পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
ক’ভিড-১৯ মহামাৰীৰ সংকটক এক সুযোগলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসত ব্ৰতী হ’বলৈ প্ৰবাসী ছাত্ৰসমাজক আহ্বান শ্ৰী নীতীন গাড়কাৰীৰ
সমগ্ৰ দেশতে এলানি বাছ-বন্দৰ আৰু পথৰ দাঁতিত পথাচাৰীৰ শুশ্ৰূষা-প্ৰৱন্ধন গঢ়ি তোলাৰ বাবে কৰা পৰিকল্পনাৰ ক্ষেত্ৰত নৱ-নিৰ্মিত ৰাষ্ট্ৰীয় ঘাই-পথ শৃংখলে উত্কৃষ্ট সুযোগ প্ৰদান কৰিব
শ্ৰী গাড়কাৰীয়ে ৱেবিনাৰ, ভিডিঅ’ কনফাৰেন্সিং আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে উদ্যোগী-যুৱক-যুৱতীকে ধৰি ১.৩কোটি ব্যক্তিৰে কৰিছে মত-বিনিময়
Posted On:
26 APR 2020 9:52PM by PIB Guwahati
বিগত দিন দিয়েকত কেন্দ্ৰীয় ‘পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাই পথ আৰু ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ বিভাগ’ৰ মন্ত্ৰী শ্ৰী গাড়কাৰীয়ে ৱে’বিনাৰ, ভিডিঅ’ কনফাৰেন্সিং আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে উদ্যোগী-যুৱক-যুৱতীকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ সৈতে মত বিনিময় কৰিছে। মন্ত্ৰীগৰাকীয়ে এনেদৰে সমাজৰ ভিন্ন পক্ষৰ সৈতে কৰা যোগাযোগৰ জৰিয়তে এই পৰ্যন্ত ১.৩কোটি ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰিছে।
এইখিনি সময়ত তেওঁ ‘গোলকীয় মহামাৰীৰ বিৰুদ্ধে ভাৰতীয় প্ৰতিক্ৰিয়া : ভাৰতৰ বাবে পাথেয়’ শীৰ্ষক প্ৰসংগৰে ইউনাইটেড কিংডম, কানাডা, ছিংগাপোৰ, অন্যান্য ইউৰোপীয় দেশসমূহৰ লগতে অষ্ট্ৰেলিয়া আদি দেশত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ সমাজৰ সৈতেও মত-বিনিময় কৰে। এই প্ৰসংগত মন্তব্য কৰি শ্ৰী গাড়কাৰীয়ে ক’ভিড-১৯ মহামাৰীৰ সংকটক ইতিবাচক মোৰ দি এক সুযোগলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসত ব্ৰতী হ’বলৈ প্ৰবাসী ছাত্ৰসমাজক আহ্বান জনায়। একে সময়তে তেওঁ বিভিন্ন কাম-কাজ পুনৰাম্ভ কৰিবলৈ যাওতে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ সকলোবোৰ সাৱধানীয়তা অৱলম্বন কৰাৰ লগতে সকোলোবোৰ স্বাস্থ্যবিধি পালন কৰিব লাগিব বুলি সঁকীয়াই দিয়ে। সেইদৰে, সকলোবোৰ বাণিজ্যিক আৰু উদ্যোগ প্ৰতিষ্ঠানেই কাম-কাজ পৰিচালনা কৰিবলৈ যাওতে সামাজিক ব্যৱধানবিধি, মাস্ক পৰিধান কৰা, ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰাতো গুৰুত্ব প্ৰদান কৰিবলৈ সংশ্লিষ্টসকলো পক্ষৰ প্ৰতি আহ্বান জনায়। ক’ভিড-১৯-উত্তৰ পৰিস্থিতিত বহু দেশে চীন দেশক প্ৰত্যাখান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত এনে সুযোগ গ্ৰহণ কৰিব পৰাকৈ ভাৰতীয় উদ্যোগে কেৱল দেশৰ কথাকে নাভাবি সামগ্ৰীক ভাবে পৃথিৱীবাসীৰ চাহিদাকো লক্ষ্য হিচাপে গ্ৰহণ কৰি উত্পাদনত ব্ৰতী হোৱা উচিত বুলিও তেওঁ অভিমত ব্যক্ত কৰে।
প্ৰসংগক্ৰমে, ২২টা এক্সপ্ৰেছ ঘাইপথ বিকশিত কৰাৰ লগতে ‘দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ৰে সংলগ্নকৰণৰ এক নতুন উদ্যোগো ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি তথ্য দাঙি ধৰে মন্ত্ৰী গাড়কাৰীয়ে। এই প্ৰসংগত তেওঁ সমগ্ৰ দেশতে এলানি বাছ-বন্দৰ আৰু পথৰ দাঁতিত প্ৰায় ২০০০টা পথাচাৰীৰ শুশ্ৰূষা-প্ৰৱন্ধন গঢ়ি তোলাৰ বাবে কৰা পৰিকল্পনাৰ ক্ষেত্ৰত নৱ-নিৰ্মিত ৰাষ্ট্ৰীয় ঘাই-পথ শৃংখলে উত্কৃষ্ট সুযোগ প্ৰদান কৰিব বুলি মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে পৃথিৱীৰ বিভিন্ন দেশৰ ৪৩খন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ লগতে নাছাত কৰ্মৰত ভাৰতীয় বংশোদ্ভৱ বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰে।
***
RCJ/MS/SKP/KB
(Release ID: 1618676)