। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা SMILE আঁচনিখনে গৰিমা গৃহ কেন্দ্ৰ আৰু আয়ুষ্মান ভাৰত টি জি প্লাছ স্বাস্থ্য কভাৰেজৰ জৰিয়তে জীৱিকা, দক্ষতা প্ৰশিক্ষণ আৰু আশ্ৰয়ৰ সহায় আগবঢ়ায়। এই পদক্ষেপসমূহে সামূহিকভাৱে তৃতীয় লিংগৰ নাগৰিকসকলৰ বাবে অন্তৰ্ভুক্তি, মৰ্যাদা, আৰু সম সুযোগৰ প্ৰসাৰ ঘটায়।
ইয়াৰ উপৰি তৃতীয় লিংগৰ সমাজে যাতে নিয়োগৰ সুযোগ আদিৰ সমান সুবিধা লাভ কৰে তাৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে “তৃতীয় লিংগৰ ব্যক্তিৰ বাবে সম সুযোগ নীতি” নিশ্চিত কৰিছে।
নেচনেল কাউন্সিল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন
কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ২১ আগষ্টত তৃতীয় লিংগৰ ব্যক্তিৰ ৰাষ্ট্ৰীয় পৰিষদ গঠন কৰি ১৬ নৱেম্বৰ, ২০২৩ তাৰিখৰ অধিসূচনাৰ জৰিয়তে পুনৰ গঠন কৰে। ভাৰতত তৃতীয় লিংগৰ ব্যক্তিৰ অধিকাৰ সুৰক্ষিত আৰু প্ৰসাৰৰ বাবে ই সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বিধিগত সংস্থা হিচাপে কাম কৰে। পৰিষদত তৃতীয় লিংগ সম্প্ৰদায়ৰ পাঁচজন প্ৰতিনিধি, NHRC আৰু NCWৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি আৰু NGO’সমূহক প্ৰতিনিধিত্ব কৰা বিশেষজ্ঞও আছে।

কাৰ্য্য আৰু দায়িত্ব
পৰামৰ্শদাতাৰ ভূমিকা - তৃতীয় লিংগৰ ব্যক্তি সম্পৰ্কীয় নীতি, কাৰ্যসূচী, আইন আৰু প্ৰকল্প প্ৰণয়নত কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়া।
নিৰীক্ষণ আৰু মূল্যায়ন - তৃতীয় লিংগৰ ব্যক্তিৰ সমতা আৰু সম্পূৰ্ণ অংশগ্ৰহণ লাভৰ বাবে আৰ্হি প্ৰস্তুত কৰা নীতি আৰু কাৰ্যসূচীৰ প্ৰভাৱ নিৰীক্ষণ আৰু মূল্যায়ন কৰা।
পৰ্যালোচনা আৰু সমন্বয় - তৃতীয় লিংগৰ ব্যক্তিৰ সৈতে কাম কৰা সকলো চৰকাৰী বিভাগ আৰু বেচৰকাৰী সংস্থাৰ কাম-কাজ পৰ্যালোচনা আৰু সমন্বয় কৰা। উদ্দেশ্য হৈছে সামঞ্জস্য বা ফলপ্ৰসূতা নিশ্চিত কৰা আৰু বিকল্প বা সুৰুঙা এৰাই চলা।
অভিযোগ নিৰাময় – তৃতীয় লিংগৰ ব্যক্তিৰ অভিযোগ আঁতৰোৱা।
অন্যান্য নিৰ্ধাৰিত কাৰ্য্যসমূহ - কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব পৰা অন্যান্য কাম-কাজ সম্পাদন কৰা।
SMILE আঁচনি – (জীৱিকা আৰু উদ্যোগীকৰণৰ বাবে প্ৰান্তীয় ব্যক্তিৰ বাবে সমৰ্থন)
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয় (MoSJ&E)য়ে আৰম্ভ কৰা এই SMILE আঁচনিখন হৈছে ভাৰতৰ তৃতীয় লিংগৰ ব্যক্তি আৰু অন্যান্য প্ৰান্তীয় সম্প্ৰদায়ৰ ব্যাপক পুনৰ্বাসন আৰু সৱলীকৰণৰ বাবে এক ধ্বজাবাহী পদক্ষেপ। কেন্দ্ৰীয় আঁচনি হিচাপে প্ৰৱৰ্তিত SMILE ২০২২ চনৰ ১২ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল আৰু তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ৰ সৈতে সামঞ্জস্য ৰাখিবলৈ কাৰ্যকৰী কৰা হৈছিল।
SMILE ৰ লক্ষ্য হৈছে ১৪, ১৫, আৰু ২১ নং অনুচ্ছেদৰ অধীনত সাংবিধানিক অধিকাৰ ৰক্ষা কৰা, তৃতীয় লিংগৰ ব্যক্তিৰ বাবে সমতা, বৈষম্যহীনতা, আৰু মৰ্যাদাৰ অধিকাৰ নিশ্চিত কৰা। এই আঁচনিখনে নিৰ্দিষ্ট লক্ষ্য আৰু অন্তৰ্ভুক্ত হস্তক্ষেপৰ জৰিয়তে তেওঁলোকৰ আৰ্থ-সামাজিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি তৃতীয় লিংগৰ ব্যক্তিসকলক মূলসুঁতিলৈ অনাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে ।
SMILE আঁচনিখনৰ আৰ্হি "তৃতীয় লিংগৰ ব্যক্তিৰ কল্যাণৰ বাবে বিস্তৃত পুনৰ্বাসন"ৰ জৰিয়তে সামগ্ৰিক সমৰ্থন প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে।

SMILE আঁচনিৰ মূল পদক্ষেপসমূহ
দক্ষতা বিকাশ আৰু নিয়োগ - নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ কাৰ্যসূচী প্ৰদান কৰা আৰু অন্তৰ্ভুক্ত শিক্ষা আৰু বৃত্তিমূলক সুযোগ বাধ্যতামূলক কৰা।
বৃত্তি আঁচনি - এই বৃত্তিসমূহৰ লক্ষ্য হৈছে তৃতীয় লিংগৰ ছাত্ৰ-ছাত্ৰীসকলৰ আধাতে বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰা আৰু একক লগ-ইন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি স্বয়ংক্ৰিয় অনলাইন ব্যৱস্থাৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ পৰিৱৰ্তন কৰাত সহায় কৰা।
সংহত স্বাস্থ্যসেৱা - চৰকাৰে তলত উল্লেখ কৰা ব্যৱস্থাসমূহৰ জৰিয়তে তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰে। ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয় উভয়তে এই সুবিধাসমূহ উপলব্ধ:
সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত স্বাস্থ্যৰ অধিকাৰ সমৰ্থন কৰি বিনামূলীয়া চিকিৎসা পৰিসীমাৰ বাবে আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PM-JAY) ৰ সৈতে লিংগ-নিশ্চিত যত্ন, এইচআইভি নিৰীক্ষণ, পৰামৰ্শ আৰু একত্ৰীকৰণ প্ৰদান কৰা।
তৃতীয় লিংগৰ লোকৰ বাবে এক নিবেদিত স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত টি জি প্লাছৰ শুভাৰম্ভ।
বছৰি প্ৰতিজন ব্যক্তিৰ বাবে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা কভাৰেজ প্ৰদান কৰা।
এই বীমাই নিম্নোক্ত বিষয়সমূহকে ধৰি এক বিস্তৃত স্বাস্থ্যসেৱা পেকেজ সামৰি লয় :
লিংগ-নিশ্চিতকৰণ পদ্ধতি
হৰম’ন থেৰাপী
লিংগ ৰিএচাইনমেণ্ট অস্ত্ৰোপচাৰ (SRS) আৰু অস্ত্ৰোপচাৰৰ পিছৰ যত্ন।
নিৰাপদ আশ্ৰয় – ট্ৰেন্সজেণ্ডাৰ আইন, ২০১৯ৰ ধাৰা ১২(৩) অনুসৰি পিতৃ-মাতৃ বা তেওঁৰ নিকট পৰিয়ালৰ কোনো সদস্যই ট্ৰেন্সজেণ্ডাৰৰ যত্ন ল'ব নোৱাৰিলেও, সক্ষম আদালতে এক নিৰ্দেশৰ জৰিয়তে এনে ব্যক্তিক পুনৰ্বাসন কেন্দ্ৰত স্থাপন কৰিবলৈ নিৰ্দেশ দিব। ইয়াৰ সমান্তৰালভাৱে, SMILE আঁচনিখনে খাদ্য, চিকিৎসা সেৱা আৰু বিনোদনমূলক সুবিধাৰ দৰে প্ৰয়োজনীয় ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলক আশ্ৰয় প্ৰদান কৰিবলৈ গৰিমা গৃহ স্থাপনৰ ব্যৱস্থা কৰে।
অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, দিল্লী, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ (২), মহাৰাষ্ট্ৰ (৩), মণিপুৰ, উৰিষ্যা, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ (২)ৰ দৰিদ্ৰ তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে ২১টা গৰিমা গৃহ, আশ্ৰয় গৃহ স্থাপন কৰা হৈছে। শেহতীয়াকৈ পুডুচেৰী, বাস্তি আৰু গৌতমবুদ্ধ নগৰত আৰু ৩টা গৰিমা গৃহ স্থাপনত অনুমোদন জনোৱা হৈছে।
সুৰক্ষা কোষ আৰু ৰাষ্ট্ৰীয় পৰ্টেলৰ সমন্বয় - আইনী সুৰক্ষা শক্তিশালী কৰিবলৈ জিলা দণ্ডাধীশৰ অধীনত জিলা পৰ্য্যায়ৰ কোষ গঠন কৰা হৈছে, যাৰ কাম হৈছে অপৰাধ নিৰীক্ষণ, এফআইআৰ সময়মতে পঞ্জীয়ন নিশ্চিত কৰা আৰু সংবেদনশীলতা কাৰ্যসূচী চলোৱা।


নেচনেল পৰ্টেল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন

যোগ্য তৃতীয় লিংগৰ ব্যক্তিক প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদানৰ বাবে ২০২০ চনৰ ২৫ নৱেম্বৰত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্টেল আৰম্ভ কৰা হৈছিল। পৰ্টেলটো একাধিক ভাষাত (ইংৰাজী, হিন্দী, গুজৰাটী, মালয়ালম আৰু বাংলা) উপলব্ধ। ই সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়া, য’ত আবেদনকাৰীয়ে টি জি প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰে আৰু কোনো কাৰ্যালয়লৈ নোযোৱাকৈ ইয়াক জাৰি কৰাৰ পিছত ডাউনলোড কৰিব পাৰে।
সামৰণি
শেহতীয়া বছৰবোৰত ভাৰত চৰকাৰ আৰু ইয়াৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ নেতৃত্বত ভাৰতৰ তৃতীয় লিংগৰ সম্প্ৰদায়ৰ বাবে গুৰুত্বপূৰ্ণ আইনী আৰু নীতিগত সংস্কাৰ কৰা দেখা গৈছে। তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ৰ পৰৱৰ্তী সংশোধনী আৰু SMILE আৰু গৰিমা গৃহৰ দৰে লক্ষ্যনিৰ্ধাৰিত আঁচনিৰ জৰিয়তে তৃতীয় লিংগৰ ব্যক্তিসকলৰ ইতিবাচক পদক্ষেপ, আইনী স্বীকৃতি আৰু সামাজিক সুৰক্ষাৰ বাবে শক্তিশালী ভেটি স্থাপন কৰিছে। ২০০৫ চনত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে সজাগতা বৃদ্ধি কৰিবলৈ, কলঙ্ক দূৰ কৰিবলৈ আৰু নীতিৰ পৰিকাঠামো আৰু ৰাজহুৱা জীৱনত তৃতীয় লিংগৰ ব্যক্তিসকলৰ ফলপ্ৰসূ অন্তৰ্ভুক্তি নিশ্চিত কৰিবলৈ সামৰ্থ্য বিকাশ কাৰ্যসূচী, ৰাষ্ট্ৰীয় প্ৰচাৰ অভিযান আৰু সন্মিলনৰ আয়োজন অব্যাহত ৰাখিছে।
ভাৰত অধিক ন্যায়সংগত ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে, তৃতীয় লিংগৰ ব্যক্তিসকলে মৰ্যাদা, স্বায়ত্তশাসন আৰু সুযোগৰ সৈতে জীয়াই থকাটো নিশ্চিত কৰাটো গণতান্ত্ৰিক আৰু মানৱ অধিকাৰৰ প্ৰতিশ্ৰুতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
সমল:
Press Information Bureau:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2042571
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2163005
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2157945#:~:text=The%20Garima%20Grehs%20supported%20by,DoSJE%20in%2015%20States%2FUTs.
https://pib.gov.in
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2022/jun/doc202263068801.pdf
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1648221
Press Release: Press Information Bureau
Press Release:Press Information Bureau
Supreme Court of India
https://api.sci.gov.in/supremecourt/2022/36593/36593_2022_1_1501_47792_Judgement_17-Oct-2023.pdf
Ministry of Social Justice and Empowerment:
https://transgender.dosje.gov.in/
https://socialjustice.gov.in/public/ckeditor/upload/2021-22%20AR%20Social%20Justice%20English_1648809478.pdf
https://socialjustice.gov.in/writereaddata/UploadFile/44051740858189.pdf
https://socialjustice.gov.in/writereaddata/UploadFile/32691723633555.pdf
https://transgender.dosje.gov.in/Applicant/Registration/DisplayForm244051740858189.pdf
The National Legal Services Authority (NALSA)
https://nalsa.gov.in/social-action-litigation/
Ministry of Law and Justice
https://api.sci.gov.in/supremecourt/2022/36593/36593_2022_1_1501_47792_Judgement_17-Oct-2023.pdf
***
DPS/KD
(Backgrounder ID: 156137)
Visitor Counter : 9
Provide suggestions / comments