অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ লকডাউনৰ সময়ত লাইফলাইন উড়ানৰ অধীনত সমগ্ৰ দেশত ৬৮৪টনতকৈ অধিক অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী সৰবৰাহ কৰা হৈছে
                    
                    
                        
                    
                
                
                    Posted On:
                26 APR 2020 7:32PM by PIB Guwahati
                
                
                
                
                
                
                ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ৰ অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷ লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৩৮৩খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ২২৩খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ বৰ্তমানলৈকে বিমানযোগে ৬৮৪.০৮টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ৩,৭৬,৯৫২ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ 
 
২৫ এপ্ৰিল, ২০২০লৈকে পৱন হংস হেলিকপ্তাৰে ৬,৮৮৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি ১.৯৯ টন সামগ্ৰী পৰিবহণ কৰিছে৷ পৱন হংসে জম্মু আৰু কাশ্মীৰ, লাডাখ, দ্বীপপুঞ্জ আৰু উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ এই ক্ষেত্ৰত উত্তৰ-পূ্ৰ্বাঞ্চল, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহক অধিক গুৰুত্ব প্ৰদান কৰি হৈছে৷
 
এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল, দ্বীপপুঞ্জ আৰু পাহাৰীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই এই অঞ্চলসমূহক বিশেষ প্ৰাধান্য দিছে৷
 
ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট, আৰু ইণ্ডিগ’ই বাণিজ্যিক ভিত্তিত কাৰ্গ’ বিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ২৫ এপ্ৰিললৈ স্পাইচজেটে ৫৭৯খন কাৰ্গ’ বিমান চলাচল কৰি ইতিমধ্যে ১০,১২,৫৮৬ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৪,২৪৬ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ২০৮ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ বিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে ২৫ মাৰ্চৰ পৰা ২৫ এপ্ৰিললৈ দেশৰ ভিতৰতে ২০৭ বিমান চলাচল কৰি ২,১৯,৯৭৮ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ৩,৩৯৯ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ’ই ৩ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ ১৫বাৰ বিদেশলৈ যোৱাকে ধৰি মুঠ ৪৮খন কাৰ্গ বিমান চলাচল কৰি ৭২,২২২ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ১৬৭টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিৎসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷ ভিষ্টাৰাই ১৯ৰ পৰা ২৫ এপ্ৰিললৈ ১২খন কাৰ্গ বিমান চলাচল কৰি ১৬,৯৫২ কিলোমিটাৰ অতিক্ৰমেৰে ৮২টন সামগ্ৰী সৰবৰাহ কৰিছে৷
পূব এছিয়ালৈ ঔষধ-পাতি, চিকিৎসা সামগ্ৰী আৰু ক’ভিড-১৯ সাহায্য সামগ্ৰী পৰিবহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্গ’ এয়াৰ-ব্ৰিজ স্থাপন কৰা হৈছে৷ ২৫ এপ্ৰিললৈকে এয়াৰ ইণ্ডিয়াই ৫৫৪টন চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ 
তদুপৰি, ব্লু ডাৰ্টে ১৪ৰ পৰা ২৫ এপ্ৰিললৈকে গুৱাংঝুৰ পৰা ৯০টন, ছাংহাইৰ পৰা ৫টন চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ ইফালে, স্পাইচজেটে ২৫ এপ্ৰিললৈকে ছাংহাইৰ পৰা ১২৪টন আৰু হং কং আৰু ছিংগাপুৰৰ পৰা ১৩ টন চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ 
*****
RJ/NG/DB
                
                
                
                
                
                (Release ID: 1618700)
                Visitor Counter : 256
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada