স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্ব প্ৰতিষেধক দিৱসৰ দিনা এইমছ, গুৱাহাটীত প্ৰাপ্তবয়স্ক প্ৰতিষেধক ক্লিনিকৰ শুভাৰম্ভ

আজীৱন টিকাকৰণ আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক প্ৰসাৰিত কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমটো পদক্ষেপ

পোষ্ট কৰা হৈছে: 10 NOV 2025 5:01PM by PIB Guwahati

প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ দিশত এক উল্লেখনীয় পদক্ষেপ হিচাপে এইমছ , গুৱাহাটীয়ে আজি বিশ্ব প্ৰতিষেধক দিৱস উপলক্ষ্যে  প্ৰাপ্তবয়স্ক প্ৰতিষেধক ক্লিনিক উদ্বোধন কৰে। এই ক্লিনিকৰ লক্ষ্য হৈছে আজীৱন টিকাকৰণৰ প্ৰসাৰ সাধন কৰা , প্ৰাপ্তবয়স্কসকলৰ বাবে প্ৰতিষেধক সেৱা প্ৰদান কৰা আৰু শৈশৱৰ পিছতো ভেকচিনৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগৰ ক্ষেত্ৰত  সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা। এই ক্লিনিক মুকলিৰ সৈতে  এইবাৰৰ বিশ্ব প্ৰতিষেধক দিৱসৰ বিষয়বস্তু “সকলোৰে বাবে প্ৰতিষেধক মানৱীয়ভাৱে সম্ভৱপৰ” বাৰ্তাৰ মিল আছে।

প্ৰাপ্তবয়স্ক প্ৰতিষেধক ক্লিনিকত স্বাস্থ্যসেৱা কৰ্মী, জ্যেষ্ঠ নাগৰিক, দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত ৰোগী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা ব্যক্তিকে ধৰি প্ৰাপ্তবয়স্কসকলৰ বাবে টিকাকৰণ তথা  পৰামৰ্শ প্ৰদানৰ সেৱা আগবঢ়োৱা হ'ব । ইয়াত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিধি  অনুসৰি ইনফ্লুৱেঞ্জা, নিউমোক’কেল ৰোগ, হেপাটাইটিছ বি, ছাৰ্ভাইকেল কেন্সাৰ (এইচ পি ভি), টিটেনাছ আৰু জাপানীজ এনকেফেলাইটিছৰ দৰে বহু ৰোগৰ  ভেকচিন আগবঢ়োৱা হ’ব। উত্তৰ-পূৰ্বাঞ্চলত স্থাপন কৰা   এনে সুবিধাসমূহৰ ভিতৰত প্ৰথম হিচাপে পৰিগণিত হোৱা ক্লিনিকখনে সক্ৰিয় স্বাস্থ্য ব্যৱস্থাপনা তথা সমাজৰ স্বাস্থ্য  সুৰক্ষাৰ বিষয়টোক  প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্ূপূৰ্ণ ভূমিকা পালন কৰিব।

এই উপলক্ষ্যে  ভাষণ আগবঢ়াই  মেডিচিন বিভাগৰ অতিৰিক্ত অধ্যাপক ডাঃ এম ডি জামিল আৰু ক্লিনিকৰ ন’ডেল অফিচাৰ , কমিউনিটি আৰু ফেমিলি মেডিচিন বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ ৰশ্মি আগৰৱালাই কয় যে টিকাকৰণ গোটেই জীৱন ধৰি  চলি থাকিব লাগে, কিয়নো সময়ৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাব পাৰে। তেওঁলোকে লগতে  কয় যে প্ৰাপ্তবয়স্কসকল ইনফ্লুৱেঞ্জা, নিউমোনিয়া, হেপাটাইটিছ, এইচ পি ভি সম্পৰ্কীয় ৰোগ আৰু শ্বিংগলছৰ দৰে কেইবাটাও গুৰুতৰ সংক্ৰমণৰ প্ৰতি দুৰ্বল হৈয়েই আছে। ক্লিনিকৰ উদ্বোধনী অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অশোক পুৰাণিক, চিকিৎসালয় খনৰ  অধীক্ষক অধ্যাপক ব্রায়ান ছুন্যু, মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ভূপেন বৰ্মন, প্রসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ মুৰব্বী অধ্যাপক শাস্বতী ত্ৰিপাথী আৰু নাৰ্চিঙৰ অধ্যক্ষ উন্মনা বুঢ়াগোঁহাই  শইকীয়া আদি ব্যক্তিসকল উপস্থিতিত থাকে।

এই প্ৰাপ্তবয়স্ক প্ৰতিষেধক ক্লিনিক এইমছ গুৱাহাটীৰ অন্যান্য বিভাগৰ সহযোগত দ্বিতীয় মহলাৰ মেডিচিন অ’পিডিত চলিব।

PG/ SM/DM


(ৰিলিজ আই ডি : 2188439) অতিথি কক্ষ : 53
ত এই ৰিলিজটো পঢ়ক: English