প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিঙৰ মাজত টেলিফোনিক বাৰ্তালাপ
পোষ্ট কৰা হৈছে:
11 MAY 2021 12:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিঙৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।
ভূটানৰ প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ বৰ্তমানৰ ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে একাত্মতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়েও ভূটান চৰকাৰ আৰু ভূটানৰ জনসাধাৰণক তেওঁলোকৰ সদিচ্ছা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ ভূটানৰ ৰজাৰ নেতৃত্বত মহামাৰীৰ বিৰুদ্ধে যুদ্ধত ভূটানৰ ভূমিকাৰ প্ৰশংসা কৰে আৰু মহামাৰীৰ বিৰুদ্ধে তেওঁৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জ্ঞাপন কৰে।
দুয়োগৰাকী নেতাই একমত যে বৰ্তমানৰ সংকটে ভাৰত আৰু ভূটানৰ মাজৰ বিশেষ বন্ধুত্বক আৰু অধিক শক্তিশালী কৰিব পাৰে। দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক সদায়েই পাৰস্পৰিক বুজাবুজি, পাৰস্পৰিক সন্মান, বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক বিনিময়ৰ ঐতিহ্য আৰু জনসাধাৰণৰ মাজত থকা সম্প্ৰীতিৰ ওপৰত আধাৰিত।
*****
DS /AKJ/RD
(ৰিলিজ আই ডি : 1718224)
অতিথি কক্ষ : 268
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam