স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সম্পৰ্কীয় বিভিন্ন কথা-বতৰা হ’ব পৰাকৈ জনসাধাৰণৰ বাবে ‘ক’ভিড ইণ্ডিয়া সেৱা’ শীৰ্ষক এক মঞ্চ মুকলি কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

प्रविष्टि तिथि: 21 APR 2020 3:02PM by PIB Guwahati

মহামাৰীয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ মাজতে কোটি কোটি ভাৰতীয়ৰ মনত কভিড-১৯ সম্পৰ্কত উদ্ভৱ হব পৰা বিভিন্ন প্ৰশ্নৰ পোনপতীয়া উত্তৰ লাভ কৰিব পৰা অথবা এই সম্পৰ্কে বাৰ্তালাপ কৰিব পৰাকৈ ভিড ইণ্ডিয়া সেৱা শীৰ্ষক এক মঞ্চ আজি আনুষ্ঠানিক ভাবে মুকলি কৰিলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। নাগৰিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ তত্কালীন ভাবে প্ৰদান কৰি কভিড-১৯ৰ দৰে মহামাৰীৰ সময়ত স্বচ্ছ ই-গভাৰ্নেন্স সেৱা প্ৰদান কৰাৰ লক্ষ্যৰেই এই মঞ্চ মুকলি কৰা হৈছে। ইচ্ছুক ৰাইজে তেওঁলোকৰ প্ৰশ্নাৱলী @CovidIndiaSeva ত উথ্থাপন কৰিলে এই মঞ্চই যথা সম্ভৱ তাত্ক্ষণিক ভাবে নিৰ্দিষ্ট প্ৰশ্নসমূহৰ সূচী তৈয়াৰ কৰি এইসমূহৰ সমাধান দিব পৰা সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ প্ৰেৰণ কৰিব আৰু উত্তৰ লাভৰ দিহা কৰি দিব।

মন্ত্ৰী ড০ বৰ্দ্ধনে এটি টুইট বাৰ্তাৰ জৰিয়তে @CovidIndiaSeva ৰ আনুষ্ঠানিক শুভাৰম্ভ ঘোষণা কৰে।

নাগৰিকৰ প্ৰশ্নৰ তত্কালীন সমাধানৰ বাবে @CovidIndiaSeva মুকলি কৰিলো!

প্ৰশিক্ষিত বিশেষজ্ঞই কৰ্তৃত্বশীলতাৰে জনস্বাস্থ্য সম্পৰ্কীয় বিভন্ন তথ্যৰ দ্ৰুত সমাধান প্ৰদান কৰি জন-সাধাৰণৰ সৈতে এক পোন-পতীয়া যোগাযোগৰ পথ মুকলি কৰিব

@PMOIndia @TwitterIndia @PIB_India @MoHFW_India

 

MV/KB


(रिलीज़ आईडी: 1616759) आगंतुक पटल : 245
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam