গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        লকডাউনৰ মাজতে বৃদ্ধি হৈছে খাদ্য শস্য ক্ৰয়ৰ পৰিমাণ
                    
                    
                        কেন্দ্ৰীয় সংস্থাৰ তৰফৰ পৰা নিৰ্ধাৰিত লক্ষ্যৰ ৪০০ লাখ মেট্ৰিকটনৰ অৰ্ধেকতকৈও অধিক আটা ক্ৰয় কৰা হৈছে
৪৫ লাখ মেট্ৰিকটন ধানো ক্ৰয় কৰা হৈছে, তেলেংগানাই ৩০ লাখ মেট্ৰিকটন ক্ৰয় কৰি শীৰ্ষত আছে
পিএমজিকেএৱাইৰ অধীনত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে খাদ্য শস্য আহৰণ কৰিছে ৭০ লাখ মেট্ৰিকটন, যি ৩ মাহৰ মুঠ আৱণ্টনৰ ৫৮% 
                    
                
                
                    Posted On:
                07 MAY 2020 6:52PM by PIB Guwahati
                
                
                
                
                
                
                চলিত ৰবি ঋতুৰ সময়ছোৱাত সমগ্ৰ দেশতে বলৱৎ লকডাউনৰ সময়ছোৱাতো সামগ্ৰীসমূহৰ পৰিবহণৰ কাৰ্য স্থগিত হোৱা নাই৷ নিৰ্ধাৰিত লক্ষ্যৰ ৪০০ লাখ মেট্ৰিকটনৰ কেন্দ্ৰীয় সংস্থাই ইতিমধ্যে ০৬.০৫.২০২০ তাৰিখ পৰ্যন্ত ২১৬ লাখ মেট্ৰিকটনৰ আহৰণৰ জৰিয়তে অৰ্ধেকতকৈও অধিক আটা ক্ৰয় কৰিছে৷ ঠিক সেইদৰে চৰকাৰী সংস্থাসমূহে ৪৪.৯ লাখ মেট্ৰিকটন ধানো ক্ৰয় কৰিছে৷
১০৪.২৮ লাখ মেট্ৰিকটনেৰে পাঞ্জাৱে সৰ্বাধিক আটা ক্ৰয় কৰাৰ বিপৰীতে হাৰিয়ানা আৰু মধ্যপ্ৰদেশে ক্ৰমে ৫০.৫৬ লাখ মেট্ৰিকটন আৰু ৪৮.৬৪ লাখ মেট্ৰিকটন আটা ক্ৰয় কৰিছে৷
আনহাতে তেলেংগানাই সৰ্বাধিক ধান ক্ৰয় কৰিছে৷ মুঠ ৪৫ লাখ মেট্ৰিকটন ধান আহৰণৰ ভিতৰত তেলেংগানাই অকলেই ৩০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিছে৷ তেলেংগানাৰ পিছতে ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিছে অন্ধ্ৰ প্ৰদেশে৷
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ৰাজ্য চৰকাৰসমূহে ৩ মাহৰ বাবে বিনামূলীয়াকৈ প্ৰায় ৮০ কোটি হিতাধিকাৰীক ৫ কিলোগ্ৰামকৈ খাদ্য শস্যৰ যোগান ধৰি ৭০ লাখ মেট্ৰিকটনৰ সীমা অতিক্ৰম কৰিছে যি তিনিমাহৰ মুঠ আৱণ্টনৰ ৫৮%৷ প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ পৰ্যাপ্ত পৰিমাণে খাদ্য শস্যৰ যোগান ধৰি ভাৰত চৰকাৰে দেশত খাদ্য শস্যৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিছে৷
 
*****
APS/PK/MS/BA/MANN
                
                
                
                
                
                (Release ID: 1622085)
                Visitor Counter : 231
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Kannada