প্ৰতিৰক্ষা মন্ত্ৰালয়
অস্ত্ৰ-শস্ত্ৰ কাৰখানা বোৰ্ডে আই এচ অ’ মানদণ্ডৰ তৃতীয় পৰ্যায়ৰ ১.১০ লাখ কভাৰল প্ৰস্তুত কৰিব
प्रविष्टि तिथि:
14 APR 2020 2:41PM by PIB Guwahati
অস্ত্ৰ-শস্ত্ৰ কাৰখানা বোৰ্ডে আই এচ অ’ মানদণ্ডৰ তৃতীয় পৰ্যায়ৰ কভাৰল যোগান দিয়াৰ কাম আৰম্ভ কৰিছে। এইচ এল এল লাইফকেয়াৰ লিমিটেডৰ ১.১০ লাখৰ অৰ্ডাৰ তেওঁলোকে লাভ কৰিছে আৰু পূৰ্ণগতিত নিৰ্মাণৰ কাম চলি আছে। অহা ৪০ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।
অস্ত্ৰ-শস্ত্ৰ কাৰখানা বোৰ্ডে লগতে ২ মিটাৰ দৈৰ্ঘৰ টেন্ট সাজি উলিয়াইছে, যিসমূহ জৰুৰীকালীন চিকিৎসা, পৰীক্ষণ তথা কুৱাৰেন্টাইনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যাব। পানী নসৰকা কাপোৰ আৰু পাতল ষ্টীল আৰু এলুমিনিয়ামেৰে তৈয়াৰী এই টেন্টসমূহৰ যোগান ইতিমধ্যে আৰম্ভ হৈছে।
চেনিটাইজাৰৰ প্ৰস্তুতকৰণ যুদ্ধকালীন গতিত চলি আছে আৰু বিভিন্ন সংস্থাৰ যোগেদি ৭০,০০০ লিটাৰতকৈও অধিক চেনিটাইজাৰ ইতিমধ্য যোগান দিয়া হৈছে।
ৰক্ত প্ৰবেশৰ পৰীক্ষাৰ বাবে চেন্নাই আৰু কানপুৰত দুটাকৈ কেন্দ্ৰ গঢ়ি তোলা হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰয়োজন অনুসৰি ১০ খন চিকিৎসালয়ত প্ৰায় ২৮০ খন আচুতীয়া বিচনা যোগান দিয়া হৈছে। এইচ এল এলৰ পৰা লাভ কৰা অৰ্ডাৰ অনুযায়ী অস্ত্ৰ-শস্ত্ৰ কাৰখানা বোৰ্ডে প্ৰথমবাৰৰ বাবে মাস্ক প্ৰস্তুতকৰণৰ কামো হাতত লৈছে। ৯০,০০০ তকৈও অধিক নন-মেডিকেল মাস্ক প্ৰস্তুত কৰি ইতিমধ্যে বিতৰণ কৰা হৈছে। মেডিকেল মাস্কৰ পৰীক্ষণো এই সপ্তাহতে সম্পাদন কৰা হ’ব।
***
ABB/SS/Nampi/KA/DK/Savvy/PRK
(रिलीज़ आईडी: 1614492)
आगंतुक पटल : 221
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Tamil
,
Telugu