মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ প্ৰবন্ধন সম্পৰ্কে প্ৰশিক্ষণ দিব পৰাকৈ ‘ইণ্টিগ্ৰেটেড গভ’(iGOT) শীৰ্ষক এলানি পাঠ্যক্ৰম মুকলি কৰিছে ভাৰত চৰকাৰে
মহামাৰি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আগশাৰীত থাকি সেৱা আগবঢ়োৱা স্বাস্থ্য-কৰ্মীসকলৰ সামৰ্থ্য বৰ্দ্ধন কৰাই হ’ব এই প’ৰ্টেলৰ লক্ষ্য
পোষ্ট কৰা হৈছে:
09 APR 2020 12:24PM by PIB Guwahati
ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে যুদ্ধ অব্যাহত ৰাখিছে। ইফালে, এই অভিযানত একেবাৰে আগত থাকি সেৱা আগবঢ়াই অনন্য কৰ্ম দক্ষতাৰ পৰিচয় দিছে স্বাস্থ্যসেৱা-কৰ্মীসকলে। পিছে, এইসকল কৰ্মীক সলাই দি তেওঁলোকে ইতিমধ্যে সম্পাদন কৰা কাম-কাজসমূহ মূৰ পাতি ল’বলৈকে আন এক বৃহত কৰ্ম-বাহিনীৰ অতিকে জৰুৰী হৈ উঠিছে। ইফালে দিনে দিনে ক’ৰোনা আক্ৰান্তৰ সংখ্যা বাঢ়ি থকাৰ পৰিপ্ৰেক্ষিততো এনে একাংশ স্বাস্থ্যসেৱা-কৰ্মীৰ খুবেই প্ৰয়োজন হৈ উঠিছে।
এনে প্ৰেক্ষাপটতে নতুন চাম স্বাস্থ্যসেৱা-কৰ্মীক ক’ভিড-১৯ৰ প্ৰবন্ধন সম্পৰ্কে প্ৰশিক্ষণ দিব পৰাকৈ ‘ইণ্টিগ্ৰেটেড গভ’(iGOT) শীৰ্ষক এলানি পাঠ্যক্ৰম মুকলি কৰিছে ভাৰত চৰকাৰে। কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ ‘দীক্ষা প্লেটফৰ্ম’ত উপলব্ধ হ’বলগীয়া এই প’ৰ্টেলৰ জৰিয়তে মহামাৰি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আগশাৰীত থাকি সেৱা আগবঢ়োৱা স্বাস্থ্য-কৰ্মীসকলৰ সামৰ্থ্য বৰ্দ্ধন কৰিবলৈকে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। iGOT ত চিকিত্সক, নাৰ্ছ, পেৰামেডিক্স, স্বাস্থ্যবিধিৰ তদাৰকীৰে জড়িত স্বাস্থ্য কৰ্মী, টেকনিচিয়ান, এএনএম নাৰ্ছ, ৰাজ্য চৰকাৰৰ বিষয়া-বৰ্গ, অসামৰিক প্ৰতিৰক্ষাৰ বিষয়া-বৰ্গ, বিভিন্ন আৰক্ষী বাহিনীসমূহ, এনচিচি, নেহৰু যুৱ কেন্দ্ৰ সংগঠন, এনএছএছ, ভাৰতীয় ৰে’ড ক্ৰছ ছ’চাইটী, ভাৰত স্কাউট এণ্ড গাইড আৰু অন্যান্য স্বেচ্ছাসেৱী সংগঠনসমূহৰ বাবে প্ৰশিক্ষণ পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে।
এই প’ৰ্টেলত প্ৰৱেশ কৰিবলৈ https://igot.gov.in/igot/ ৰে সংলগ্ন হ’ব লাগিব। ইতিমধ্যে অব্যাহত থকা ক’ভিড-১৯ বিৰোধী অভিযানটো চলাই ৰখাত অসুবিধা নহ’বৰ বাবেই ‘প্লেটফৰ্ম’টোত সময়ৰ ধৰা-বন্ধা নকৰি ‘ফ্লেক্সিটাইম’ আৰু ‘অন ছাইট’ ভিত্তিত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
*****
NB/AKJ /AK/KB
(ৰিলিজ আই ডি : 1612502)
অতিথি কক্ষ : 397
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam