প্ৰতিৰক্ষা মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        পৰীক্ষণ, আইচ’লেচন আৰু কোৱাৰেণ্টাইনৰ বাবে দুখন বিচনাযুক্ত টেণ্টৰ ব্যৱস্থা কৰিছে অ’এফবিয়ে
                    
                    
                        অৰুণাচল প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে ৫০টা টেণ্ট
                    
                
                
                    Posted On:
                11 APR 2020 9:28AM by PIB Guwahati
                
                
                
                
                
                
                অৰ্ডনেন্স ফেক্ট’ৰী ব’ৰ্ড (অ’এফবি)য়ে ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দ্ৰুত গতিত অগ্ৰসৰ হৈছে৷ এই সপ্তাহটোত অ’এফবিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহঃ
দুখন বিচনাযুক্ত টেণ্ট
অ’এফবিয়ে আইচ’লেচন আৰু কোৱাৰেণ্টাইনৰ বাবে কম ব্যয়যুক্ত সমাধান প্ৰদান কৰিছে৷ তেওঁলোকে ৯.৯৫ বৰ্গ মিটাৰৰ দুখন বিচনাযুক্ত টেণ্ট প্ৰস্তুত কৰিছে৷ এই টেণ্ট যিকোনো স্থানতে অতি সহজে স্থাপন কৰিব পাৰি৷ কানপুৰৰ অৰ্ডনেন্স ফেক্ট’ৰীয়ে এই টেণ্টসমূহ নিৰ্মাণ কৰিছে৷ অৰুণাচল প্ৰদেশলৈ এনেধৰণৰ ৫০টা টেণ্ট প্ৰেৰণ কৰা হৈছে৷
 
হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক
ডেৰাডুনৰ অপ্ট’ ইলেক্ট্ৰনিকছ ফেক্ট’ৰীয়ে ৬ এপ্ৰিল ২০২০ তাৰিখে উত্তৰাখণ্ড চৰকাৰক ২,৫০০টা (১০০ মিলিলিটাৰকৈ) হেণ্ড ছেনিটাইজাৰৰ বটল আৰু ১,০০০টা মাস্ক যোগান ধৰিছে৷
আৰুৱানকাড়ুৰ কৰ্ডাইট ফেক্ট’ৰীয়ে নীলগিৰিৰ জিলা আৰক্ষী প্ৰশাসনলৈ ৮ এপ্ৰিল ২০২০ তাৰিখে ১০০ লিটাৰ হেণ্ড ছেনিটাইজাৰ যোগান ধৰিছে৷
পুণেৰ হাই এক্সপ্ল’ছিভ ফেক্ট’ৰীয়ে বেলগাৱিৰ মেচাৰ্ছ এইচএলএললৈ ৯ এপ্ৰিল ২০২০ তাৰিখে ২,৫০০ লিটাৰ হেণ্ড ছেনিটাইজাৰৰ যোগান ধৰিছে৷
ফিউমিগেচন চেম্বাৰ
নাগপুৰৰ অৰ্ডনেন্স ফেক্ট’ৰী আম্বাঝাৰীয়ে ছেনিটাইজেছনৰ বাবে ফিউমিগেচন চেম্বাৰ নিৰ্মাণ কৰিছে৷ ইয়াক সহজেই কঢ়িয়াই লৈ ফুৰিব পাৰি৷ ইয়াক অ’এফএজে চিকিৎসালয়ৰ দুৱাৰমুখত স্থাপন কৰা হৈছে৷
হেণ্ডৱাশ্বিং ব্যৱস্থা
ডেৰাডুনৰ অৰ্ডনেন্স ফেক্ট’ৰীয়ে ৭ এপ্ৰিল ২০২০ তাৰিখে আৰক্ষী প্ৰশাসনক স্থানীয়ভাৱে নিৰ্মিত পেডেলচালিত হেণ্ডৱাশ্বিং ব্যৱস্থা যোগান ধৰিছে৷ 
পুণেৰে ডেহু ৰোডৰ অৰ্ডনেন্স ফেক্ট’ৰীয়ে ৬ এপ্ৰিল ২০২০ তাৰিখে ডেৰাডুনৰ গাঁওসমূহত শ্ৰমিকসকলৰ মাজত খাদ্য বিতৰণ কৰে৷
 
ABB/SS/Nampi/KA/DK/Savvy/MANN
                
                
                
                
                
                (Release ID: 1613186)
                Visitor Counter : 296