ৰেচম মন্ত্ৰালয়

লকডাউনৰ সময়ত মৰাপাটৰ মিলসমূহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য শস্যসমূহৰ পেকেজিঙৰ বাবে বয়ন মন্ত্ৰালয়ে এইচডিপিই/পিপি বেগৰ সীমা ১.৮০ লাখ বেলৰ পৰা ২.৬২ লাখলৈ বৃদ্ধি কৰিলে

মৰাপাটৰ বিক্ৰী, যোগান, সাৰ আৰু অন্যান্য সাহায্যৰ বাবে মৰাপাট উৎপাদনকাৰী ৰাজ্যসমূহলৈ চৰকাৰৰ পত্ৰ প্ৰেৰণ

মৰাপাট কৃষক আৰু কৰ্মীসকলৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিৱদ্ধ মন্ত্ৰালয়

प्रविष्टि तिथि: 07 APR 2020 7:40PM by PIB Guwahati

লকডাউনৰ সময়ত মৰাপাটৰ মিলসমূহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য শস্যসমূহৰ পেকেজিঙৰ বাবে বয়ন মন্ত্ৰালয়ে এইচডিপিই/পিপি বেগৰ সীমা .৮০ লাখ বেলৰ পৰা .৬২ লাখলৈ বৃদ্ধি কৰিছে৷

এই পদক্ষেপৰ জৰিয়তে গমৰ কৃষকসকলে এপ্ৰিলৰ মাজভাগত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ পেকেজিঙৰ ক্ষেত্ৰত সকাহ পাব৷ চৰকাৰে লকডাউন সমাপ্ত হোৱাৰ পিছত মৰাপাটৰ মিলসমূহ অগ্ৰাধিকাৰ ভিত্তিত পুনৰ আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মৰাপাটৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বয়ন মন্ত্ৰালয়ে সকলো মৰাপাট উৎপাদনকাৰী ৰাজ্যলৈ ইয়াৰ বিক্ৰী, সাৰ যোগান, মৰাপাটৰ বীজ আদিৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

ভাৰত চৰকাৰে কৃষক আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত উক্ত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে৷

*******

SG/SB/MANN


(रिलीज़ आईडी: 1612101) आगंतुक पटल : 258
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada