যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
সঞ্চাৰ সাথী এপৰ নিৰ্দেশনা সম্পৰ্কত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ স্পষ্টীকৰণ
ব্যৱহাৰকাৰীয়ে যিকোনো সময়তে এপটো ডিলিট কৰিব পাৰিব; কেৱল স্বেচ্ছামূলক পঞ্জীয়নৰ পিছতহে সক্ৰিয় হয় এপটোঃ শ্ৰী সিন্ধিয়া
সঞ্চাৰ সাথী নিৰীক্ষণ নহয়, ই জন ভাগীদাৰী নিহিত এক নাগৰিক সুৰক্ষা সঁজুলিঃ শ্ৰী সিন্ধিয়া
পোষ্ট কৰা হৈছে:
02 DEC 2025 2:54PM by PIB Guwahati
উত্তৰ-পূব অঞ্চলৰ উন্নয়ন আৰু যোগাযোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি সঞ্চাৰ সাথী এপৰ নিৰ্দেশনা সম্পৰ্কত স্পষ্ট কৰি দিয়ে আৰু তেওঁ জোৰ দি কয় যে সঞ্চাৰ সাথী সম্পূৰ্ণৰূপে গণতান্ত্ৰিক আৰু সম্পূৰ্ণৰূপে স্বেচ্ছামূলক। তেওঁ লগতে কয় যে ব্যৱহাৰকাৰীসকলে ইয়াৰ সুবিধাসমূহ লাভ কৰিবলৈ তেওঁলোকৰ সুবিধা অনুসৰি এপটো সক্ৰিয় কৰিব পাৰে আৰু তেওঁলোকে যিকোনো সময়তে ইয়াক তেওঁলোকৰ ডিভাইচৰ পৰা নিষ্ক্ৰিয় বা মচি পেলাব পাৰে।
নাগৰিক-প্ৰথম, গোপনীয়তা-সুৰক্ষিত মঞ্চ
শ্ৰী সিন্ধিয়াই গুৰুত্ব আৰোপ কৰি কয় যে গ্ৰাহকক সুৰক্ষিত কৰাটো চৰকাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু সঞ্চাৰ সাথীক প্ৰতিগৰাকী মোবাইল ব্যৱহাৰকাৰীক শক্তিশালী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ‘সঞ্চাৰ সাথী হৈছে এটা এপ আৰু এটা প’ৰ্টেল যিয়ে নাগৰিকসকলক স্বচ্ছ, ব্যৱহাৰ কৰিবলৈ সহজ সঁজুলিৰ জৰিয়তে নিজকে সুৰক্ষিত কৰিবলৈ সক্ষম কৰে। ই জন ভাগীদাৰীৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, য’ত নাগৰিকসকলে তেওঁলোকৰ নিজৰ ডিজিটেল পৰিবেশতন্ত্ৰ সুৰক্ষিত কৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে’, তেওঁ কয়।
সঞ্চাৰ সাথীৰ প্ৰভাৱ আৰু পৰিমাপযোগ্য ফলাফল
ইয়াৰ আৰম্ভণিৰে পৰা সঞ্চাৰ সাথীয়ে শক্তিশালী ফলাফল প্ৰদান কৰিছেঃ
- ২১.৫ কোটিৰো অধিক প’ৰ্টেল ভিজিট
- ১.৪ কোটি+ এপ ডাউনল’ড
- ‘নট মাই নাম্বাৰ’ বাছনি কৰি নাগৰিকসকলে ১.৪৩ কোটিৰো অধিক মোবাইল সংযোগ বিচ্ছিন্ন কৰিছে
- ২৬ লাখ হেৰুওৱা/চুৰি হোৱা মোবাইল ফোনৰ সন্ধান পোৱা গৈছে আৰু ৭.২৩ লাখ সফলতাৰে ঘূৰাই দিয়া হৈছে
- নাগৰিকৰ প্ৰতিবেদনৰ ভিত্তিত ৪০.৯৬ লাখ জালিয়াতিৰে কৰা সংযোগ বিচ্ছিন্ন কৰা হৈছে
- জালিয়াতি সম্পৰ্কীয় ৬.২ লাখ আই এম ই আই ব্লক কৰা হৈছে
- বিত্তীয় জালিয়াতি বিপদাশংকা সূচক (এফ আৰ আই)ৰ জৰিয়তে ৪৭৫ কোটি টকাৰ সম্ভাব্য বিত্তীয় লোকচান প্ৰতিৰোধ কৰা হৈছে
চাইবাৰ সুৰক্ষা আৰু নাগৰিক সুৰক্ষাই মূল
সঞ্চাৰ সাথীয়ে ব্যৱহাৰকাৰীসকলক কল লগৰ পৰা পোনপটীয়াকৈ সন্দেহজনক জালিয়াতিৰ অভিযোগ কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত অৱগত নাগৰিকসকলে কম সচেতন ব্যৱহাৰকাৰীসকলক সক্ৰিয়ভাৱে সুৰক্ষিত কৰিবলৈ সক্ষম হয়।
সিন্ধিয়াই সামৰণিত কয়, ‘প্ৰতিজন নাগৰিকৰ বাবে ডিজিটেল সুৰক্ষা হৈছে আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। সঞ্চাৰ সাথী হৈছে স্বেচ্ছাসেৱী, স্বচ্ছ আৰু দেশৰ চাইবাৰ সুৰক্ষাক আগুৱাই নিয়াৰ সময়ত কেৱল ভাৰতৰ মোবাইল গ্ৰাহকসকলক সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। গোপনীয়তাত আপোচ নকৰাকৈ সুৰক্ষা নিশ্চিত কৰি ব্যৱহাৰকাৰীসকলৰ যিকোনো সময়তে এপটো সক্ৰিয় কৰা বা মচি পেলোৱাৰ সম্পূৰ্ণ স্বাধীনতা আছে।’
****
MI/ARJ/HS
(ৰিলিজ আই ডি : 2197585)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam