সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
ক’ভিড-১৯ ৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়চোৱাত জ্যেষ্ঠ নাগৰিক আৰু তেওঁলোকৰ শুশ্ৰূষা কৰা লোকসকলৰ বাবে কেন্দ্ৰ চৰকাৰে পৰামৰ্শাৱলী জাৰি কৰিছে
प्रविष्टि तिथि:
16 APR 2020 4:25PM by PIB Guwahati
ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত চলি থকা লকডাউনৰ সময়ছোৱাত জ্যেষ্ঠ নাগৰিকসকলৰ লগতে তেওঁলোকক শুশ্ৰূষাকৰা লোকসকলৰ বাবে এক পৰামৰ্শাৱলী যুগুতাই উলিয়াইছে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে। এই পৰামৰ্শাৱলী যুগুত কৰোতে সহযোগ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু নতুন দিল্লীৰ এইমছৰ জেৰিয়েট্ৰিক মেডিচিন বিভাগে। দেশৰ আটাইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা এক পত্ৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী আৰ সুব্ৰমণিয়মে কয় যে ৬০ বছৰৰ উৰ্ধ্বৰ লোকসকলে, বিশেষকৈ যিসকল বয়োজ্যেষ্ঠ লোকে চিকিৎসা গ্ৰহণ কৰি আছে, সেইসকল লোকৰ দেহলৈ ক’ভিড-১৯ৰ এই সময়ছোৱাত সংক্ৰমণ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। তেওঁ লগতে মুখ্য সচিবসকলক এই পৰামৰ্শাৱলী আটাইবোৰ জিলাতে ব্যাপকভাৱে প্ৰচাৰ-প্ৰসাৰ কৰাৰো আহ্বান জনায়, বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কাম কৰা আটাইবোৰ প্ৰতিষ্ঠান আৰু এনেবোৰ এলেকাত কাম কৰি থকা এনজিঅ’সমূহৰ জৰিয়তে এই প্ৰচাৰ-প্ৰসাৰ কাৰ্য চলাবলৈ আহ্বান জনায়।
এই পৰামৰ্শাৱলীৰ বাবে ইয়াত ক্লিক কৰক
*****
NB/SK/MoSJ&E/16.04.2020/RD
(रिलीज़ आईडी: 1615076)
आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam