গৃহ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বাবে প্ৰযোজ্য লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ক্ষুদ্ৰ বনজ উৎপাদন, শস্য ৰোপণ, এনবিএফচি, সমবায় ঋণ ছ’চাইটি আৰু গ্ৰামীণ এলেকাত নিৰ্মাণ কৰ্মক ৰেহাই দিবলৈ আদেশ পত্ৰ জাৰি কৰিলে গৃহ মন্ত্ৰালয়ে
পোষ্ট কৰা হৈছে:
17 APR 2020 10:42AM by PIB Guwahati
গৃহ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ বাবে প্ৰযোজ্য ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সন্মিলিত সংশোধিত নিৰ্দেশনাৱলীৰ (https://www.mha.gov.in/sites/default/files/MHA%20order%20dt%2015.04.2020%2C%20with%20Revised%20Consolidated%20Guidelines_compressed%20%283%29.pdf) অধীনত কিছুমান বিশেষ ক্ষেত্ৰক ৰেহাই দিয়াৰ বাবে এক আদেশ পত্ৰ জাৰি কৰিছে৷
লকডাউনৰ নিষেধাজ্ঞাৰ পৰা নিম্নোক্ত ক্ষেত্ৰসমূহক ৰেহাই দিয়া হৈছেঃ
- ক্ষুদ্ৰ বনজ উৎপাদনৰ সংগ্ৰহ, ফচল চপোৱা আৰু সংসাধন/অনুসূচিত জাতি আৰু অন্যান্য বনবাসীসকলৰ দ্বাৰা বনাঞ্চলত নন-টিম্বাৰ বনজ উৎপাদন৷
- বাঁহ, নাৰিকল, চুপাৰী, কোকোৱা, মচলাজাতীয় উদ্ভিদৰ ৰোপণ আৰু সেইসমূহৰ চপোৱা কাৰ্য, সংসাধন, পেকেজিং, বিক্ৰী আৰু বিপণন৷
- নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহ য’ত ন্যূনতম কৰ্মচাৰীৰ সৈতে গৃহ নিৰ্মাণ বিত্তীয় প্ৰতিষ্ঠান আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত আছে৷
- সমবায় ঋণ ছ’চাইটি৷
- গ্ৰামাঞ্চলত পানী যোগান আৰু অনাময়কে ধৰি নিৰ্মাণ কাৰ্য, বিদ্যুৎ যোগানৰ ব্যৱস্থা আৰু টেলিকম অপ্টিকেল ফাইবাৰ তথা কেব’ল স্থাপনৰ কাৰ্য৷
আদেশ পত্ৰখন চাবলৈ ইয়াত ক্লিক কৰক
*****
VG/SNC/VM/MANN
(ৰিলিজ আই ডি : 1615282)
অতিথি কক্ষ : 231
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam