মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        সম্পূর্ণ দেহ বীজানুমুক্ত কৰিব পৰা যন্ত্ৰ উদ্ভাৱন আই আই টি (বি এইচ ইউ)
                    
                    
                        
                    
                
                
                    Posted On:
                10 APR 2020 7:33PM by PIB Guwahati
                
                
                
                
                
                
                ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই বৰ্তমানৰ পৰিস্থিতিত যুঁজ দিছে৷ এই ৰোগৰ কৱলৰ পৰা নিজকে বচাই ৰখাৰ একমাত্ৰ উপায় হ’ল, ভালদৰে বীজানুমক্ত কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখা। আই আই টি (বি এইচ ইউ)ৰ মালব্য চেণ্টাৰ ফৰ ইন’ভেচন, ইনকিউবেচন এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বীপৰ গৱেষক জিতু শুক্লাই এই সম্পূর্ণ দেহ বীজানুমুক্ত কৰাৰ যন্ত্ৰটো উদ্ভাৱন কৰিছে৷ এই যন্ত্ৰটো ইচ্ছানুসৰি অনা-নিয়া কৰিব পৰাৰ লগতে ই স্বয়ংক্রিয়ভাৱে কাম কৰিব৷ যিকোনো স্থানৰ প্ৰৱেশপথত ইয়াক স্থাপন কৰিব পৰা যাব৷ ছেনচৰসমৃদ্ধ এই যন্ত্রৰ আগত কোনো ব্যক্তি আহি থিয় হ’লে ১৫ চেকেণ্ড স্প্রে’ হ’ব আৰু কাপোৰ-কানি, জোতাসহ সম্পূৰ্ণ দেহটো বীজানুমুক্ত কৰিব৷
আই আই টি(বি এইচ ইউ)ৰ মালব্য চেণ্টাৰ ফৰ ইন’ভেচন, ইনকিউবেচন এণ্ড এণ্টাপ্রিনিয়ৰশ্বীপৰ আহ্বায়ক অধ্যাপক পি কে মিশ্ৰই জনাই যে বর্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই যন্ত্ৰটো সাজি উলিওৱা হৈছে। তেওঁ লগতে কয় যে সম্পূৰ্ণ দেহা বীজানুমুক্ত কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক ব্যৱহাৰ কৰা আৰু নির্দিষ্ট সময় ব্যৱধানত চাবোনেৰে হাত ধোঁৱা কাম অব্যাহত ৰাখিব লাগিব৷
*****
NB/AKJ/AK/DB
                
                
                
                
                
                (Release ID: 1613165)
                Visitor Counter : 349