ৰেল মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক'ভিদ-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখি ভাৰতীয় ৰে’লৱেয়ে লকডাউনৰ সময়চোৱাত সমগ্ৰ দেশতে ১,১৫০ টন চিকিৎসা সামগ্ৰীৰ পৰিবহণ কৰিছে 
                    
                    
                        লকডাউনৰ সময়ছোৱাত চিকিৎসা সামগ্ৰীৰ নিৰৱচ্ছিন্ন পৰিবহণক অগ্ৰাধিকাৰ দিছে ভাৰতীয়ে ৰে’লৱেয়ে
লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয়া তথা অন্যান্য চিকিৎসা সামগ্ৰী পৰিবহণত অগ্ৰগতি প্ৰদান কৰিছে মাণ্ডলিক ৰে’লৱেৰ দ্বাৰা পৰিচালিত টাইমটেবলড পাৰ্চেল ৰে’লে
                    
                
                
                    Posted On:
                19 APR 2020 3:27PM by PIB Guwahati
                
                
                
                
                
                
                ভাৰতীয় ৰে’লেৱে লকডাউনৰ সময়ছোৱাত সমগ্ৰ ৰাষ্ট্ৰতে অগ্ৰাধিকাৰভিত্তিত চিকিৎসা সামগ্ৰীসমূহৰ পৰিবহণ অব্যাহত ৰাখিছে৷ ভাৰতীয়ে ৰে’লেৱেয়ে পাৰ্চেল ৰে’লৰ জৰিয়তে এই সেৱা অব্যাহত ৰাখিছে৷
১৮.০৪.২০২০ তাৰিখ পৰ্যন্ত ভাৰতীয় ৰে’লৱে দেশৰ বিভিন্ন প্ৰান্তলৈ ১১৫০ টন সামগ্ৰী পৰিবাহিত কৰিছে৷ তলত সেইসমূহৰ বিৱৰণ উল্লেখ কৰা হৈছেঃ
 
	
		
			| ক্ৰমিক নং | মণ্ডল | ওজন (টন) | 
		
			| 1 | ছাউডাৰ্ণ ৰে’লৱে | 83.13 | 
		
			| 2 | ছাউথ ইষ্ট চেণ্ট্ৰেল ৰে’লৱে | 15.10 | 
		
			| 3 | ইষ্ট চেণ্ট্ৰেল ৰে’লৱে | 1.28 | 
		
			| 4 | নৰ্থ ইষ্টাৰ্ণ ৰে’লৱে | 2.88 | 
		
			| 5 | ইষ্ট ক’ষ্ট ৰে’লৱে | 1.06 | 
		
			| 6 | ছাউছ চেণ্ট্ৰেল ৰে’লৱে | 47.22 | 
		
			| 7 | চেণ্ট্ৰেল ৰে’লৱে | 135.64 | 
		
			| 8 | নৰ্থ চেণ্ট্ৰেল ৰে’লৱে | 74.32 | 
		
			| 9 | ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱে | 27.17 | 
		
			| 10 | ছাউথ ইষ্টাৰ্ণ ৰে’লৱে | 2.82 | 
		
			| 11 | ছাউথ ৱেষ্টাৰ্ণ ৰে’লৱে | 12.10 | 
		
			| 12 | ইষ্টাৰ্ণ ৰে’লৱে | 8.52 | 
		
			| 13 | নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰে’লৱে | 2.16 | 
		
			| 14 | নৰ্থ ৱেষ্টাৰ্ণ ৰে’লৱে | 8.22 | 
		
			| 15 | ৱেষ্টাৰ্ণ ৰে’ললে | 328.84 | 
		
			| 16 | নৰ্ডাণ ৰে’লৱে | 399.71 | 
		
			| মুঠ | 1150.17 টন | 
	
 
ভাৰতীয় ৰে’লৱেয়ে সংকটৰ সময়ত মানৱীয়তাৰ অভুতপূৰ্ব নিদৰ্শন দাঙি ধৰিছে৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটি অটিষ্টিক শিশুৰ অভিভাৱকে উটৰ গাখীৰৰ বাবে আবেদন কৰাত পাৰ্চেল ৰে’লত আজমীৰৰ পৰা মুম্বাইলৈ গাখীৰ প্ৰেৰণ কৰা হয়৷ ঠিক সেইদৰে আজমীৰৰ অন্য এটা অটিষ্টিক শিশুৰ ঔষধ শেষ হোৱাত শিশুটিৰ অভিভাৱকে ৰে’লৱে বিষয়াক অৱগত কৰে৷ ফলস্বৰূপে আহমেদাবাদৰ পৰা আজমীৰলৈ পাৰ্চেল ৰে’লত শিশুটিলৈ ঔষধ প্ৰেৰণ কৰা হয়৷ 
 
***
SG/MKV/MANN
                
                
                
                
                
                (Release ID: 1616069)
                Visitor Counter : 286
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada