গৃহ মন্ত্ৰালয়
চৰকাৰ লাডাখ সন্দৰ্ভত এপেক্স বডি লেহ (ABL) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্স (KDA)-ৰ সৈতে আলোচনা কৰিবলৈ সদায় সাজু
পোষ্ট কৰা হৈছে:
29 SEP 2025 8:02PM by PIB Guwahati
চৰকাৰ লাডাখ সন্দৰ্ভত এপেক্স বডি লেহ (ABL) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্স (KDA)-ৰ সৈতে আলোচনা কৰিবলৈ সদায় সাজু আছে। আমি লাডাখ বিষয়ত এইচপিচি-ৰ জৰিয়তে বা তেনে কোনো মঞ্চত এবিএল আৰু কেডিএ-ৰ সৈতে আলোচনাক আদৰণি জনাম।
লাডাখ সন্দৰ্ভত হাই-পাৱাৰ্ড কমিটি (HPC)-ৰ জৰিয়তে এপেক্স বডি লেহ (ABL) আৰু কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্স (KDA)-ৰ সৈতে স্থাপন কৰা আলোচনা ব্যৱস্থাৰ ফলশ্ৰুতিত আজিলৈকে লাডাখৰ অনুসূচিত জনজাতিসকলৰ সংৰক্ষণ বৃদ্ধি, এলএএইচডিচি-সমূহত মহিলাসকললৈ সংৰক্ষণৰ সুবিধা আৰু স্থানীয় ভাষাসমূহক সুৰক্ষা প্ৰদানৰ দৰে উন্নত ফলাফল দৃশ্যমান হৈছে। ইতিমধ্যে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ ১৮০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।
অদূৰ ভৱিষ্যতেও এনে নিৰন্তৰ আলোচনাই ইপ্সিত ফলাফল প্ৰদান কৰিব বুলি আমি বিশ্বাসী।
*****
RK/VV/PR/PS/SB
(ৰিলিজ আই ডি : 2172933)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam