উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত পাঁচখন ৰাজ্য ক’ৰোনা মুক্ত হোৱাৰ বিপৰীতে অন্য তিনিখন ৰাজ্যই বিগত কেইটামান দিনৰ পৰা প্ৰতিবেদন কৰা নাই কোনো নতুন ক’ৰোনা পজিটিভ পৰিঘটনাঃ ড০ জিতেন্দ্ৰ সিং  
                    
                    
                        
                    
                
                
                    Posted On:
                27 APR 2020 6:12PM by PIB Guwahati
                
                
                
                
                
                
                উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত পাঁচখন ৰাজ্য ক’ৰোনা মুক্ত হোৱাৰ বিপৰীতে অন্য তিনিখন ৰাজ্যই বিগত কেইটামান দিনৰ পৰা প্ৰতিবেদন কৰা নাই কোনো নতুন ক’ৰোনা পজিটিভ পৰিঘটনা৷ এই তথ্য প্ৰকাশ কৰে ড’নাৰ মন্ত্ৰী তথা এমঅ’এছ পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে৷ ড০ সিঙে উত্তৰ পূব পৰিষদ (এনইচি), শ্বিলঙৰ জ্যেষ্ঠ বিষয়া, বিভিন্ন চৰকাৰী সংস্থা তথা পিএছইউসমূহৰ প্ৰতিনিধি, এনইআৰএএমচি, এনইএইচএইচডিচি, নেডফি, চিবিটিচিৰ প্ৰতিনিধিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত হোৱা এখন বৈঠকত আজি অংশগ্ৰহণ কৰে৷
বৈঠকৰ মূল উদ্দেশ্য উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে বিগত ছটা বৰ্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চল বিকাশৰ এক মডেল হিচাপে বিবেচিত হোৱাৰ লগতে চলিত ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত অনুশাসনমূলক স্বাস্থ্য ব্যৱস্থাপনাৰ এক কাৰ্যকৰী মডেল হিচাপেও উদ্ভাসিত হোৱা বুলি উল্লেখ কৰে৷
 
 
ড০ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ছিক্কিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাকে ধৰি পাঁচখন ৰাজ্য ক’ৰোনা মুক্ত হোৱাৰ লগতে অসম, মেঘালয় আৰু মিজোৰামত যথাক্ৰমে ৮, ১১ আৰু ১জন ক’ৰোনা পজিটিভ ৰোগী আছে৷ বিগত কেইটামান দিনৰ পৰা কোনো কোৰোনা পজিটিভ পৰিঘটনা তিনিখন ৰাজ্যত প্ৰতিবেদিত হোৱা নাই৷ এই সন্দৰ্ভত তেওঁ আঠোখন ৰাজ্যৰ চৰকাৰ, ড’নাৰ মন্ত্ৰালয় আৰু এনইচিৰ বিষয়াবৰ্গক ধন্যবাদ জ্ঞাপন কৰে৷
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে প্ৰাৰম্ভিক পৰ্যায়তে ক’ৰোনা সংক্ৰান্তীয় গতিবিধিসমূহৰ বাবে ২৫ কোটি টকা মোকলাই দিয়া হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
<><><><><>
VG/SNC/MANN
                
                
                
                
                
                (Release ID: 1618730)
                Visitor Counter : 451
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada