তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
গণ মাধ্যমৰ কাৰ্যক্ৰম প্ৰস্তুতিৰ বাবে ‘এছঅ’পি’ মুকলি কৰিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে
পোষ্ট কৰা হৈছে:
23 AUG 2020 12:41PM by PIB Guwahati
গণ মাধ্যমৰ উত্পাদন এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যক্ৰম, যিয়ে দেশৰ মুঠ ঘৰুৱা উত্পাদন চমুকৈ ‘জিডিপি’-লৈ ব্যাপক হাৰত অৰিহণা আগবঢ়াই আহিছে। শেহতীয়া ভাবে ক’ভিড-১৯ মহামাৰীৰ সময়চোৱাতো গণ মাধ্যমৰ কাৰ্যক্ৰম যুগুত কৰ্ম-কাণ্ডৰে জড়িত হৈ অহা বিভিন্ন পক্ষই মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ নিয়মীয়া কাম-কাজো পুনৰাম্ভ কৰিছিল/চলাই আহিছিল।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দিহা পৰামৰ্শৰ আধাৰত গণ মাধ্যমৰ উত্পাদনৰ বাবে প্ৰতিৰোধী পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ যুগুতাই উলিওৱা এলানি বিধি-নিয়ম আৰু ‘মানক কৰ্ম পদ্ধতি’ অথবা ‘ষ্টেণ্ডাৰ্ড অ’পাৰেটিং ছীছটেম’(এছঅ’পি) আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে নতুন দিল্লীত আনুষ্ঠানিক ভাবে মুকলি কৰে। এই বিধি-নিয়মসমূহৰ উল্লেখনীয় বিষয়সমূহৰ ভিতৰত স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে ক’ভিড-১৯ সন্দৰ্ভত জাৰি কৰা সাধাৰণ বিধি নিয়মসমূহক অন্তৰ্ভুক্ত কৰাৰ লগতে ‘কণ্টেইনমেণ্ট জ’ন’ৰ ভিতৰত অনাৱশ্যকীয় কাম-কাজ কৰিবলৈ নিদিয়া, অধিক শংকাযুক্ত কৰ্মচাৰীৰ ক্ষেত্ৰত অধিক সতৰ্কতা গ্ৰহণ কৰা, মুখাৱৰণ বা মাস্কৰো ব্যৱহাৰ কৰা, সঘনাই হাত ধোৱা, ছেনিটাইজাৰৰে হাত পৰিষ্কৰণৰ দিহা কৰা আৰু শ্বাস-প্ৰশ্বাস লোৱা-মেলাৰ ক্ষেত্ৰত বিশেষকৈ গণ মাধ্যমৰ উত্পাদনৰ ক্ষেত্ৰত শিষ্টতা প্ৰদৰ্শন কৰা আদিক সামৰি লোৱা হৈছে।
আন্তৰ্জাতিক অনুশীলনসমূহৰ লগতে শাৰিৰীক ব্যৱধান, দৃশ্যগ্ৰহণৰ ঠাইত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে আচুতীয়া পথৰ ব্যৱস্থা কৰা, ছেনিটাইজেশ্যন, কৰ্মচাৰীসকলৰ সুৰক্ষা, ন্যূনতম সংস্পৰ্শৰ সম্ভাৱনা নিশ্চিত কৰা আৰু ভ্ৰমণৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা বিধি-নিয়মসমূহক সাৰোগত কৰি মন্ত্ৰালয়টোৱে এই মানক কৰ্ম পদ্ধতি যুগুতাই উলিয়াইছে। বিশেষকৈ মুখাৱৰণ বা মাস্কৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় অনুশীলন মানি চলি দৃশ্যগ্ৰহণস্থলীত কৰ্তব্যৰত কেমেৰা মেন আৰু অন্যান্য কলা-কুশলীসকলে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত কেমৰাৰ সমুখত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

গণ মাধ্যমৰ কাম-কাজ আৰম্ভ কৰাৰ বেলিকা এই বিধি নিয়ম আৰু ‘মানক কৰ্ম পদ্ধতি’ সকলো ৰাজ্য আৰু সংশ্লিষ্ট পক্ষসমূহে মানি চলিব লাগিব।


এই সন্দৰ্ভত ভাষণ প্ৰদান কৰি মন্ত্ৰী জাৱড়েকাৰে কয় যে, ‘এছঅ’পি’য়ে আন্তঃৰাষ্ট্ৰীয় বিধি-ব্যৱস্থা সাৰোগত কৰিছে। বিগত প্ৰায় ছটা মাহে নেতিবাচক ভাবে প্ৰভাৱিত হোৱা উদ্যোগটোৰ কাম-কাজ পুনৰাম্ভ কৰাৰ ক্ষেত্ৰত এই ‘এছঅ’পি’-য়ে বিশেষ সহায় আগবঢ়াব।
দেশৰ প্ৰতিখন ৰাজ্যই এই কৰ্ম পদ্ধতি মানি চলাৰ লগতে প্ৰয়োজন সাপেক্ষে আৰু বিধি-ব্যৱস্থা সংযোজিত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী জাৱড়েকাৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শৰ আধাৰত এই ‘এছঅ’পি’ জাৰি কৰা হৈছে।
বিস্তৃত ‘এছঅপি’ৰ বাবে সংযুক্ত হওক:
https://mib.gov.in/sites/default/files/SOP%20on%20Media%20Production%2021%20Aug%202020%20%281%29.pdf
***
(ৰিলিজ আই ডি : 1648101)
অতিথি কক্ষ : 389
ত এই ৰিলিজটো পঢ়ক:
Urdu
,
Punjabi
,
English
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam