প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আৰোগ্য মন্থনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুদিত ৰূপ
পোষ্ট কৰা হৈছে:
01 OCT 2019 8:53PM by PIB Guwahati
মঞ্চত উপস্থিত মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড. হৰ্ষবৰ্ধন ডাঙৰীয়া, অশ্বিনী কুমাৰ চোবে’ ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ পৰা অহা আৰু বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকল, আয়ুষ্মান ভাৰতৰ সৈতে জড়িত সকলো সতীৰ্থ, তথা ইয়াত সমবেত হোৱা সকলো হিতাধিকাৰী।
মোৰ আদৰৰ ভাই-ভনীসকল, আজি তৃতীয় নৱৰাত্ৰি। আজি মাৰ চন্দ্ৰঘণ্টা ৰূপৰ পূজা কৰা হয়। প্ৰবাদ আছে যে দশভূজা দেৱী চন্দ্ৰঘণ্টা চন্দ্ৰমাৰ শীতলতা আৰু সৌম্যতাৰ বাবে সম্পূৰ্ণ জগতৰ পীড়া নাশ কৰে। ভাৰতৰ ৫০ কোটিৰো অধিক দৰিদ্ৰ লোকৰ পীড়া হৰণ কৰা আয়ুষ্মান ভাৰত যোজনাৰ প্ৰথমটো বৰ্ষৰ বিষয়ে আলোচনা কৰাৰ বাবে ইয়াতকৈ সুন্দৰ সুযোগ আৰু কিবা লাগেনে।
বন্ধুসকল, আয়ুষ্মান ভাৰতৰ এয়া প্ৰথম বৰ্ষৰ সংকল্প আছিল, সমৰ্পনৰ আছিল এই প্ৰথমটো বছৰ, শিকণৰ বছৰ আছিল এইটো। এয়া সমগ্ৰ ভাৰতৰে সংকল্প শক্তি আছিল, যাৰ বাবে আমি ভাৰতে বিশ্বৰ আটাইতকৈ ডাঙৰ Health care scheme সফলতাৰে চলাই থাকিবলৈ সক্ষম হৈছো। আৰু এই সফলতাৰ অন্তৰালত আছে সমৰ্পনৰ চিন্তাধাৰা, ইয়াত আছে সদ্ভাৱনা। এই সমৰ্পন দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰেই আছে। এই সমৰ্পন দেশৰ হেজাৰ হেজাৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰো আছে। এই সমৰ্পন প্ৰতিগৰাকী কৰ্মচাৰী, প্ৰতিগৰাকী চিকিৎসক, প্ৰতিগৰাকী আয়ুষ্মান মিত্ৰ, আশাকৰ্মী, সামাজিক সংগঠন, জন প্ৰতিনিধি, সকলোৰেই আছে।
মোৰ আদৰৰ ভাই-ভনীসকল, এই সমৰ্পনৰ বাবেই আজি দেশে বিশ্বাসেৰে ক’ব পাৰিছে, গৌৰৱেৰে ক’বলৈ সক্ষম হৈছে যে – বছৰ এক, আয়ুষ্মান অনেক।
সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলক, দেশৰ ৪৬ লাখ দৰিদ্ৰ পৰিয়ালক ৰোগৰ বাবে নিৰাশাপূৰ্ণ জীৱনৰ পৰা উদ্ধাৰ কৰি এক সুস্থ জীৱনৰ আশা প্ৰদান কৰাটো নিশ্চিতভাৱে সমগ্ৰ আঁচনিখনৰ বাবই এক অনবদ্য সাফল্য। এই এটা বছৰত যদিহে কোনো এগৰাকী ব্যক্তি ৰোগৰ চিকিৎসা কৰিবৰ বাবে ঘৰ-মাটি, গহণা অথবা কোনো সম্পত্তি বিক্ৰী কৰাৰ পৰা ৰক্ষা পাইছে, তেন্তে সেয়াও বৃহৎ সাফল্য।
