বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
এচ চি টি আই এম এচ টিৰ বৈজ্ঞানিকৰদ্বাৰা ক’ভিড -১৯ ৰোগীৰ পৰীক্ষা কৰাৰ বাবে অসংক্ৰামক বেৰাযুক্ত পৰীক্ষণ বুথ নিৰ্মাণ
পৰীক্ষণ বুথটো টেলিফোন বুথৰ দৰে বন্ধ হোৱাৰ বাবে চিকিৎসকে ৰোগীৰ পোনপটীয়া সংস্পৰ্শলৈ নহাকৈ ৰোগীৰ পৰীক্ষা কৰিব পাৰিব আৰু সাম্ভাৱ্য সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিব
বুথটোত অতি বেঙুনীয়া ৰশ্মিযুক্ত পোহৰৰ ব্যৱস্থা কৰা হৈছে যি প্ৰতিজন ৰোগী বাহিৰলৈ ওলোৱাৰ পিছত ইয়াক বিজাণুমুক্ত কৰিব
“চিকিৎসকৰ দিহা-পৰামৰ্শ লৈ সঠিক চিন্তাৰে নিৰ্মাণ কৰি উলিওৱা এই সুৰক্ষা বুথটো সংক্ৰমণ প্ৰতিৰোধ কৰাৰ দিশত এক উপযুক্ত পদক্ষেপ”, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ অধ্যাপক আশোতোষ শৰ্মাই কয়
পোষ্ট কৰা হৈছে:
08 APR 2020 11:38AM by PIB Guwahati
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ স্বতন্ত্ৰ প্ৰতিষ্ঠান শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট অৱ মেডিকেল চাইন্স এণ্ড টেক্নল’জি চমুকৈ এচ চি টি আই এম এচ টিৰ বৈজ্ঞানিকসকলে ক’ভিড -১৯ ৰোগীৰ পৰীক্ষা কৰাৰ বাবে অসংক্ৰামক বেৰাযুক্ত পৰীক্ষণ বুথ নিৰ্মাণ কৰি উলিয়াইছে।
এই পৰীক্ষণ বুথটো টেলিফোন বুথৰ দৰে বন্ধ হোৱাৰ বাবে চিকিৎসকে ৰোগীৰ পোনপটীয়া সংস্পৰ্শলৈ নহাকৈ ৰোগীৰ পৰীক্ষা কৰিব পাৰিব আৰু সাম্ভাৱ্য সংক্ৰমণৰ পৰা চিকিৎসকসকল সুৰক্ষিত থাকিব। বুথটোৰ ভিতৰত বিজুলী বাতি, পাঙ্খা, ৰেক আদিৰ লগতে অতি বেঙুনীয়া ৰশ্মিযুক্ত পোহৰৰ ব্যৱস্থা কৰা হৈছে যি প্ৰতিজন ৰোগী বাহিৰলৈ ওলোৱাৰ পিছত ইয়াক বিজাণুমুক্ত কৰিব।
বুথটোত প্ৰতিষ্ঠাপন কৰা অতি বেঙুনীয়া ৰশ্মিযুক্ত পোহৰৰ তৰঙ্গদৈৰ্ঘ ২৫৪ নেন’মিটাৰ আৰু ৰে’টিং ১৫ ৱাট, যি ৩ মিনিটৰ ভিতৰত ভাইৰাছ নাশ কৰিব পাৰে। এযোৰ হাতমোজা আৰু বুথটোৰ এখন বেৰত ষ্টেথ’স্কোপডাল পাৰ কৰিব পৰাকৈ এটা বিন্ধা ৰখা হৈছে যিফালেদি চিকিৎসকে ৰোগীৰ হৃদস্পন্দন আৰু শ্বাস-প্ৰশ্বাস পৰীক্ষা কৰিব পাৰিব।
পৰীক্ষণৰ পিছত ৰোগীজনক ওলাই আহিবলৈ কোৱা হয় আৰু অতি বেঙুনীয়া ৰশ্মিযুক্ত লাইটটো ৩ মিনিটৰ বাবে জ্বলি উঠে। এই বুথটো ২১০ চেন্টিমিটাৰ ওখ, ১৫০ চেন্টিমিটাৰ দীঘল আৰু ১২০ চেন্টিমিটাৰ বহল।
"চিকিৎসক আৰু ৰোগীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহি কাম কৰি থকা অন্যান্য স্বাস্থ্যকৰ্মীসকলক অতি উচ্চ পৰ্যায়ৰ সুৰক্ষা প্ৰদান কৰা কথাটো এতিয়া আটাইতকৈ অগ্ৰাধিকাৰ দিবলগা বিষয়। চিকিৎসকৰ দিহা-পৰামৰ্শ লৈ সঠিক চিন্তাৰে নিৰ্মাণ কৰি উলিওৱা এই সুৰক্ষা বুথটো সংক্ৰমণ প্ৰতিৰোধ কৰাৰ দিশত এক উপযুক্ত পদক্ষেপ”, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ অধ্যাপক আশোতোষ শৰ্মাই কয়।
এই বুথটো সাজি উলিওৱা দলটোত থকা ব্যক্তিসকল হ’ল- এচ চি টি আই এম এচ টিৰ মুৰালীধৰণ চি ভি, ৰমেশ বাবু ভি, ডি এচ নাগেশ, অভিযন্তা সৌৰভ এচ নায়াৰ, অভিযন্তা অৰবিন্দ কুমাৰ প্ৰজাপতি, ড০ শিৱকুমাৰ কে জি ভি আৰু এচ চি টি আই এম এচ টিৰ আৰ্টিফিচিয়েল ইন্টাৰ্নেল অৰ্গেন আৰু ডিভিজন অৱ এক্সট্ৰা কৰ্পৰেল ডিভাইচেচৰ দল। বুথটোৰ প্ৰযুক্তিগত তথ্য ইতিমধ্য ত্ৰিৱান্দ্ৰমৰ ফ্লাইটেক ইণ্ডাষ্ট্ৰীজলৈ প্ৰেৰণ কৰা হৈছে।
(বিতং তথ্যৰ বাবে এচ চি টি আই এম এচ টিৰ জনসম্পৰ্কৰক্ষী বিষয়া স্বপ্ন ভাৱাদেৱনক ই-মেইল যোগে : pro@sctimst.ac.in ত অথবা ৯৬৫৬৮১৫৯৪৩ নম্বৰত যোগাযোগ কৰিব পাৰে।)
*****
KGS/(DST)/PRK
(ৰিলিজ আই ডি : 1612201)
অতিথি কক্ষ : 291
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam