বিত্ত মন্ত্ৰালয়
বেংকবোৰৰ সেৱা মাচুল সম্পৰ্কে বাস্তৱিক তথ্য
प्रविष्टि तिथि:
03 NOV 2020 2:59PM by PIB Guwahati
নিৰ্দিষ্ট ভালেমান ৰাষ্ট্ৰীয় বেংকে সেৱা মাচুল বৃদ্ধি কৰিছে বুলি এক শ্ৰেণীৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে। এই পৰিপ্ৰেক্ষিতত সেৱা মাচুল সম্পৰ্কে বাস্তৱিক স্থিতি নিম্নোক্ত ধৰণৰ -
• জন ধন একাউণ্টসহ বেচিক ছেভিংছ বেংক ডিপোজিট একাউণ্ট – বেচিক ছেভিংছ বেংক ডিপোজিট একাউণ্টত কোনো সেৱা মাচুল ধাৰ্য কৰা নহয়। এই ধৰণৰ একাউণ্টৰ সংখ্যা ৬০ কোটি ৪ লাখ। ইয়াৰ উপৰিও, সমাজৰ যিবোৰ শ্ৰেণীৰ মানুহৰ হাতত বেংক সেৱা নাই, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ স্বাৰ্থত যি ৪১ কোটি ১৩ লাখ জন ধন একাউণ্ট খোলা হৈছে, সেইবোৰতো সেৱাৰ বাবদ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিনামূলীয়া সেৱা প্ৰদান নীতি অনুসৰণ কৰি কোনো সেৱা মাচুল ধাৰ্য কৰা নহয়
• ৰেগুলাৰ ছেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, কেছ ক্ৰেডিট একাউণ্ট আৰু অভাৰড্ৰাফট একাউণ্ট – এই একাউণ্টবোৰ সম্পৰ্কে ৰাষ্ট্ৰীয় বেংক অৱ বৰোদা সেৱাত মাচুল বৃদ্ধি কৰা হোৱা নাই। গতিকে, বেংকৰ তৰফৰ পৰা ২০২০ ৰ পহিলা নৱেম্বৰত নিৰ্দিষ্ট কিছু পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে। বেংকৰ তৰফৰ পৰা কোৱা হৈছে যে পৰিৱৰ্তন অনা হৈছে সেয়া প্ৰতি মাহে বিনামূল্যে নগদ আমানত আৰু ধন আহৰণৰ ক্ষেত্ৰতহে। বেংকৰ তৰফৰ পৰা এই সম্পৰ্কে আৰু কোৱা হৈছে, বিনামূল্যে নগদ আমানত তথা ধন আহৰণৰ ক্ষেত্ৰত প্ৰতি মাহেকত পাঁচবাৰৰ পৰিৱৰ্তে এতিয়াৰে পৰা গ্ৰাহকে তিনিবাৰকৈ কোনো খৰচ নোহোৱাকৈ এই সেৱা পাব পাৰিব। অৱশ্যে, বিনামূলীয়া লেনদেনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন অনা হোৱা নাই।
ৰাষ্ট্ৰীয় বেংক অৱ বৰোদাৰ তৰফৰ পৰা জনোৱা হৈছে যে ক’ভিড-১৯ সংক্ৰান্তত বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে যি পৰিবৰ্তনবোৰ কাৰ্যকৰী কৰিছিল সেয়া প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেৱল বেংক অৱ বৰোদাৰ বাহিৰে আন কোনো ৰাষ্ট্ৰীয় বেংকে সেৱা মাচুল বৃদ্ধি কৰা নাই।
অৱশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনা অনুযায়ী ৰাষ্ট্ৰীয় বেংকসহ সকলোবোৰ বেংকেই ন্যায্য, স্বচ্ছ আৰু নিৰপেক্ষতা বজাই ৰাখি প্ৰদেয় সেৱাৰ ক্ষেত্ৰত মাচুল আৰোপ কৰিব পাৰে। অৱশ্যে মাচুলৰ পৰিমাণ নিৰ্ভৰ কৰিব ধনৰ পৰিমাণৰ ওপৰত। ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় অন্যান্য বেংকবোৰৰ তৰফৰ পৰা জনোৱা হৈছে যে অদূৰ ভৱিষ্যতে তেওঁলোকেও এনে ধৰণৰ বেংক মাচুল নবঢ়োৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।
********
RM/KMN/RD
(रिलीज़ आईडी: 1669964)
आगंतुक पटल : 334
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam