পোষ্ট কৰা হৈছে:
15 APR 2020 2:23PM by PIB Guwahati
ভাৰতীয় ৰেলৱে’ৰ উৎপাদন কেন্দ্ৰ, ৱৰ্কশ্ব’প ইউনিট আৰু ফিল্ড ইউনিটে ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সৈতে কাম কৰি থকা চিকিৎসা আৰু স্বাস্থ্যসেৱা কৰ্মীসকলৰ বাবে ব্যক্তিগত সুৰক্ষামূলক সা-সজুলি(পিপিই) প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে৷
ভাৰতীয় ৰেলৱে’ই এপ্ৰিল,২০২০ত ৩০,০০০ৰো অধিক এনে সজুলি উৎপাদন কৰিব আৰু মে’,২০২০ত প্ৰায় ১,০০,০০০ পিপিই প্ৰস্তুতৰ পৰিকল্পনা যুগুত কৰিছে৷ পিপিই সা-সজুলিসমূহে ইতিমধ্যে গোৱালিয়ৰৰ ডিআৰডিঅ’ লেব’ৰেটৰীৰ পৰীক্ষাত প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে, ভাৰতীয় ৰেলৱে’ৰ চিকিৎসক, মেডিকেল প্ৰ’ফেছনেল, অন্যান্য স্বাস্থ্যকৰ্মী আৰু পৰিচৰ্যাকাৰীসকলে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত বিৰামহীনভাৱে কাম কৰি আছে৷ এই লোকসকল ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ কামত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংস্পৰ্শৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকক এক বিশেষ ধৰণৰ অভেদ্য পোচাকৰ প্ৰয়োজন হয়৷ যিহেতু এইধৰণৰ পোচাক এগৰাকী চিকিৎসা কৰ্মীয়ে মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰে, সেয়ে ইয়াৰ প্ৰয়োজন সাংঘাতিকভাৱে বৃদ্ধি পাইছে৷ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাবে পিপিই পোচাকৰো প্ৰয়োজনো দুগুণে বৃদ্ধি পোৱা দেখা গৈছে৷
পিপিইৰ এই বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ নৰ্থাৰ্ণ ৰেলৱে’ৰ জাগাধাৰী ৱৰ্কশ্ব’পে এইধৰণৰ সা-সজুলি প্ৰস্তুত আৰু উৎপাদনৰ প্ৰয়াস আৰম্ভ কৰে৷ গোৱালিয়ৰস্থিত ডিআৰডিঅ’ প্ৰতিষ্ঠানৰদ্বাৰা ৰেলৱে’ বিভাগৰ এই পিপিইৰ টেষ্ট সম্পন্ন হয়৷ এই টেষ্টত পিপিই পোচাকৰ নমুনাসমূহে সকলো পৰীক্ষাত উত্তীৰ্ণ হয়৷
এই পদক্ষেপক অধিক আগুৱাই ভাৰতীয় ৰেলৱে’ই চলিত এপ্ৰিলত মাহত ৩০,০০০ৰো অধিক পিপিই প্ৰস্তুতৰ লক্ষ্যৰে ইতিমধ্যে ইয়াৰ ৱৰ্কশ্ব’প আৰু অন্যান্য ইউনিটসমূহলৈ পৰ্যাপ্ত কেঁচা সামগ্ৰী প্ৰেৰণ কৰিছে৷
বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱে’ই মে’,২০২০ত আৰু ১লাখ পিপিই পোচাক নিৰ্মাণৰ লক্ষ্য লৈছে৷ ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচাসামগ্ৰী প্ৰেৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷
****
SG/MKV/MS