প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট লেখক বীণাপানি ম’হান্তিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 24 APR 2022 11:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট লেখক বীণাপানি ম’হান্তিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে কয় যে বীণাপানি ম’হান্তিয়ে ওড়িয়া সাহিত্য, বিশেষকৈ উপন্যাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বিশিষ্ট লেখক বীণাপানি ম’হান্তিজীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ওড়িয়া সাহিত্য, বিশেষকৈ উপন্যাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল৷ তেওঁৰ সৃষ্টিৰাজি বিভিন্ন ভাষালৈ অনুদিত হৈছে আৰু সেইবোৰে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল৷ মই তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

 

***

DS/ST/DB


(Release ID: 1819800) Visitor Counter : 145