গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ‘সংবিধান দিৱস’ উপলক্ষে বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰ, ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধান সভাৰ সকলো মহান সদস্যক শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথা সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জ্ঞাপন
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ সংবিধানে প্ৰতিজন নাগৰিকক সমান সুযোগ, মৰ্য্যাদাপূৰ্ণ জীৱন, ৰাষ্ট্ৰীয় কৰ্তব্য আৰু অধিকাৰ প্ৰদান কৰি এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সংবিধান দিৱস’ উদযাপন কৰি দেশৰ নাগৰিকসকলক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি অধিক সচেতন কৰি তুলিছে
পোষ্ট কৰা হৈছে:
26 NOV 2025 2:19PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘সংবিধান দিৱস’ উপলক্ষে বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰ, ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধান সভাৰ সকলো মহান সদস্যক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দেশৰ নাগৰিকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
‘এক্স’ৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক সমান সুযোগ, মৰ্য্যাদাপূৰ্ণ জীৱন, ৰাষ্ট্ৰীয় কৰ্তব্য আৰু অধিকাৰ প্ৰদান কৰি এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সংবিধান দিৱস’ৰ শুভাৰম্ভ কৰি দেশৰ নাগৰিকসকলক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি অধিক সচেতন কৰি তুলিছে।
****
RK / RR / PS / MK
(ৰিলিজ আই ডি : 2194675)
অতিথি কক্ষ : 29
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam