প্ৰতিৰক্ষা মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ভাৰতীয় নৌ সেনাৰ ব্যক্তিগত সুৰক্ষা সাজ (পি পি ই) নিউক্লিয়েৰ ঔষধ আৰু আনুসঙ্গিক বিজ্ঞান প্ৰতিষ্ঠান (আই এন এম এ এচ)ৰদ্বাৰা অনুমোদিত
                    
                    
                        
                    
                
                
                    Posted On:
                07 MAY 2020 7:39PM by PIB Guwahati
                
                
                
                
                
                
                ভাৰতীয় নৌ সেনাই প্ৰস্তুত কৰা ব্যক্তিগত সুৰক্ষা সাজ (পি পি ই) নিউক্লিয়েৰ ঔষধ আৰু আনুসঙ্গিক বিজ্ঞান প্ৰতিষ্ঠান (আই এন এম এ এচ)ৰদ্বাৰা পৰীক্ষা কৰি ইয়াক ক’ভিড-১৯ এ সৃষ্টি কৰা পৰিস্থিতিত চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰৰ উপযোগী বুলি ঘোষণা কৰাৰ লগতে সৰহীয়াকৈ উৎপাদন কৰিবলৈ অনুমোদন জনোৱা হৈছে। 
ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ সময়ত পি পি ইৰ নাটনি এক চিন্তনীয় বিষয় কাৰণ ই স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ ওপৰত প্ৰভাৱ পেলাব আৰু লগতে তেওঁলোকক মানসিকভাৱেও ভাৰাক্ৰান্ত কৰিব। 
পি পি ই সমূহক আই চি এম আৰ আৰু গৃহ পৰিক্ৰমা আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ঠিক কৰি দিয়া সুৰক্ষা মাপকাঠিৰে বিবেচনা কৰা হৈছিল। 
ভাৰতীয় নৌ সেনাই ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজাৰ বাবে এই অত্যন্ত প্ৰয়োজনীয় সম্পদ প্ৰস্তুত কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ইয়াৰ উদ্ভাৱনী কোষ, মুম্বাইৰ ইনষ্টিটিউট অৱ নেভেল মেডিচিন আৰু মুম্বাইৰ নেভেল ডকিয়াৰ্ডে লগ হৈ এটা দল গঠন কৰি পি পি ইৰ আৰ্হি তৈয়াৰ কৰা আৰু  উৎপাদনৰ কাম হাতত লৈছিল। ভাৰতীয় নৌ সেনাই প্ৰস্তুত কৰা এই পি পি ই দিল্লীস্থিত আই এন এম এ এচে পৰীক্ষা কৰি ব্যৱহাৰৰ উপযোগী বুলি ঘোষণা কৰিছে। 
এই পি পি ই ৬/৬ ছিন্থেটিক তেজ পেনেট্ৰেশ্যন প্ৰতিৰোধৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু সেয়ে ক’ভিড-১৯ ৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে সৰহীয়াকৈ উৎপাদন কৰিবলৈ অনুমতি লাভ কৰিছে। 
এই পি পি ই ৰ আটাইতকৈ উপযোগী বিশেষত্ব হৈছে, ই অতি সহজ, মৌলিক চিন্তাৰে নিৰ্মিত আৰু সাধাৰণ সা-সুবিধাৰে নিৰ্মাণ কৰিব পৰাকৈ কম খৰচী। ইয়াত ব্যৱহৃত কাপোৰৰ বাচনিয়ে পি পি ই সমূহক সহজে শ্বাস-প্ৰশ্বাস ল’ব পৰা কৰাৰ লগতে পেনেট্ৰেশ্যন প্ৰতিৰোধক কৰি তুলিছে ফলত এইসমূহ হৈ পৰিছে ব্যৱহাৰকাৰীৰ বাবে সুৰক্ষিত আৰু আৰামদায়ক। 
বাণিজ্যিকভাৱে উপলব্ধ পি পি ইতকৈ এইসমূহৰ দাম যথেষ্ট কম। 
VM/ MS/PRK
                
                
                
                
                
                (Release ID: 1622025)
                Visitor Counter : 305