পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
ধাবা আৰু ট্ৰাক মেৰামতি দোকানৰ তালিকা সম্বলিত ডেশ্ববোৰ্ড শুভাৰম্ভ কৰিলে পথ পৰিবহণ মন্ত্ৰালয়ে
प्रविष्टि तिथि:
20 APR 2020 4:49PM by PIB Guwahati
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে(এমঅ’আৰটিএইচ) এনএইচএআই, ৰাজ্য আৰু তেল বিপণন কোম্পানীৰ দৰে সংস্থাই দেশৰ বিভিন্ন ঠাইত খুলি ৰখা ধাবা আৰু ট্ৰাক মেৰামতি কৰা দোকানৰ তালিকা সম্বলিত এক ডেশ্ববোৰ্ডৰ শুভাৰম্ভ কৰিছে৷ আগ্ৰহীসকলে এই লিংকhttps://morth.nic.in/dhabas-truck-repair-shops-opened-during-covid-19 ত সবিশেষ চাব পাৰিব৷ ক’ভিড-১৯ মহামাৰী ৰোধৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউনৰ ফলত বৰ্তমানৰ প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতি মোকাবিলা কৰিবলৈ দেশৰ বিভিন্ন স্থানলৈ সামগ্ৰী পৰিবহণ কৰা ট্ৰাক আৰু কাৰ্গ’ চালক আৰু সহযোগীসকলক সুবিধা প্ৰদানৰ বাবেই এই ব্যৱস্থা কৰা হৈছে৷ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/তেল বিপণন কোম্পানীসমূহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি এই সম্পৰ্কীয় অধিক তথ্য আহৰণেৰে এমঅ’আৰটিএইচে ৱেবছাইটৰ ডেশ্ববোৰ্ডত নিয়মীয়া আপডেট কৰি আছে৷
ধাবা আৰু বাহন মেৰামতি কৰা দোকানসমূহৰ বিষয়ে এনএইচএআইৰ মুখ্য ফোন নম্বৰ ১০৩৩যোগে ট্ৰাক চালক আৰু সহযোগীসকলক তথ্য প্ৰদান কৰি সহায় কৰি থকা হৈছে৷
উল্লেখ্য যে এই ধাবা আৰু বাহন মেৰামতি কৰা দোকান, চালক আৰু সহযোগীকে ধৰি অন্যান্য লোকসকলে সামগ্ৰী পৰিবহণৰ সময়ত সামাজিক দুৰত্ব, মাস্কৰ ব্যৱহাৰ, স্বাস্থ্যসন্মত ব্যৱস্থা ইত্যাদি ধৰণৰ সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগিব৷
***
RCJ/MS/DB
(रिलीज़ आईडी: 1616466)
आगंतुक पटल : 332
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada