হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ৰাইজৰ বাবে মুকলি কৰা হ’ল স্মাৰ্ট চিটী কল্যাণ-ডমবিভলিৰ ক’ভিড-১৯ ডেশ্বব’ৰ্ড
                    
                    
                        
                    
                
                
                    Posted On:
                29 APR 2020 12:34PM by PIB Guwahati
                
                
                
                
                
                
                কল্যাণ ডমবিভলি পৌৰ নিগমে (কেডিএমচি) শেহতীয়াকৈ তেওঁলোকৰ এলেকাত ক’ভিড-১৯ৰ পৰিস্থিতি সম্পৰ্কীয় এক ডেশ্বব’ৰ্ড ৰাইজৰ বাবে মুকলি কৰে৷ বেৱ পৃষ্ঠাখনত পৌৰ নিগম আৰু মহানগৰ প্ৰশাসনৰ বিভিন্ন ছ’চিয়েল মিডিয়া হেণ্ডেল যেনে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ লিংক জনসাধাৰণে প্ৰত্যক্ষ কৰিব পৰাকৈ উল্লেখ কৰা হৈছে৷ https://kdmc-coronavirus-response-skdcl.hub.arcgis.com/ লিংকৰ জৰিয়তে ডেশ্বব’ৰ্ডখন প্ৰত্যক্ষ কৰিব পৰা যাব৷ ডেশ্বব’ৰ্ডখনৰ প্ৰধান বৈশিষ্ট হ’ল নাগৰিকে ড্ৰপ মেনু ব্যৱহাৰ কৰি যিকোনো ৱাৰ্ডৰ ক’ভিডৰ পৰিস্থিতি সম্পৰ্কে জানিব পাৰিব৷ ডেশ্বব’ৰ্ডখনত নাগৰিকে বিভিন্ন গ্ৰাফৰ লগতে উপগ্ৰহীয় ভিউ, ৰোড মানচিত্ৰও প্ৰত্যক্ষ কৰিব পাৰিব৷
 
 
ক’ভিড পৰিঘটনাসমূহৰ কেডিএমচি নগৰ পৰ্যায়ৰ বিৱৰণ
 

 
ৱাৰ্ডৰ সৈতে নগৰভিত্তিক কেডিএমচিৰ ক’ভিডৰ পৰিঘটনাসমূহ

 
চিনাক্ত কৰা ৱাৰ্ডসমূহৰ বাবে কেডিএমচিৰ ক’ভিডৰ পৰিঘটনাসমূহ

ক’ভিড পৰিঘটনাসমূহৰ কেডিএমচিৰ তাৰিখভিত্তিত স্থিতি

কেডিএমচিৰ ৱাৰ্ডভিত্তিত ক’ভিড পৰিঘটনাসমূহৰ স্থিতি

****
RJ/NG/MANN
                
                
                
                
                
                (Release ID: 1619288)
                Visitor Counter : 320