বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে অব্যাহত ৰখা যুঁজখন অধিক দুৰ্বাৰ কৰি তুলিব পৰা প্ৰযুক্তিলৈ অনুমোদন ‘টিডিবি’-ৰ

পোষ্ট কৰা হৈছে: 17 MAY 2020 6:01PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে বিজ্ঞানী, প্ৰযুক্তিবিদ, উদ্যমী আৰু উদ্যোগীসকলে অব্যাহত ৰখা যুঁজখনত বিত্তীয় সংসাধানৰ যোগানৰ লগতে প্ৰযুক্তিৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত ইতিবাচক সহযোগিতা আগবঢ়াই বিশেষ ভূমিকা পালন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বিধিগত নিকায় প্ৰযুক্তি বিকাশ পৰিষদ(টিডিবি)য়ে। তদুপৰি, দেশৰ লগতে সমগ্ৰ বিশ্বই সন্মুখীন হোৱা অভুতপূৰ্ব স্বাস্থ্য-সংকটৰ এই মুহূৰ্তত টিডিবি-য়ে ন ন সমাধানসূত্ৰ আগবঢ়াই দেশৰ প্ৰয়াসতো সহযোগিতা আগঢ়াই আহিছে।

শেহতীয়া কেইটামান সপ্তাহত টিডিবি-য়ে ইয়াৰ মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ এলানি প্ৰকল্পৰ অনুমোদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। আজি পৰ্যন্ত টিডিবি-য়ে থাৰ্মেল স্কেনাৰ, মেডিকেল ডিভাইচ, মাস্ক আৰু ডায়েগনষ্টিক কিট আদিৰ ৬টা প্ৰকল্পলৈ অনুমোদন জনাইছে।

এইসমূহৰ ভিতৰত ককছলেব ইনভেশ্যন ছলিউশ্যন প্ৰাইভেট লিমিটেড-য়ে পৰিকল্পনা কৰা কম ব্যয় সাপেক্ষ, ভিৰৰ মাজতো দেহত অনিমীয়া তাপমান থকা ব্যক্তিক চিনাক্ত কৰি সেই তথ্য সংশ্লিষ্ট কৰ্তপক্ষৰ ফোন কিম্বা লেপটপলৈ প্ৰেৰণ কৰিব পৰা এবিধ যতনকে ধৰি এডভান্সড মেকানিকেল ছাৰ্ভিচেজ প্ৰইভেট লিমিটেডৰ আৰু এবিধ অভিনৱ তাপমান যন্ত্ৰ, কইম্বাটোৰৰ লটমে ইলেক্ট্ৰিক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বেটেৰীৰে সঞ্চিলিত হব পৰা এবিধ ভ্ৰাম্যমান এক্স-ৰে যন্ত্ৰ, পুনেৰ থিংকৰ টেকনলজিছ ইণ্ডিয়া প্ৰইভেট লিমিটেডৰ এবিধ এণ্টিভাইৰেল মাস্ক আৰু নতুন দিল্লীৰ মেডঝোম লাইফ ছায়েন্সেজ প্ৰতিষ্ঠানৰ মেলেৰিয়া, ডেংগু, গৰ্ভধাৰণ আৰু টাইফদ আদিৰ তথ্য বিশ্লেষণ কৰিব পৰা কিটৰ বাণিজ্যিক উত্পাদন সম্পৰ্কীয় প্ৰকল্পক সামৰি লোৱা হৈছে।

 

****

KGS/(DST/TDB/KB


(ৰিলিজ আই ডি : 1624784) অতিথি কক্ষ : 392
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Telugu , Kannada