মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে কাইলৈ চিবিএছই ব’ৰ্ড পৰীক্ষা-২০২১ৰ দিন ঘোষণা কৰিব
পোষ্ট কৰা হৈছে:
30 DEC 2020 3:16PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কাইলৈ(৩১ ডিচেম্বৰ,২০২০)সন্ধিয়া ৬ বজাত চিবিএছই ব’ৰ্ড পৰীক্ষা-২০২১ৰ দিন ঘোষণা কৰিব। মন্ত্ৰালয়ে তেওঁলোকৰ টুইটাৰ একাউণ্টত এই তথ্য প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে, শিক্ষকসকলৰ সৈতে ভাৰ্চুৱেল মতবিনিময়ত শ্ৰী পোখৰিয়ালে জানিবলৈ দিছিল যে চিবিএছই-এ ২০২১ৰ ব’ৰ্ড পৰীক্ষা আয়োজন কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি চলাই আছে। শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলে এই সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে চিবিএছই-এ ২০২১ৰ ব’ৰ্ড পৰীক্ষা আয়োজনৰ প্ৰস্তুতি আৰম্ভ কৰে।
*****
MC\KP\AK/MS
(ৰিলিজ আই ডি : 1685012)
অতিথি কক্ষ : 103