প্ৰতিৰক্ষা মন্ত্ৰালয়
ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) ৰ বিৰুদ্ধে যুঁজ অব্যাহত ভাৰতীয় বায়ু সেনাৰ
পোষ্ট কৰা হৈছে:
07 APR 2020 6:29PM by PIB Guwahati
ন’ভেল ক’ৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে যুঁজ অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনাই। সেয়া লাগিলে চিকিৎসা সামগ্ৰী যোগানেৰেই হওঁক, অত্যাৱশ্যকীয় সামগ্ৰী বিভিন্ন ৰাজ্য চৰকাৰৰ বাবে পৰিবহনেই হওঁক, কিম্বা এই মহামাৰীক কাৰ্যকৰীভাৱে প্ৰতিহত কৰিবৰ বাবে বিভিন্ন এজেন্সিক সহায় কৰিয়েই হওঁক।
বিগত কেইটামান দিনত, ভাৰতীয় বায়ু সেনাই ন’ডেল পইণ্টসমূহৰ পৰা অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী আৰু উপাদানবোৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, নাগালেণ্ড আৰু গেংটকলৈ যোগান ধৰিছে, তদুপৰি জম্মু-কাশ্মীৰ আৰু লাডাখলৈও সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও An-32 বিমানেৰে বিগত ৬ এপ্ৰিল ২০২০ তাৰিখে উৰিষ্যাত পৰীক্ষাগাৰ আৰু অন্যান্য সুবিধা স্থাপন কৰিবৰ বাবে চেন্নাইৰ পৰা আইচিএমআৰৰ ভালেমান লোক আৰু ৩৫০০ কিলোগ্ৰাম সামগ্ৰীও ভুৱনেশ্বৰলৈ কঢ়িয়াই নিছে।
ভাৰতীয় বায়ু সেনাই ক’ভিড-১৯ ৰ বিৰুদ্ধে বিভিন্ন কাৰ্যাৱলীক অতি কম সময়ৰ নিৰ্দেশনাত ফলপ্ৰসূ ৰূপ দিবলৈ ন’ডেল পইণ্টসমূহত বিমানসমূহ ৰাখি থৈছে।
***
IN/BSK/RD
(ৰিলিজ আই ডি : 1612103)
অতিথি কক্ষ : 223
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada