কেবিনেট

বিকাশৰ বাবে মহাকাশ প্ৰযুক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু তাজকিস্তানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 06 DEC 2018 9:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক বিকাশৰ বাবে মহাকাশ প্ৰযুক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু তাজকিস্তানৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰৰ বিষয়ে অৱগত কৰা হয়৷ ৮ অক্টোবৰ ২০১৮ তাৰিখে তাজকিস্তানৰ ডুশ্বেনবেত এই বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰিত হৈছিল৷

বিৱৰণঃ

  • এই বুজাবুজিৰ চুক্তিপত্ৰই পৃথিৱীৰ ৰিম’ট ছেন্সিং; উপগ্ৰহীয় যোগাযোগ আৰু উপগ্ৰহভিত্তিক দিশ নিৰ্ণয়; মহাকাশ বিজ্ঞান আৰু সৌৰজগতৰ সন্ধান; মহাকাশযানৰ ব্যৱহাৰ আৰু মহাকাশ প্ৰণালী তথা ভূমি প্ৰণালী; আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱস্থাসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ অৱকাশ সৃষ্টি কৰিব৷
  • এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা যৌথ কৰ্মদল, ডিঅ’এছ/ইছৰ’ৰ পৰা সদস্য আমন্ত্ৰণ আৰু ভূমি ব্যৱস্থাপনাৰ ৰাজ্যিক সমিতি তথা তাজকিস্তানৰ ভূগণিত স্থাপনত সহায়ক হ’ব যিয়ে নিৰ্দিষ্ট সময় পৰিধিৰ ভিতৰত বুজাবুজিৰ চুক্তিপত্ৰত উল্লিখিত বিষয়সমূহ ৰূপায়ণ কৰিব৷

প্ৰধান প্ৰভাৱসমূহঃ

স্বাক্ষৰিত এমঅ’ইউয়ে পৃথিৱীৰ ৰিম’ট ছেন্সিং, উপগ্ৰহভিত্তিক দিশ নিৰ্ণয় আৰু মহাকাশ বিজ্ঞান তথা সৌৰজগতৰ সন্ধান কৰাত নতুন সম্ভাৱনাৰ সৃষ্টিৰ লগতে গৱেষণাৰ নতুন দিশ মুকলি কৰিব৷

লাভসমূহঃ

এই বুজাবুজিৰ চুক্তিপত্ৰই মানৱতাৰ লাভৰ বাবে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰখনত যৌথ সহযোগিতাৰ উত্তৰণ কৰিব৷ ই যৌথ কৰ্মদল স্থাপন নেতৃত্ব প্ৰদান কৰাৰ জৰিয়তে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পৰিকল্পনা কাৰ্যকৰী কৰা আৰু এই চুক্তিৰ অধীনত বিভিন্ন ব্যৱস্থা প্ৰণয়ন কৰাত সহায় কৰিব৷

*****

AKT/SH/MANN


(ৰিলিজ আই ডি : 1555314) অতিথি কক্ষ : 178
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Tamil , Kannada , Malayalam