প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ আৰু বানত ক্ষতিগ্ৰস্তসকললৈ সহমৰ্মিতা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ; সাম্ভাৱ্য সকলো সহায়ৰ আশ্বাস

Posted On: 14 AUG 2025 4:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত ডাৱৰ বিস্ফোৰণ আৰু পৰৱৰ্তী সময়ত হোৱা বানপানীক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ আশ্বাস দিয়ে যে এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্তসকলক সময়মতে সাহায্য প্ৰদানৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় -

“জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত হোৱা ডাৱৰ বিস্ফোৰণ আৰু বানত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি মোৰ সহমৰ্মিতা প্ৰকাশ কৰিছো আৰু তেওঁলোকৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো। পৰিস্থিতিৰ ওপৰত অহৰহ চোকা নজৰ ৰখা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানো চলি আছে। আৰ্তজনলৈ সাম্ভাৱ্য সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব।”

****

MJPS/SR


(Release ID: 2158756) Visitor Counter : 11