আয়ুষ
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২০ৰ পূৰ্বালোকন ১০ জুনত ডিডি নিউজযোগে সম্প্ৰচাৰিত হ’ব
পোষ্ট কৰা হৈছে:
09 JUN 2020 12:52PM by PIB Guwahati
আয়ুষ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বালোকন হিচাপে এক দূৰদৰ্শনৰ কাৰ্যসূচী মোৰাৰাজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰিব, যিটো ১০ জুন, ২০২০ৰ সন্ধিয়া ৭ বজাৰ পৰা বিয়লি ৮ বজালৈকে ডি ডি নিউজযোগে সম্প্ৰচাৰ কৰা হ’ব৷ এই কাৰ্যসূচী আয়ুষ মন্ত্ৰালয়ৰ ফেচবুক পেজৰ জৰিয়তে পোনপটীয়াকৈ চাব পাৰিব৷
এই পূৰ্বালোকন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২০ উপলক্ষে ১০ দিনীয়া চৰকাৰী কাউণ্টডাউন হিচাপে চিহ্নিত হ’ব৷ এই উপলক্ষে কেন্দ্ৰীয় আয়ুষ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছো নায়ক, প্ৰধানমন্ত্ৰী কাৰ্যায়লৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ অধ্যক্ষ ড০ বিনয় সহস্ৰবুদ্ধই বৈদ্যুতিন মাধ্যমেৰে দেশবাসীক সম্বোধন কৰিব৷ আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷
ক’ভিড-১৯ৰ বাবে দেশত সৃষ্টি হোৱা স্বাস্থ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ডিজিটেল মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হ’ব৷ ক’ৰোনা ভাইৰাছৰ অত্যাধিক সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে জনসাধাৰণক নিজৰ নিজৰ ঘৰতে যোগাভ্যাস কৰাৰ বাবে উৎসাহ যোগাই আহিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ জনতাৰ বাবে ‘মেৰা জীৱন, মেৰা যোগ’ শীৰ্ষক এক ভিডিঅ’ ব্ল’গিং প্ৰতিযোগিতাৰ কথাও ঘোষণা কৰিছিল৷
পূৰ্বালোকনৰ পাছত অহা ১১ জুনৰ পৰা ২০ জুনলৈ এই ১০দিন পুৱা ৮ বজাৰ পৰা ৮.৩০ বজালৈ ডিডি ভাৰতী আৰু ডিডি স্পৰ্টছৰ জৰিয়তে সাধাৰণ যোগ প্ৰটকলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷ মোৰাৰাজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত যোগগুৰু স্বামী ৰামদেৱ, শ্ৰী শ্ৰী ৰবি শংকৰ, সদগুৰু জগ্গী বাসুদেৱ, ডা০ এছ. আৰ. নাগেন্দ্ৰ, শ্ৰী কমলেশ পেটেল, (দাজী), ভগ্নী শিৱানী আৰু স্বামী ভাৰত ভূষণে আমাৰ জীৱনত যোগৰ গুৰুত্ব সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰিব৷ উল্লেখ্য যে ২১ জুনৰ ৭ বজাত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হ’ব৷ আয়ুষ মন্ত্ৰালয়ে সকলোকে এই কাৰ্যসূচীত ঘৰতে থাকি যোগাভ্যাসৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷
***
MV/SK/DB
(ৰিলিজ আই ডি : 1630449)
অতিথি কক্ষ : 338
ত এই ৰিলিজটো পঢ়ক:
हिन्दी
,
Marathi
,
Tamil
,
English
,
Urdu
,
Manipuri
,
Punjabi
,
Odia
,
Telugu
,
Kannada
,
Malayalam