বন্ধুসকল, কিছুসময় পূৰ্বে এনে কিছু হিতাধিকাৰীৰ সৈতেই মই কথা পতাৰ সুযোগ লাভ কৰিছিলো। বিগত এটা বছৰত, আনকি নিৰ্বাচনৰ সময়ছোৱাতো মই সমগ্ৰ দেশজুৰি এইধৰণৰ খবৰ বিতৰণ কৰাৰ বাবে ধাৰাবাহিকভাৱে প্ৰয়াস কৰিছিলো। তেওঁলোকৰ সৈতে কথা পতাৰ পিছত আপোনাৰ এনে অনুভৱ হ’ব যে আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দেশৰ দৰিদ্ৰ জনতাৰ জীৱনত কি পৰিৱৰ্তন আনি দিছে। আৰু একপ্ৰকাৰেৰে এই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা দৰিদ্ৰ লোকৰ বাবে জীৱনৰ এক আধাৰ হৈ পৰিছে। যেতিয়া দৰিদ্ৰ লোকৰ শিশু সুস্থ হৈ উঠে, যেতিয়া ঘৰে ঘৰে একমাত্ৰ উপাৰ্জনকাৰীজনে সুস্থ হৈ ঘৰৰ পৰা কামৰ বাবে ওলাই আহে, তেতিয়াই আয়ুষ্মান হোৱাৰ প্ৰকৃত অৰ্থ বুজিব পৰা যায়। আৰু এইবাবেই আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সফলতাক সমৰ্থন কৰাসকলে, ইয়াৰ প্ৰতি সমৰ্পিত প্ৰ্তিগৰাকী ব্যক্তি, প্ৰতিটো সংস্থাৰ সৈতে দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ অলেখ শুভকামনা ইয়াৰ প্ৰতি আছে। এই মহান কাৰ্যৰ সৈতে জড়িত প্ৰতিগৰাকী মোৰ সতীৰ্থক অশেখ ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো।
মোৰ আদৰৰ ভাই-ভনীসকল, এই প্ৰথম বৰ্ষটোতেই আমি সংকল্প আৰু সমৰ্পন মনোভাৱেৰে অভিজ্ঞতাৰ পৰা যথেষ্ট কথা শিকিবলৈ পাইছো। মই ইয়ালৈ অহাৰ পূৰ্বে এক বিশেষ প্ৰদৰ্শনীৰ মাধ্যমেৰে আমাৰ ইয়াৰ এক বছৰৰ পৰিক্ৰমা বা যাত্ৰাৰ দিশবোৰ চাইছো। কেনেদৰে সময়ৰ লগে লগে আমি সকলো প্ৰত্যাহ্বান আঁতৰাইছো, কেনেদৰে যুক্তিগত দিশৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে সম্প্ৰসাৰণই কৰিবলৈ সক্ষম হৈছো, কেনেদৰে প্ৰতিটো ষ্টেকহোল্ডাৰৰ সৈতে ধাৰাবাহিকভাৱে সম্পৰ্ক ৰক্ষা কৰিছো, কেনেদৰে বিভিন্ন শংকা-আশংকা আমি আঁতৰ কৰিবলৈ সক্ষম হৈছো। এই শিকণ, সম্পৰ্ক, খবৰ আৰু সংশোধনী কাৰ্য নিৰন্তৰ চলি থাকিব।
বন্ধুসকল, এই যোজনাৰ প্ৰসাৰতা তথা ইয়াৰ তদাৰকী ব্যৱস্থাক কেনেদৰে প্ৰভাৱী কৰি তুলিব পৰা যায়, হিতাধিকাৰীসকলৰ বাবে ইয়াৰ লাভালাভবোৰ কেনেদৰে সুলভ কৰি তুলিব পাৰি, চিকিৎসালয়ৰ বিভিন্ন সমস্যা কেনেদৰে আঁতৰাব পাৰি, এই সকলোবোৰ দিশ সামৰি দুটা দিনত বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। মানদণ্ডৰ পৰা আৰম্ভ কৰি সামৰ্থ্য উন্নয়নলৈকে, সকলো দিশেই খৰচি মাৰি আলোচনা কৰা হৈছে। বিশেষকৈ সৰ্বাঙ্গীন চিকিৎসা বা universal health care অৰ্থাৎ এই যোজনা কেনেদৰে প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰতে প্ৰযোজ্য কৰিব পাৰি, ইয়াকে লৈ দেশৰ কোনো কোনো ৰাজ্যই নিজ নিজ অনুভৱ ব্যক্ত কৰিছে, এই বিষয়বোৰৰ ওপৰত গভীৰভাৱে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। এয়া আমাৰ সকলোৰে দায়িত্ব যে প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ বাবে, প্ৰতিগৰাকী দেশবাসীৰ বাবেই জটিল সময়ত চিকিৎসালয়ৰ দুৱাৰ খোলা থাকিব লাগে, সকলোৰে বাবে উন্নত চিকিৎসা উপলবধ থাকিব লাগে।
মোৰ আদৰৰ ভাই-ভনীসকল, আয়ুষ্মান ভাৰত হৈছে নৱ ভাৰতৰ এক বৈপ্লৱিক পদক্ষেপৰ ভিতৰত অন্যতম। এই আঁচনি বা যোজনাই দেশৰ সৰ্বসাধাৰণ জনতাৰ প্ৰকাণ ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে, সেই বাবেই নহয়, বৰঞ্চ এই বাবেও ই এক অন্যতম বৈপ্লৱিক পদক্ষেপ যে ই হৈছে ভাৰতৰ ১৩০ কোটি জনতাৰ সামূহিক সংকল্প আৰু সামৰ্থ্যৰো প্ৰতীকস্বৰূপ। মই এনেদৰে এইবাবেই কৈছো যে আমাৰ দেশত দৰিদ্ৰ লোকক সুলভ আৰু মানসম্পন্ন চিকিৎসা সেৱা প্ৰদান কৰাৰ প্ৰয়াস পূৰ্বেও হৈছিল। প্ৰতিখন ৰাজ্য আৰু প্ৰতিখন কেন্দ্ৰীয়শাসিত অঞ্চলে নি সামৰ্থ্য অনুসৰি যথাসাধ্য প্ৰয়াস কৰিছে। ৰাজ্যসমূহত প্ৰচুৰ সদ্ভাৱনা থকাৰ পিছতো দেশৰ দৰিদ্ৰ জনতাই ইয়াৰ লভালাভ আহৰণ কৰিব পৰা নাছিল, আৰু চিকিৎসা আন্তঃগাঁথনিতো কোনোধৰণৰ সংস্কাৰ দেখো পোৱা নগৈছিল। কিন্তু আয়ুষ্মান ভাৰতে এই কথা প্ৰমাণ কৰি দিলে যে ভাৰতৰ সামগ্ৰিক শক্তি যদিহে কৰবাত নহয় কৰবাত একত্ৰিত হৈ পৰে, তেন্তে ইয়াৰ লাভালাভ আৰু ইয়াৰ শক্তি অতি ব্যাপক হৈ পৰে, বৃহৎ হৈ পৰে। আয়ুষ্মান ভাৰতে দেশৰ যিকোনো স্থানৰ ৰোগীকে দেশৰ যিকোনো স্থানতে ইয়াৰ লাভালাভ অৰ্থাৎ চিকিৎসা সেৱা লাভ কৰাটো সুনিশ্চিত কৰে, যিটো প্ৰথমে এক অসম্ভৱ কাম আছিল। এয়াই কাৰণ যে বিগত এটা বছৰত প্ৰায় ৫০ হাজাৰ হিতাধিকাৰীয়ে নিজ ৰাজ্যৰ বাহিৰত অইন ৰাজ্যত এই যোজনাৰ লাভ আহৰণ কৰিবলৈ সক্ষম হৈছে।
মোৰ আদৰৰ ভাই-ভনীসকল, কোনো লোকেই চিকিৎসাৰ বাবে নিজৰ ঘৰ, নিজৰ জিলা অথবা নিজৰ ৰাজ্য এৰি বাহিৰলৈ গৈ চিকিৎসা কৰাবলৈ নিবিচাৰে বা ৰোগাক্ৰান্ত অৱস্থাত নিজৰ ঘৰখনৰ কাষতে থাকিবলৈ বিচাৰে, আৰু অতি বাধ্যত পৰিহে তেনেদৰে ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। দেশৰ প্ৰতিগৰাকী লোকেই যাতে ঘৰৰ কাষতে বিশ্বমানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজ্যই চেষ্টা কৰি আছে। এই কথাও ঠিক যে ৰাজ্যিৰ যিবোৰ অঞ্চলত চিকিৎসা সুবিধা অধিক উন্নত সেইবোৰ স্থানত ৰোগীৰ ভিৰ কিছু বেছি হয়, যিটো স্বাভাৱিক, কিন্তু এয়া প্ৰতিগৰাকী ভাৰতীয়ৰে কৰ্তব্য বা দায়িত্ব যে দেশৰ কোনো এগৰাকী নাগৰিকেই যেন আধুনিক চিকিৎসা সেৱাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব নালাগে, সেয়া সুনিশ্চিত কৰিব লাগে। আয়ুষ্মান ভাৰতে এই চিন্তাধাৰাকেই শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে।
বন্ধুসকল, আয়ুষ্মান ভাৰত সমগ্ৰ ভাৰতৰ বাবেই এক সামুহিক সমাধানৰ লগতে সুস্থ ভাৰতৰ বাবেও এক সামগ্ৰিক সমাধানৰ যোজনা। এয়া হৈছে চৰকাৰৰ সেই চিন্তাধাৰাৰ বিস্তৃতি, যাৰ পৰিপ্ৰেক্ষিতত আমি ভাৰতৰ সমস্যাবোৰ আৰু প্ৰত্যাহ্বানবোৰৰ পৰা ৰক্ষা পাবৰ বাবে খণ্ড খণ্ডকৈ চিন্তা কৰাৰ পৰিৱৰ্তে সামগ্ৰিকভাৱে কাম কৰি আছে। কিছু দিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত Universal Health Care সন্দৰ্ভত এক অনুষ্ঠান অনুষ্ঠিত হৈছিল, য’ত মই ভাৰতৰ কথা কোৱাৰ সুযোগ লাভ কৰিছিলো। ভাৰতত স্বাস্থ্য খণ্ডক লৈ বা Health Care ক লৈ যিধৰণেৰে ঐতিহাসিক প্ৰস্তাৱনাৰে কাম কৰি থকা হৈছে, যিটো পৰিসৰত কাম কৰি থকা হৈছে, সেয়া সমগ্ৰ বিশ্বৰ বাবেই এই আশ্চৰ্যকৰ, ইয়াক লৈ হতভম্ব হৈ পৰিছে সমগ্ৰ বিশ্ব।
মোৰ আদৰৰ ভাই-ভনীসকল, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠান বা অনুষ্ঠানৰ প্ৰতিনিধিসকলক মই কৈছো কেনেদৰে সুস্থ ভাৰতক আমি চাৰিটা শক্তিশালী খুটাৰ ওপৰত থিয় কৰাইছো। প্ৰথমটো হৈছে - Preventive Health Care, দ্বিতীয়টো হৈছে - Affordable Health Care, তৃতীয়টো হৈছে – যোগান দিশবোৰৰ সংশোধনী আৰু চতুৰ্থটো হৈছে ৰাষ্ট্ৰীয় পোষণ অভিযানৰ লেখীয়া Mission Mode Interventions।
প্ৰথমটো স্তম্ভ বা খুটাৰ কথা যদিহে আমি কৰো তেন্তে আজি স্বচ্ছতা, যোগ, আয়ুষ, টীকাকৰণ আৰু ফিটনেছৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যাতে জীৱনৰেখাৰ সৈতে জড়িত বিভিন্ন ৰোগৰ পৰিসংখ্যা অতি কমলৈ হ্ৰাস পায়। কেৱল সেয়াই নহয়, জীৱ-জন্তুৰ বাবে সম্প্ৰসাৰিত হোৱা বা সোঁচৰা বিভিন্ন ৰোগে মানুহক বহুসময়তে বিপদত পেলায়। আৰু এইবাবেই এইবাৰ আমি এক অভিযান মনোভাৱেৰে কাম আৰম্ভ কৰিছো – জীৱ-জন্তুৰ দেহত মুখৰ পৰা ভৰিলৈকে যিবোৰ ৰোগ আছে, সেই ৰোগবোৰৰ পৰা ভাৰতক মুক্ত কৰিব কৰাৰ বাবে কাম আৰম্ভ কৰিছো। অৰ্থাৎ আমাৰ জীৱ-জন্তুৰ কথাও চিন্তা কৰিবলৈ আমি পাহৰা নাই।
মই তাত দ্বিতীয়টো স্তম্ভৰো কথা কৈছো। দ্বিতীয়টো স্তম্ভ, অৰ্থাৎ দেশৰ সাধাৰণ জনতাক শ্ৰেষ্ঠতম আৰু সুলভ চিকিৎসা প্ৰদান কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলি আছে।
মোৰ আদৰৰ ভাই-ভনীসকল, আয়ুষ্মান ভাৰত যোজনাই এই দুয়োটা স্তম্ভকেই যথেষ্ট শক্তিশালী কৰি তুলিছে। সেয়া লাগিলে সমগ্ৰ দেশতে ডেৰ লাখতকৈও অধিক Health and Wellness Centre নিৰ্মাণেই হওঁক অথবা প্ৰতিবছৰে একোটাকৈ পৰিয়ালক পাচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা প্ৰদানেই হওঁক, এই সকলোতে আয়ুষ্মান ভাৰতৰ ভুমিকা সৰ্বাধিক।
বন্ধুসকল, আয়ুষ্মান ভাৰত আমাৰ তৃতীয়টো স্তম্ভ অৰ্থাৎ যোগান বিভাগটোৰো ভেটি অতি শক্তিশালী কৰি তুলিবলৈ ধৰিছে। আয়ুষ্মান ভাৰতৰ দ্বাৰা সমগ্ৰ দেশতে স্বাস্থ্য সেৱাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। এতিয়া একোগৰাকী দৰিদ্ৰ ৰোগীয়েও চিকিৎসালয়লৈ আহিবলৈ সংকোচ নকৰা হৈছে, যিসকলে কেতিয়াও চিকিৎসাৰ কথা চিন্তাও কৰা নাছিল। ব্যক্তিগত চিকিৎসালয়ত তো চিকিৎসা কৰাৰ কথা সপোনৰো অগোচৰ আছিল আৰু কাহানিও কল্পনাও কৰিব পৰা নাছিল। আজি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সেৱা প্ৰদান কৰা ১৮ হাজাৰতকৈও অধিক চিকিৎসালয়ত প্ৰায় ১০ হাজাৰ চিকিৎসালয়েই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়। অৰ্থাৎ আধাতকৈও অধিক চিকিৎসালয়েই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়। অনাগত সময়ছোৱাত এই অংশগ্ৰহণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
মোৰ আদৰৰ বন্ধুসকল, যিদৰে চাহিদা বৃদ্ধি পাইছে, ঠিক তেনেদৰে আমাৰ দেশৰ সৰু সৰু চহৰবোৰত আধুনিক মেডিকেল আন্তঃগাঁথনিৰ নেটৱৰ্কো প্ৰসাৰিত হৈছে। অনাগত সময়ছোৱাত বহু এনে ন ন চিকিৎসালয় নিৰ্মাণ হ’বলৈ লৈছে। তাৰ সমান্তৰালকৈ নিয়োগো সৃষ্টি হ’ব। এক অনুমান অনুসৰি অনাগত পাচ-সাত বছৰত কেৱল আয়ুষ্মান ভাৰত যোজনাৰ দ্বাৰা সৃষ্টি হোৱা চাহিদাৰ বাবে দেশত প্ৰায় ১১ লাখ নতুন নিয়োগ সুবিধাৰ সৃষ্টি হ’ব। এই সংখ্যা কিমান ডাঙৰ তাৰ অনুমান এই কথাৰেই পাব পাৰি যে কেৱল ৰে’লৱেই হে ইয়াতকৈ অধিক নিয়োগ সৃষ্টি কৰিব পাৰে।
মোৰ আদৰৰ ভাই-ভনীসকল, ৰোজগাৰৰ এই সম্ভাৱনাবোৰৰ বাবে আমাৰ যুৱ বন্ধুসকলক প্ৰশিক্ষিত কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ বাবেই চিকিৎসা বিজ্ঞান শিক্ষাৰ সৈতে জড়িত আন্তঃগাঁথনিক বিস্তাৰিত কৰা হৈছে আৰু বিভিন্ন নীতি-নিৰ্দেশনাক ধাৰাবাহিকভাৱে সংশোধিত কৰি থকা হৈছে। এফালে দেশত চিকিৎসা বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে, আনফালে নামভৰ্তিৰ পৰা নীতি-নিয়মলৈকে এক মসৃণ আৰু স্বচ্ছ ব্যৱস্থা নিৰ্মাণ কৰি তোলা হৈছে। সমগ্ৰ দেশতে ৭৫ খন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ সিদ্ধান্তই হওঁক অথবা দেশত নতুন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠনেই হওঁক, ইয়াৰ দ্বাৰা নিশ্চিতভাৱে এই চিকিৎসা খণ্ডই লাভৱান্বিত হ’ব।
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ পৰা দেশত চিকিৎসা বিজ্ঞান শিক্ষাই এক বিস্তাৰিত গতি লাভ কৰিব, ইয়াৰ মানদণ্ডও উন্নত হ’ব আৰু দুৰ্নীতিৰ অভিযোগৰো কোনো সুৰুঙা নাথাকিব।
বন্ধুসকল, আয়ুষ্মান ভাৰত যোজনাকো ব্যৱহাৰকাৰীৰ অনুকূল কৰি তোলাৰ বাবে, ইয়াক Full proof কৰি তুলিবৰ বাবে অহৰহ প্ৰয়াস কৰি থকা হৈছে। আৰু মোক জনোৱা হৈছে যে ইয়াৰ সৈতে জড়িত আই টি ছিষ্টেমক প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ২.০ হিচাপে উন্নীত কৰা হৈছে আৰু ইয়াত ধাৰাবাহিকভাৱে সংশোধন ঘটোৱা হৈছে। আজি যিটো এপ্প মুকলি কৰা হৈছে, ইয়াৰ দ্বাৰা লাভাৰ্থীসকলে যথেষ্ট উপকৃত হ’ব পাৰিব। কিন্তু বন্ধুসকল, এই যোজনাখনক অধিক সক্ষম, অধিক ব্যাপক কৰি তুলিবৰ বাবে এতিয়াও ভালেখিনি কাৰিকৰী সমাধানৰ প্ৰয়োজনীয়তা আছে। আয়ুষ্মান ভাৰতৰ ভিন ভিন উপাদান আছে, সেইবোৰক পৰস্পৰে পৰস্পৰৰ সৈতে সংযোজিত কৰি তুলিবলৈ এক প্ৰভাৱী আৰু সুগম ছিষ্টেম প্ৰস্তুত কৰি উলিয়াব লাগিব। স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষ লৈ, diagnosis, referral আৰু follow up care ৰ এক কাৰিকৰী আধাৰিত ব্যৱস্থা আমি বিকশিত কৰিব লাগিব। আমি সেইটো স্থিতিলৈ আগবাঢ়ি যাব লাগিব য’ত গাওঁৰ Health and Wellness Centre ত পঞ্জীভুক্ত হৈ থকা কোনো লোকৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য সেইগৰাকী ব্যক্তিৰ চিকিৎসা পৰীক্ষাৰ বাবে প্ৰয়োজন হৈ পৰে। সেই তথ্যকেই ডাঙৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰি পৰৱৰ্তী ফলপ্ৰসূ চিকিৎসা লাভ কৰাত যাতে সহায়ক হয়, তাৰ প্ৰতি আমি কাম কৰিব লাগিব। আৰু ইয়াৰ বাবে নৱ প্ৰজন্মৰ লোকসকলক আমি জড়িত কৰিবও লাগিব।
বন্ধুসকল, ইয়াৰ বাবে আজি মুকলি কৰা PM-JAY Startup Grand Challenge এ এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব। আৰু মই দেশৰ যুৱ শক্তিক, বিশেষকৈ IT Professionals সকলক আহ্বান জনাইছো যে এই কাৰ্যসূচী মানৱতাৰ কাম, এই প্ৰত্যাহ্বান আপোনালোকেই গ্ৰহণ কৰিব লাগিব, আৰু অনাগত সময়ত আপোনালোকে এক অনবদ্য সমাধান লৈ আহক। ইয়াৰ মাধ্যমেৰে সমগ্ৰ দেশতে স্বাস্থ্য খণ্ডত কাম কৰা বিভিন্ন ষ্টাৰ্ট-আপসমূহক আয়ুষ্মান ভাৰতৰ সৈতে জড়িত কৰি থকাৰ ব্যৱস্থা হাতত লোৱা হৈছে। মই দেশৰ সকলো যুৱ উদ্যোগীক, সকলো উদ্ভাৱকক এই অনবদ্য সুযোগৰ লাভ আহৰণ কৰাৰ বাবে পুনৰবাৰ আমন্ত্ৰণ জনাইছো।
মোৰ আদৰৰ ভাই-ভনীসকল, নৱ ভাৰতৰ Health care system সঁচাকৈয়ে সমগ্ৰ বিশ্বৰ বাবেই এক অনুকৰণীয় দৃষ্টান্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে। ইয়াতো আয়ুষ্মান ভাৰত যোজনাৰ এক বৃহৎ অৱদান থাকিব। দেশৰ কোটি কোটি জনতাক আয়ুষ্মান কৰি তোলাৰ বাবে আমাৰ দায়বদধতা আৰু অধিক শক্তিশালী হওঁক, আমাৰ প্ৰতিটো প্ৰয়াস সফলকাম হওঁক। এই কামনাৰেই সকলোকে আন্তৰিকতাৰে বহু বহু ধন্যবাদ জনাইছো। বহু শুভকামনাৰে সামৰিছো।
***
वीआरआरके/एसएच/एनएस/RD
(ৰিলিজ আই ডি : 1587971)
অতিথি কক্ষ : 119