স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

পোষ্ট কৰা হৈছে: 16 APR 2020 6:18PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়া আৰু ক্ষেত্ৰীয় বিষয়া তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য প্ৰাধিকৰণৰ সৈতে ভাৰতত ক’ভিড-১৯ক পৰাভূত কৰিবলৈ বিভিন্ন উপায়সমূহৰ বিষয়ে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা কৰে৷

 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে ভিডিঅ’ কনফাৰেন্সিং যোগে ৫০ গৰাকীতকৈও অধিক ঔদ্যোগিক নেতৃবৰ্গৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ বৈঠকখনত ঔদ্যোগিক নেতাসকলে অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণ, পৰীক্ষণ সুবিধাৰ উপলব্ধতা, কোৱাৰেণ্টাইনৰ সুবিধা, ফাৰ্মাচিউটিকেল উদ্যোগসমূহৰ বাবে কেঁচামাল, ৰোগ নিৰীক্ষণ, টেলিমেডিচিন সুবিধাৰ ব্যৱহাৰ, প্ৰতিৰোধাত্মক স্বাস্থ্যসেৱা ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ কৰা উদ্বেগসমূহৰ উত্তৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে৷

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে লকডাউনৰ সময়ছোৱাত সুৰক্ষিত খোৱা পানী সন্দৰ্ভত এক ৰাজহুৱা জাননী জাৰি কৰে৷ মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বাবে শেহতীয়া প্ৰাদুৰ্ভাৱৰ সময়ত অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা যোগানৰ বাবে এক বিশদ নিৰ্দেশনাৱলীও মুকলি কৰে৷

 

আজি পৰ্যন্ত দেশত ক’ভিড-১৯ৰ ১২,৩৮০টা নিশ্চিত পৰিঘটনা আৰু ৪১৪টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ১৪৮৯ জন ব্যক্তি আৰোগ্য হৈছে৷ ভাৰতত ক’ভিড-১৯ৰ মৃত্যুৰ পৰিঘটনাৰ হাৰ (চিএফআৰ) ৩.৩%৷ আৰোগ্য হোৱা ৰোগৰ পৰিমাণ ১২.০২%৷

 

এই পৰ্যন্ত ৩২৫খন জিলাই কোনো পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷ যোৱা ২৮ দিনৰ পৰা মাহে, পুডুচেৰীয়ে কোনো নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷ নিম্নোক্ত জিলাসমূহে বিগত ১৪ দিনত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাইঃ

 

 

ৰাজ্য

জিলাৰ সংখ্যা

জিলাৰ নাম

বিহাৰ

১

পাটনা

পশ্চিম বংগ

১

নাডিয়া

ৰাজস্থান

১

প্ৰতাপগড়

গুজৰাট

২

গিৰ সোমনাথ, পোৰবন্দৰ

তেলেংগানা

১

ভদ্ৰদাৰি কোথাগুডেম

গোৱা

১

দক্ষিণ গোৱা

উত্তৰাখণ্ড

১

পৌৰি গাৰৱাল

উত্তৰ প্ৰদেশ

১

পিলিভিট

জম্মু আৰু কাশ্মীৰ

১

ৰাজৌৰি

মণিপুৰ

১

পশ্চিম ইম্ফল

চট্টিশগড়

৩

বিলাসপুৰস দুৰ্গ আৰু ৰাজনন্দগাওঁ, ৰায়পুৰ

মিজোৰাম

১

পশ্চিম আইজল

কৰ্ণাটক

৫

দেৱাংগিৰী, কোডাগ্গু, টুমকুৰ, উডুপি আৰু বেলাৰী

কেৰালা

২

ৱায়ানাড আৰু কট্টায়াম

পাঞ্জাৱ

২

এছবিএছ নগৰ হোছিয়াৰপুৰ

 (২৯-০৩-২০২০)

হাৰিয়ানা

২

পানিপথ

ৰোহটক (৩০-০৩-২০২০)

মধ্য প্ৰদেশ

১

শিৱপুৰী জিলা

 

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN


(ৰিলিজ আই ডি : 1615098) অতিথি কক্ষ : 404