ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ৰ ভাইৰাছৰ সাম্ভাৱ্য সংক্ৰমণৰ ক্ষেত্ৰত এচি দবাসমূহ উপযুক্ত নহয়

ভাৰতীয় ৰে’লৱেয়ে ৫২৩১ টা নন এচি দবা আইচ’লেচন দবালৈ পৰিৱৰ্তিত কৰিছে

প্ৰাকৃতিক পোহৰ আৰু বাতানুকূলৰ বাবে পৰ্যাপ্ত সুবিধা থকাটো আৱশ্যক

ক্ষমতাপ্ৰাপ্ত গোটে নন এচি দবাসমূহ ক’ভিড কেয়াৰ কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল

সাধাৰণতে এক উচ্চ উষ্ণতাত ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজাত সহায়ক পৰিবেশৰ সৃষ্টি হয়

নন এচি দবাসমূহ স্বাস্থ্য আৰু কাৰিকৰী দিশতো উপযুক্ত

ৰোগী আৰু কৰ্মচাৰীসকলক সুবিধা প্ৰধান কৰিবলৈ বহু তৰপীয়া ৰণনীতি অৱলম্বন কৰা হৈছে

অনুৰোধ জনোৱা ৰাজ্যসমূহ চিকিৎসক আৰু পেৰামেডিক কৰ্মী প্ৰদান কৰা হ’ব

प्रविष्टि तिथि: 19 JUN 2020 1:43PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখি ভাৰতীয় ৰে’লৱেয়ে ৫২৩১টা নন এচি দবা আইচ’লেচন দবালৈ পৰিৱৰ্তিত কৰিছে৷ যোজনাৰ অধীনত এয়াও সিদ্ধান্ত লোৱা হৈছে যে এই দবাসমূহত প্ৰাকৃতিক ৰূপত বতাহ আৰু পোহৰৰ পৰ্যাপ্ত সুবিধা হওক আৰু যদি বাতানুকূল সুবিধা উপলব্ধ কৰোৱা হয় তেন্তে তাত যাতে ডাক্ট নাথাকে৷

ৰে’লৰ এই দবাসমূহক ক’ভিড ৰোগীৰ অনুৰূপে পৰিৱৰ্তিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে নিটি আয়োগ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে এই দবাসমূহক বাতানুকূলীন ৰখা-নৰখা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়৷ এই ক’ভিড কেয়াৰ দবাসমূহত এনে ধৰণৰ ৰোগীক শুশ্ৰূষা কৰা হ’ব যাৰ সামান্য পৰিমাণে সংক্ৰমণ হৈছে৷ আইচ’লেচন দবাযুক্ত এনে প্ৰত্যেক ৰে’লগাড়ীক আৱশ্যক ধৰণে এক বা একাধিক ক’ভিড সমৰ্পিত স্বাস্থ্য কেন্দ্ৰ তথা অতি কমেও এখন ক’ভিড সমৰ্পিত চিকিৎসালয়ৰ সৈতে সংযুক্ত কৰোৱা হ’ব৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় দ্বাৰা এনে ৰে’লগাড়ীৰ বাবে প্ৰস্তুত কৰা মানক প্ৰক্ৰিয়াৰ অনুসাৰে এইসমূহৰ প্লেটফ’ৰ্মত এক আপাতকালীন সুবিধা সম্বন্ধীয় স্বাস্থ্য সেৱা অনুৰূপে প্ৰস্তুত কৰা হ’ব৷ এই সুবিধা স্থায়ীভাৱে নহ’লেও অস্থায়ী হিচাপে প্ৰদান কৰা হ’ব৷ জুলাইৰ মাজভাগত যেতিয়া ক’ভিডৰ সংক্ৰমণে চৰম পৰ্যায় লাভ কৰিব তেতিয়া এই ৰে’লৰ দবাসমূহৰ প্ৰয়োজন হ’ব৷

খিৰিকি বন্ধ থকা অৱস্থাত নন এচি দবাসমূহৰ উষ্ণতা জুনৰ মাজভাগত ৪৩ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা হোৱাৰ পৰিপ্ৰেক্ষিতত আঠুৱা ব্যৱহাৰ কৰি আৰু খিৰিকি খুলি তাপমান নিয়ন্ত্ৰিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷ জহকালি দবাসমূহৰ ভিতৰত তাপমান নিয়ন্ত্ৰিত কৰা ৰখাৰ বাবে এক বহু তৰপীয়া ৰণনীতি প্ৰস্তুত কৰা হৈছে যাৰ দ্বাৰা ৰোগী আৰু কৰ্মচাৰীসকলে যথেষ্ট স্বাচ্ছ্যন্দ লাভ কৰিব৷

 

 

*****

 

DJN/SG/MKV/MANN


(रिलीज़ आईडी: 1632650) आगंतुक पटल : 303
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Tamil , Telugu , Malayalam