ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

লাডাখ, জম্মু-কাশ্মীৰ আৰু উত্তৰ–পূর্বাঞ্চলৰ ক’ভিড সংক্ৰান্তীয় পৰিস্থিতিৰ বুজ ল’বলৈ সেনাবাহিনী আৰু বায়ুসেনাৰ প্রাক্তন প্রধানসকলৰ সৈতে কেন্দ্রীয় মন্ত্রী ড. জীতেন্দ্র সিংৰ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বৈঠক সম্পন্ন

प्रविष्टि तिथि: 29 APR 2020 7:11PM by PIB Guwahati

কেন্দ্রীয় মন্ত্রী ড. জীতেন্দ্র সিঙে আজি উত্তৰ–পূর্বাঞ্চল, লাডাখ আৰু জম্মু-কাশ্মীৰত কভিড ১৯ সংক্ৰান্তীয় পৰিস্থিতিৰ বুজ লবৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাৰ প্রাক্তন প্রধানসকলৰ বক্তব্ গ্ৰহণ কৰে। ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে আয়োজিত এই বৈঠকত সেনাবাহিনীৰ প্রাক্তন প্রধান জেনেৰেল ভি. পি. মালিক, বায়ুসেনাৰ প্রাক্তন প্রধান এয়াৰ চীফ মাৰ্শ্বাল অৰূপ ৰাহা, সেনাবাহিনীৰ প্রাক্তন উপপ্রধান, লেফটেনেন্ট জেনেৰেল শাৰদ চাঁদ, সেনাবাহিনীৰ উত্তৰাঞ্চলীয় প্রাক্তন প্রধান, লেফটেনেন্ট জেনেৰেল দীপেন্দ্র সিং হুদা, লেফটেনেন্ট জেনেৰেল ৰণবীৰ সিং, প্রাক্তন ডিজিঅএল লেফটেনেন্ট জেনেৰেল ৰাকেশ শর্মা আৰু উত্তৰাঞ্চলীয় প্রাক্তন চীফ অৱ ষ্টাফ মেজৰ জেনেৰেল এছ. কে. শর্মাও উপস্থিত আছিল।


ড. জীতেন্দ্র সিং-এ কয়, সেনাবাহিনী আৰু বায়ুসেনাৰ এই অৱসৰপ্রাপ্ত বিষয়াসকলৰ সংশ্লিষ্ট অঞ্চলসমূহ সম্পর্কে যথেষ্ট ভাল ধাৰণা আছে। সেয়ে কভিড – ১৯ ৰ মোকাবিলাৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত অত্যন্ত গুৰত্বপূর্ণ। তেওঁ লগতে কয়, উত্তৰ–পূর্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ভিতৰত ৫ খন ৰাজ্য ইতিমধ্যেই সম্পূৰ্ণৰূপে কৰোনামুক্ত হৈ পৰিছে। আনহাতে আন তিনিখন ৰাজ্যত বিগত কেবাদিনো ধৰি নতুনকৈ কৰোনা সংক্রমণৰ কোনো খবৰ অহা নাই। জম্মু-কাশ্মীৰৰ জম্মুত এতিয়ালৈ ১৫ জন লোক এই ৰোগত আক্রান্ত হৈছে। কাশ্মীৰ উপত্যাকাত বন্দীপুৰাৰ দৰে অঞ্চলৰ বাদে বাকী সকলো ঠাইতে সংক্রমণৰ হাৰ ক্রমশঃ হ্ৰাস পাইছে।

 

বৈঠকত অংশগ্রহণকাৰীসকলে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কভিড – ১৯ ৰ মোকাবিলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ভুমিকাক প্রশংসা কৰে। উত্তৰ–পূর্বাঞ্চলত কৰোনা সংক্রমণ ক্রমান্বয়ে আঁতৰ হোৱাত তেওঁ সন্তোষ প্রকাশ কৰে আৰু জম্মু-কাশ্মীৰ প্রশাসন, যিধৰণে এই প্ৰতিকূল পৰিস্থিতিৰে মোকাবিলা কৰিছে, তাকো প্ৰসংশা কৰে মন্ত্ৰী ড. সিঙে।


অংশগ্রহণকাৰীসকলে কয়, লকডাউন ক্ৰমান্বয়ে লাহে লাহে উঠাব লাগিব। তাৰ লগতে, প্রতিবেশী ৰাষ্ট্রসমূহৰ (যেনে – বাংলাদেশ) সৈতে সীমান্ত ছীল কৰি ৰখাৰ বাবেও পৰামৰ্শ দিয়ে তেওঁলোকে। অনলাইনোগে ক্ৰয়-বিক্ৰয়, লেখা-মেলা আদিৰ সুোগ তথা উত্তৰ–পূৱ আৰু জম্মু-কাশ্মীৰত সাধাৰণ মানুহৰ এনে পৰিস্থিতিতো মনোভাৱ যথেষ্ট ভাল বুলি তেওঁ মত প্রকাশ কৰে

<><><><><>

VG/SNC/RD


(रिलीज़ आईडी: 1619448) आगंतुक पटल : 263
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu