প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 20 OCT 2023 7:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ অক্টোবৰ, ২০২৩ তাৰিখে প্ৰায় ৫ বজাত গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিদ্যালয়খনত ‘মাল্টিপাৰ্পজ স্প’ৰ্টছ কমপ্লেক্স’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শীৰ্ষ কৃতি শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বাৰ্ষিক বঁটা প্ৰদান কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।

১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত।

***

DS/LP


(ৰিলিজ আই ডি : 2188066) অতিথি কক্ষ : 23