তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

পিআইবি আৰু চিবিচি গুৱাহাটীৰ উদ্যোগত “এক দিন এক ঘন্টা এক সাথ” শীৰ্ষক স্বচ্ছতা অভিযান সম্পন্ন

পোষ্ট কৰা হৈছে: 25 SEP 2025 6:50PM by PIB Guwahati

“এক দিন এক ঘণ্টা এক সাথ: দেশব্যাপী স্বেচ্ছাসেৱী শ্ৰমদান” পদক্ষেপৰ অংশ হিচাপে আজি প্ৰেছ ইনফৰ্মেছন ব্যুৰো (পি আই বি) আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চি বি চি), গুৱাহাটীৰ উদ্যোগত দূৰদৰ্শন কেন্দ্ৰ চৌহদত এক বিস্তৃত স্বচ্ছতা অভিযানৰ আয়োজন কৰা হয়। এই অভিযানৰ লক্ষ্য হৈছে সকলো কৰ্মচাৰী আৰু অংশীদাৰকে  পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময় তথা  চৌপাশৰ নিৰ্মল  পৰিবেশ প্ৰদান কৰা।

 

অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱৰ নেতৃত্বত গ্ৰহণ কৰা এই অভিযানৰ সময়ত চৌহদৰ ভিতৰৰ নলা, পাৰ্কিং এলেকা  আৰু মুকলি ঠাই আদি  পৰিষ্কাৰ কৰা কামত  বিষয়া আৰু কৰ্মচাৰীসকে  উৎসাহেৰে  অংশগ্ৰহণ কৰে।

 

এই পদক্ষেপত সৃষ্টিশীলতাৰ মাত্ৰা সংযোজন কৰি স্বচ্ছতা বিষয়ক ফুটবল খেলৰো আয়োজন কৰা হয়। ইয়াত আৱৰ্জনাক প্ৰতীকীভাৱে “বল” হিচাপে প্ৰতিনিধিত্ব কৰা হয়, আনহাতে অংশগ্ৰহণকাৰীসকলে ইয়াক নিজৰ চৌহদত প্ৰৱেশ কৰাত বাধা দিবলৈ এখন দেৱাল গঠন কৰে। লগতে এনে  প্ৰচেষ্টাত  সকলোৱে সামূহিকভাৱে ভাগ লোৱাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়।

এনে অভিযানৰ জড়িয়তে পিআইবি আৰু চিবিচি ,গুৱাহাটীয়ে   ‘স্বচ্ছতা হি সেৱা – ২০২৫’ অভিযানৰ অধীনত আন এক মাইলৰ খুঁটি স্থাপন  কৰিবলৈ সক্ষম হয়। স্বচ্ছতাৰ এই অভিযানে সামূহিক প্ৰচেষ্টাৰ শক্তিক উজ্জ্বল কৰি তোলাৰ লগতে কৰ্মক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা,অনুশাসনৰ সংস্কৃতিক প্ৰসাৰিত কৰাৰ বিষয়কো শক্তিশালী কৰি তোলে । এই অভিযানত  দেশৰ উৎসৱমুখৰ পৰিবেশৰ সৈতে  স্বচ্ছ ভাৰতৰ দৃষ্টিভংগীক সংপৃক্ত কৰিবলৈ  এইবেলি গ্ৰহণ কৰা বিষয়বস্তুও  অনুৰণিত হোৱা পৰলক্ষিত হয়।

PG/DM


(ৰিলিজ আই ডি : 2171359) অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক: English